সৃষ্টিৰ স্পষ্ট সাক্ষ্য - ২১ জুলাই, ২০২৬

 

সৃষ্টিৰ স্পষ্ট সাক্ষ্য - ২১ জুলাই, ২০২৬

কিয়নো, সিহঁতে যেন উত্তৰ দিবলৈ ঠাই নাপায়, এই কাৰণে তেওঁৰ অনাদি অনন্ত পৰাক্ৰম আৰু ঐশ্বৰিক স্বভাৱ আদি কৰি অদৃশ্য গুণবোৰ, জগতৰ সৃষ্টি কালৰে পৰা তেওঁৰ নানা কাৰ্য্যত বোধগম্য হৈ, ষ্পষ্টকৈ দেখা গৈছে। - ৰোমীয়া ১:২০

আপেল ৰঙা কিয়? বিদ্যুৎ দেখিবলৈ কেনেকুৱা?

পিতৃ-মাতৃ আৰু শিক্ষকসকলে প্ৰায়ে এনে প্ৰশ্ন শুনে। কিছুমানৰ উত্তৰ সহজ। আন কিছুমানে আমাক সোঁৱৰাই দিয়ে যে জীৱনৰ বহুতো গুৰুত্বপূৰ্ণ বাস্তৱতা চকুৰে পোনপটীয়াকৈ দেখা নাযায়, কিন্তু ইয়াৰ প্ৰভাৱৰ দ্বাৰাহে জনা যায়।

ঈশ্বৰৰ ক্ষেত্ৰতো একেই সত্য। আমি কেনেকৈ জানো যে তেওঁ আছে নে নাই? বা তেওঁ কেনেকুৱা? এইবোৰ প্ৰশ্ন মানুহে যুগে যুগে কৰি আহিছে।

কেতিয়াবা কোনোবাই কোঠা এৰি যোৱাৰ পিছতো ৰৈ যোৱা সুগন্ধিৰ দ্বাৰা আমি বুজি পাওঁ যে তেওঁ ইয়াত আছিল। আকৌ কেতিয়াবা কেৱল এটা অট্টালিকাৰ নক্সা দেখিয়ে ইয়াৰ স্থপতিক চিনাক্ত কৰিব পাৰোঁ। দুয়ো ক্ষেত্ৰতে সৃষ্টিকৰ্মই নিজৰ সৃষ্টিকৰ্তাৰ ফালে আঙুলিয়াই দিয়ে।

সৃষ্টিয়েও ঠিক সেইদৰেই কৰে। আকাশমণ্ডলে ঈশ্বৰৰ মহিমা ঘোষণা কৰে, আৰু তেওঁ সৃষ্টি কৰা সকলো বস্তুৱে তেওঁৰ অনন্ত শক্তি আৰু ঈশ্বৰীয় স্বভাৱৰ সাক্ষ্য বহন কৰে। ক্ষুদ্ৰতম পৰমাণুৰ পৰা আৰম্ভ কৰি বিশাল মহাবিশ্বলৈকে, সকলো সৃষ্টিয়ে এনে জ্ঞান, সৌন্দৰ্য, শৃংখলা আৰু শক্তি প্ৰদৰ্শন কৰে, যি কেৱল আকস্মিকভাৱে কেতিয়াও উৎপন্ন হ'ব নোৱাৰে। পৃথিৱীয়ে অবিৰতভাৱে সাক্ষ্য দিয়ে যে ইয়াৰ এজন সৃষ্টিকৰ্তা আছে।

এইটোৱেই হৈছে ৰোমীয়া ১ অধ্যায়ত পৌলৰ মূল বক্তব্য। ঈশ্বৰৰ অস্তিত্ব গোপন নহয়। তেওঁৰ হাতৰ ছাপ সকলোতে দেখা যায়। সেয়েহে মানবজাতিৰ "কোনো অজুহাত নাই"—কাৰণ সৃষ্টি জগতে ঈশ্বৰৰ বিষয়ে সকলো কথা জনায় বাবে নহয়, বৰঞ্চ ই স্পষ্টকৈ প্ৰকাশ কৰে যে তেওঁ সকলোৰে ওপৰত ৰাজত্ব কৰা সৃষ্টিকৰ্তা, যিজন সন্মান আৰু কৃতজ্ঞতাৰ যোগ্য। তথাপিও পাপী মানুহে এই সত্য দমন কৰে আৰু ঈশ্বৰৰ মহিমাৰ ঠাইত মূৰ্তি বা অন্য বস্তুৰ উপাসনা কৰে।

তেন্তে প্ৰকৃত প্ৰশ্নটো কেৱল, "ঈশ্বৰ আছেনে?" নহয়। শাস্ত্ৰই কয়, সৃষ্টিয়েই ইতিমধ্যে সেই প্ৰশ্নৰ উত্তৰ দিছে। অধিক গুৰুত্বপূৰ্ণ প্ৰশ্নটো হ'ল, "পাপী মানুহে এই পবিত্ৰ সৃষ্টিকৰ্তাৰ সৈতে কেনেকৈ মিলন লাভ কৰিব পাৰে?"

সৃষ্টিয়ে আমাক ঈশ্বৰৰ ফালে লৈ যায়, কিন্তু কেৱল পবিত্ৰ শাস্ত্ৰইহে যীচু খ্ৰীষ্টত প্ৰকাশ পোৱা তেওঁৰ পৰিত্ৰাণকাৰী অনুগ্ৰহ প্ৰকাশ কৰে। শুভবাৰ্তাৰ দ্বাৰা আমি কেৱল ঈশ্বৰ আমাৰ সৃষ্টিকৰ্তা বুলিয়ে নহয়; আমি এইটোও জানো যে তেওঁ আমাৰ মুক্তিদাতাও। তেওঁৰ বাক্যৰ দ্বাৰা তেওঁক চিনি পোৱাৰ পিছত, আমি তেওঁক উপাসনা কৰিবলৈ, তেওঁৰ ওপৰত বিশ্বাস কৰিবলৈ, আৰু আনন্দেৰে নিজৰ জীৱন তেওঁৰ ইচ্ছাৰ অধীনত সমৰ্পণ কৰিবলৈ আহ্বান পাঁও।

প্ৰাৰ্থনা: স্বৰ্গীয় পিতৃ, আপুনি সৃষ্টি কৰা জগতৰ মাজেৰে আপোনাৰ শক্তি আৰু মহিমা প্ৰকাশ কৰাৰ বাবে ধন্যবাদ। তাতোকৈ অধিক ধন্যবাদ যে আপুনি আপোনাৰ বাক্য আৰু আপোনাৰ পুত্ৰ যীচু খ্ৰীষ্টৰ মাজেৰে নিজকে প্ৰকাশ কৰিছে। মোক এনে চকু দিয়ক যাতে মই সৃষ্টিৰ মাজত আপোনাৰ মহিমা দেখিবলৈ পাওঁ, আৰু এনে হৃদয় দিয়ক যাতে মই সত্যত আপোনাক আনন্দেৰে উপাসনা কৰিব পাৰোঁ। আমেন।

Comments