Posts

Showing posts with the label আজিৰ আত্মিক আহাৰ

তেওঁৰ দয়া চিৰকাললৈকে থাকে - ৪ আগষ্ট, ২০২৬

Image
তেওঁৰ দয়া চিৰকাললৈকে থাকে - ৪ আগষ্ট, ২০২৬ “যিহোৱাৰ ধন্যবাদ কৰা, কিয়নো তেওঁ মঙ্গলময়; কাৰণ তেওঁৰ দয়া চিৰকাললৈকে থাকে।” - গীতমালা ১৩৬:১ বাইবেলৰ বহুতো গীতমালা সমস্বৰে বা উত্তৰ-প্ৰত্যুত্তৰ কৰি গাবলৈ ৰচনা কৰা হৈছিল। এই ধৰণৰ উপাসনাত এজন নেতা বা গায়কদলে পদৰ প্ৰথম অংশ গাইছিল, আৰু সমবেত লোকসকলে দ্বিতীয় অংশ উত্তৰস্বৰূপে গাইছিল। যদি আপুনি গীতমালা ১৩৬ নম্বৰটো পঢ়ে, তেন্তে লক্ষ্য কৰিব যে ইয়াৰ ২৬টা পদৰ প্ৰতিটোৰ শেষত একেই বাক্য পুনৰাবৃত্তি হৈছে -“তেওঁৰ দয়া চিৰকাললৈকে থাকে।” এই পুনৰাবৃত্তি ঈশ্বৰৰ লোকসকলক সোঁৱৰাই দিয়ে যে তেওঁৰ সৃষ্টিৰ কাৰ্য, তেওঁৰ মহাশক্তি, তেওঁৰ দয়া আৰু তেওঁৰ সকলো যোগান, এই সকলোবোৰ তেওঁৰ অবিচল আৰু বিশ্বস্ত প্ৰেমৰেই প্ৰকাশ। যেতিয়াই যিহোৱাৰ মহৎ কাৰ্যবোৰ বৰ্ণনা কৰা হয়, তেতিয়াই তেওঁৰ লোকসকলে একেলগে ঘোষণা কৰে, “তেওঁৰ দয়া চিৰকাললৈকে থাকে।” এই সুন্দৰ ঘোষণাটো কেৱল গীতমালা ১৩৬-তেই সীমাবদ্ধ নহয়। ইয়াৰ প্ৰথম উল্লেখ পোৱা যায় ১ বংশাৱলি ১৬:৩৪ পদত, যেতিয়া ৰজা দায়ূদে নিয়ম-চন্দুক যিৰূচালেমলৈ আনিছিল। তেতিয়া ঈশ্বৰৰ লোকসকলে এইদৰে স্তৱগান কৰিছিল - “তোমালোকে যিহোৱাৰ ধন্যবাদ কৰা, কিয়নো ত...

খ্ৰীষ্ট আমাৰ সকলো প্ৰয়োজনৰ বাবে পৰ্যাপ্ত - ৩ আগষ্ট, ২০২৬

Image
খ্ৰীষ্ট আমাৰ সকলো প্ৰয়োজনৰ বাবে পৰ্যাপ্ত - ৩ আগষ্ট, ২০২৬ পাছে তেওঁ লোকসমূহক ঘাঁহৰ ওপৰত বহিবলৈ আজ্ঞা দিলে; আৰু সেই পাঁচোটা পিঠা আৰু দুটা মাছকে লৈ, স্বৰ্গলৈ চাই, আশীৰ্ব্বাদ কৰিলে পাছে পিঠাখিনি ভাঙি শিষ্যবিলাকক দিলে, আৰু তেওঁলোকে লোকসমূহক দিলে। তাতে সকলোরে খাই তৃপ্ত হল; পাছে সেই ডোখৰা-ডুখৰিৰ অৱশেষখিনিৰে ভৰা বাৰটা পাচি তুলি ললে। লৰা-তিৰোতাত বাজে, সেই ভোজন কৰা মানুহ পাঁচ হাজাৰমান আছিল। — মথি ১৪:১৯–২১ পাঁচ হাজাৰ লোকক আহাৰ খুৱাৰ এই অলৌকিক ঘটনা যীচুৰ পৰিচৰ্যাৰ অন্যতম মহান আশ্চৰ্যকৰ কাৰ্য্য। তেওঁৰ পুনৰুত্থানৰ বাহিৰে এইটোৱেই একমাত্ৰ অলৌকিক কাৰ্য, যিটো চাৰিওখন শুভবাৰ্তাত লিপিবদ্ধ হৈছে (মথি ১৪:১৩–২১; মাৰ্ক ৬:৩০–৪৪; লূক ৯:১০–১৭; যোহন ৬:১–১৪)। ঈশ্বৰে এই ঘটনাটো চাৰিবাৰ লিপিবদ্ধ কৰাই আমাক এটা গুৰুত্বপূৰ্ণ সত্য শিকাব বিচাৰে, যীচু আমাৰ জীৱনৰ প্ৰতিটো প্ৰয়োজন পূৰণ কৰিবলৈ সম্পূৰ্ণৰূপে পৰ্যাপ্ত। হাজাৰ হাজাৰ ক্ষুধাৰ্ত লোক তেওঁৰ সন্মুখত থিয় হৈ আছিল, অথচ তেওঁলোকৰ ওচৰত প্ৰায় একো আহাৰ নাছিল। মানৱীয় দৃষ্টিৰে এই পৰিস্থিতি সম্পূৰ্ণ অসম্ভৱ যেন লাগিছিল। কিন্তু যীচুৱে পাঁচখন পিঠা আৰু দুটা মাছ লৈ পিতৃ ঈশ্বৰক ধন্যব...

সকলোতকৈ মূল্যৱান ধন - ১ আগষ্ট, ২০২৬

Image
  সকলোতকৈ মূল্যৱান ধন - ১ আগষ্ট, ২০২৬ “স্বৰ্গৰাজ্য পথাৰত লুকাই থকা ধনৰ নিচিনা। এজন মানুহে সেই ধন বিচাৰি পাই পুনৰ লুকুৱাই থ'লে; তাৰ পিছত আনন্দেৰে গৈ নিজৰ সকলো বস্তু বিক্ৰী কৰি সেই পথাৰখন কিনিলে।” — মথি ১৩:৪৪ প্ৰিয়সকল ভাবি চাওকচোন, এজন সাধাৰণ মানুহে এদিন এখন পথাৰৰ মাজেৰে খোজ কাঢ়ি গৈ থাকোঁতে হঠাতে মাটিৰ তলত লুকাই থকা এক অমূল্য ধন বিচাৰি পালে। ধনখিনিৰ প্ৰকৃত মূল্য বুজি তেওঁ পুনৰ সেয়া লুকুৱাই থ'লে আৰু নিজৰ সকলো সম্পত্তি বিক্ৰী কৰি সেই পথাৰখন কিনি ল'লে। ওচৰ-চুবুৰীয়াৰ মানুহে তেওঁৰ এই সিদ্ধান্তক হয়তো মূৰ্খামি বুলি ভাবিলে। তেওঁলোকে বুজিব নোৱাৰিলে যে এজন মানুহে কেনেকৈ এখন সাধাৰণ পথাৰৰ বাবে নিজৰ সকলো বস্তু ত্যাগ কৰিব পাৰে। কিন্তু তেওঁলোকে নাজানিছিল যে সেই মানুহজনে এনে এক ধন বিচাৰি পাইছিল, যাৰ মূল্য তেওঁৰ সকলো সম্পত্তিতকৈ বহু গুণ বেছি। এই সৰল উদাহৰণটোৰ জৰিয়তে যীচুৱে আমাক স্বৰ্গৰাজ্যৰ মূল্য শিকাইছে। সেই মানুহজন মূৰ্খ নাছিল; তেওঁ উচিত চিন্তা কৰি সিদ্ধান্ত লৈছিল, কাৰণ তেওঁ ধনখিনিৰ প্ৰকৃত মূল্য বুজিছিল। ঠিক তেনেদৰে, যেতিয়া এজন মানুহে ঈশ্বৰৰ ৰাজ্য আৰু যীচু খ্ৰীষ্টৰ যোগেদি পোৱা পৰিত্ৰ...

প্ৰকৃত তৃপ্তিদায়ক জীৱন - ৩১ জুলাই, ২০২৬

Image
  প্ৰকৃত তৃপ্তিদায়ক জীৱন - ৩১ জুলাই, ২০২৬ “...প্ৰকৃত জীৱন ধাৰণ কৰিবলৈ পৰকালৰ নিমিতে নিজৰ অৰ্থে উত্তম ভিত্তিমূলস্বৰূপ ধন সাঁচক।" - ১ তীমথিয় ৬:১৯ প্ৰতিজন মানুহেই অৰ্থপূৰ্ণ আৰু প্ৰকৃত তৃপ্তিৰে ভৰা জীৱনৰ সন্ধান কৰে। আমি বহু সময়ত সেই তৃপ্তি সফলতা, সম্পৰ্ক, ধন-সম্পদ, সাফল্য বা নতুন নতুন অভিজ্ঞতাৰ মাজত বিচাৰোঁ। এইবোৰে কিছু সময়ৰ বাবে আনন্দ দিব পাৰে, কিন্তু আমাৰ হৃদয়ৰ গভীৰ আকাংক্ষা কেতিয়াও সম্পূৰ্ণৰূপে পূৰণ কৰিব নোৱাৰে। এসময়ত আমি উপলব্ধি কৰোঁ যে এই জগতৰ কোনো বস্তুৱেই আমি বিচৰা চিৰস্থায়ী সন্তুষ্টি দিব নোৱাৰে। ঈশ্বৰে আমাৰ অন্তৰত অনন্ত কালৰ বিষয়ৰ প্ৰতি এক আকাংক্ষা স্থাপন কৰিছে (উপদেশক ৩:১১)। এই জীৱনৰ আশীৰ্বাদসমূহ তেওঁৰ দান, আৰু আমি সেইবোৰ কৃতজ্ঞতাৰে উপভোগ কৰিব লাগে। কিন্তু এইবোৰ কেতিয়াও আমাৰ আশা, পৰিচয় বা জীৱনৰ ভিত্তি হ'ব নালাগে। যেতিয়া আমি সৃষ্ট বস্তুবোৰৰ পৰা সেইটো বিচাৰোঁ, যিটো কেৱল সৃষ্টিকৰ্তা ঈশ্বৰে হে দিব পাৰে, তেতিয়া শেষত আমি নিৰাশ হওঁ। ১ তীমথিয় লিখা পত্ৰৰ শেষৰ অংশত পাঁচনি পৌলে বিশ্বাসীসকলক ধনৰ অনিশ্চয়তাৰ ওপৰত ভাৰসা নাৰাখি, “আমি ভোগ কৰিবলৈ সকলোকে বাহুল্যৰূপে আমাক দিয়া...

প্ৰকৃত ধন-সম্পদ - ৩০ জুলাই, ২০২৬

Image
প্ৰকৃত ধন-সম্পদ - ৩০ জুলাই, ২০২৬ “যিবিলাক ইহলোকত ধনৱন্ত, তেওঁবিলাকক এই আজ্ঞা দিয়া যে, তেওঁবিলাক উচ্চমনা নহওঁক, আৰু তেওঁবিলাকে ধনৰ অনিশ্চয়তাত ভাৰসা নকৰি, যি ঈশ্বৰে, আমি ভোগ কৰিবলৈ সকলোকে বহুল্যৰূপে আমাক দিছে, সেই ঈশ্বৰৰ ভাৰসা কৰক” — ১ তীমথিয় ৬:১৭ আমি যে কিমান আশীৰ্বাদপ্ৰাপ্ত, সেয়া কেতিয়াবা সহজে পাহৰি যাওঁ। আজিৰ দৈনন্দিন জীৱনত আমি যিবোৰ সুবিধা স্বাভাৱিক বুলি ধৰি লওঁ: বিশুদ্ধ খোৱাপানী, বিদ্যুৎ, ঔষধ, যাতায়াতৰ সুবিধা, ফ্ৰিজ, আৰু পৰ্যাপ্ত আহাৰ ইত্যাদি - ইতিহাসৰ বেছিভাগ সময়ত মানুহে এইবোৰৰ সপোনো দেখা নাছিল। আজি আমাৰ বাবে সাধাৰণ যেন লগা বহুতো সুবিধা পূৰ্বৰ বহু প্ৰজন্মৰ বাবে অসাধাৰণ আশীৰ্বাদ হ'লহেঁতেন। এই সত্যই আমাৰ মনত গৌৰৱৰ সলনি কৃতজ্ঞতা আনিব লাগে। কাৰণ আমি উপভোগ কৰা প্ৰতিটো উত্তম উপহাৰ ঈশ্বৰৰ পৰাই আহে (যাকোব ১:১৭)। সেয়ে এই আশীৰ্বাদবোৰক স্বাভাৱিক বুলি ধৰি লোৱাৰ পৰিৱৰ্তে, আমি কৃতজ্ঞতাৰে ইয়াক গ্ৰহণ কৰি, ঈশ্বৰৰ মহিমাৰ বাবে সেইবোৰৰ সদ্ব্যৱহাৰ কৰিব লাগে। যেতিয়া পাঁচনি পৌলে তীমথিয়ক “যিবিলাক ইহলোকত ধনৱন্ত" সকলক সতৰ্ক কৰিবলৈ কৈছিল, সেই বাক্য আজিও আমাৰ বাবে সমানে প্ৰযোজ্য। যদিও আজিৰ...

আপোনাৰ অগ্ৰাধিকাৰ কি? - ২৯ জুলাই, ২০২৬

Image
  আপোনাৰ অগ্ৰাধিকাৰ কি? - ২৯ জুলাই, ২০২৬ "...আৰু ঈশ্বৰে কলে, মই তোমাক কি বৰ দিম, তাক খোজা... চলোমনে কলে, "এতেকে তোমাৰ প্ৰজাবিলাকক বিচাৰ কৰিবৰ অৰ্থে, ভাল বেয়া বুজিবলৈ তোমাৰ দাসক জ্ঞানযুক্ত মন দিয়া। ঈশ্বৰে তেওঁক কলে, "মই তোমাৰ বাক্যৰ দৰেই কৰিলোঁ। চোৱা আমাক মই এনে জ্ঞান আৰু বুদ্ধি থকা মন দিলোঁ, যে, তোমাৰ আগেয়ে তোমাৰ তুল্য কোনো হোৱা নাই, আৰু তোমাৰ পাছতো উৎপন্ন নহব। - ১ ৰাজাৱলি ৩:৫, ৯, ১২ যেতিয়া চলোমন ইস্ৰায়েলৰ ৰজা হ’ল, তেতিয়া তেওঁ অতি কম বয়সীয়া আৰু অনভিজ্ঞ আছিল। ঈশ্বৰৰ নিয়োজিত লোকসকলক শাসন কৰাৰ দৰে এক বিশাল দায়িত্ব তেওঁৰ ওপৰত ন্যস্ত হৈছিল। এনে সময়তে যিহোৱাই তেওঁৰ আগত প্ৰকাশ হয় এক আশ্চৰ্যজনক আহ্বান জনাই ক’লে, “মই তোমাক কি বৰ দিম, তাক খোজা” (১ ৰাজাৱলি ৩:৫)। ভাবি চাওকচোন, যদি আজি ঈশ্বৰে আমাকো একেই প্ৰশ্ন সুধিলেহেঁতেন, আমি কি কি উত্তৰ দিলোঁহেতেন? এই প্ৰশ্নৰ উত্তৰেই প্ৰায়ে আমাৰ হৃদয়ৰ প্ৰকৃত অগ্ৰাধিকাৰ (priority) প্ৰকাশ কৰে। আমাৰ প্ৰাৰ্থনাই দেখুৱায় যে আমি জীৱনত সঁচাকৈয়ে কিহক বেছি মূল্য দিওঁ। ঈশ্বৰে আমাক সকলো বিষয়তে তেওঁৰ ওচৰলৈ আহিবলৈ আহ্বান জনায় (ফিলিপীয়া ৪:৬)। ...

নম্ৰ নিৰ্ভৰতাৰ প্ৰজ্ঞা - ২৮ জুলাই, ২০২৬

Image
  নম্ৰ নিৰ্ভৰতাৰ প্ৰজ্ঞা - ২৮ জুলাই, ২০২৬ "এতিয়া হে মোৰ ঈশ্বৰ যিহোৱা, তুমি মোৰ পিতৃ দায়ুদৰ পদত তোমাৰ এই দাসক ৰজা পাতিলা, কিন্তু মই সৰু লৰা মাথোন, বাহিৰলৈ ওলাবলৈ আৰু ভিতৰলৈ সোমাবলৈকো নাজানো।" — ১ ৰাজাৱলি ৩:৭ দায়ূদৰ পিছত চলোমনে ইস্ৰায়েলৰ সিংহাসনত বহিল। মানৱীয় দৃষ্টিৰে চালে, এজন যুৱকৰ বাবে ইয়াতকৈ ডাঙৰ সাফল্যতা বেলেগ একো হ’ব নোৱাৰে। মাথোঁ বিশ বছৰ থাকোঁতেই চলোমনৰ হাতত আহি পৰিল যৌৱন, অসংখ্য সুযোগ, ক্ষমতা, আৰু সমগ্ৰ জাতিৰ সন্মান। এনে অৱস্থাই তেওঁক সহজেই নিজৰ সামৰ্থ্যৰ ওপৰত আস্থা ৰাখিবলৈ প্ৰেৰণা দিব পাৰিলেহেঁতেন। কিন্তু ঈশ্বৰে যেতিয়া তেওঁক যি বিচাৰে তাক খুজিবলৈ আমন্ত্ৰণ জনালে (১ ৰাজাৱলি ৩:৫), তেতিয়া চলোমনে নিজৰ যোগ্যতা বা শক্তিৰ কথা কোৱা নাছিল। বৰঞ্চ তেওঁ ঈশ্বৰৰ আগত আন্তৰিকভাৱে নিজৰ অক্ষমতা স্বীকাৰ কৰিলে: “মই সৰু লৰা মাথোন, বাহিৰলৈ ওলাবলৈ আৰু ভিতৰলৈ সোমাবলৈকো নাজানো।” চলোমনে আক্ষৰিক অৰ্থত নিজকে সৰু ল'ৰা বুলি কোৱা নাছিল। তেওঁ স্বীকাৰ কৰিছিল যে ঈশ্বৰৰ প্ৰজাসকলক শাসন কৰিবলৈ প্ৰয়োজনীয় জ্ঞান, বিচাৰ-বুদ্ধি আৰু অভিজ্ঞতা তেওঁৰ নাছিল। এই স্বীকাৰোক্তি মিছা নম্ৰতা বা আত্ম-অৱমূল্যায...

ঈশ্বৰক সন্তুষ্ট কৰা প্ৰজ্ঞা - ২৭ জুলাই, ২০২৬

Image
ঈশ্বৰক সন্তুষ্ট কৰা প্ৰজ্ঞা - ২৭ জুলাই, ২০২৬ “এতেকে তোমাৰ প্ৰজাবিলাকৰ বিচাৰ কৰিবৰ অৰ্থে, ভাল বেয়া বুজিবলৈ তোমাৰ দাসক জ্ঞানযুক্ত মন দিয়া, কিয়নো যাৰ ভাৰ ববলৈ গধুৰ, তোমাৰ এনে জাতিৰ বিচাৰ কৰা কাৰ সাধ্য?" - ১ ৰাজাৱলি ৩:৯ আজি ঈশ্বৰে যদি আপোনাক কৈ যে, "বোপা, তুমি মোৰ ওচৰত আজি যিহকে খোজা মই তাকেই তোমাক দিম!" আপোনাৰ উত্তৰটো কি হব? তেওঁৰ পৰা আপুনি কি বিচাৰিব? হয়, ভিন্ন লোকৰ ভিন্ন উত্তৰ হব। কোনোৱে হয়টো সুস্বাস্থ্য বিচাৰিব, কোনোৱে আৰ্থিক সুৰক্ষা, কোনোৱে সফল জীৱন, সুখী পৰিয়াল বা জীৱনৰ দুখ-কষ্টৰ পৰা মুক্তি। এই ইচ্ছাসমূহ স্বাভাৱিক, কিয়নো আমি সকলোৱে জীৱনত বিভিন্ন প্ৰয়োজন আৰু সংগ্ৰামৰ মাজেৰে পাৰ হওঁ। কিন্তু আমি কি বিচাৰো, সেয়াই আমাৰ হৃদয়ে প্ৰকৃততে কিহক অধিক মূল্য দিয়ে, সেই কথা প্ৰকাশ কৰে। আজিৰ বাইবেলৰ অংশত আমি দেখিবলৈ পাওঁ যে প্ৰভু ঈশ্বৰে নিজেই চলোমনৰ আগত প্ৰকাশ হৈ তেওঁক ক'লে, “মই তোমাক কি বৰ দিম, তাক খোজা” (১ ৰাজাৱলি ৩:৫)। চলোমনে ব্যক্তিগত আৰাম, ধন-সম্পত্তি বা পাৰ্থিৱ সফলতা বিচৰা নাছিল। তাৰ পৰিৱৰ্তে তেওঁ ঈশ্বৰৰ লোকসকলক ন্যায়ভাৱে শাসন কৰিবলৈ এক বিবেচনাশীল হৃদয় আৰু প্ৰজ্ঞ...

শস্য চপোৱা দিনলৈ বিশ্বস্ততাৰে বৃদ্ধি হোৱা - ২৪ জুলাই, ২০২৬

Image
শস্য চপোৱা দিনলৈ বিশ্বস্ততাৰে বৃদ্ধি হোৱা - ২৪ জুলাই, ২০২৬ তাতে সেই গৃহস্থৰ দাসবিলাকে আহি তেওঁক কলে, মহাশয়, আপুনি জানো পথাৰত ভাল কঠীয়া সিচা নাই? তেন্তে বিনৈ বন ক'ৰ পৰা হল? তেওঁ সিহতক কলে, কোনোবা শত্রুরে তাক কৰিলে। তাতে দাসবিলাকে তেওঁক কলে, তেন্তে আমি যেন গৈ বনবোৰ গোটাম, আপোনাৰ এনে ইচ্ছা আছে নে? ২৯ তেওঁ কলে, নহয় বনবোৰ গোটাওঁতে, কিজানি তহঁতে ধানকো তাৰ লগতে উভাল। - মথি ১৩:২৭–২৯ আমি কোনোৱে যদি বাৰী বা পথাৰত কাম কৰিছোঁ, তেন্তে জানো যে সৰু অৱস্থাত কঠীয়া আৰু বনঘাঁহ চিনাক্ত কৰাটো সদায় সহজ নহয়। অভিজ্ঞতা নথকা কোনোবাই সহায় কৰাৰ উদ্দেশ্যে বনঘাঁহ উপৰুৱাবলৈ গৈ ভুলতে মূল্যৱান গছবোৰো উপৰুৱাই পেলাব পাৰে। যিটো প্ৰথম দৃষ্টিত সহজ যেন লাগে, সেয়া আচলতে ইমান সহজ নহয়। যীচুৱে এই সাধাৰণ অভিজ্ঞতাক ব্যৱহাৰ কৰি এক গভীৰ আত্মিক সত্য শিকাইছে। এই দৃষ্টান্তত পথাৰ হৈছে এই জগত, ভাল কঠীয়া হৈছে ঈশ্বৰৰ ৰাজ্যৰ সন্তানসকল, আৰু বিনৈ বন হৈছে পাপ-আত্মাৰ সন্তানসকল (মথি ১৩:৩৮)। জগতত দুষ্টতা থকাৰ অৰ্থ এই নহয় যে ঈশ্বৰ অসাৱধান বা অক্ষম। বৰঞ্চ, নিজৰ সিদ্ধ জ্ঞান আৰু সাৰ্বভৌম উদ্দেশ্য অনুসৰি তেওঁ ভাল কঠীয়া আৰু বিনৈ বন দুয়োট...

পাপৰ অপতৃণৰ প্ৰতি সজাগতা - ২৩ জুলাই, ২০২৬

Image
  পাপৰ অপতৃণৰ প্ৰতি সজাগতা - ২৩ জুলাই, ২০২৬ “তেওঁ আৰু এটা দৃষ্টান্ত দি তেওঁবিলাকক কলে, নিজৰ পথাৰত ভাল কঠীয়া সিচা কোনো এজন মানুহৰ লগত স্বৰ্গৰাজ্যৰ তুলনা দিয়া হয়। কিন্তু মানুহবিলাক টোপনিত থাকোঁতে, তেওঁৰ শত্রু আহি, ধানৰ মাজত বিনৈ বনৰ গুটি সিচি গুচি গল।" — মথি ১৩:২৪–২৫ যদি আপুনি কেতিয়াবা বাৰী বা খেতি কৰি পাইছে, তেন্তে নিশ্চয় লক্ষ্য কৰিছে যে অপতৃণ গজিবলৈ কোনো বিশেষ যত্নৰ প্ৰয়োজন নহয়। শাক-পাচলি বা শস্যৰ বাবে মাটি প্ৰস্তুত কৰিব লাগে, বীজ সিচিব লাগে, পানী দিব লাগে আৰু যত্ন ল’ব লাগে। কিন্তু অপতৃণ নিজে নিজেই গজি উঠে। যদি সময়মতে তাক আঁতৰোৱা নহয়, তেন্তে সেয়ে ভাল গছবোৰৰ পোহৰ, পানী আৰু পুষ্টি কাঢ়ি লৈ সিহঁতৰ বৃদ্ধি বাধাগ্ৰস্ত কৰে। যীচুৱে এই পৰিচিত দৃশ্যটোৰ জৰিয়তে এক গভীৰ আত্মিক সত্য শিকাই। এই দৃষ্টান্তত ভাল বীজে ঈশ্বৰৰ ৰাজ্যৰ সন্তানসকলক বুজায়, আনহাতে অপতৃণে দুষ্টজনৰ সন্তানসকলক বুজায়, যাক চয়তানে সিচে (মথি ১৩:৩৬–৩৯)। এই দৃষ্টান্তৰ মূল অৰ্থ হৈছে, এই জগতত খ্ৰীষ্টৰ পুনৰাগমনলৈকে বিশ্বাসী আৰু অবিশ্বাসী একেলগে থাকিব। কিন্তু ইয়াৰ পৰা আমি এই শিক্ষাও পাওঁ যে বিশ্বাসীৰ জীৱন সদায় আত্মিক সংঘৰ্ষৰ...

তেওঁৰ দৰে আন কোনো নাই - ২২ জুলাই, ২০২৬

Image
  তেওঁৰ দৰে আন কোনো নাই - ২২ জুলাই, ২০২৬ ইস্ৰায়েলৰ ৰজা যিহোৱাই, তাৰ মুক্তিকৰ্তা বাহিনীসকলৰ যিহোৱাই এইদৰে কৈছে, ময়েই আদি, আৰু ময়েই অন্ত; মোৰ বাহিৰে কোনো ঈশ্বৰ নাই। মই আদি কালৰ লোকবিলাক স্থাপন কৰাৰ পৰা মই প্ৰচাৰ কৰি বুজাই বৰ্ণনা কৰাৰ দৰে, কোনে মোৰ নিমিতে বৰ্ণনা কৰিব পাৰে? হব লগীয়া আৰু ভৱিষ্যত কথা কোনে প্ৰকাশ কৰিব পাৰে?  — যিচয়া ৪৪:৬–৭ ইতিহাসৰ সকলো যুগতে বিভিন্ন সংস্কৃতিৰ মানুহে জীৱনৰ গভীৰতম প্ৰশ্নসমূহৰ উত্তৰ বিচাৰি আহিছে। পৃথিৱীৰ নানা ঠাইত মানুহে বিভিন্ন বিশ্বাস, দৰ্শন আৰু উপাসনাৰ মাধ্যমেৰে এই সন্ধান প্ৰকাশ কৰিছে। বাইবেলে স্বীকাৰ কৰে যে মানুহৰ অন্তৰত ঈশ্বৰক জানিবলৈ এক গভীৰ আকাংক্ষা আছে। একে সময়তে, ই এই কথাও প্ৰকাশ কৰে যে সত্য আৰু জীৱন্ত ঈশ্বৰে নিজেই তেওঁৰ বাক্য আৰু কৰ্মৰ যোগেদি নিজকে প্ৰকাশ কৰিছে (পাঁচনিৰ কৰ্ম ১৭:২২–৩১)। ঈশ্বৰে নিজকে কেনেদৰে প্ৰকাশ কৰে, তাৰ এক উল্লেখযোগ্য ঘটনা ১ চমূৱেল ৫ অধ্যায়ত পোৱা যায়। ইস্ৰায়েল জাতিয়ে নিজৰ অবাধ্যতাৰ ফলত যুদ্ধত পৰাজিত হোৱাৰ পিছত, পলেষ্টীয়াসকলে নিয়ম-চন্দুক, যি ঈশ্বৰৰ নিয়ম-সম্পৰ্কীয় উপস্থিতিৰ দৃশ্যমান প্ৰতীক আছিল, দখল কৰি লৈ যায়। ন...

সৃষ্টিৰ স্পষ্ট সাক্ষ্য - ২১ জুলাই, ২০২৬

Image
  সৃষ্টিৰ স্পষ্ট সাক্ষ্য - ২১ জুলাই, ২০২৬ কিয়নো, সিহঁতে যেন উত্তৰ দিবলৈ ঠাই নাপায়, এই কাৰণে তেওঁৰ অনাদি অনন্ত পৰাক্ৰম আৰু ঐশ্বৰিক স্বভাৱ আদি কৰি অদৃশ্য গুণবোৰ, জগতৰ সৃষ্টি কালৰে পৰা তেওঁৰ নানা কাৰ্য্যত বোধগম্য হৈ, ষ্পষ্টকৈ দেখা গৈছে। -  ৰোমীয়া ১:২০ আপেল ৰঙা কিয়? বিদ্যুৎ দেখিবলৈ কেনেকুৱা? পিতৃ-মাতৃ আৰু শিক্ষকসকলে প্ৰায়ে এনে প্ৰশ্ন শুনে। কিছুমানৰ উত্তৰ সহজ। আন কিছুমানে আমাক সোঁৱৰাই দিয়ে যে জীৱনৰ বহুতো গুৰুত্বপূৰ্ণ বাস্তৱতা চকুৰে পোনপটীয়াকৈ দেখা নাযায়, কিন্তু ইয়াৰ প্ৰভাৱৰ দ্বাৰাহে জনা যায়। ঈশ্বৰৰ ক্ষেত্ৰতো একেই সত্য। আমি কেনেকৈ জানো যে তেওঁ আছে নে নাই? বা তেওঁ কেনেকুৱা? এইবোৰ প্ৰশ্ন মানুহে যুগে যুগে কৰি আহিছে। কেতিয়াবা কোনোবাই কোঠা এৰি যোৱাৰ পিছতো ৰৈ যোৱা সুগন্ধিৰ দ্বাৰা আমি বুজি পাওঁ যে তেওঁ ইয়াত আছিল। আকৌ কেতিয়াবা কেৱল এটা অট্টালিকাৰ নক্সা দেখিয়ে ইয়াৰ স্থপতিক চিনাক্ত কৰিব পাৰোঁ। দুয়ো ক্ষেত্ৰতে সৃষ্টিকৰ্মই নিজৰ সৃষ্টিকৰ্তাৰ ফালে আঙুলিয়াই দিয়ে। সৃষ্টিয়েও ঠিক সেইদৰেই কৰে। আকাশমণ্ডলে ঈশ্বৰৰ মহিমা ঘোষণা কৰে, আৰু তেওঁ সৃষ্টি কৰা সকলো বস্তুৱে তেওঁৰ অনন্ত শক্তি আৰু ঈশ...