পাপৰ অপতৃণৰ প্ৰতি সজাগতা - ২৩ জুলাই, ২০২৬

 


পাপৰ অপতৃণৰ প্ৰতি সজাগতা - ২৩ জুলাই, ২০২৬

“তেওঁ আৰু এটা দৃষ্টান্ত দি তেওঁবিলাকক কলে, নিজৰ পথাৰত ভাল কঠীয়া সিচা কোনো এজন মানুহৰ লগত স্বৰ্গৰাজ্যৰ তুলনা দিয়া হয়। কিন্তু মানুহবিলাক টোপনিত থাকোঁতে, তেওঁৰ শত্রু আহি, ধানৰ মাজত বিনৈ বনৰ গুটি সিচি গুচি গল।" — মথি ১৩:২৪–২৫

যদি আপুনি কেতিয়াবা বাৰী বা খেতি কৰি পাইছে, তেন্তে নিশ্চয় লক্ষ্য কৰিছে যে অপতৃণ গজিবলৈ কোনো বিশেষ যত্নৰ প্ৰয়োজন নহয়। শাক-পাচলি বা শস্যৰ বাবে মাটি প্ৰস্তুত কৰিব লাগে, বীজ সিচিব লাগে, পানী দিব লাগে আৰু যত্ন ল’ব লাগে। কিন্তু অপতৃণ নিজে নিজেই গজি উঠে। যদি সময়মতে তাক আঁতৰোৱা নহয়, তেন্তে সেয়ে ভাল গছবোৰৰ পোহৰ, পানী আৰু পুষ্টি কাঢ়ি লৈ সিহঁতৰ বৃদ্ধি বাধাগ্ৰস্ত কৰে।

যীচুৱে এই পৰিচিত দৃশ্যটোৰ জৰিয়তে এক গভীৰ আত্মিক সত্য শিকাই। এই দৃষ্টান্তত ভাল বীজে ঈশ্বৰৰ ৰাজ্যৰ সন্তানসকলক বুজায়, আনহাতে অপতৃণে দুষ্টজনৰ সন্তানসকলক বুজায়, যাক চয়তানে সিচে (মথি ১৩:৩৬–৩৯)। এই দৃষ্টান্তৰ মূল অৰ্থ হৈছে, এই জগতত খ্ৰীষ্টৰ পুনৰাগমনলৈকে বিশ্বাসী আৰু অবিশ্বাসী একেলগে থাকিব। কিন্তু ইয়াৰ পৰা আমি এই শিক্ষাও পাওঁ যে বিশ্বাসীৰ জীৱন সদায় আত্মিক সংঘৰ্ষৰ মাজেৰে আগবাঢ়ে।

ঈশ্বৰৰ অনুগ্ৰহত তেওঁৰ বাক্য আমাৰ হৃদয়ত সিচা হৈছে (যাকোব ১:১৮; ১ পিতৰ ১:২৩)। শুভবাৰ্তাৰ যোগেদি তেওঁ আমাক খ্ৰীষ্টত নতুন জীৱন দিছে আৰু পবিত্ৰ আত্মাৰ ফল আমাৰ জীৱনত উৎপন্ন কৰি আছে (গালাতীয়া ৫:২২–২৩)। তথাপিও, খ্ৰীষ্ট পুনৰ অহালৈকে আমাৰ পাপময় স্বভাৱৰ অৱশিষ্ট অংশৰ সৈতে আমি অবিৰত যুঁজিব লাগিব (ৰোমীয়া ৭:২১–২৫)। প্ৰলোভন আমাৰ অন্তৰৰ পৰাও উঠে, আৰু চয়তানে সদায় ঈশ্বৰৰ লোকসকলক বিভ্ৰান্ত আৰু নিৰুৎসাহিত কৰিবলৈ চেষ্টা কৰে (১ পিতৰ ৫:৮)।

সেইবাবে, বিশ্বাসী হিচাপে আমি কেতিয়াও অসাৱধান হ'ব নালাগে। পাপ কেতিয়াও নিৰীহ নহয়। যদি আমি তাক স্বীকাৰ নকৰি হৃদয়ত পুহি ৰাখোঁ, তেন্তে সেয়ে লাহে  লাহে আমাৰ হৃদয় কঠিন কৰি তোলে আৰু ঈশ্বৰৰ সৈতে আমাৰ সম্পৰ্ক দুৰ্বল কৰি তোলে (ইব্ৰী ৩:১২–১৩)। এই ক্ষেত্ৰত আমি নিজৰ শক্তিৰে পাপক জয় নকৰোঁ; বৰঞ্চ ঈশ্বৰৰ বাক্যৰ পোহৰত নিজৰ পাপ চিনাক্ত কৰি, ঈশ্বৰৰ আগত স্বীকাৰ কৰি, আৰু খ্ৰীষ্টই ক্ৰুচত সম্পূৰ্ণ কৰা কাৰ্যৰ ওপৰত ভৰসা ৰাখি হে জয়ী হওঁ (১ যোহন ১:৭–৯)। পবিত্ৰ আত্মাৰ শক্তিৰে আমি প্ৰতিদিনে পাপত মৰি পবিত্ৰ জীৱন অনুসৰণ কৰিবলৈ আহ্বান পাইছোঁ (ৰোমীয়া ৮:১৩; কলচীয়া ৩:৫)।

আজি অলপ সময় উলিয়াই নিজৰ হৃদয় পৰীক্ষা কৰি চাওঁহক। অহংকাৰ, তিতা মন, কামনা, লোভ, ঈৰ্ষা বা অবিশ্বাসৰ দৰে কোনো অপতৃণ তাত গজি উঠিছেনে? যদি উঠিছে, তাক অৱহেলা নকৰোঁহক। বৰঞ্চ অনুতাপৰ সৈতে খ্ৰীষ্টৰ ওচৰলৈ লৈ আহোঁহক। যি ত্ৰাণকৰ্তাই আপোনাৰ পাপ ক্ষমা কৰে, তেওঁৱেই সেই পাপৰ বিৰুদ্ধে যুঁজিবলৈ প্ৰয়োজনীয় অনুগ্ৰহো দিয়ে। আপুনি তেওঁৰ বাক্যত স্থিৰ হৈ থাকিলে, তেওঁ আপোনাক প্ৰতিদিনে অধিককৈ খ্ৰীষ্টৰ প্ৰতিমূৰ্তিত গঢ়ি তুলিব (ফিলিপীয়া ১:৬)।

প্ৰাৰ্থনা: হে স্বৰ্গীয় পিতৃ, আপোনাৰ পুত্ৰ যীচু খ্ৰীষ্টৰ শুভবাৰ্তাৰ যোগেদি মোক নতুন জীৱন দিয়াৰ বাবে ধন্যবাদ। মোৰ হৃদয় অনুসন্ধান কৰি, আপোনাৰ সৈতে মোৰ সম্পৰ্কত বাধা দিয়া সকলো পাপৰ অপতৃণ প্ৰকাশ কৰি দিয়ক। মোক সত্য অনুতাপ, আপোনাৰ বাক্যৰ প্ৰতি গভীৰ প্ৰেম, আৰু পবিত্ৰ আত্মাৰ শক্তিৰে প্ৰতিদিনে পাপত মৰিবলৈ অনুগ্ৰহ দিয়ক। খ্ৰীষ্ট পুনৰ আহি সকলো বস্তু নতুন নকৰালৈকে মোক বিশ্বাসত স্থিৰ ৰাখক। যীচুৰ নামত এই প্ৰাৰ্থনা যাচিছোঁ। আমেন।

Comments