ঈশ্বৰক সন্তুষ্ট কৰা প্ৰজ্ঞা - ২৭ জুলাই, ২০২৬
ঈশ্বৰক সন্তুষ্ট কৰা প্ৰজ্ঞা - ২৭ জুলাই, ২০২৬
“এতেকে তোমাৰ প্ৰজাবিলাকৰ বিচাৰ কৰিবৰ অৰ্থে, ভাল বেয়া বুজিবলৈ তোমাৰ দাসক জ্ঞানযুক্ত মন দিয়া, কিয়নো যাৰ ভাৰ ববলৈ গধুৰ, তোমাৰ এনে জাতিৰ বিচাৰ কৰা কাৰ সাধ্য?" - ১ ৰাজাৱলি ৩:৯
আজি ঈশ্বৰে যদি আপোনাক কৈ যে, "বোপা, তুমি মোৰ ওচৰত আজি যিহকে খোজা মই তাকেই তোমাক দিম!" আপোনাৰ উত্তৰটো কি হব? তেওঁৰ পৰা আপুনি কি বিচাৰিব? হয়, ভিন্ন লোকৰ ভিন্ন উত্তৰ হব। কোনোৱে হয়টো সুস্বাস্থ্য বিচাৰিব, কোনোৱে আৰ্থিক সুৰক্ষা, কোনোৱে সফল জীৱন, সুখী পৰিয়াল বা জীৱনৰ দুখ-কষ্টৰ পৰা মুক্তি। এই ইচ্ছাসমূহ স্বাভাৱিক, কিয়নো আমি সকলোৱে জীৱনত বিভিন্ন প্ৰয়োজন আৰু সংগ্ৰামৰ মাজেৰে পাৰ হওঁ। কিন্তু আমি কি বিচাৰো, সেয়াই আমাৰ হৃদয়ে প্ৰকৃততে কিহক অধিক মূল্য দিয়ে, সেই কথা প্ৰকাশ কৰে।
আজিৰ বাইবেলৰ অংশত আমি দেখিবলৈ পাওঁ যে প্ৰভু ঈশ্বৰে নিজেই চলোমনৰ আগত প্ৰকাশ হৈ তেওঁক ক'লে, “মই তোমাক কি বৰ দিম, তাক খোজা” (১ ৰাজাৱলি ৩:৫)। চলোমনে ব্যক্তিগত আৰাম, ধন-সম্পত্তি বা পাৰ্থিৱ সফলতা বিচৰা নাছিল। তাৰ পৰিৱৰ্তে তেওঁ ঈশ্বৰৰ লোকসকলক ন্যায়ভাৱে শাসন কৰিবলৈ এক বিবেচনাশীল হৃদয় আৰু প্ৰজ্ঞা বিচাৰিলে। তেওঁৰ চিন্তা নিজৰ সুবিধা নাছিল; বৰং ঈশ্বৰে তেওঁক যি দায়িত্ব দিছিল, তাক বিশ্বস্ততাৰে পালন কৰাই তেওঁৰ উদ্দেশ্য আছিল। তেওঁৰ এই অনুৰোধে প্ৰভুক সন্তুষ্ট কৰিলে, কিয়নো ইয়াত তেওঁৰ নম্ৰতা, ঈশ্বৰৰ ওপৰত নিৰ্ভৰশীলতা আৰু নিজৰ মহিমাৰ পৰিৱৰ্তে ঈশ্বৰৰ মহিমা বিচৰা মন প্ৰকাশ পাইছিল (১ ৰাজাৱলি ৩:১০–১৪)।
আন এক উল্লেখযোগ্য বিষয় হ'ল, চলোমনে কি বিচৰা নাছিল। তেওঁ অধিক ধন-সম্পত্তি বিচৰা নাছিল, যদিও ধনে সহজেই মানুহৰ হৃদয় আকৰ্ষণ কৰে। তেওঁ দীঘলীয়া জীৱন, দুখ-কষ্টৰ পৰা মুক্তি বা শত্ৰুবিলাকৰ বিনাশো বিচৰা নাছিল। তেওঁ বুজি পাইছিল যে ঈশ্বৰৰ প্ৰজ্ঞা নাথাকিলে আন সকলো আশীৰ্বাদো সঠিকভাৱে ব্যৱহাৰ কৰিব নোৱাৰি। বাইবেলৰ শিক্ষা অনুসৰি, প্ৰজ্ঞা কেৱল বুদ্ধিমত্তা বা জীৱনৰ অভিজ্ঞতা নহয়। “যিহোৱালৈ ভয় ৰখাই প্ৰজ্ঞাৰ আৰম্ভণ” (হিতোপদেশ ৯:১০)। প্ৰকৃত প্ৰজ্ঞা হৈছে ঈশ্বৰে দিয়া সেই ক্ষমতা, যাৰ দ্বাৰা আমি তেওঁৰ প্ৰকাশিত বাক্য অনুসৰি চিন্তা, সিদ্ধান্ত আৰু জীৱন-যাপন কৰিব পাৰোঁ।
এই শিক্ষা প্ৰতিজন বিশ্বাসীৰ বাবে অত্যন্ত গুৰুত্বপূৰ্ণ। আমি প্ৰায়ে প্ৰাৰ্থনাত আমাৰ পৰিস্থিতিবিলাক সলনি হোৱাটো বিচাৰোঁ, কিন্তু ঈশ্বৰে প্ৰথমে আমাৰ হৃদয় সলনি কৰিবলৈ ইচ্ছা কৰে। তেওঁ হয়তো লগে লগে সকলো কষ্ট আঁতৰাই নিদিবও পাৰে, কিন্তু যিসকলে বিশ্বাসেৰে তেওঁৰ কাষ চাপে, তেওঁলোকক প্ৰজ্ঞা দিয়াৰ প্ৰতিজ্ঞা তেওঁ কৰিছে (যাকোব ১:৫)। বাইবেলৰ প্ৰজ্ঞাই আমাক দুখ-কষ্টত ধৈৰ্য ধৰি থাকিবলৈ, সফলতাৰ সময়ত নম্ৰ হৈ থাকিবলৈ, প্ৰলোভনৰ সময়ত সঠিক বিচাৰ কৰিবলৈ আৰু জীৱনৰ প্ৰতিটো সিদ্ধান্তত খ্ৰীষ্টক সন্তুষ্ট কৰিবলৈ সহায় কৰে। ই আমাক প্ৰথমে ঈশ্বৰৰ ৰাজ্য আৰু তেওঁৰ ধাৰ্মিকতা বিচাৰিবলৈ (মথি ৬:৩৩) আৰু ওপৰৰ বিষয়বোৰত মন নিবদ্ধ কৰিবলৈ শিক্ষা দিয়ে, য'ত খ্ৰীষ্ট ঈশ্বৰৰ সোঁহাতে বহি আছে (কলচীয়া ৩:১–২)।
সকলো প্ৰকৃত প্ৰজ্ঞাৰ উৎস হৈছে প্ৰভু যীচু খ্ৰীষ্ট। বাইবেলে কৈছে, “সেই খ্ৰীষ্টতেই জ্ঞান আৰু বিদ্যাৰ সকলো ধন গুপ্ত আছে” (কলচীয়া ২:৩)। আমি যেতিয়া তেওঁৰ বাক্যৰ দ্বাৰা তেওঁক জানিবলৈ চেষ্টা কৰোঁ আৰু পবিত্ৰ আত্মাৰ পৰিচালনাত জীৱন-যাপন কৰোঁ, তেতিয়া তেওঁ আমাক ঈশ্বৰক মহিমা দিয়া জীৱন যাপন কৰিবলৈ গঢ়ি তোলে। সেয়ে আমাৰ আটাইতকৈ ডাঙৰ প্ৰাৰ্থনা কেৱল সহজ জীৱনৰ বাবে নহওক; বৰং ঈশ্বৰে আমাক দিয়া জীৱন বিশ্বস্ততাৰে তেওঁৰ মহিমাৰ বাবে জীয়াই থাকিবলৈ প্ৰয়োজনীয় প্ৰজ্ঞাৰ বাবে হে হওক।
প্ৰাৰ্থনা: হে স্বৰ্গীয় পিতৃ, আপুনি মোক মোৰ যোগ্যতাৰ ওপৰিও আশীৰ্বাদ দিছা, আৰু আপোনাৰ দৈনন্দিন যোগানৰ বাবে মই আপোনাৰ ধন্যবাদ জনাওঁ। আজি মই প্ৰথমে অন্য বিষয়বোৰ বিচাৰিবলৈ নহয়, বৰং ওপৰৰ পৰা অহা প্ৰজ্ঞা বিচাৰিবলৈ হে আপোনাৰ ওচৰলৈ আহিছোঁ। মোক এনে হৃদয় দিয়ক যাতে মই আপোনাক ভয় কৰোঁ, আপোনাৰ বাক্যত বিশ্বাস ৰাখোঁ আৰু জীৱনৰ প্ৰতিটো ক্ষেত্ৰত খ্ৰীষ্টক মহিমা দিয়া সিদ্ধান্ত ল'ব পাৰোঁ। মোৰ ইচ্ছাতকৈ আপোনাৰ ইচ্ছাক অধিক মূল্য দিবলৈ মোৰ হৃদয় গঢ়ি তোলক, আৰু আপোনাৰ মহিমাৰ বাবে বিশ্বস্ততাৰে জীৱন-যাপন কৰিবলৈ মোক শক্তি দিয়ক। যীচু খ্ৰীষ্টৰ নামত আমেন।

Comments
Post a Comment