আপোনাৰ অগ্ৰাধিকাৰ কি? - ২৯ জুলাই, ২০২৬
আপোনাৰ অগ্ৰাধিকাৰ কি? - ২৯ জুলাই, ২০২৬
"...আৰু ঈশ্বৰে কলে, মই তোমাক কি বৰ দিম, তাক খোজা... চলোমনে কলে, "এতেকে তোমাৰ প্ৰজাবিলাকক বিচাৰ কৰিবৰ অৰ্থে, ভাল বেয়া বুজিবলৈ তোমাৰ দাসক জ্ঞানযুক্ত মন দিয়া। ঈশ্বৰে তেওঁক কলে, "মই তোমাৰ বাক্যৰ দৰেই কৰিলোঁ। চোৱা আমাক মই এনে জ্ঞান আৰু বুদ্ধি থকা মন দিলোঁ, যে, তোমাৰ আগেয়ে তোমাৰ তুল্য কোনো হোৱা নাই, আৰু তোমাৰ পাছতো উৎপন্ন নহব। - ১ ৰাজাৱলি ৩:৫, ৯, ১২
যেতিয়া চলোমন ইস্ৰায়েলৰ ৰজা হ’ল, তেতিয়া তেওঁ অতি কম বয়সীয়া আৰু অনভিজ্ঞ আছিল। ঈশ্বৰৰ নিয়োজিত লোকসকলক শাসন কৰাৰ দৰে এক বিশাল দায়িত্ব তেওঁৰ ওপৰত ন্যস্ত হৈছিল। এনে সময়তে যিহোৱাই তেওঁৰ আগত প্ৰকাশ হয় এক আশ্চৰ্যজনক আহ্বান জনাই ক’লে, “মই তোমাক কি বৰ দিম, তাক খোজা” (১ ৰাজাৱলি ৩:৫)। ভাবি চাওকচোন, যদি আজি ঈশ্বৰে আমাকো একেই প্ৰশ্ন সুধিলেহেঁতেন, আমি কি কি উত্তৰ দিলোঁহেতেন?
এই প্ৰশ্নৰ উত্তৰেই প্ৰায়ে আমাৰ হৃদয়ৰ প্ৰকৃত অগ্ৰাধিকাৰ (priority) প্ৰকাশ কৰে। আমাৰ প্ৰাৰ্থনাই দেখুৱায় যে আমি জীৱনত সঁচাকৈয়ে কিহক বেছি মূল্য দিওঁ। ঈশ্বৰে আমাক সকলো বিষয়তে তেওঁৰ ওচৰলৈ আহিবলৈ আহ্বান জনায় (ফিলিপীয়া ৪:৬)। কিন্তু মাংসিক স্বভাৱৰ বাবে বহু সময়ত আমাৰ প্ৰাৰ্থনাৰ কেন্দ্ৰবিন্দু ঈশ্বৰ নহয়, আমি নিজেই হৈ পৰো। আমাৰ অধিকাংশ প্ৰাৰ্থনাক এটা শব্দৰে সামৰি ক’ব পাৰি—“সহজ।” আমি বিচাৰোঁ যে ঈশ্বৰে আমাৰ কষ্ট দূৰ কৰক, সমস্যাবোৰ আঁতৰাই দিয়ক, জীৱনটো অধিক আৰামদায়ক কৰি দিয়ক আৰু সকলো পথ মসৃণ কৰি দিয়ক।
নিশ্চয়েই, অসুস্থতাৰ পৰা সুস্থতা, অভাৱত যোগান, বিপদত সুৰক্ষা বা দুখ-কষ্টৰ পৰা মুক্তি বিচাৰি প্ৰাৰ্থনা কৰাটো ভুল নহয়। কিন্তু আমি এই কথাও পাহৰিব নালাগে যে ঈশ্বৰৰ সৰ্বোচ্চ উদ্দেশ্য কেৱল আমাক আৰামত ৰখা নহয়; বৰঞ্চ আমাক খ্ৰীষ্টৰ সদৃশ কৰি তোলা (ৰোমীয়া ৮:২৮–২৯)। তেওঁ বহু সময়ত আমাৰ জীৱনৰ পৰীক্ষা আৰু দুখ-কষ্টক ব্যৱহাৰ কৰি আমাৰ বিশ্বাস দৃঢ় কৰে, তেওঁৰ ওপৰত আমাৰ নিৰ্ভৰশীলতা বৃদ্ধি কৰে আৰু আমাৰ চৰিত্ৰক পৰিশোধিত কৰে (যাকোব ১:২–৪; ১ পিতৰ ১:৬–৭)। সেয়েহে আমি কেৱল পৰীক্ষাবোৰ আঁতৰাই দিবলৈ প্ৰাৰ্থনা নকৰি, সেইবোৰৰ মাজেৰে ঈশ্বৰে আমাক পবিত্ৰ আৰু পৰিপক্ব কৰি তুলিবলৈও প্ৰাৰ্থনা কৰা উচিত।
চলোমনে ঠিক এইদৰেই কৰিলে। তেওঁৰ হাতত ধন-সম্পদ, দীৰ্ঘায়ু, সামৰিক বিজয় বা শত্ৰুবোৰৰ বিনাশ বিচৰাৰ সুযোগ আছিল। কিন্তু তেওঁ সেইবোৰৰ এটাও নিবিচাৰিলে। তেওঁ নিজৰ অক্ষমতা স্বীকাৰ কৰি ঈশ্বৰৰ লোকসকলক ন্যায় আৰু সত্যত পৰিচালনা কৰিবলৈ এক জ্ঞানী আৰু বিবেচক হৃদয় বিচাৰিলে (১ ৰাজাৱলি ৩:৯)। তেওঁৰ এই অনুৰোধে ঈশ্বৰক সন্তুষ্ট কৰিলে, কিয়নো ইয়াত নম্ৰতা, ঈশ্বৰৰ ওপৰত সম্পূৰ্ণ নিৰ্ভৰশীলতা আৰু ঈশ্বৰে দিয়া আহ্বান বিশ্বস্ততাৰে পালন কৰাৰ আকাঙ্ক্ষা প্ৰকাশ পাইছিল।
বিশ্বাসী হিচাপে আমাৰ আশীৰ্বাদ চলোমনৰ আশীৰ্বাদতকৈও অধিক। যীচু খ্ৰীষ্ট, প্ৰকৃত আৰু পৰম ৰজা, য’ত আমি বিফল হৈছিলোঁ, তাত তেওঁ সম্পূৰ্ণ আজ্ঞাকাৰিতা দেখুৱালে; আমাৰ পাপৰ বাবে ক্ৰুচত মৃত্যুবৰণ কৰিলে আৰু মৃত্যুক জয় কৰি পুনৰুত্থান কৰিলে। তেওঁৰ সম্পূৰ্ণ কাৰ্যৰ দ্বাৰাই আমি ক্ষমাপ্ৰাপ্ত, ঈশ্বৰৰ সৈতে মিলিত আৰু তেওঁৰ সন্তান হিচাপে গ্ৰহণ কৰা হ’লোঁ (ৰোমীয়া ৫:১; ইব্ৰী ৪:১৪–১৬)। সেয়েহে আমি ঈশ্বৰৰ ওচৰলৈ অপৰিচিত লোকৰ দৰে নহয়, বৰঞ্চ পিতৃৰ ওচৰলৈ অহা প্ৰিয় সন্তানৰ দৰে আহোঁ, যাতে তেওঁৰ মহিমাৰ বাবে জীৱন যাপন কৰিবলৈ প্ৰয়োজনীয় অনুগ্ৰহ লাভ কৰিব পাৰোঁ।
গতিকে, আপোনাৰ অগ্ৰাধিকাৰ কি? আপুনি কেৱল এইটোৱেই বিচাৰে নেকি যে ঈশ্বৰে আপোনাৰ জীৱনটো সহজ কৰি দিয়ক? নে আপুনি বিচাৰে যে তেওঁ আপোনাক অধিক বিশ্বস্ত, অধিক পবিত্ৰ আৰু খ্ৰীষ্টৰ অধিক সদৃশ কৰি তোলক? আমাৰ প্ৰাৰ্থনাবোৰ চলোমনৰ প্ৰাৰ্থনাৰ দৰে হওক। আমি কেৱল পৰিস্থিতি সলনি কৰিবলৈ নহয়, আমাৰ হৃদয় সলনি কৰিবলৈ ঈশ্বৰক অনুৰোধ কৰোঁ। আমি জ্ঞান, পবিত্ৰতা, বিবেচনা, ধৈৰ্য আৰু খ্ৰীষ্টৰ প্ৰতি অধিক প্ৰেম বিচাৰোঁহক, এই বিশ্বাসেৰে যে এই ভগ্ন জগতত তেওঁক বিশ্বস্ততাৰে সেৱা কৰিবলৈ যি যি প্ৰয়োজন, ঈশ্বৰে সেই সকলো যোগান ধৰিব (যাকোব ১:৫; মথি ৬:৩৩)।
প্ৰাৰ্থনা: স্বৰ্গীয় পিতৃ, মোৰ সকলো প্ৰয়োজন আপোনাৰ ওচৰত নিবেদন কৰাৰ বিশেষ অধিকাৰ দিয়াৰ বাবে আপোনাক ধন্যবাদ। যেতিয়া মই খ্ৰীষ্টৰ সদৃশ হোৱাতকৈ নিজৰ আৰামক অধিক মূল্য দিছোঁ, সেই সময়বোৰৰ বাবে মোক ক্ষমা কৰক। মোক এক জ্ঞানী আৰু বিবেচক হৃদয় দিয়ক। আপোনাৰ ৰাজ্য আৰু আপোনাৰ ইচ্ছাক মোৰ নিজৰ ইচ্ছাতকৈ অধিক মূল্য দিবলৈ মোক শিকাওক। সকলো পৰিস্থিতিত আপোনাৰ ওপৰত বিশ্বাস ৰাখিবলৈ আৰু আপুনি দিয়া আহ্বান বিশ্বস্ততাৰে পূৰণ কৰিবলৈ মোক শক্তি দিয়ক। যীচু খ্ৰীষ্টৰ নামেৰে এই প্ৰাৰ্থনা জনালোঁ। আমেন।

Comments
Post a Comment