প্ৰকৃত ধন-সম্পদ - ৩০ জুলাই, ২০২৬
প্ৰকৃত ধন-সম্পদ - ৩০ জুলাই, ২০২৬
“যিবিলাক ইহলোকত ধনৱন্ত, তেওঁবিলাকক এই আজ্ঞা দিয়া যে, তেওঁবিলাক উচ্চমনা নহওঁক, আৰু তেওঁবিলাকে ধনৰ অনিশ্চয়তাত ভাৰসা নকৰি, যি ঈশ্বৰে, আমি ভোগ কৰিবলৈ সকলোকে বহুল্যৰূপে আমাক দিছে, সেই ঈশ্বৰৰ ভাৰসা কৰক” — ১ তীমথিয় ৬:১৭
আমি যে কিমান আশীৰ্বাদপ্ৰাপ্ত, সেয়া কেতিয়াবা সহজে পাহৰি যাওঁ। আজিৰ দৈনন্দিন জীৱনত আমি যিবোৰ সুবিধা স্বাভাৱিক বুলি ধৰি লওঁ: বিশুদ্ধ খোৱাপানী, বিদ্যুৎ, ঔষধ, যাতায়াতৰ সুবিধা, ফ্ৰিজ, আৰু পৰ্যাপ্ত আহাৰ ইত্যাদি - ইতিহাসৰ বেছিভাগ সময়ত মানুহে এইবোৰৰ সপোনো দেখা নাছিল। আজি আমাৰ বাবে সাধাৰণ যেন লগা বহুতো সুবিধা পূৰ্বৰ বহু প্ৰজন্মৰ বাবে অসাধাৰণ আশীৰ্বাদ হ'লহেঁতেন।
এই সত্যই আমাৰ মনত গৌৰৱৰ সলনি কৃতজ্ঞতা আনিব লাগে। কাৰণ আমি উপভোগ কৰা প্ৰতিটো উত্তম উপহাৰ ঈশ্বৰৰ পৰাই আহে (যাকোব ১:১৭)। সেয়ে এই আশীৰ্বাদবোৰক স্বাভাৱিক বুলি ধৰি লোৱাৰ পৰিৱৰ্তে, আমি কৃতজ্ঞতাৰে ইয়াক গ্ৰহণ কৰি, ঈশ্বৰৰ মহিমাৰ বাবে সেইবোৰৰ সদ্ব্যৱহাৰ কৰিব লাগে।
যেতিয়া পাঁচনি পৌলে তীমথিয়ক “যিবিলাক ইহলোকত ধনৱন্ত" সকলক সতৰ্ক কৰিবলৈ কৈছিল, সেই বাক্য আজিও আমাৰ বাবে সমানে প্ৰযোজ্য। যদিও আজিৰ মানদণ্ড অনুসৰি সকলোৱে ধনী নহয়, তথাপিও পৃথিৱীৰ বহু লোক আৰু অতীতৰ বহু প্ৰজন্মৰ তুলনাত আমি বহুতেই অধিক সম্পদ আৰু সুবিধাৰ অধিকাৰী। সেয়ে আমি নিজ নিজ হৃদয় পৰীক্ষা কৰা উচিত, যে আমাৰ বিশ্বাস আৰু নিৰাপত্তা ঈশ্বৰত নে আমাৰ সম্পদত?
অহংকাৰ মানে কেৱল নিজৰ ধন-সম্পদৰ গৌৰৱ কৰা বা আনক তুচ্ছ জ্ঞান কৰাই নহয়। যেতিয়াই আমি ঈশ্বৰৰ সলনি নিজৰ সম্পদ, সামৰ্থ্য বা সুবিধাৰ ওপৰত অধিক নিৰ্ভৰ কৰিবলৈ আৰম্ভ কৰোঁ, তেতিয়াই অহংকাৰ নিঃশব্দে আমাৰ হৃদয়ত ঠাই লয়। যীচুৱে কৈছিল, “প্ৰথমে ঈশ্বৰৰ ৰাজ্য আৰু তেওঁৰ ধাৰ্মিকতা বিচাৰা” (মথি ৬:৩৩)। তেওঁ পুনৰ সতৰ্ক কৰি কৈছিল, “কিয়নো উপচি পৰিলেও, মানুহৰ জীৱন তেওঁৰ সম্পত্তিৰে নহয়” (লূক ১২:১৫)। জাগতিক সম্পদ ক্ষণস্থায়ী, কিন্তু ঈশ্বৰৰ সৈতে আমাৰ সম্পৰ্ক চিৰস্থায়ী।
ঈশ্বৰে আমাক সম্পদ কেৱল নিজৰ আৰামৰ বাবে নহয়; বৰং আনৰ মঙ্গল আৰু তেওঁৰ ৰাজ্যৰ কাৰ্য আগুৱাই নিয়াৰ বাবে আমাক বিশ্বাসেৰে সমৰ্পণ কৰিছে। সেইবাবেই পৌলে আগলৈ কৈছে যে বিশ্বাসীসকলে “সৎকৰ্ম কৰি, উত্তম কৰ্মৰূপ ধনত ধনৱন্ত হওক" (১ তীমথিয় ৬:১৮)। ঈশ্বৰে আমাক যি দিছে, তাৰ বিশ্বস্ত তত্বাৱধায়ক হিচাপে আমি অভাৱগ্ৰস্তসকলৰ সেৱা কৰা আৰু তেওঁৰ কাৰ্য সমৰ্থন কৰাৰ সুযোগ আৰু দায়িত্ব দুয়োটা পাইছোঁ।
আমাৰ ওচৰত অধিক থাকক বা কম থাকক, আমাৰ আটাইতকৈ ডাঙৰ প্ৰয়োজন যীচু খ্ৰীষ্ট। তেওঁৰ মৃত্যু আৰু পুনৰুত্থানৰ যোগেদি অনুতাপ কৰি বিশ্বাস কৰা সকলো লোকৰ বাবে ক্ষমা আৰু অনন্ত জীৱন বিনামূলীয়াকৈ আগবঢ়োৱা হৈছে (যোহন ৩:১৬; পাঁচনিৰ কৰ্ম ১৬:৩১)। প্ৰতিদিনে আমি তেওঁৰ ওপৰত বিশ্বাস ৰাখিবলৈ, তেওঁৰ আজ্ঞা মানি চলিবলৈ, আৰু জাগতিক ধনৰ সলনি খ্ৰীষ্টত পোৱা চিৰন্তন ধন-সম্পদত আমাৰ নিৰাপত্তা বিচাৰিবলৈ আহ্বান জনোৱা হৈছে।
প্ৰাৰ্থনা: হে স্বৰ্গীয় পিতা, আপুনি মোক দিয়া প্ৰতিটো আশীৰ্বাদৰ বাবে আপোনাক ধন্যবাদ। মোক জাগতিক সম্পদৰ ওপৰত বিশ্বাস ৰাখিবলৈ নিদিব। আপুনি মোক যিসকলো দান কৰিছে, সেইবোৰ বুদ্ধিমত্তাৰে ব্যৱহাৰ কৰিবলৈ, উদাৰতাৰে আনক সহায় কৰিবলৈ, আৰু কেৱল আপোনাৰ ওপৰতে মোৰ আশা আৰু বিশ্বাস ৰাখিবলৈ মোক সহায় কৰক। প্ৰভু যীচুৰ নামত এই প্ৰাৰ্থনা আগবঢ়ালোঁ। আমেন।

Comments
Post a Comment