নম্ৰ নিৰ্ভৰতাৰ প্ৰজ্ঞা - ২৮ জুলাই, ২০২৬

 


নম্ৰ নিৰ্ভৰতাৰ প্ৰজ্ঞা - ২৮ জুলাই, ২০২৬

"এতিয়া হে মোৰ ঈশ্বৰ যিহোৱা, তুমি মোৰ পিতৃ দায়ুদৰ পদত তোমাৰ এই দাসক ৰজা পাতিলা, কিন্তু মই সৰু লৰা মাথোন, বাহিৰলৈ ওলাবলৈ আৰু ভিতৰলৈ সোমাবলৈকো নাজানো।" — ১ ৰাজাৱলি ৩:৭

দায়ূদৰ পিছত চলোমনে ইস্ৰায়েলৰ সিংহাসনত বহিল। মানৱীয় দৃষ্টিৰে চালে, এজন যুৱকৰ বাবে ইয়াতকৈ ডাঙৰ সাফল্যতা বেলেগ একো হ’ব নোৱাৰে। মাথোঁ বিশ বছৰ থাকোঁতেই চলোমনৰ হাতত আহি পৰিল যৌৱন, অসংখ্য সুযোগ, ক্ষমতা, আৰু সমগ্ৰ জাতিৰ সন্মান। এনে অৱস্থাই তেওঁক সহজেই নিজৰ সামৰ্থ্যৰ ওপৰত আস্থা ৰাখিবলৈ প্ৰেৰণা দিব পাৰিলেহেঁতেন। কিন্তু ঈশ্বৰে যেতিয়া তেওঁক যি বিচাৰে তাক খুজিবলৈ আমন্ত্ৰণ জনালে (১ ৰাজাৱলি ৩:৫), তেতিয়া চলোমনে নিজৰ যোগ্যতা বা শক্তিৰ কথা কোৱা নাছিল। বৰঞ্চ তেওঁ ঈশ্বৰৰ আগত আন্তৰিকভাৱে নিজৰ অক্ষমতা স্বীকাৰ কৰিলে: “মই সৰু লৰা মাথোন, বাহিৰলৈ ওলাবলৈ আৰু ভিতৰলৈ সোমাবলৈকো নাজানো।”

চলোমনে আক্ষৰিক অৰ্থত নিজকে সৰু ল'ৰা বুলি কোৱা নাছিল। তেওঁ স্বীকাৰ কৰিছিল যে ঈশ্বৰৰ প্ৰজাসকলক শাসন কৰিবলৈ প্ৰয়োজনীয় জ্ঞান, বিচাৰ-বুদ্ধি আৰু অভিজ্ঞতা তেওঁৰ নাছিল। এই স্বীকাৰোক্তি মিছা নম্ৰতা বা আত্ম-অৱমূল্যায়ন নাছিল; ই আছিল এজন পবিত্ৰ, সৰ্বজ্ঞ আৰু সৰ্বশক্তিমান ঈশ্বৰৰ আগত নিজকে সঠিকভাৱে চোৱাৰ ফল। চলোমনে বুজিছিল যে তেওঁৰ ওপৰত অৰ্পণ কৰা দায়িত্ব তেওঁৰ স্বাভাৱিক সামৰ্থ্যতকৈও বহুত ডাঙৰ। সেইবাবেই তেওঁ ঈশ্বৰৰ ওপৰত নিৰ্ভৰ কৰিলে। কাৰণ, “যিহোৱাৰ ভয়েই প্ৰজ্ঞাৰ আৰম্ভণ” (হিতোপদেশ ৯:১০)।

এই ঘটনাই আমাক এক গুৰুত্বপূৰ্ণ শিক্ষা দিয়ে। খ্ৰীষ্টীয় জীৱনৰ আটাইতকৈ ডাঙৰ বিপদ আমাৰ দুৰ্বলতা নহয়; বৰঞ্চ নিজৰ ওপৰত নিৰ্ভৰশীলতা। শাস্ত্ৰই স্পষ্টকৈ কৈছে, “ঈশ্বৰে অহংকাৰীবিলাকক বিপক্ষ হয়, কিন্তু নম্ৰবিলাকক তেওঁ অনুগ্ৰহ দান কৰে” (যাকোব ৪:৬; ১ পিতৰ ৫:৫)। যেতিয়াই আমি নিজৰ বুদ্ধি, অভিজ্ঞতা বা শক্তিৰ ওপৰত নিৰ্ভৰ কৰোঁ, তেতিয়াই আমি আত্মিক বিপদৰ মাজলৈ সোমাই যাওঁ (হিতোপদেশ ৩:৫–৬)। কিন্তু যেতিয়া আমি ঈশ্বৰৰ আগত নিজৰ প্ৰয়োজন স্বীকাৰ কৰোঁ, তেতিয়া তেওঁৰ অনুগ্ৰহ আৰু জ্ঞান লাভ কৰাৰ পথ মুকলি হয়।

এই নম্ৰতাই আমাৰ প্ৰাৰ্থনাৰ জীৱনতো প্ৰতিফলিত হ’ব লাগে। প্ৰাৰ্থনা কেতিয়াও ঈশ্বৰক আমাৰ কথাৰ যোগেৰে প্ৰভাৱিত কৰাৰ চেষ্টা নহয়, বা নিজৰ শক্তি প্ৰদৰ্শন কৰাৰ উপায়ো নহয়। যিহোৱাই আমাৰ প্ৰতিটো চিন্তা, ভয়, দুৰ্বলতা আৰু হৃদয়ৰ অৱস্থা আগতেই জানে (গীতমালা ১৩৯:১–৪)। সেইবাবে, বাইবেল-সন্মত প্ৰাৰ্থনা সদায় সৎ স্বীকাৰোক্তি আৰু শিশুৰ দৰে নিৰ্ভৰতাৰে পৰিপূৰ্ণ। চলোমনৰ দৰে আমিও নিজৰ সীমাবদ্ধতা, বিভ্ৰান্তি, ব্যৰ্থতা আৰু ঈশ্বৰৰ সহায়ৰ প্ৰয়োজন আন্তৰিকভাৱে তেওঁৰ আগত স্বীকাৰ কৰিব পাৰোঁ। ঈশ্বৰে বিশ্বাসেৰে বিচৰা লোকক উদাৰতাৰে জ্ঞান দিয়ে (যাকোব ১:৫)।

শুভবাৰ্তাই আমাক ইয়াতকৈও অধিক সাহস দিয়ে যাতে আমি ঈশ্বৰৰ আগত সম্পূৰ্ণ মুকলিকৈ আহিব পাৰোঁ। ঈশ্বৰৰ আগত আমাৰ গ্ৰহণযোগ্যতা আমাৰ জ্ঞান, আধ্যাত্মিক পৰিপক্বতা বা কৰ্মৰ ওপৰত নিৰ্ভৰ নকৰে; ই সম্পূৰ্ণৰূপে যীচু খ্ৰীষ্টৰ সমাপ্ত কাৰ্যৰ ওপৰত নিৰ্ভৰ কৰে। খ্ৰীষ্টই আমাৰ ঠাইত পিতৃৰ ইচ্ছা সম্পূৰ্ণকৈ পালন কৰিলে, ক্ৰুচত আমাৰ পাপৰ দণ্ড বহন কৰিলে, আৰু আমি ধাৰ্মিক বুলি গণ্য হবলৈ তেওঁ পুনৰুত্থান লাভ কৰিলে (ৰোমীয়া ৪:২৫)। তেওঁৰ ওপৰত বিশ্বাসৰ দ্বাৰাই আমাক ঈশ্বৰৰ সন্তান হিচাপে দত্তক লোৱা হৈছে। সেইবাবে, আমি “অনুগ্ৰহৰ সিংহাসনৰ ওচৰলৈ সাহসেৰে আহিব পাৰোঁ, যাতে দয়া পাওঁ আৰু প্ৰয়োজনৰ সময়ত সহায়ৰ বাবে অনুগ্ৰহ লাভ কৰোঁ” (ইব্ৰী ৪:১৬)।

সেয়ে, ঈশ্বৰৰ আগত আন্তৰিক আৰু খোলাখুলি হোৱাটো কেৱল এটা ভাল গুণেই নহয়; ই সেইসকল লোকৰ স্বাভাৱিক জীৱনধাৰা, যিসকলে জানে যে তেওঁলোক খ্ৰীষ্টত নিৰাপদ। যিহেতু ঈশ্বৰৰ আগত আমাৰ স্থিতি আমাৰ নিজৰ ধাৰ্মিকতাৰ ওপৰত নহয়, বৰঞ্চ খ্ৰীষ্টৰ ধাৰ্মিকতাৰ ওপৰত প্ৰতিষ্ঠিত, সেইবাবে আমি আমাৰ দুৰ্বলতা লুকুৱাব নালাগে বা নিজকে প্ৰকৃততকৈ অধিক শক্তিশালী বুলি দেখুৱাব নালাগে। আমি সাহসেৰে আৰু আন্তৰিকতাৰে আমাৰ স্বৰ্গীয় পিতৃৰ ওচৰলৈ আহিব পাৰোঁ, এই বিশ্বাসেৰে যে তেওঁ আমাক দয়াৰে গ্ৰহণ কৰে, জ্ঞান দিয়ে আৰু নিজৰ অনুগ্ৰহেৰে শক্তি দিয়ে।

প্ৰাৰ্থনা: হে অনুগ্ৰহময় পিতৃ, আপোনাক ধন্যবাদ দিওঁ যে যীচু খ্ৰীষ্টৰ যোগেদি মই সাহস আৰু আন্তৰিকতাৰে আপোনাৰ সন্মুখলৈ আহিব পাৰোঁ। মোক ক্ষমা কৰক, কাৰণ বহু সময়ত অহংকাৰে মোক আপোনাৰ জ্ঞানৰ পৰিৱৰ্তে নিজৰ বুদ্ধিৰ ওপৰত নিৰ্ভৰ কৰিবলৈ প্ৰেৰণা দিয়ে। চলোমনৰ দৰে মোকো নিজৰ প্ৰয়োজন স্বীকাৰ কৰিবলৈ আৰু আপুনি মোৰ হাতত অৰ্পণ কৰা প্ৰতিটো দায়িত্বত আপোনাৰ পথ-প্ৰদৰ্শন বিচাৰিবলৈ শিকাওক। মোক এনে এক নম্ৰ হৃদয় দান কৰক, যিয়ে প্ৰতিদিনে আপোনাৰ অনুগ্ৰহৰ ওপৰত নিৰ্ভৰ কৰে। মোৰ আত্মবিশ্বাস যেন কেতিয়াও নিজৰ ওপৰত নহয়, বৰঞ্চ কেৱল খ্ৰীষ্টৰ ওপৰতে থাকে, যিজনৰ ধাৰ্মিকতাই মোক আপোনাৰ আগত গ্ৰহণযোগ্য কৰি তুলিছে। যীচু খ্ৰীষ্টৰ পবিত্ৰ নামত এই প্ৰাৰ্থনা আগবঢ়ালোঁ। আমেন।

Comments