সকলোতকৈ মূল্যৱান ধন - ১ আগষ্ট, ২০২৬

 

সকলোতকৈ মূল্যৱান ধন - ১ আগষ্ট, ২০২৬

“স্বৰ্গৰাজ্য পথাৰত লুকাই থকা ধনৰ নিচিনা। এজন মানুহে সেই ধন বিচাৰি পাই পুনৰ লুকুৱাই থ'লে; তাৰ পিছত আনন্দেৰে গৈ নিজৰ সকলো বস্তু বিক্ৰী কৰি সেই পথাৰখন কিনিলে।” — মথি ১৩:৪৪
প্ৰিয়সকল ভাবি চাওকচোন, এজন সাধাৰণ মানুহে এদিন এখন পথাৰৰ মাজেৰে খোজ কাঢ়ি গৈ থাকোঁতে হঠাতে মাটিৰ তলত লুকাই থকা এক অমূল্য ধন বিচাৰি পালে। ধনখিনিৰ প্ৰকৃত মূল্য বুজি তেওঁ পুনৰ সেয়া লুকুৱাই থ'লে আৰু নিজৰ সকলো সম্পত্তি বিক্ৰী কৰি সেই পথাৰখন কিনি ল'লে। ওচৰ-চুবুৰীয়াৰ মানুহে তেওঁৰ এই সিদ্ধান্তক হয়তো মূৰ্খামি বুলি ভাবিলে। তেওঁলোকে বুজিব নোৱাৰিলে যে এজন মানুহে কেনেকৈ এখন সাধাৰণ পথাৰৰ বাবে নিজৰ সকলো বস্তু ত্যাগ কৰিব পাৰে। কিন্তু তেওঁলোকে নাজানিছিল যে সেই মানুহজনে এনে এক ধন বিচাৰি পাইছিল, যাৰ মূল্য তেওঁৰ সকলো সম্পত্তিতকৈ বহু গুণ বেছি।

এই সৰল উদাহৰণটোৰ জৰিয়তে যীচুৱে আমাক স্বৰ্গৰাজ্যৰ মূল্য শিকাইছে। সেই মানুহজন মূৰ্খ নাছিল; তেওঁ উচিত চিন্তা কৰি সিদ্ধান্ত লৈছিল, কাৰণ তেওঁ ধনখিনিৰ প্ৰকৃত মূল্য বুজিছিল। ঠিক তেনেদৰে, যেতিয়া এজন মানুহে ঈশ্বৰৰ ৰাজ্য আৰু যীচু খ্ৰীষ্টৰ যোগেদি পোৱা পৰিত্ৰাণৰ অমূল্য মূল্য উপলব্ধি কৰে, তেতিয়া জগতৰ ধন-সম্পদ, সন্মান, সাফল্যতা আৰু উচ্চাকাঙ্ক্ষা সকলো সৰু যেন লাগে (ফিলিপীয়া ৩:৭–৮)।

আজিও বহুতে বুজি নাপায় যে খ্ৰীষ্টিয়ানসকলে কিয় সম্পূৰ্ণ হৃদয়েৰে খ্ৰীষ্টক অনুসৰণ কৰে। কিয় তেওঁলোকে প্ৰাৰ্থনা কৰে, ঈশ্বৰৰ বাক্য অধ্যয়ন কৰে, মণ্ডলীৰ সৈতে মিলিত হয়, উদাৰতাৰে দিয়ে, পাপৰ প্ৰলোভনক অস্বীকাৰ কৰে, আৰু কষ্ট বা ক্ষতিৰ সন্মুখীন হ’লেও খ্ৰীষ্টৰ প্ৰতি বিশ্বাসী হৈ থাকে। পৃথিৱীৰ দৃষ্টিত এইবোৰ হয়তো অৰ্থহীন,  পুৰণি ধাৰণাৰ, আনকি মূৰ্খামিৰ নিচিনাও লাগিব পাৰে (১ কৰিন্থীয়া ১:১৮)।

কিন্তু ঈশ্বৰৰ অনুগ্ৰহত বিশ্বাসীসকলে এনে এক সত্য জানে, যিটো বহুতে এতিয়াও নাজানে। আমি যীচু খ্ৰীষ্টত সকলোতকৈ মূল্যৱান ধন বিচাৰি পাইছোঁ। তেওঁৰ যোগেদি আমি পাপৰ ক্ষমা (ইফিচীয়া ১:৭), ঈশ্বৰৰ সৈতে শান্তি (ৰোমীয়া ৫:১), অনন্ত জীৱনৰ দান (যোহন ৩:১৬), পবিত্ৰ আত্মাৰ বাস (পাঁচনিৰ কৰ্ম ২:৩৮), আৰু কেতিয়াও নষ্ট নোহোৱা, অপবিত্ৰ নোহোৱা, ম্লান নোহোৱা অনন্ত উত্তৰাধিকাৰৰ আশা লাভ কৰিছোঁ (১ পিতৰ ১:৩–৪)। জগতৰ কোনো ধন-সম্পদে এই আশীৰ্বাদসমূহৰ সৈতে তুলনা কৰিব নোৱাৰে।

যীচুৰ এই দৃষ্টান্তই আমাক আৰু এটা কথাও শিকায়। পৰিত্ৰাণ ধন-সম্পদেৰে কিনিব নোৱাৰি আৰু ভাল কৰ্মৰে উপাৰ্জন কৰিব নোৱাৰি (ইফিচীয়া ২:৮–৯)। কিন্তু যিসকলে বিশ্বাসেৰে খ্ৰীষ্টক গ্ৰহণ কৰে, তেওঁলোকে আনন্দেৰে তেওঁক অনুসৰণ কৰিবলৈ নিজৰ জীৱন সমৰ্পণ কৰে, কাৰণ তেওঁলোকে উপলব্ধি কৰে যে খ্ৰীষ্ট সকলোতকৈ মূল্যৱান (লূক ৯:২৩–২৫)। সেয়ে খ্ৰীষ্টীয় শিষ্যত্বৰ বাবে কৰা ত্যাগ পৰিত্ৰাণ লাভৰ উপায় নহয়; বৰঞ্চ ইতিমধ্যে পোৱা এই অমূল্য ধনৰ প্ৰতি কৃতজ্ঞতা আৰু আনন্দৰ স্বাভাৱিক প্ৰকাশ।

আপুনি খ্ৰীষ্টত থকা এই অমূল্য ধন চিনাক্ত কৰিছে নে? যদি আপুনি যীচুক নিজৰ ত্ৰাণকৰ্তা হিচাপে বিশ্বাস কৰিছে, তেন্তে জীৱনৰ সকলোতকৈ অধিক মূল্য তেওঁকেই দিবলৈ যত্ন কৰক। আৰু যদি এতিয়াও তেওঁৰ ওপৰত বিশ্বাস কৰা নাই, তেন্তে মন কৰিব যে, পৰিত্ৰাণৰ এই অমূল্য ধন অনুতাপ কৰি শুভবাৰ্তাত বিশ্বাস কৰা সকলো মানুহৰ বাবে মুকলিকৈ আগবঢ়োৱা হৈছে (মাৰ্ক ১:১৫; ৰোমীয়া ১০:৯–১৩)। যীচু খ্ৰীষ্টত পোৱা ধনতকৈ মূল্যৱান ধন আন একো নাই।

প্ৰাৰ্থনা: প্ৰভু যীচু, আপোনাৰ মৃত্যু আৰু পুনৰুত্থানৰ যোগেদি আমাক পৰিত্ৰাণৰ এই অমূল্য ধন দান কৰাৰ বাবে ধন্যবাদ। এই পৃথিৱীৰ সকলো বস্তুতকৈ আপোনাক অধিক মূল্য দিবলৈ মোক সহায় কৰক। মোৰ হৃদয় সদায় আপোনাৰ ওপৰতে স্থিৰ ৰাখক, কিয়নো আপোনাতকৈ মূল্যৱান ধন আন একো নাই। আমেন।

Comments