তেওঁৰ দয়া চিৰকাললৈকে থাকে - ৪ আগষ্ট, ২০২৬
তেওঁৰ দয়া চিৰকাললৈকে থাকে - ৪ আগষ্ট, ২০২৬
“যিহোৱাৰ ধন্যবাদ কৰা, কিয়নো তেওঁ মঙ্গলময়; কাৰণ তেওঁৰ দয়া চিৰকাললৈকে থাকে।” - গীতমালা ১৩৬:১
বাইবেলৰ বহুতো গীতমালা সমস্বৰে বা উত্তৰ-প্ৰত্যুত্তৰ কৰি গাবলৈ ৰচনা কৰা হৈছিল। এই ধৰণৰ উপাসনাত এজন নেতা বা গায়কদলে পদৰ প্ৰথম অংশ গাইছিল, আৰু সমবেত লোকসকলে দ্বিতীয় অংশ উত্তৰস্বৰূপে গাইছিল। যদি আপুনি গীতমালা ১৩৬ নম্বৰটো পঢ়ে, তেন্তে লক্ষ্য কৰিব যে ইয়াৰ ২৬টা পদৰ প্ৰতিটোৰ শেষত একেই বাক্য পুনৰাবৃত্তি হৈছে -“তেওঁৰ দয়া চিৰকাললৈকে থাকে।” এই পুনৰাবৃত্তি ঈশ্বৰৰ লোকসকলক সোঁৱৰাই দিয়ে যে তেওঁৰ সৃষ্টিৰ কাৰ্য, তেওঁৰ মহাশক্তি, তেওঁৰ দয়া আৰু তেওঁৰ সকলো যোগান, এই সকলোবোৰ তেওঁৰ অবিচল আৰু বিশ্বস্ত প্ৰেমৰেই প্ৰকাশ। যেতিয়াই যিহোৱাৰ মহৎ কাৰ্যবোৰ বৰ্ণনা কৰা হয়, তেতিয়াই তেওঁৰ লোকসকলে একেলগে ঘোষণা কৰে, “তেওঁৰ দয়া চিৰকাললৈকে থাকে।”
এই সুন্দৰ ঘোষণাটো কেৱল গীতমালা ১৩৬-তেই সীমাবদ্ধ নহয়। ইয়াৰ প্ৰথম উল্লেখ পোৱা যায় ১ বংশাৱলি ১৬:৩৪ পদত, যেতিয়া ৰজা দায়ূদে নিয়ম-চন্দুক যিৰূচালেমলৈ আনিছিল। তেতিয়া ঈশ্বৰৰ লোকসকলে এইদৰে স্তৱগান কৰিছিল - “তোমালোকে যিহোৱাৰ ধন্যবাদ কৰা, কিয়নো তেওঁ মঙ্গলময়; কাৰণ তেওঁৰ দয়া চিৰকাললৈকে থাকে।” পিছলৈ, যেতিয়া ৰজা চলোমনে মন্দিৰ উৎসৰ্গা কৰিলে, তেতিয়াও পুৰোহিত আৰু গায়কসকলে একে বাক্যৰে যিহোৱাৰ স্তুতি কৰিলে (২ বংশাৱলি ৫:১৩; ৭:৩, ৬)। আনকি বাবিলৰ নিৰ্বাসনৰ পৰা উভতি অহাৰ পিছতো, নতুন মন্দিৰৰ ভেটি স্থাপন কৰাৰ সময়ত লোকসকলে পুনৰ এই একে গান গাইছিল (ইজ্ৰা ৩:১১)। যুগে যুগে পৰিস্থিতি সলনি হলেও, ঈশ্বৰৰ প্ৰেম কেতিয়াও সলনি হোৱা নাছিল।
কোনোৱে হয়তো সুধিব পাৰে, “এই একেটা বাক্য কিয় ইমানবাৰ কোৱা হৈছে?”। উত্তৰটো পিছে সহজ। আমি সেই কথাবোৰেই বাৰে বাৰে কওঁ, যিবোৰ অতি গুৰুত্বপূৰ্ণ। আৰু আমি সেইবোৰো পুনৰাবৃত্তি কৰোঁ, যিবোৰ আমি সহজে পাহৰি যাওঁ। জীৱনৰ দুখ-কষ্ট, হতাশা আৰু ব্যৰ্থতাই বহু সময়ত আমাক ঈশ্বৰৰ মঙ্গলময়তা সন্দেহ কৰিবলৈ জোৰ কৰে। সেইবাবেই বাইবেলে আমাক পুনঃপুনঃ এই চিৰন্তন সত্যটো সোঁৱৰাই দিয়ে, “তেওঁৰ দয়া চিৰকাললৈকে থাকে।”।”
ইয়াত “দয়া” বুলি অনুবাদ কৰা ইব্ৰী শব্দটো হৈছে ‘হেছেদ’ (ḥesed)। ইয়াৰ অৰ্থ হৈছে ঈশ্বৰৰ অবিচল, বিশ্বস্ত আৰু কৰুণাময় প্ৰেম। ই তেওঁৰ দয়া, অনুগ্ৰহ আৰু তেওঁৰ ওপৰত বিশ্বাস কৰা লোকসকলৰ প্ৰতি অটল বিশ্বস্ততাক বুজায়। ঈশ্বৰে আমাক এইবাবে ভাল নাপায় যে আমি তাৰ যোগ্য; তেওঁ আমাক ভাল পায়, কিয়নো প্ৰেম কৰাই তেওঁৰ স্বভাৱ (যাত্ৰাপুস্তক ৩৪:৬–৭; ১ যোহন ৪:৮)। সমগ্ৰ ইতিহাসত তেওঁ ধৈৰ্যসহকাৰে মনুষ্য জাতিক নিজৰ ওচৰলৈ মাতি আহিছে, তেওঁলোকৰ প্ৰয়োজন পূৰণ কৰিছে আৰু নিজৰ প্ৰতিজ্ঞাসমূহ বিশ্বস্তভাৱে পালন কৰিছে।
এই চিৰস্থায়ী প্ৰেমৰ সৰ্বশ্ৰেষ্ঠ প্ৰকাশ যীচু খ্ৰীষ্টত দেখা যায়। “কাৰণ ঈশ্বৰে জগতক ইমান প্ৰেম কৰিলে যে তেওঁ নিজৰ একমাত্ৰ পুত্ৰকে দান কৰিলে...” (যোহন ৩:১৬)। যীচুৱে স্বইচ্ছাই সমগ্ৰ জগতৰ পাপৰ বাবে ক্ৰুচত মৃত্যুবৰণ কৰিলে (ৰোমীয়া ৫:৮; ১ যোহন ২:২), মৃত্যুৰ ওপৰত বিজয় লাভ কৰি পুনৰুত্থিত হ'ল (১ কৰিন্থীয়া ১৫:৩–৪) আৰু এতিয়া যিসকলে অনুতাপ কৰি তেওঁৰ ওপৰত বিশ্বাস কৰে, তেওঁলোক সকলোকে পাপৰ ক্ষমা আৰু অনন্ত জীৱন আগবঢ়ায় (পাঁচনিৰ কৰ্ম ১৭:৩০; ৰোমীয়া ১০:৯–১৩)। ঈশ্বৰৰ এই প্ৰেম সকলো লোকৰ বাবে উপলব্ধ, কিন্তু ইয়াক বিশ্বাসৰ দ্বাৰাই গ্ৰহণ কৰিব লাগিব।
আজি আপুনি যি পৰিস্থিতিৰ মাজেদিয়েই পাৰ হৈ নাথাকক কিয়, এই সত্যটো মনত ৰাখিব যে, ঈশ্বৰৰ স্বভাৱ কেতিয়াও সলনি নহয়। তেওঁৰ দয়া নুঢুকাই, সেইবোৰ প্ৰত্যেক প্ৰভাতে নতুন হয় (বিলাপ ৩:২২–২৩), আৰু তেওঁৰ প্ৰেম এতিয়াও প্ৰতিজন মানুহলৈ আগবঢ়াই থোৱা আছে। সেয়েহে আপোনাৰ জীৱনো এই ঘোষণাৰে পৰিপূৰ্ণ হওক, "যিহোৱাৰ ধন্যবাদ কৰা, কিয়নো তেওঁ মঙ্গলময়; কাৰণ তেওঁৰ দয়া চিৰকাললৈকে থাকে।"
প্ৰাৰ্থনা: হে স্বৰ্গীয় পিতৃ, আপোনাৰ অবিচল আৰু চিৰস্থায়ী প্ৰেমৰ বাবে আপোনাক ধন্যবাদ জনাওঁ। যীচু খ্ৰীষ্টৰ যোগেদি আপুনি আপোনাৰ প্ৰেমৰ সৰ্বোচ্চ প্ৰকাশ দেখুৱাইছে। আপোনাৰ দয়া, বিশ্বস্ততা আৰু অনুগ্ৰহৰ বাবে আপোনাক ধন্যবাদ। জীৱনৰ সকলো পৰিস্থিতিত আপোনাৰ ওপৰত বিশ্বাস ৰাখিবলৈ, আপোনাৰ মঙ্গলময়তা কেতিয়াও নাপাহৰিবলৈ আৰু সদায় কৃতজ্ঞ হৃদয়ে আপোনাৰ স্তুতি কৰিবলৈ মোক সহায় কৰক। মোৰ জীৱনে সদায় এই সাক্ষ্য দিয়ক হে: “আপোনাৰ দয়া চিৰকাললৈকে থাকে।” প্ৰভু যীচুৰ নামত আমেন।

Comments
Post a Comment