অলৌকিক কাৰ্যৰ আগতে ঈশ্বৰলৈ ধন্যবাদ - ৬ আগষ্ট, ২০২৬
অলৌকিক কাৰ্যৰ আগতে ঈশ্বৰলৈ ধন্যবাদ - ৬ আগষ্ট, ২০২৬
পাছে তেওঁ লোকসমূহক ঘাঁহৰ ওপৰত বহিবলৈ আজ্ঞা দিলে; আৰু সেই পাঁচোটা পিঠা আৰু দুটা মাছকে লৈ, স্বৰ্গলৈ চাই, আশীর্ব্বাদ কৰিলে; পাছে পিঠাখিনি ভাঙি শিষ্যবিলাকক দিলে, আৰু তেওঁলোকে লোকসমূহক দিলে। তাতে সকলোরে খাই তৃপ্ত হল; পাছে সেই ডোখৰা-ডুখৰিৰ অৱশেষখিনিৰে ভৰা বাৰটা পাচি তুলি ললে। লৰা-তিৰোতাত বাজে, সেই ভোজন কৰা মানুহ পাঁচ হাজাৰমান আছিল। - মথি ১৪:১৯–২১
প্ৰিয়সকল এবাৰ কল্পনা কৰি চাওকচোন, পাঁচজনীয়া এটা পৰিয়াল ৰাতিৰ আহাৰৰ বাবে একেলগে বহিছে। কিন্তু সন্মুখত প্ৰায় একো নাই, এটা ৰুটিৰ টুকুৰা আৰু অলপ মাছ, যিটো সকলোৰে কাৰণে হয়টো যথেষ্ট নহয়। তেনেতেই পিতৃজনে হাত জোৰ কৰি প্ৰাৰ্থনা কৰিলে যে, “হে প্ৰভু, এই সুন্দৰ আহাৰ আমালৈ যোগাই দিয়াৰ বাবে তোমাক ধন্যবাদ জনাইছো।” প্ৰথম দেশত এইয়া অলপ আচৰিত যেন লাগিব পাৰে। কাৰণ আমি সাধাৰণতে যি পাইছোঁ তাৰ বাবেহে ধন্যবাদ দিওঁ, যি পোৱা নাই বা যেনেকৈ পাব লাগিছিল তেনেকৈ নোপোৱাৰ কাৰণে ধন্যবাদ নিদিওঁ।
কিন্তু যীচুৱে তেনেকেই কৰিছিল।
পাঁচ হাজাৰতকৈও অধিক ক্ষুধাৰ্ত পুৰুষ, লগতে নাৰী আৰু শিশুসকলক খোৱাবলৈ যীচুৰ হাতত আছিল কেৱল পাঁচখন ৰুটি আৰু দুটা মাছ, মাত্ৰ কেইজনমান মানুহে খাব পৰা হে অংশ (যোহন ৬:৯)। কিন্তু ৰুটি বৃদ্ধি পোৱাৰ আগতেই, কোনোবাই খোৱাৰ আগতেই, আৰু অলৌকিক কাৰ্য দৃশ্যমান হোৱাৰ আগতেই, যীচুৱে আকাশলৈ চাই পিতৃ ঈশ্বৰক ধন্যবাদ জনালে (মথি ১৪:১৯)।
ধন্যবাদ জনোৱাৰ পিছতহে তেওঁ ৰুটি ভাঙিবলৈ আৰম্ভ কৰিলে। শিষ্যসকলৰ হাতত দিয়াৰ লগে লগে ঈশ্বৰে সেই সামান্যখিনিক বহুগুণে বৃদ্ধি কৰিলে। ৰুটি শেষ নহ’ল। মাছো অবিৰতভাৱে বিতৰণ হৈ থাকিল। সকলো মানুহে তৃপ্তি পোৱালৈকে খালে, আৰু শেষত বাৰখন টোপোলা অৱশিষ্ট ৰ’ল (মথি ১৪:২০)। যি অভাৱৰ দৰে আৰম্ভ হৈছিল, সেয়াই প্ৰচুৰতাত শেষ হ’ল।
ইমান সামান্য খাদ্যৰ ওপৰত যীচুৱে কেনেকৈ ধন্যবাদ জনাব পাৰিলে?
কাৰণ তেওঁৰ ভৰসা খাদ্যৰ পৰিমাণৰ ওপৰত নাছিল, কিন্তু তেওঁৰ স্বৰ্গীয় পিতৃৰ মহিমা আৰু বিশ্বস্ততাৰ ওপৰত আছিল। যীচুৱে ঈশ্বৰৰ স্বভাৱ জানিছিল। তেওঁ জানিছিল যে পিতৃ দয়ালু, বিশ্বস্ত, আৰু সঠিক সময়ত প্ৰয়োজনীয় সকলো যোগান ধৰিবলৈ সক্ষম। তেওঁ অভাৱৰ আগতেই কৃতজ্ঞতা জনালে। আৰু অলৌকিক কাৰ্য হোৱাৰ আগতেই বিশ্বাস ৰাখিলে।
প্ৰভুৰ যীচুৰ এই গুণ আমাৰ প্ৰাৰ্থনাৰ ধৰণকো প্ৰত্যাহ্বান জনায়।
আমি বহু সময়ত উত্তৰ পোৱাৰ পিছতহে ঈশ্বৰক ধন্যবাদ দিওঁ। আমি ভাবোঁ, ধন আহিলে, চাকৰি পালে, অসুখ ভাল হ’লে বা সমস্যাৰ সমাধান হ’লেহে ধন্যবাদ দিম। কিন্তু যেতিয়া বেংক একাউণ্ট খালী হয়, ভবিষ্যৎ অনিশ্চিত হয়, বা শক্তি কমি যায়, তেতিয়া ধন্যবাদৰ ঠাইত উদ্বেগে স্থান লয়। তথাপিও শাস্ত্ৰই আমাক সকলো পৰিস্থিতিত ধন্যবাদ দিবলৈ আহ্বান জনায়, কাৰণ ঈশ্বৰ সকলো পৰিস্থিতিতেই বিশ্বস্ত (১ থিচলনীকীয়া ৫:১৬–১৮; ফিলিপীয়া ৪:৬–৭)।
ইয়াৰ অৰ্থ এই নহয় যে আমি সমস্যাক অস্বীকাৰ কৰিম বা দুখ-কষ্টক গুৰুত্বহীন বুলি ভাবিম। যীচুৱে ক্ষুধাৰ্ত জনসমূহক উপেক্ষা কৰা নাছিল। তেওঁ প্ৰয়োজন চিনাক্ত কৰিলে আৰু সেই প্ৰয়োজন পিতৃৰ হাতত সমৰ্পণ কৰিলে। বাইবেল-সন্মত ধন্যবাদ কোনো কল্পনামূলক চিন্তা নহয়; ই হৈছে ঈশ্বৰৰ অপৰিবৰ্তনীয় স্বভাৱৰ ওপৰত প্ৰতিষ্ঠিত বিশ্বাস।
আমাৰ আত্মবিশ্বাসৰ আটাইতকৈ ডাঙৰ কাৰণ আজিৰ পৰিস্থিতি নহয়, কিন্তু খ্ৰীষ্টৰ যোগেদি ঈশ্বৰে ইতিমধ্যে কি কৰিছে সেয়াহে। পিতৃয়ে ইতিমধ্যে তেওঁৰ আটাইতকৈ মহান উপহাৰ দিছে। তেওঁ নিজৰ একমাত্ৰ পুত্ৰক আমাৰ পাপৰ বাবে ক্ৰুচত মৰিবলৈ আৰু পুনৰুত্থান হ’বলৈ পঠিয়াইছিল, যাতে যিয়ে তেওঁৰ ওপৰত বিশ্বাস কৰে তেওঁ ক্ষমা আৰু অনন্ত জীৱন লাভ কৰে (যোহন ৩:১৬; ৰোমীয়া ৫:৮; ১ কৰিন্থীয়া ১৫:৩–৪)। যদি ঈশ্বৰে ইতিমধ্যে আমাৰ আটাইতকৈ গভীৰ আত্মিক প্ৰয়োজন পূৰণ কৰিছে, তেন্তে তেওঁ আমাৰ দৈনন্দিন প্ৰয়োজনো নিশ্চয় পূৰণ কৰিব।
পৌলে কৈছে: “যি জনাই নিজৰ পুত্ৰকো মৰম নকৰি, আমাৰ আটাইৰে কাৰণে তেওঁক সোধাই দিলে, সেই জনাই আমাক অনুগ্ৰহ কৰি তেৱে সৈতে সকলো নিদিব নে?" (ৰোমীয়া ৮:৩২)
এই বাক্যই কোৱা নাই হে আমাৰ জীৱনো দুখ-কষ্টবিহীন হ'ব বা আমি বিচৰা আমাৰ সকলো ইচ্ছা পূৰণ হ’ব বুলিও নকয়। বৰং ই এই নিশ্চয়তা দিয়ে যে আমাৰ স্বৰ্গীয় পিতৃয়ে তেওঁৰ জ্ঞান অনুসৰি নিজৰ সন্তানসকলৰ প্ৰকৃত প্ৰয়োজন পূৰণ কৰে (মথি ৬:৩১–৩৩; ফিলিপীয়া ৪:১৯)। কেতিয়াবা তেওঁ পৰিস্থিতি সলনি কৰে; আন সময়ত সেই পৰিস্থিতি সহিবলৈ আমাক অনুগ্ৰহ দিয়ে। দুয়ো ক্ষেত্ৰতে তেওঁৰ বিশ্বস্ততা কেতিয়াও বিফল নহয়।
হয়তো আজি আপোনাৰ নিজৰ ভৰালো খালী যেন লাগিছে। আপোনাৰ সম্পদ অতি কম, সুযোগ সীমিত, বা ভবিষ্যৎ অনিশ্চিত। কিন্তু আপোনাৰ সেই “পাঁচখন ৰুটি আৰু দুটা মাছ” প্ৰভু যীচুৰ ওচৰলৈ আনক। আপোনাৰ যি সামান্য আছে তাকেই তেওঁক সমৰ্পণ কৰক, আৰু যি আপুনি কৰিব নোৱাৰে, সেয়া তেওঁ কৰিব বুলি বিশ্বাস কৰক। বহু সময়ত আমাৰ ক্ষমতাৰ সীমা শেষ হোৱা ঠাইৰ পৰাই ঈশ্বৰে তেওঁৰ মহান কাৰ্য আৰম্ভ কৰে।
যীচুৰ দৰে, অলৌকিক কাৰ্য দেখা দিয়াৰ আগতেই পিতৃক ধন্যবাদ দিবলৈ আমি শিকোঁ হওক, কাৰণ আমি জানো তেওঁ কোন, যে তেওঁ আমাৰ বিশ্বাখযুগ্য পিতৃ। তেওঁৰ ব্যৱস্থা হয়তো সদায় আমি আশা কৰা ধৰণে নাহিব পাৰে, কিন্তু যিসকলে তেওঁৰ ওপৰত বিশ্বাস কৰে, তেওঁলোকৰ মঙ্গলৰ বাবে তেওঁৰ উত্তম উদ্দেশ্য পূৰণ হোৱাকৈ নিশ্চয় আহিব (গীতমালা ৩৪:১০; যাকোব ১:১৭)।
প্ৰাৰ্থনা: হে স্বৰ্গীয় পিতৃ, আপোনাৰ অবিচল প্ৰেম আৰু বিশ্বস্ততাৰ বাবে আপোনাক ধন্যবাদ। যেতিয়া মই মোৰ অভাৱৰ ওপৰত বেছি মন দিওঁ আৰু আপোনাৰ ওপৰত কম ভৰসা কৰোঁ, মোক ক্ষমা কৰিব। মোৰ সম্পদ কম যেন লাগিলেও আপোনাৰ ওপৰত বিশ্বাস কৰিবলৈ আৰু উত্তৰ দেখাৰ আগতেই আপোনাক ধন্যবাদ দিবলৈ মোক শিকাওক। মোক সদায় সোঁৱৰাই দিয়ক যে আপুনি ইতিমধ্যে যীচু খ্ৰীষ্টৰ যোগেদি আপোনাৰ আটাইতকৈ মহান উপহাৰ মোক দিছা; সেইবাবে মই নিশ্চিন্ত মনে মোৰ সকলো প্ৰয়োজন আপোনাৰ হাতত সমৰ্পণ কৰিব পাৰোঁ। প্ৰতিদিনে আপোনাৰ জ্ঞান আৰু সিদ্ধ ব্যৱস্থাৰ ওপৰত নিৰ্ভৰ কৰিবলৈ মোৰ বিশ্বাস শক্তিশালী কৰক। প্ৰভু যীচুৰ নামত, আমেন।

Comments
Post a Comment