ঈশ্বৰৰ কোমল মাতে শান্তি আনে - ১২ আগষ্ট, ২০২৬
ঈশ্বৰৰ কোমল মাতে শান্তি আনে - ১২ আগষ্ট, ২০২৬
“পাছে তেওঁ কলে, তুমি বাহিৰ ওলাই আহি যিহোৱাৰ সন্মুখত পৰ্ব্বটোত থিয় হোৱা। তাৰ পাছে, চোৱা, সেই ঠায়েদি যিহোৱাই গমন কৰিলে; তাতে যিহোৱাৰ আগে আগে অতিশয় প্রচণ্ড বায়ুৱে পৰ্ব্বত্বোৰ ফালিলে, আৰু শিলবোৰ ভাঙি পেলালে; কিন্তু সেই বায়ুত যিহোৱা নাছিল। বায়ুৰ পাছত ভূমিকম্প হল কিন্তু, সেই ভূমিকম্পতো যিহোৱা নাছিল। ভূমিকম্পৰ পাছত অগ্নি হল, কিন্তু সেই অগ্নিতো যিহোৱা নাছিল। অগ্নিৰ পাছত এটি সৰু মৃদু স্বৰ হল। তাক এলিয়াই শুনামাত্রে চাদৰেৰে মুখ ঢাকি বাহিৰলৈ আহি গুহাৰ মুখত থিয় হল। তাতে তেওঁলৈ এই বাণী হল, হে এলিয়া তুমি ইয়াত কি কৰিছা?”- ১ ৰাজাৱলি ১৯:১১–১৩
এগৰাকী মৰমিয়াল মাতৃয়ে প্ৰায়ে ভয় খোৱা সন্তানক কোমল স্বৰত কয়, “একো নহয়...ভয় নকৰিবা।” তেওঁ সন্তানক বুকুত সাবটি লয়, আৰু তেওঁৰ শান্ত স্বৰে ভয়ত কঁপি থকা হৃদয়খন শান্ত কৰি তোলে। আমি যিমানেই ডাঙৰ নহওঁক কিয়, জীৱনত এনে সময় আহে যেতিয়া আমিও এনে আশ্বাসৰ বাবে হাহাকাৰ কৰোঁ। এই পৃথিৱীৰ কোলাহল, জীৱনৰ চাপ আৰু অন্তৰৰ ভয়বোৰে কেতিয়াবা আমাক সম্পূৰ্ণৰূপে আৱৰি ধৰে। তেনে সময়ত আমাক কেৱল মানুহৰ পৰামৰ্শ নহয়, বৰঞ্চ ঈশ্বৰৰ সেই কোমল স্বৰটো শুনাৰ প্ৰয়োজন হয়, যিয়ে কয়, “ভয় নকৰিবা...মই তোমাৰ লগত আছোঁ।”
ভাববাদী এলিয়াৰ ঠিক এই আশ্বাসটোৰেই প্ৰয়োজন হৈছিল। মাত্ৰ কেইদিনমান আগতে তেওঁ ইস্ৰায়েলৰ ইতিহাসৰ এক মহান বিজয়ৰ সাক্ষী হৈছিল, যেতিয়া কৰ্মেল পৰ্বতৰ ওপৰত ঈশ্বৰে জুইৰে উত্তৰ দিছিল (১ ৰাজাৱলি ১৮:৩৬–৩৯)। কিন্তু তাৰ পাছতেই ৰাণী যিজেবেলে তেওঁক হত্যা কৰাৰ ভাবুকি দিলে (১ ৰাজাৱলি ১৯:১–২)। ভয়ে তেওঁৰ বিশ্বাসক আৱৰি ধৰিলে। তেওঁ মৰুভূমিলৈ পলাই গ’ল, এই ভাবি যে তেওঁৰ পৰিচৰ্যা ব্যৰ্থ হ'ল আৰু সমগ্ৰ ইস্ৰায়েলত কেৱল তেওঁহে ঈশ্বৰৰ প্ৰতি বিশ্বস্ত হৈ আছে (১ ৰাজাৱলি ১৯:১০)। শাৰীৰিক, মানসিক আৰু আত্মিকভাৱে ক্লান্ত এলিয়া হতাশা আৰু সন্দেহত ডুব গৈ এটা গুহাত আশ্ৰয় ল’লে।
কিন্তু কিমান মৰমেৰে প্ৰভুৱে তেওঁৰ এই ক্লান্ত দাসজনৰ যত্ন ললে! প্ৰথমে ঈশ্বৰে আহাৰ আৰু বিশ্ৰাম দি এলিয়াক শাৰীৰিকভাৱে শক্তিশালী কৰিলে (১ ৰাজাৱলি ১৯:৫–৮)। তাৰ পাছত তেওঁক পৰ্বতৰ ওপৰত থিয় হ’বলৈ মাতিলে। এটা প্ৰচণ্ড বতাহে পৰ্বত কঁপাই তুলিলে। তাৰ পাছত ভূমিকম্প হ’ল। তাৰ পাছত জুই জ্বলিল। কিন্তু ঈশ্বৰে এই নাটকীয় ঘটনাবোৰৰ মাজেৰে নিজকে প্ৰকাশ কৰা নাছিল। অৱশেষত, বতাহ, ভূমিকম্প আৰু জুইৰ পিছত এটা কোমল মৃদু স্বৰ আহিল। সেই নিস্তব্ধ স্বৰতে ঈশ্বৰে এলিয়াক তেওঁ যি অৱস্থাত আছিল, সেই অৱস্থাতেই সাক্ষাৎ কৰিলে। প্ৰভুৱে নিজৰ হতাশ ভাববাদীজনক তিৰস্কাৰেৰে ভাঙি পেলোৱা নাছিল; বৰঞ্চ নিজৰ কোমল উপস্থিতি আৰু জীৱনদান কৰা বাক্যৰ দ্বাৰা তেওঁক পুনৰ স্থাপন কৰিলে।
আজিও প্ৰভুৱে একেই ধৰণে কাম কৰে। আমি বহু সময়ত আশা কৰোঁ যে ঈশ্বৰে আমাৰ ভয়ৰ উত্তৰ কোনো মহৎ অলৌকিক কাৰ্য বা নাটকীয় চিনৰ দ্বাৰা দিব। কিন্তু অধিকাংশ সময়তে তেওঁ নিজৰ লিখিত বাক্যৰ শান্ত শক্তিৰে নিজৰ সন্তানসকলক সান্ত্বনা দিয়ে। আমি যেতিয়া পবিত্ৰ শাস্ত্ৰ পঢ়োঁ, তেতিয়া পবিত্ৰ আত্মাই আমাৰ হৃদয়ত কথা কয়, ভয়ৰ ঠাইত শান্তি, সন্দেহৰ ঠাইত বিশ্বাস, আৰু হতাশাৰ ঠাইত আশা আনে (ৰোমীয়া ১৫:৪)।
হয়তো আপোনাৰ জীৱনতো এলিয়াৰ দৰে সময় আহিছে। হয়তো আপুনি নিজৰ বিশ্বাসত অকলশৰীয়া অনুভৱ কৰিছে। হয়তো বহুদিন ধৰি প্ৰাৰ্থনা কৰিছে, কিন্তু স্বৰ্গ নীৰৱ যেন অনুভৱ হৈছে। হয়তো হতাশাই আপোনাক কৈছে যে আপোনাৰ সকলো পৰিশ্ৰম ব্যৰ্থ। অথবা পৰিয়াল, স্বাস্থ্য বা ভৱিষ্যৎৰ চিন্তাই আপোনাৰ হৃদয় প্ৰশ্নৰে ভৰাই তুলিছে। আমি জনা উচিত যে বিশ্বস্ত বিশ্বাসীসকলৰ জীৱনতো দুৰ্বলতাৰ ঋতু আহে। সন্দেহ অস্বাভাৱিক নহয়, কিন্তু সেই সন্দেহে আমাক আমাৰ সজ-ৰখীয়াৰ স্বৰৰ ওচৰলৈ লৈ যাব লাগে, তেওঁৰ পৰা আঁতৰাই নিব নালাগে।
খ্ৰীষ্টৰ সেই কোমল স্বৰ শুনিবলৈ তেওঁৰ বাক্যত মনোযোগ দিওঁ হওক। যেতিয়া আপুনি নিজকে পৰিত্যক্ত অনুভৱ কৰে, তেওঁ কয়, “মই তোমাক কেতিয়াও নেৰিম, কেতিয়াও পৰিত্যাগ নকৰিম” (ইব্ৰী ১৩:৫)। যেতিয়া আপোনাৰ হৃদয় অশান্ত হয়, তেওঁ কয়, “মই তোমালোকলৈ শান্তি এৰি যাওঁ; মোৰ শান্তি মই তোমালোকক দিওঁ… তোমালোকৰ হৃদয় ব্যাকুল নহওক আৰু ভয়াতুৰো নহওঁক” (যোহন ১৪:২৭)। যেতিয়া অপৰাধবোধে আপোনাৰ আত্মাক চেপি ধৰে, তেওঁ মনত পেলাই দিয়ে যে “যীচুৰ তেজে আমাক সকলো পাপৰ পৰা শুচি কৰে” (১ যোহন ১:৭)। যেতিয়া আপুনি ভৱিষ্যৎক লৈ ভয় কৰে, তেওঁ আশ্বাস দিয়ে, “ভয় নকৰিবা, কিয়নো মই তোমাৰ লগত আছোঁ…মই তোমাক শক্তি দিম, তোমাক সহায়ো দিম, আনে কি মোৰ ধাৰ্মিকতাৰূপ সোঁ হাতেৰে তোমাক ধৰি ৰাখিম” (যিচয়া ৪১:১০)।
ঈশ্বৰৰ সেই কোমল স্বৰ কেতিয়াও শূন্য আশ্বাস নহয়। তেওঁ কৰা প্ৰতিটো প্ৰতিজ্ঞাই নিশ্চিত, কাৰণ তেওঁ বিশ্বস্ত আৰু তেওঁ কেতিয়াও মিছা নকয় (গণনা ২৩:১৯)। তেওঁৰ কোমল স্বৰে কেৱল আমাৰ অনুভূতিবোৰক শান্ত কৰাই নহয়; ই আমাৰ বিশ্বাসকো দৃঢ় কৰে, আমাৰ আশাকো নতুন কৰে, আৰু আমাক সোঁৱৰাই দিয়ে যে জীৱনৰ প্ৰতিটো পৰিস্থিতিৰ ওপৰত এতিয়াও তেওঁহে সাৰ্বভৌম।
যেতিয়া সন্দেহে আপোনাৰ মনত ঠাই ল’বলৈ আৰম্ভ কৰে, তেতিয়া ভয়, হতাশা বা নিৰাশাৰ উচ্চ স্বৰবোৰ নুশুনিব। তাৰ পৰিৱৰ্তে ঈশ্বৰৰ বাক্য মেলি, আপোনাৰ স্বৰ্গীয় পিতৃৰ কোমল স্বৰ শুনক। যিজন সজ-ৰখীয়াই এলিয়াৰ হৃদয়ত শান্তি কঢ়িয়াই আনিছিল, তেওঁ আজিও নিজৰ সন্তানসকলৰ হৃদয়ত একেই শান্তি দিয়ে। তেওঁৰ সেই কোমল স্বৰেই প্ৰতিটো ভয়াক্ৰান্ত হৃদয়ক শান্ত কৰিবলৈ যথেষ্ট।
প্ৰাৰ্থনা: হে প্ৰভু, যেতিয়া ভয়, হতাশা আৰু সন্দেহে মোৰ হৃদয় ভৰাই তোলে, তেতিয়া সকলো আন স্বৰৰ ওপৰত আপোনাৰ কোমল স্বৰ শুনিবলৈ মোক সহায় কৰক। আপোনাৰ বাক্যৰ দ্বাৰা মোৰ উদ্বিগ্ন মনক শান্ত কৰক, আপোনাৰ প্ৰতিজ্ঞাবোৰৰ দ্বাৰা মোৰ বিশ্বাস শক্তিশালী কৰক, আৰু মোক সদায় মনত পেলাই দিয়ক যে আপুনি সদায় মোৰ লগত আছে। মোৰ ত্ৰাণকৰ্তা আৰু মেৰপালক যীচু খ্ৰীষ্টৰ দ্বাৰা শান্তি দান কৰাৰ বাবে আপোনাক ধন্যবাদ। বিশ্বাস দৰ্শনত পৰিণত নোহোৱালৈকে প্ৰতিদিন আপোনাৰ ওপৰত ভৰসা কৰি চলিবলৈ মোক সহায় কৰক। প্ৰভু যীচুৰ নামত, আমেন।

Comments
Post a Comment