কিয় সন্দেহ কৰা? - ১৩ আগষ্ট, ২০২৬

কিয় সন্দেহ কৰা? - ১৩ আগষ্ট, ২০২৬

"তাতে তেওঁ আহাঁ বুলি কলত, পিতৰে নাৱৰ পৰা নামি পানীৰ ওপৰত খোজ কাঢ়ি, যীচুৰ ওচৰলৈ গল। কিন্তু বতাহ দেখি, ভয় কবি ডুবিবলৈ ধৰাত, তেওঁ চিঞৰ মাৰি কলে, হে প্রভু, মোক ৰক্ষা কৰক।’' - মথি ১৪:২৯-৩৩

আপুনি কেতিয়াবা জীৱনৰ কোনো বিষয় লৈ, যেনে: স্বাস্থ্যৰ সমস্যা, আৰ্থিক কষ্ট, পাৰিবাৰিক অসুবিধা বা ভৱিষ্যতৰ অনিশ্চয়তাক লৈ, চিন্তিত হৈ ভাবিছেনে যে, “এই সকলো ঠিক হ’ব নে?”। কিন্তু ঈশ্বৰে যেতিয়া আপোনাক সেই পৰিস্থিতিৰ মাজেৰে পাৰ কৰিলে, আপুনি ঘূৰি চাই হয়তো মনতে প্ৰশ্ন কৰিলে, “মই কিয় নো সন্দেহ কৰিছিলোঁ?” ইয়াৰ উত্তৰ সহজ: সেই সময়ত আপুনি ইয়াৰ ফলাফল কি হ’ব, সেয়া নাজানিছিল। ঈশ্বৰে আঁৰৰ পৰা কি কৰি আছিল, সেয়া আপুনি দেখা নাছিল। আমাৰ সীমিত দৃষ্টিভংগীয়ে বহু সময়ত ভয় সৃষ্টি কৰে, কিন্তু ঈশ্বৰৰ জ্ঞান কেতিয়াও ব্যৰ্থ নহয় (যিচয়া ৫৫:৮-৯)।

পিতৰক পানীৰ পৰা উদ্ধাৰ কৰাৰ পাছত যীচুৱে তেওঁক এটা গভীৰ প্ৰশ্ন সুধিলে, “তুমি কিয় সন্দেহ কৰিলা?” আৰম্ভণিতে পিতৰে বিশ্বাসেৰে আগবাঢ়িছিল। তেওঁ যীচুৰ ওপৰত দৃষ্টি ৰাখি নাৱৰ পৰা নামি পানীৰ ওপৰত খোজ কাঢ়িছিল। কিন্তু যেতিয়া তেওঁৰ দৃষ্টি যীচুৰ পৰা আঁতৰি বতাহ আৰু ঢৌৰ ওপৰত পৰিল, তেতিয়া বিশ্বাসৰ ঠাইত ভয়ে স্থান ল’লে। ধুমুহা সলনি হোৱা নাছিল; সলনি হৈছিল কেৱল পিতৰৰ দৃষ্টি। আমাৰ জীৱনতো ঠিক তেনেকুৱাই হয়। যেতিয়া আমি খ্ৰীষ্টৰ ওপৰত দৃষ্টি নাৰাখি নিজৰ শক্তি আৰু জীৱনৰ সমস্যাবোৰৰ ফালে চাবলৈ আৰম্ভ কৰোঁ, তেতিয়া সন্দেহে আমাৰ হৃদয় ভৰাই তোলে। তেতিয়া এনে অনুভৱ হয় যেন আমি জীৱনৰ ঢৌত ডুবি গৈছোঁ (ইব্ৰী ১২:২)।

কিন্তু পিতৰৰ ব্যৰ্থতাৰ মাজতো আমি যীচুৰ আশ্চৰ্য অনুগ্ৰহ দেখিবলৈ পাওঁ। পিতৰে চিঞৰি ক’লে, “হে প্ৰভু, মোক ৰক্ষা কৰক!” আৰু তেতিয়াই যীচুৱে হাত মেলি তেওঁক ধৰি তুলিলে। পিতৰৰ বিশ্বাস দুৰ্বল হৈছিল বুলি যীচুৱে তেওঁক এৰি দিয়া নাছিল। তাৰ পৰিৱৰ্তে তেওঁ উদ্ধাৰ কৰিলে আৰু মৰমেৰে শুধৰাই দিলে। এই কথাই প্ৰতিজন বিশ্বাসীক গভীৰ সান্ত্বনা দিয়ে। আমি যেতিয়াই ভয় বা সন্দেহত খোজ হোঁচট খাওঁ, যীচু তথাপিও বিশ্বাসযোগ্য হৈ থাকে। তেওঁ নিজৰ সন্তানৰ আৰ্তনাদ শুনে আৰু যিসকলে তেওঁৰ আগত প্ৰাৰ্থনা কৰে, তেওঁলোকক সদায় সহায় কৰে (গীতমালা ১৪৫:১৮-১৯; ৰোমীয়া ১০:১৩)।

জীৱনৰ সমস্যাৰ ওপৰি আমাৰ আটাইতকৈ ডাঙৰ সমস্যাটো হ'ল পাপ। নিজৰ শক্তিৰে আমি ঈশ্বৰৰ ন্যায়বিচাৰৰ পৰা নিজকে কেতিয়াও ৰক্ষা কৰিব নোৱাৰোঁ। কিন্তু যীচু এই জগতলৈ আহিছিল পাপীসকলক নিজৰ মৃত্যু আৰু পুনৰুত্থানৰ দ্বাৰা উদ্ধাৰ কৰিবলৈ (ৰোমীয়া ৫:৮; ১ পিতৰ ৩:১৮)। তেওঁ আমাক পাপৰ শাস্তিৰ পৰা ৰক্ষা কৰিছে আৰু আজিও তেওঁৰ অনুগ্ৰহেৰে আমাক ধৰি ৰাখিছে। যিজন ত্ৰাণকৰ্তাই সাগৰ শান্ত কৰিছিল, তেওঁ আজিও তেওঁৰ লোকসকলৰ অশান্ত হৃদয় শান্ত কৰে।

তদুপৰি, পিতৰক উদ্ধাৰ কৰাৰ পাছত যীচু তেওঁৰ লগতেই নাৱত উঠিছিল। তেওঁ পিতৰক পুনৰ ঢৌৰ মাজত অকলে এৰি দিয়া নাছিল। ঠিক তেনেদৰে, খ্ৰীষ্টই নিজৰ লোকসকলক কেতিয়াও এৰি নিদিয়ে। তেওঁ প্ৰতিজ্ঞা কৰিছে, “মই তোমাক কেতিয়াও নেৰিম, কেতিয়াও ত্যাগ নকৰিম” (ইব্ৰী ১৩:৫)। তেওঁৰ উপস্থিতিয়ে জীৱনৰ ধুমুহাৰ মাজতো শান্তি দিয়ে। তেওঁৰ প্ৰেম, তেওঁৰ প্ৰতিজ্ঞা আৰু তেওঁৰ পবিত্ৰ আত্মাৰ শক্তিয়ে আমাক ধৰি ৰাখে।

সেয়ে, সন্দেহত জীৱন কটোৱাৰ কোনো প্ৰয়োজন নাই। যদিও আমি যীচুক শাৰীৰিকভাৱে দেখা নাপাওঁ, তথাপিও বিশ্বাসেৰে জানো যে তেওঁ আমাৰ লগত আছে। তেওঁ আজিও তেওঁৰ লোকসকলৰ জীৱনৰ সকলো ধুমুহা শান্ত কৰে। তেওঁ আমাক সোঁৱৰাই দিয়ে যে “ঈশ্বৰক প্ৰেম কৰা সকলৰ পক্ষে সকলোৱেই মঙ্গলৰ অৰ্থে একেলগে কাৰ্য্য কৰিছে” (ৰোমীয়া ৮:২৮)। এদিন সকলো ধুমুহা চিৰদিনৰ বাবে শেষ হ’ব, আৰু আমি তেওঁৰ উপস্থিতিত নিৰাপদে থাকিম। সেইদিনলৈকে তেওঁ আমাক বিশ্বাস দিয়ে, অনুগ্ৰহেৰে ধৰি ৰাখে আৰু অনন্ত জীৱনৰ আশা প্ৰদান কৰে।

প্ৰাৰ্থনা: হে প্ৰভু যীচু, যেতিয়াই মই বিশ্বাসৰ ঠাইত ভয় আৰু সন্দেহক স্থান দিওঁ, মোক ক্ষমা কৰক। জীৱনৰ ধুমুহাবোৰলৈ নহয়, আপোনাৰ ওপৰত মোৰ দৃষ্টি স্থিৰ কৰি ৰাখিবলৈ মোক সহায় কৰক। মোক পাপৰ পৰা উদ্ধাৰ কৰাৰ বাবে, আপোনাৰ অনুগ্ৰহেৰে প্ৰতিদিনে ধৰি ৰখাৰ বাবে, আৰু কেতিয়াও মোক এৰি নিদিয়াৰ বাবে আপোনাক ধন্যবাদ। মোৰ বিশ্বাস শক্তিশালী কৰক, মোৰ উদ্বিগ্ন হৃদয় শান্ত কৰক, আৰু আপোনাৰ প্ৰতিজ্ঞাবোৰত প্ৰতিদিনে ভৰসা কৰিবলৈ মোক শিকাওক, যেতিয়ালৈকে মই আপোনাক মুখামুখি দেখা নাপাওঁ। যীচুৰ নামত প্ৰাৰ্থনা কৰিলোঁ। আমেন।

Comments