আমাৰ দুৰ্বলতাত শক্তি প্ৰকাশ পায় - ১৭ আগষ্ট, ২০২৬


 আমাৰ দুৰ্বলতাত শক্তি প্ৰকাশ পায় - ১৭ আগষ্ট, ২০২৬

“আৰু সেই প্রকাশিত বিষয়ৰ অনুপমতাত মই যেন অতিশয় দর্প নকৰোঁ, এই নিমিত্তে শৰীৰত এটা কাঁইট, অর্থাৎ, মই অতিশয় দর্প নকৰিবলৈ, মোক ভুকুৱাবলৈ চয়তানৰ এক দূত দিয়া হল। সি মোৰ পৰা যেন দূৰ হয়, এই নিমিত্তে প্ৰভুৰ আগত তাৰ বিষয়ে মই তিনিবাৰ নিবেদন কৰিলোঁ। তাতে তেওঁ মোক কলে, মোৰ যি অনুগ্রহ, সেয়ে তোমালৈ জুৰিব; কিয়নো দুৰ্ব্বলতাত মোৰ শক্তি সিদ্ধ হয়। এতেকে খ্রীষ্টৰ শক্তি যেন মোত বাস কৰে, তাৰ নিমিত্তে বৰং মই মহা-আনন্দেৰে মোৰ নানা দুর্ব্বলতাত শ্লাঘাতে কৰিম। এই হেতুকে খ্ৰীষ্টৰ নিমিত্তে মই দুর্ব্বলতা, অপমান, দৰিদ্রতা, তাড়না, সংকট, এইবোৰত সন্তুষ্ট হওঁ; কিয়নো যেতিয়া মই দুৰ্বল, তেতিয়াই বলৱান।” — ২ কৰিন্থীয়া ১২:৭–১০

“ইমান দুৰ্বল!”— এই কথাষাৰ সাধাৰণতে প্ৰশংসা হিচাপে কোৱা নহয়। পৃথিৱীয়ে দুৰ্বলতাক ব্যৰ্থতা, অক্ষমতা বা পৰাজয়ৰ প্ৰতীক হিচাপে দেখে। আমি সাধাৰণতে শক্তিশালী, সক্ষম আৰু আত্মনিৰ্ভৰশীল মানুহক সন্মান কৰোঁ। কিন্তু ঈশ্বৰৰ ৰাজ্যৰ দৃষ্টিভংগী সম্পূৰ্ণ ভিন্ন। পৃথিৱীয়ে যিটোক তুচ্ছজ্ঞান কৰে, ঈশ্বৰে বহু সময়ত সেইটোৱেই নিজৰ মহিমা প্ৰকাশ কৰিবলৈ ব্যৱহাৰ কৰে (১ কৰিন্থীয়া ১:২৭–২৯)।

অৱশ্যে, বাইবেলে আত্মিক দুৰ্বলতাক কেতিয়াও প্ৰশংসা নকৰে। ঈশ্বৰৰ ইচ্ছা পালন কৰাত অক্ষম হৈ পাপত পৰি যোৱাটো এক বিপজ্জনক দুৰ্বলতা। যীচুৱে শিষ্যসকলক কৈছিল, “আত্মা ইচ্ছুক, কিন্তু শৰীৰ দুৰ্বল।” (মথি ২৬:৪১) যদি আমাৰ দুৰ্বলতাই আমাক ঘৃণা, কামনা, অসত্য, চুৰি, পৰনিন্দা, তিক্ততা বা আন কোনো পাপলৈ লৈ যায়, তেন্তে সেই দুৰ্বলতাৰ পৰা আমি অনুতাপ কৰিব লাগিব। পবিত্ৰ আত্মাৰ শক্তিত আমি পাপৰ বিৰুদ্ধে যুদ্ধ কৰিবলৈ আমাক আহ্বান কৰা হৈছে (গালাতীয়া ৫:১৬)।

কিন্তু আজিৰ শাস্ত্ৰাংশত পৌলে এক বেলেগ ধৰণৰ দুৰ্বলতাৰ কথা কৈছে। তেওঁ “শৰীৰৰ এটা কাঁইট”ৰ কথা উল্লেখ কৰিছে, এনে এক কষ্ট বা দুখ, যিটো ঈশ্বৰে তেওঁৰ জীৱনত থাকিবলৈ অনুমতি দিছিল। সেই কাঁইট কি আছিল, বাইবেলে স্পষ্টকৈ কোৱা নাই। সেয়া হয়তো শাৰীৰিক ৰোগ, নিৰন্তৰ যন্ত্ৰণা, অত্যাচাৰ বা অন্য কোনো সীমাবদ্ধতা আছিল। কিন্তু যিয়েই নহওক, সেই কষ্ট ইমানেই গভীৰ আছিল যে পৌলে তিনিবাৰকৈ প্ৰভুক সেইটো আঁতৰাবলৈ প্ৰাৰ্থনা কৰিছিল।

কিন্তু ঈশ্বৰৰ উত্তৰ আছিল আচৰিত: “মোৰ যি অনুগ্রহ, সেয়ে তোমালৈ জুৰিব; কিয়নো দুৰ্ব্বলতাত মোৰ শক্তি সিদ্ধ হয়।” ঈশ্বৰে কাঁইটটো আঁতৰাই নিদি; তাৰ পৰিৱৰ্তে তেওঁ পৌলক ইয়াতকৈও ডাঙৰ আশ্বাস দিলে - তেওঁৰ প্ৰতিপালনকাৰি অনুগ্ৰহ। যেতিয়া পৌলৰ নিজৰ শক্তি শেষ হৈ যাব, তেতিয়াই ঈশ্বৰৰ শক্তি আটাইতকৈ স্পষ্টভাৱে প্ৰকাশ পাব।

এই কথাটো আমি যদি অলপ ভাবি চাও - যেতিয়া সকলো ভালদৰে চলি থাকে, তেতিয়া আমি সহজেই নিজৰ শক্তি, জ্ঞান, সামৰ্থ্য আৰু পৰিকল্পনাৰ ওপৰত নিৰ্ভৰ কৰিবলৈ আৰম্ভ কৰোঁ। কিন্তু দুৰ্বলতাই আমাৰ আত্মবিশ্বাস ভাঙি দিয়ে আৰু ঈশ্বৰৰ ওপৰত সম্পূৰ্ণ নিৰ্ভৰ কৰিবলৈ শিকায়। ই আমাক বুজায় যে খ্ৰীষ্ট কেৱল আমাৰ জীৱনৰ এটা অংশ নহয়; তেওঁ আমাৰ শক্তিৰ একমাত্ৰ উৎস (যোহন ১৫:৫)।

পৌলে শেষত এই সত্য উপলব্ধি কৰিলে। তেওঁ নিজৰ দুৰ্বলতাৰ বিষয়ে অভিযোগ কৰা এৰি; সেই দুৰ্বলতাতেই আনন্দ কৰিবলৈ শিকিলে, কিয়নো সেই দুৰ্বলতাৰ যোগেদিয়েই ঈশ্বৰৰ শক্তি স্পষ্টভাৱে প্ৰকাশ পাইছিল। তেওঁৰ সকলো সেৱা, সকলো সহনশীলতা, সকলো বিজয়, তেওঁৰ নিজৰ শক্তিৰ ফল নহয়, বৰঞ্চ ঈশ্বৰৰ শক্তিৰ ফল আছিল। যিচয়া ভাববাদীয়ে কৈছে, “তেওঁ ক্লান্ত লোকক শক্তি দিয়ে আৰু দুৰ্বলজনৰ বল বৃদ্ধি কৰে।” (যিচয়া ৪০:২৯)

আজিও আমাৰ জীৱনতো একেই সত্য প্ৰযোজ্য। ঈশ্বৰে হয়তো সদায় আমাৰ দুখ-কষ্ট, ৰোগ, হতাশা বা উত্তৰ নোপোৱা প্ৰাৰ্থনা আঁতৰাই নিদিব পাৰে। বহু সময়ত তেওঁ সেইবোৰ আঁতৰোৱাৰ সলনি সেইবোৰৰ মাজতেই আমাক ধৰি ৰাখে। তেতিয়াই তেওঁৰ অনুগ্ৰহ যথেষ্ট বুলি আমি অনুভৱ কৰোঁ। আমাৰ দুৰ্বলতাই তেওঁৰ বিশ্বস্ততা, সান্ত্বনা আৰু শক্তিক অধিক গভীৰভাৱে অনুভৱ কৰাৰ এক সুযোগ হৈ পৰে।

যদি আপুনি আজি কোনো বোজা বা কষ্ট কঢ়িয়াই আছে, তেন্তে তাৰ অৰ্থ এইটো নহয় যে ঈশ্বৰে আপোনাক এৰি দিছে। হয়তো আপোনাৰ সেই দুৰ্বলতাই হৈছে সেই ঠাই, য’ত তেওঁৰ শক্তি আটাইতকৈ স্পষ্টভাৱে প্ৰকাশ পাব। সেয়েহে আমাৰ প্ৰাৰ্থনা কেৱল এইটো নহওঁক যে, “হে প্ৰভু, এই কষ্ট আঁতৰাই দিয়ক”; কিন্তু এইটোও হওক যে, “হে প্ৰভু, এই পৰিস্থিতিৰ মাজেদি আপোনাৰ মহিমা প্ৰকাশিত কৰক।” যেতিয়া আমি নিজৰ ওপৰত নিৰ্ভৰ কৰা এৰি সম্পূৰ্ণৰূপে খ্ৰীষ্টৰ ওপৰত নিৰ্ভৰ কৰিবলৈ শিকোঁ, তেতিয়া আমি খ্ৰীষ্টীয় জীৱনৰ এই গভীৰ সত্যটো উপলব্ধি কৰোঁ, “যেতিয়াই মই দুৰ্বল, তেতিয়াই মই বলোৱান।”

প্ৰাৰ্থনা: হে প্ৰভু ঈশ্বৰ, আপুনি জ্ঞানী, প্ৰেমময় আৰু সকলো বিষয়তে বিশ্বস্ত। মই স্বীকাৰ কৰোঁ যে বহু সময়ত আপোনাৰ ওপৰত নিৰ্ভৰ কৰাৰ সলনি আৰামদায়ক জীৱন বিচাৰোঁ। যদি আপোনাৰ ইচ্ছা হয়, মোক দুখ-কষ্ট আৰু যন্ত্ৰণাৰ পৰা ৰক্ষা কৰক। কিন্তু যেতিয়া আপুনি মোৰ জীৱনত পৰীক্ষা বা কষ্টৰ অনুমতি দিয়ে, তেতিয়া মোক যেন নিৰাশ নহ’বলৈ সহায় কৰে। আপোনাৰ যথেষ্ট অনুগ্ৰহৰ ওপৰত নিৰ্ভৰ কৰিবলৈ আৰু আপোনাৰ অশেষ শক্তিত বিশ্বাস কৰিবলৈ মোক শিকাওক। মোৰ দুৰ্বলতাৰ মাজেদি আপোনাৰ শক্তি প্ৰকাশ হওক, যাতে সকলো মহিমা কেৱল খ্ৰীষ্টই লাভ কৰে। যীচুৰ নামত প্ৰাৰ্থনা কৰিলোঁ। আমেন।

Comments