ঈশ্বৰৰ ৰাজ্যলৈ স্বাগতম - ১৯ আগষ্ট, ২০২৬


ঈশ্বৰৰ ৰাজ্যলৈ স্বাগতম - ১৯ আগষ্ট, ২০২৬

"এতেকে তোমালোক এতিয়াৰ পৰা অতিথি আৰু প্ৰবাসী নোহোৱা; কিন্তু পবিত্ৰ লোকৰ সহবাসী, আৰু ঈশ্বৰৰ পৰীয়ালস্বৰূপ হৈছা।" — ইফিচীয়া ২:১৯

বহুতে জীৱনত কেতিয়াবা নিজকে outsider (বাজে মানুহ) বুলি অনুভৱ কৰি পাইছে। হয়তো আপুনি এনে এটা গৃহত প্ৰবেশ কৰিছিল, য’ত বাকী সকলোৱে হয়টো ইজনে সিজনক চিনি পাই, কিন্তু আপোনাক নহয়। হয়তো আপুনি নতুন ঠাইলৈ গুচি গৈছে, নতুন চাকৰি আৰম্ভ কৰিছে, বা কোনো অচিনাকি সমাৱেশত উপস্থিত হৈছে। অচিনাকি মানুহ হৈ থকাটো একাকীত্বৰ অনুভৱ আনে। আমি সকলোৱে এনে এখন ঠাই বিচাৰোঁ, য’ত আমাক গ্ৰহণ কৰা হয়, চিনি পোৱা হয় আৰু ভালপোৱা হয়।

পৌলে কৈছে যে খ্ৰীষ্টৰ বাহিৰে আমাৰ আত্মিক অৱস্থা এনেয়েই আছিল। আমি ‘অতিথি আৰু প্ৰবাসী’ আছিলোঁ। পাপৰ বাবে আমি ঈশ্বৰৰ পৰা পৃথক হৈ পৰিছিলোঁ (যিচয়া ৫৯:২)। তেওঁৰ ৰাজ্যত আমাৰ কোনো স্থান নাছিল। তেওঁৰ পৰিয়ালৰ সদস্য বুলি দাবী কৰাৰো কোনো অধিকাৰ নাছিল। পবিত্ৰ ঈশ্বৰ বহু দূৰত যেন লাগিছিল, আৰু তেওঁৰ ওচৰলৈ যোৱাৰ কোনো অধিকাৰ আমাৰ নাছিল। কোনো সৎকৰ্ম বা ধৰ্মীয় চেষ্টা পাপে সৃষ্টি কৰা ব্যৱধান দূৰ কৰিব নোৱাৰিছিল (ৰোমীয়া ৩:২৩)।

কিন্তু প্ৰভু যীচুৱে সকলো সলনি কৰি দিলে।

নিজৰ নিখুঁত জীৱন, বলিদানমূলক মৃত্যু আৰু বিজয়ী পুনৰুত্থানৰ যোগেদি যীচুৱে ঈশ্বৰ আৰু আমাৰ মাজত থকা বাধা আঁতৰাই দিলে (ইফিচীয়া ২:১৩–১৬)। তেওঁ ক্ৰুচত আমাৰ দোষ নিজৰ ওপৰত ল’লে, ঈশ্বৰৰ ন্যায়বিচাৰ পূৰ্ণ কৰিলে আৰু আমাক পিতৃৰ সৈতে মিলন কৰালে (২ কৰিন্থীয়া ৫:১৮–১৯)। সেয়েহে পৌলে ঘোষণা কৰে: “তোমালোক এতিয়া আৰু বিদেশী বা পৰদেশী নহয়।”

মন কৰিব, ঈশ্বৰে আমাক কেৱল অতিথিৰ অনুমতি-পত্ৰ দিয়া নাই। তেওঁ আমাক দূৰত থিয় হৈ থাকিবলৈ কোৱা নাই। তেওঁ আমাক নিজৰ একেবাৰে ওচৰলৈ আনিছে। খ্ৰীষ্টত আমি মুকলি বাহুৰে আদৰণি পাইছোঁ আৰু এক গভীৰ ব্যক্তিগত সম্পৰ্কলৈ আমন্ত্ৰিত হৈছোঁ। যিজন ঈশ্বৰে বিশ্বব্ৰহ্মাণ্ড সৃষ্টি কৰিলে, তেওঁ দূৰত থাকিবলৈ ইচ্ছা নকৰে; তেওঁ আমাৰ পিতৃ হ’ব বিচাৰে।

প্ৰথমে পৌলে কৈছে যে আমি ‘পবিত্ৰ লোকৰ সহবাসী।’ আমি ঈশ্বৰৰ ৰাজ্যৰ অন্তৰ্গত। আমাৰ এখন স্থান আছে, এটা নতুন পৰিচয় আছে, আৰু এনে এক উত্তৰাধিকাৰ আছে যি কেতিয়াও নষ্ট নহ’ব (১ পিতৰ ১:৩–৪)। এতিয়া আমাৰ অতীত বা বিফলতাই আমাক সংজ্ঞায়িত নকৰে; খ্ৰীষ্টত পোৱা নতুন পৰিচয়েই আমাক সংজ্ঞায়িত কৰে। পৌলে তাৰ পাছত  কৈছে যে, আমি ‘ঈশ্বৰৰ পৰিয়ালস্বৰূপ' হৈছোঁ।

ঈশ্বৰে আমাক উদ্ধাৰ কৰি দূৰত ৰাখিব পাৰিলেহেঁতেন। কিন্তু তেওঁ আমাক নিজৰ পৰিয়াললৈ আদৰি আনিলে। তেওঁ আমাক নিজৰ সন্তান হিচাপে দত্তক ল’লে (ৰোমীয়া ৮:১৫–১৭; গালাতীয়া ৪:৪–৭)। আমি তেওঁৰ অনুমোদন লাভ কৰিবলৈ চেষ্টা কৰা দাস নহয়; আমি ইতিমধ্যে তেওঁৰ প্ৰেম লাভ কৰা পুত্ৰ-কন্যা।

পৰিয়াল মানে কি, এবাৰ যদি চিন্তা কৰি চাওঁ, তেন্তে পৰিয়ালৰ সদস্যসকলে একেলগে দৈনন্দিন জীৱন অতিবাহিত কৰে। তেওঁলোকে পিতৃৰ সুৰক্ষা, যোগান, শাসন আৰু প্ৰেম উপভোগ কৰে। তেওঁলোকৰ পিতৃৰ ওচৰলৈ মুক্ত প্ৰৱেশাধিকাৰ থাকে। তেওঁলোকে তেওঁৰ মাত চিনি পায়, তেওঁত ভৰসা কৰে আৰু তেওঁৰ উপস্থিতিত নিৰাপত্তা লাভ কৰে। ঈশ্বৰে প্ৰতিজন বিশ্বাসীৰ সৈতে এনে সম্পৰ্ক বিচাৰে। খ্ৰীষ্টীয় জীৱন কেৱল নিয়ম পালন কৰা নহয়; ই হৈছে আমাৰ স্বৰ্গীয় পিতৃৰ সৈতে সহভাগিতাত জীৱন যাপন কৰা।

যেতিয়া জীৱনে আপোনাক একাকী, প্ৰত্যাখ্যাত বা পাহৰি যোৱা যেন অনুভৱ কৰায়, তেতিয়া মনত ৰাখিব: আপুনি ক’ত অন্তৰ্গত। যীচুৰ যোগেদি আপুনি ঈশ্বৰৰ ঘৰৰ বাহিৰত থিয় হৈ তেওঁ আপোনাক লক্ষ্য কৰিব বুলি অপেক্ষা কৰি থকা ব্যক্তি নহয়। দুৱাৰ মুকলি কৰা হৈছে, আপোনাক আদৰি লোৱা হৈছে (ইব্ৰী ১০:১৯–২২)। আপুনি ঈশ্বৰৰ নিজৰ পৰিয়ালৰ সদস্য। আপুনি গভীৰভাৱে প্ৰিয়, সম্পূৰ্ণৰূপে গ্ৰহণযোগ্য, আৰু চিৰদিনৰ বাবে তেওঁৰ উপস্থিতিত নিজৰ বাসস্থান পাইছে।

প্ৰাৰ্থনা: হে স্বৰ্গীয় পিতৃ, যীচু খ্ৰীষ্টৰ যোগেদি মোক নিজৰ ওচৰলৈ অনাৰ বাবে আপোনাক ধন্যবাদ। মই এতিয়া আৰু পৰদেশী নহয়, বৰং আপোনাৰ প্ৰিয় সন্তান, এই সত্যৰ বাবে ধন্যবাদ। প্ৰতিদিন আপোনাৰ ব্যক্তিগত প্ৰেম, আপোনাৰ উপস্থিতিৰ নিৰাপত্তা আৰু আপোনাৰ পৰিয়ালৰ সদস্য হোৱাৰ আনন্দত জীৱন যাপন কৰিবলৈ মোক সহায় কৰক। প্ৰভু যীচুৰ নামত, আমেন।

Comments