খ্ৰীষ্টৰ ওপৰত নিৰ্মিত - ২০ আগষ্ট, ২০২৬

খ্ৰীষ্টৰ ওপৰত নিৰ্মিত - ২০ আগষ্ট, ২০২৬

“আৰু খ্ৰীষ্ট যীচু স্বয়ং চুকৰ প্ৰধান শিলস্বৰূপে থকা, পাঁচনি আৰু ভাববাদিবিলকৰ ভিত্তিমূলত তোমালোকে গঁথা হৈছা।” — ইফিচীয়া ২:২০

যেতিয়া কোনো অট্টালিকাত ফাট মেলিবলৈ আৰম্ভ কৰে বা ই এফালে হেলনীয়া হয়, তেতিয়া মানুহে সাধাৰণতে তাৰ দৃশ্যমান সমস্যাবোৰৰ কাৰণ বিচাৰে। কিন্তু বহু সময়ত প্ৰকৃত সমস্যাটো ওপৰত নহয়, তলত লুকাই থাকে: ভিত্তিত। এটা সুন্দৰ গাঁঠনিও বেছি দিন স্থিৰ হৈ থাকিব নোৱাৰে যদি তাৰ ভিত্তি দুৰ্বল আৰু অস্থিৰ হয়।

পাঁচনি পৌলে এই উদাহৰণৰ যোগেদি যীচু খ্ৰীষ্টৰ মণ্ডলীৰ বিষয়ে বৰ্ণনা কৰিছে। বিশ্বাসীসকল কেৱল লোক সমূহৰ এটা সমাৱেশ নহয়; তেওঁলোক হৈছে ঈশ্বৰৰ আত্মিক গৃহ, য’ত ঈশ্বৰে নিজে বাস কৰে (ইফিচীয়া ২:২১-২২)। এই আত্মিক গৃহৰ এক শক্তিশালী আৰু অপৰিৱৰ্তনীয় ভিত্তি হৈছে: “পাঁচনি আৰু ভাববাদীসকলৰ ভিত্তি,” আৰু তাৰ প্ৰধান শিলস্বৰূপ হৈছে যীচু খ্ৰীষ্ট।

প্ৰথম অৱস্থাত, পৌলৰ মতে মণ্ডলী কিছুমান ব্যক্তিৰ ওপৰত হে নিৰ্মিত হোৱা বুলি লাগিব পাৰে। কিন্তু এই ভেটি সেই লোকসকলৰ ব্যক্তিত্ব, সাফল্য বা জ্ঞানৰ ওপৰত নিৰ্ভৰ নহয়। বৰং তেওঁলোকৰ যোগেদি ঈশ্বৰে প্ৰকাশ কৰা সত্যৰ ওপৰত হে  নিৰ্ভৰশীল। পুৰণি নিয়মৰ ভাববাদীসকলে ঈশ্বৰৰ প্ৰতিজ্ঞাবোৰ ঘোষণা কৰিছিল আৰু আহিবলগীয়া মচীহৰ বিষয়ে আগতীয়াকৈ কৈছিল। নতুন নিয়মৰ পাঁচনিসকলে সেই যীচু খ্ৰীষ্টৰ বিষয়ে ঘোষণা কৰিছিল: যিজন আহিল, আমাৰ পাপৰ বাবে মৰিল আৰু পুনৰুত্থিত হ’ল (লূক ২৪:২৭; ১ কৰিন্থীয়া ১৫:৩-৪)।

সেয়েহে মণ্ডলীৰ ভিত্তি হৈছে ঈশ্বৰৰ সেই অনুপ্ৰাণিত বাক্য, যি তেওঁ এই মনোনীত সেৱকসকলৰ যোগেদি প্ৰকাশ কৰিলে। যি শাস্ত্ৰই ঈশ্বৰৰ পৰিত্ৰাণৰ পৰিকল্পনা প্ৰকাশ কৰিছিল, সেই একেই শাস্ত্ৰই আজি আমাক পথ দেখুৱায় আৰু আমাৰ বিশ্বাসক শক্তিশালী কৰে (২ তীমথিয় ৩:১৬-১৭)। আমাৰ বিশ্বাস মানুহৰ পৰম্পৰা, সলনি হৈ থকা মতামত বা জগতৰ জ্ঞানৰ ওপৰত নিৰ্ভৰশীল নহয়, কিন্তু ই নিৰ্ভৰ কৰে ঈশ্বৰৰ চিৰস্থায়ী সত্যৰ ওপৰত (যিচয়া ৪০:৮)।

পৌলে পুনৰ সোঁৱৰাই দিয়ে যে যীচু খ্ৰীষ্ট নিজেই হৈছে “প্ৰধান শিলস্বৰূপ।” প্ৰাচীন কালৰ নিৰ্মাণ কাৰ্যত প্ৰধান শিল আছিল আটাইতকৈ গুৰুত্বপূৰ্ণ শিল, কাৰণ সেই শিলৰ ওপৰত ভিত্তি কৰি গোটেই অট্টালিকাৰ দিশ আৰু স্থিৰতা নিৰ্ধাৰণ কৰা হৈছিল। ঠিক তেনেদৰে খ্ৰীষ্ট হৈছে আমাৰ বিশ্বাসৰ কেন্দ্ৰ আৰু ভিত্তি। ভাববাদীসকলে তেওঁৰ বিষয়ে কৈছিল, পাঁচনিসকলে তেওঁৰ সাক্ষ্য দিছিল, আৰু সমগ্ৰ শাস্ত্ৰই তেওঁৰ মহিমা প্ৰকাশ কৰে (যোহন ৫:৩৯)।

ই আমাক এক গভীৰ আশ্বাস দিয়ে। যেতিয়া জীৱন অনিশ্চিত হৈ পৰে, যেতিয়া সন্দেহ আহে, আৰু যেতিয়া জগতৰ মূল্যবোধবোৰ সলনি হৈ থাকে, তেতিয়া আমি ঈশ্বৰৰ অপৰিৱৰ্তনীয় সত্যৰ ওচৰলৈ ঘূৰি আহিব পাৰোঁ। ঈশ্বৰৰ বাক্যই আমাক সোঁৱৰাই দিয়ে যে খ্ৰীষ্ট কোন আৰু তেওঁ আমাৰ বাবে কি কৰিলে। তেওঁৰ মৃত্যু আৰু পুনৰুত্থানৰ দ্বাৰাই আমি ক্ষমা, আশা আৰু অনন্ত জীৱন লাভ কৰিছোঁ (ৰোমীয়া ৫:৮; ১ পিতৰ ১:৩)।

যি অট্টালিকা এটা দৃঢ় ভিত্তিৰ ওপৰত নিৰ্মিত, সি ধুমুহাৰ মাজতো থিয় হৈ থাকিব পাৰে। ঠিক তেনেদৰে যি বিশ্বাসীৰ জীৱন খ্ৰীষ্ট আৰু তেওঁৰ বাক্যৰ ওপৰত নিৰ্মিত, তেওঁ কঠিন সময়তো বিশ্বাসত স্থিৰ হৈ থাকিব পাৰে (মথি ৭:২৪-২৫)। জগত সলনি হ’ব পাৰে, পৰিস্থিতি পৰিৱৰ্তন হ’ব পাৰে, আৰু মানুহৰ মতামত আহি-যাব পাৰে, কিন্তু যীচু খ্ৰীষ্ট সদায় একে থাকে (ইব্ৰী ১৩:৮)।

সেয়েহে আহক, আমি আমাৰ জীৱন ঈশ্বৰৰ বাক্যৰ দৃঢ় ভিত্তিৰ ওপৰত নিৰ্মাণ কৰোঁ আৰু সকলো বিষয়তে খ্ৰীষ্টক কেন্দ্ৰ কৰি ৰাখোঁ। কাৰণ তেওঁৰ ওপৰত নিৰ্মিত ভিত্তি কেতিয়াও বিফল নহয়।

প্ৰাৰ্থনা: প্ৰভু যীচু, মোৰ জীৱনৰ দৃঢ় ভিত্তি হোৱাৰ বাবে আপোনাক ধন্যবাদ জনাইছোঁ। মোক আপোনাৰ বাক্যৰ ওপৰত মোৰ বিশ্বাস নিৰ্মাণ কৰিবলৈ আৰু সদায় আপোনাৰ ওপৰত দৃষ্টি ৰাখিবলৈ সহায় কৰক। যেতিয়া জীৱন কঠিন হৈ পৰে, তেতিয়া আপোনাৰ ওপৰত মোৰ আশা সুৰক্ষিত বুলি জানি মোক বিশ্বাসত স্থিৰ হৈ থাকিবলৈ শক্তি দিয়ক। আমেন।

Comments