যি বিশ্বাসে হাৰ নামানে - ২৪ আগষ্ট, ২০২৬
যি বিশ্বাসে হাৰ নামানে - ২৪ আগষ্ট, ২০২৬
"তেতিয়া যীচুৱে উত্তৰ দি তেওঁক কলে, হে নাৰি, তোমাৰ বিশ্বাস মহৎ; তোমাৰ ইচ্ছাৰ দৰেই তোমালৈ হওক। তাতে সেই মুহূৰ্তৰে পৰা তেওঁৰ জীয়েক সুস্থ হ'ল।" — মথি ১৫:২৮
এগৰাকী কনানীয়া তিৰোতাই যীচুৰ ওচৰলৈ এক গভীৰ আৰ্তিৰে আহিছিল। তাইৰ জীয়েক এজনীয়ে দুষ্ট আত্মাৰ যন্ত্ৰণাত ভুগি আছিল, আৰু তাই দৃঢ়ভাৱে বিশ্বাস কৰিছিল যে কেৱল যীচুৱেই তাইক সুস্থ কৰিব পাৰে। কিন্তু প্ৰথমতে যীচুৱে তেওঁক একো উত্তৰ নিদিলে। আনকি শিষ্যসকলে তাইক আঁতৰাই দিবলৈ অনুৰোধ কৰাৰ পাছতো তাই ঘূৰি নাযায়। বৰঞ্চ তাই যীচুৰ ওচৰলৈ আহি তেওঁৰ চৰণত পৰি বিনয়ৰে ক'লে, “হে প্ৰভু, দায়ুদৰ সন্তান মোক সহায় কৰক!” (মথি ১৫:২৫)
প্ৰভু যীচুৰ এই নীৰৱতা, কোনো উদাসীনতা বা প্ৰত্যাখ্যানৰ চিন নাছিল। বৰঞ্চ তেওঁ তাইৰ বিশ্বাসক পৰীক্ষা কৰি অধিক দৃঢ় কৰিব বিচাৰিছিল। যীচুৱে চাব বিচাৰিছিল যে বিলম্বৰ মাজতো তাই তেওঁৰ ওপৰত ভৰসা ৰাখিবনে নে নাই! হতাশ হৈ উভতি যোৱাৰ পৰিৱৰ্তে তাই বিনয়েৰে অনুৰোধ কৰি থাকিল, এই বিশ্বাসেৰে যে খ্ৰীষ্টৰ কৃপাৰ অলপ অংশও তাইৰ বাবে যথেষ্ট হব। অৱশেষত যীচুৱে তাইক প্ৰশংসা কৰি ক'লে, “হে নাৰী, তোমাৰ বিশ্বাস মহৎ!” (মথি ১৫:২৮)
আমাৰ জীৱনতো এনে সময় আহে, যেতিয়া ঈশ্বৰ যেন নীৰৱ হৈ আছে বুলি অনুভৱ হয়। আমাৰ প্ৰাৰ্থনাৰ উত্তৰ পলম হোৱা যেন লাগে, আৰু কেতিয়াবা আমি ভাবোঁ যে তেওঁ আমাৰ প্ৰাৰ্থনা শুনিছেনে নে নাই? কিন্তু পবিত্ৰ শাস্ত্ৰই আমাক শিকায় যে ঈশ্বৰে বহু সময়ত পৰীক্ষা আৰু কষ্টৰ যোগেদি আমাৰ বিশ্বাসক শুদ্ধ আৰু দৃঢ় কৰে (যাকোব ১:২–৪; ১ পিতৰ ১:৬–৭)। তেওঁৰ বিলম্ব কেতিয়াও উদ্দেশ্যহীন নহয়। তেওঁ আমাক পৰিস্থিতিৰ ওপৰত নহয়, তেওঁৰ প্ৰতিজ্ঞাৰ ওপৰত অধিক ভৰসা কৰিবলৈ শিকায়।
সেয়েহে, ঈশ্বৰ নীৰৱ যেন অনুভৱ হ'লেও বিশ্বাস এৰি নিদিব। প্ৰাৰ্থনাত অটল থাকক, তেওঁৰ বাক্যত বিশ্বাস ৰাখক, আৰু তেওঁৰ অবিচল প্ৰেমত বিশ্ৰাম লওক। যিজন ত্ৰাণকৰ্তাই কনানীয়া নাৰীগৰাকীৰ বিশ্বাস শক্তিশালী কৰিছিল, তেৱেঁই আজি আমাৰ বিশ্বাসো ধৰি ৰাখিছে। আমি যদি বিশ্বাসত অটল থাকোঁ, তেন্তে তেওঁ আমাক শেষলৈকে স্থিৰ ৰাখিব আৰু এদিন তেওঁৰ সন্মুখত উপস্থিত হ'বলৈ লৈ যাব (ফিলিপীয়া ১:৬)।
প্ৰাৰ্থনা: হে প্ৰভু যীচু, নীৰৱতা, বিলম্ব আৰু পৰীক্ষাৰ সময়ত মোৰ বিশ্বাস শক্তিশালী কৰক। আপোনাৰ জ্ঞানত ভৰসা ৰাখিবলৈ, আপোনাৰ প্ৰতিজ্ঞাবোৰ দৃঢ়ভাৱে ধৰি ৰাখিবলৈ, আৰু নিৰাশ নোহোৱাকৈ প্ৰাৰ্থনাত অটল থাকিবলৈ মোক সহায় কৰক। মোক শেষলৈকে বিশ্বাসী ৰাখক, যাতে এদিন আপোনাৰ গৌৰৱময় উপস্থিতিত থিয় দিব পাৰোঁ। আমেন।

Comments
Post a Comment