মণ্ডলী হৈছে যীচু খ্ৰীষ্টৰ (The Church Belongs to Jesus) - ২৭ আগষ্ট, ২০২৬

 মণ্ডলী হৈছে যীচু খ্ৰীষ্টৰ - ২৭ আগষ্ট, ২০২৬

“মই তোমাক কওঁ, তুমি পিতৰ; আৰু এই শিলৰ ওপৰত মই মোৰ মণ্ডলী স্থাপন কৰিম; আৰু নৰককুণ্ডৰ দুৱাৰে তাক পৰাজয় নকৰিব।” — মথি ১৬:১৮

বহু লোকৰ খ্ৰীষ্টীয় মণ্ডলীক লৈ মিশ্ৰ অনুভূতি বা অভিজ্ঞতা থাকে। কিছুমানৰ বাবে মণ্ডলী হৈছে সেই ঠাই, য'ত তেওঁলোকে প্ৰথমবাৰৰ বাবে ঈশ্বৰৰ অনুগ্ৰহৰ স্বাদ পাইছিল। আনহাতে, কিছুমানে অতীতৰ তিতা অভিজ্ঞতাৰ বাবে মণ্ডলীৰ পৰা আঁতৰি থাকে বা মণ্ডলীৰ প্ৰয়োজনীয়তাকেই প্ৰশ্ন কৰে। কিছুমানে মণ্ডলীৰ লোকসকলৰ অকল বিফলতা আৰু কপটতা দেখি ভাবে যে মণ্ডলী ব্যৰ্থ হৈ পৰিছে।

কিন্তু যীচুৱে কেতিয়াও কোৱা নাছিল যে তেওঁৰ অনুসৰণকাৰীসকল নিখুঁত হ'ব। পিতৰে যীচুক “জীৱনময় ঈশ্বৰৰ পুত্ৰ, খ্ৰীষ্ট” বুলি স্বীকাৰ কৰাৰ পাছতো পিছলৈ তেওঁক তিনিবাৰ অস্বীকাৰ কৰিছিল (মথি ২৬:৬৯–৭৫)। তথাপিও যীচুৱে ঘোষণা কৰিছিল, “তুমি পিতৰ আৰু এই শিলৰ ওপৰত মই মোৰ মণ্ডলী স্থাপন কৰিম” (মথি ১৬:১৮)। মন কৰিব, তেওঁ “মানুহে মোৰ মণ্ডলী স্থাপন কৰিব” বুলি কোৱা নাছিল। মণ্ডলী হৈছে খ্ৰীষ্টৰ। মণ্ডলীৰ অস্তিত্ব এইকাৰণে নহয় কাৰণ ইয়াত একত্ৰিত হোৱা লোকসকল নিজতেই ধাৰ্মিক, বৰঞ্চ এই কাৰণে যে তেওঁলোকে খ্ৰীষ্টত ক্ষমা আৰু নতুন জীৱন পাইছে।

বহু ক্ষেত্ৰত, মণ্ডলী এখন চিকিৎসালয়ত দৰে। এখন চিকিৎসালয়ত সুস্থ লোকে নাযায়। যিসকলক আৰোগ্যতাৰ প্ৰয়োজন, তেওঁলোকে হে যাই। ঠিক তেনেদৰে মণ্ডলীও হৈছে এনে এক সমাৱেশ, য'ত পাপীলোকসকলে আহে ঈশ্বৰৰ বাক্য শুনিবলৈ, তেওঁৰ অনুগ্ৰহ লাভ কৰিবলৈ, পৰস্পৰে উৎসাহ দিবলৈ আৰু বিশ্বাসত বৃদ্ধি পাবলৈ (পাঁচনিৰ কৰ্ম ২:৪২; ইব্ৰী ১০:২৪–২৫)। ই এনে এক ঠাই, য'ত অসম্পূৰ্ণ লোকসকলক নিখুঁত ত্ৰাণকৰ্তাই দিনে দিনে পৰিবৰ্তন কৰি তুলি গৈ আছে।

কেতিয়াবা মণ্ডলীসমূহে কঠিন সময়ৰ মাজেৰে যায়। বিশ্বাসীসকল নিৰাশ হ'ব পাৰে, সমাজ-সংস্কৃতি সলনি হ'ব পাৰে, আনকি বিশ্বাসীসকলেও ইজনে সিজনক আঘাত দিব পাৰে। কিন্তু মণ্ডলীৰ ভেটি মানুহৰ জ্ঞান, জনপ্ৰিয়তা বা চমকপ্ৰদ কাৰ্যসূচী নহয়। ইয়াৰ ভেটি হৈছে এই অটল স্বীকাৰোক্তি যে যীচুৱেই “খ্ৰীষ্ট, জীৱনময় ঈশ্বৰৰ পুত্ৰ” (মথি ১৬:১৬)। য'তেই খ্ৰীষ্টৰ শুভবাৰ্তা বিশ্বস্তভাৱে ঘোষণা কৰা হয় আৰু তেওঁৰ বাক্য সন্মান কৰা হয়, তাত তেওঁ আজিও নিজৰ মণ্ডলী নিৰ্মাণ কৰি গৈ আছে।

এই সত্যই প্ৰতিজন বিশ্বাসীকো দৃঢ় আশা দিয়ে। আমাৰ ভৰসা নিজৰ শক্তি, যোগ্যতা বা স্থিৰতাৰ ওপৰত নহয়, কিন্তু খ্ৰীষ্টৰ অবিচল বিশ্বস্ততাৰ ওপৰত। আমি হোঁচট খালেও তেওঁ নিজৰ প্ৰতিজ্ঞাত সদায় বিশ্বস্ত (২ তীমথিয় ২:১৩)। যিজনে নিজৰ মণ্ডলী নিৰ্মাণ কৰি আছে, সেই একেই প্ৰভুৱে আমাৰ বিশ্বাসকো দিনে দিনে শক্তিশালী কৰি গৈ আছে।

যদি আপুনি বিশ্বাসীসকলৰ ব্যৱহাৰত কেতিয়াবা আঘাত পাইছে বা নিৰাশ হৈছে, তেন্তে মানুহৰ বিফলতাই যেন আপোনাক খ্ৰীষ্টৰ পৰা আঁতৰাই নিদিয়ে। খ্ৰীষ্টীয় বিশ্বাস নিখুঁত মানুহৰ ওপৰত প্ৰতিষ্ঠিত নহয়; ই প্ৰতিষ্ঠিত হৈছে সেই নিখুঁত ত্ৰাণকৰ্তাৰ ওপৰত, যিজনে পাপীসকলৰ বাবে নিজৰ প্ৰাণ উৎসৰ্গ কৰিলে (ৰোমীয়া ৫:৮)। গতিকে, যেতিয়া আপুনি এখন বিশ্বস্ত মণ্ডলীত যায়, তেতিয়া নিখুঁত মানুহ বিচাৰিবলৈ নাযাব। তাৰ সলনি, সেই নিখুঁত ত্ৰাণকৰ্তাৰ বিষয়ে শুনিবলৈ আশা ৰাখক, যিজনে ক্লান্তসকলক বিশ্ৰাম দিয়ে, পাপীক ক্ষমা কৰে আৰু তেওঁৰ ওপৰত বিশ্বাস কৰা সকলোকে নতুন আশা প্ৰদান কৰে।

প্ৰাৰ্থনা: হে প্ৰভু যীচু, আপোনাৰ মণ্ডলী অবিৰত নিৰ্মাণ কৰি গৈ থকাৰ বাবে আৰু মোৰ দৰে অপূৰ্ণ পাপীকো আপোনাৰ পৰিয়ালত গ্ৰহণ কৰাৰ বাবে আপোনাক ধন্যবাদ জনাওঁ। মানুহৰ বিফলতাৰ ফালে নহয়, আপোনাৰ ফালেহে মোৰ দৃষ্টি ৰাখিবলৈ মোক সদায় সহায় কৰিব। মোৰ মণ্ডলীত নিষ্ঠাৰে সেৱা আগবঢ়াবলৈ, তাত আপোনাৰ বাক্য বিশ্বস্তভাৱে শিকিবলৈ, আপোনাক অধিক জানিবলৈ, প্ৰেম কৰিবলৈ আৰু আজ্ঞা পালন কৰিবলৈ মোৰ বিশ্বাসক দিনে দিনে বৃদ্ধি কৰক। আমেন।

The Church Belongs to Jesus - 27 August, 2026

"And I tell you that you are Peter, and on this rock I will build my church, and the gates of Hades will not overcome it." — Matthew 16:18

Many people have mixed feelings about the Christian church. Some treasure it as the place where they first experienced God's grace, while others carry painful memories or wonder whether the church is even necessary. Some see only the failures and hypocrisy of people and conclude that the church itself has failed.

Yet Jesus never promised that His followers would be perfect. Peter, the very disciple who confessed Jesus as the Messiah, would later deny Him three times (Matthew 26:69–75). Still, Jesus declared, "I will build my church" (Matthew 16:18). Notice that He did not say, "People will build my church." The church belongs to Christ. It exists not because its members are righteous in themselves, but because they have found forgiveness and new life in Him.

In many ways, the church is like a hospital. People do not go to a hospital because they are healthy, but because they need healing. Likewise, the church is a gathering of sinners who come to hear God's Word, receive His grace, encourage one another, and grow in faith (Acts 2:42; Hebrews 10:24–25). It is a place where imperfect people are continually being transformed by a perfect Savior.

At times, churches struggle. Congregations may become discouraged, cultures may change, and believers may even fail one another. But the church does not stand on human wisdom, popularity, or impressive programs. It stands on the unshakable confession that Jesus is "the Messiah, the Son of the living God" (Matthew 16:16). Wherever Christ is faithfully proclaimed and His Word is honored, He continues to build His church.

This truth also gives confidence to every believer. Our hope does not rest on our own strength or consistency, but on Christ's faithfulness. Though we may stumble, He remains faithful to His promises (2 Timothy 2:13). The same Savior who builds His church is also at work building our faith day by day.

If you have been hurt or disappointed by Christians, do not let the failures of people keep you from Christ. Christianity is not founded on perfect people but on a perfect Savior who gave His life for sinners (Romans 5:8). When you gather with a faithful church, you should not expect flawless people. Rather, you should expect to hear the life-giving message of Jesus Christ, who welcomes the weary, forgives the guilty, and gives hope to all who trust in Him.

Prayer: Lord Jesus, thank You for building Your church and for welcoming imperfect sinners like me into Your family. Help me to look beyond the failures of people and keep my eyes fixed on You. Lead me to a church where Your Word is faithfully taught, and help me grow each day in faith, love, and obedience. Amen.

Comments