বিজয়প্ৰাপ্তিৰ পৰা অহা নিশ্চয়তা (The Victory that Gives Us Confidence) - ২৮ আগষ্ট, ২০২৬
বিজয়প্ৰাপ্তিৰ পৰা অহা নিশ্চয়তা - ২৮ আগষ্ট, ২০২৬
“আৰু নৰককুণ্ডৰ দুৱাৰেও তাক পৰাজয় নকৰিব।” — মথি ১৬:১৮
যীচুৱে কেতিয়াও প্ৰতিশ্ৰুতি দিয়া নাই তেওঁক অনুসৰণ কৰা সহজ হ’ব বুলি। তেওঁৰ লোকসকলে তাড়না, পৰীক্ষা, দুখ-কষ্ট আৰু আত্মিক যুদ্ধৰ সন্মুখীন হব বুলি শাস্ত্ৰে কৈছে (যোহন ১৬:৩৩; ২ তীমথিয় ৩:১২)। চয়তানে সদায় বিশ্বাসীসকলক নিৰুৎসাহিত কৰিবলৈ আৰু শুভবাৰ্তা প্ৰচাৰত বাধা দিবলৈ চেষ্টা কৰে। কিন্তু এই সকলো বাস্তৱতাৰ মাজতো যীচুৱে তেওঁৰ মণ্ডলীক এক অটল প্ৰতিশ্ৰুতি দিয়ে যে: “নৰককুণ্ডৰ দুৱাৰেও তাক পৰাজয় নকৰিব।”
মন কৰিব, ইয়াত উল্লেখ হোৱা দুৱাৰবোৰ নৰকৰ হে, মণ্ডলীৰ নহয়। আৰু দুৱাৰ আক্ৰমণৰ নহয়, প্ৰতিৰক্ষাৰ প্ৰতীক। অৰ্থাৎ খ্ৰীষ্টই তেওঁৰ ৰাজ্য আগুৱাই লৈ গৈ আছে, কিয়নো শুভবাৰ্তা পৃথিৱীৰ নানা ঠাইত মানুহৰ হৃদয় স্পৰ্শ কৰি গৈ আছে। আৰু নৰকৰ কোনো শক্তিয়েই ঈশ্বৰৰ এই উদ্ধাৰসাধন কাৰ্য্যক স্থগিত কৰিব নোৱাৰে, আৰু খ্ৰীষ্টয় উদ্ধাৰ কৰা কোনো লোককো পুনৰ বন্দী কৰিব নোৱাৰে (কলচীয়া ১:১৩–১৪)।
আজি এই প্ৰতিশ্ৰুতি প্ৰতিজন বিশ্বাসীৰ বাবে এক গভীৰ সান্ত্বনাৰ উৎস!
কেতিয়াবা আমাৰ অতীতৰ পাপবোৰে আমাৰ মনত ভাৰ পেলায়। সেইবোৰ মনলৈ আহিলে আমি ভাবোঁ: সেইবোৰ একেবাৰে মচি পেলাব পৰা হলে কিমান ভাল আছিলে! শত্ৰুৱে আমাক অভিযুক্ত কৰি কয় যে ঈশ্বৰে আমাৰ দৰে লোকক কেতিয়াও ক্ষমা নকৰিব। কিন্তু ক্ৰুচত যীচুৱে ইতিমধ্যে সেই সকলো অভিযোগৰ উত্তৰ দিলেই। তেওঁৰ মৃত্যু আৰু পুনৰুত্থানৰ দ্বাৰাই তেওঁ পাপ, মৃত্যু আৰু চয়তানক জয় কৰিলে (ইব্ৰী ২:১৪–১৫)। সেয়ে যিসকলে খ্ৰীষ্টত বিশ্বাস কৰে, তেওঁলোকৰ ওপৰত আৰু কোনো দোষাৰোপ নাই, কিয়নো “যীচু খ্ৰীষ্টত থকাবিলাকলৈ এতিয়া কোনো দণ্ডাজ্ঞা নাই” (ৰোমীয়া ৮:১)।
আজি খ্ৰীষ্টই বিজয় লাভ কৰিল কাৰণে আমি ভয়ত নহয়, সাহসেৰে জীৱন-যাপন কৰিবলৈ পাৰোঁ। এতিয়া আৰু ভৱিষ্যৎক লৈ ভয় কৰাৰ প্ৰয়োজন নাই, কিয়নো আমাৰ ত্ৰাণকৰ্তা ৰাজত্ব কৰি আছে। মৃত্যুকো ভয় কৰাৰ প্ৰয়োজন নাই, কিয়নো তেওঁ মৈদামৰ জয় কৰিলে (১ কৰিন্থীয়া ১৫:৫৪–৫৭)। চয়তানকো ভয় কৰাৰ প্ৰয়োজন নাই, কিয়নো খ্ৰীষ্টই ইতিমধ্যে তাক পৰাস্ত কৰিলে।
হয়টো আজি মৃত্যু বা অনন্তকালৰ বিষয়ে আপোনাৰ মনত অনিশ্চয়তা সৃষ্টি কৰিছে। কিন্তু যীচুৱে আপোনাক এই প্ৰশ্নবোৰৰ সন্মুখীন হ’বলৈ আমন্ত্ৰণ জনায়: ভয়ৰে নহয়, আশাৰে। কাৰণ তেওঁ মনুষ্য জাতিৰ আটাইতকৈ ডাঙৰ শত্ৰু মৃত্যুক শেষ কৰিবলৈ আহিল; যি মৃত্যুৱে আজি আমাৰ মনত অনন্তকলিয়া জীৱনকলৈ ভয় উৎপন্ন কৰে। কিন্তু মহান প্ৰভু যীচুৱে ক্ৰুচত মৃত্যুবৰণ কৰি আৰু পুনৰুত্থিত হৈ মৃত্যুক হৰুৱাই, তেওঁ নিজৰ ওপৰত বিশ্বাস কৰা সকলোৰে বাবে অনন্ত জীৱনৰ পথ মুকলি কৰিলে (যোহন ১১:২৫–২৬)।
প্ৰিয়সকল, খ্ৰীষ্টীয় শুভবাৰ্তা এইটো নহয় যে ভাল মানুহে নিজৰ কৰ্মৰে স্বৰ্গ লাভ কৰে। শুভবাৰ্তা হৈছে: যীচুৱে তেওঁৰ নিখুঁত জীৱন, বলিদানমূলক মৃত্যু আৰু বিজয়ী পুনৰুত্থানৰ যোগেদি স্বৰ্গলৈ যোৱাৰ পথ মুকলি কৰিছে। শাস্ত্ৰই কয়, “যি কোনোৱে তেওঁত বিশ্বাস কৰে, তেওঁ লাজত নপৰিব” (ৰোমীয়া ১০:১১)।
যেতিয়াই ভয়ে আপোনাৰ হৃদয় আৱৰি ধৰিব বিচাৰে, তেতিয়াই খ্ৰীষ্টৰ এই প্ৰতিশ্ৰুতিলৈ উভতি আহক। যুদ্ধ শেষত তেওঁৰেই, আৰু বিজয় তেওঁ ইতিমধ্যে নিশ্চিত কৰিছে।
প্ৰাৰ্থনা: হে প্ৰভু যীচু, পাপ, মৃত্যু আৰু অন্ধকাৰৰ সকলো শক্তিৰ ওপৰত বিজয় লাভ কৰাৰ বাবে আপোনাক ধন্যবাদ জনাওঁ। যেতিয়া ভয়, পৰীক্ষা বা সন্দেহে মোক আৱৰি ধৰে, তেতিয়া আপোনাৰ প্ৰতিশ্ৰুতিত ভৰসা কৰিবলৈ আৰু এই কথা মনত ৰাখিবলৈ মোক সহায় কৰক যে মই এজন বিজয়ী ৰজাৰ সন্তান। আপোনাৰ সন্মুখত উপস্থিত নোহোৱালৈকে মোক বিশ্বাসত দৃঢ় আৰু আশা-ভৰসাত অটল কৰি ৰাখক। আমেন।
The Victory That Gives Us Confidence - 28 August, 2026
“And the gates of Hades shall not prevail against it.” — Matthew 16:18
Jesus never promised that following him would be easy. His people would face persecution, temptation, suffering, and spiritual battles (John 16:33; 2 Timothy 3:12). Satan continually seeks to discourage believers and oppose the spread of the gospel. Yet in the midst of these realities, Jesus gives his church an unshakable promise: “The gates of Hades shall not prevail against it.”
Notice that the gates belong to Hades, not to the church. Gates are defensive, not offensive. Christ is advancing his kingdom as the gospel reaches hearts across the world. No power of hell can stop the progress of God's saving work or keep captive those whom Christ has redeemed (Colossians 1:13-14).
This promise also brings comfort to every believer personally. There are times when guilt overwhelms us, and we remember sins we wish we could erase. The enemy accuses us, whispering that we are beyond God's forgiveness. But the cross has already answered every accusation. Through his death and resurrection, Jesus conquered sin, death, and Satan (Hebrews 2:14-15). Those who trust in him are no longer condemned, for “There is therefore now no condemnation for those who are in Christ Jesus” (Romans 8:1).
Because Christ has won the victory, we can live with courage rather than fear. We do not need to fear the future because our Savior reigns. We do not need to fear death because he has conquered the grave (1 Corinthians 15:54-57). We do not need to fear Satan because Christ has already defeated him.
Perhaps thoughts of death or eternity have filled you with uncertainty. Jesus invites you to face those questions, not with despair, but with hope. He came because death is humanity's greatest enemy. By dying on the cross and rising again, he opened the way to eternal life for everyone who believes in him (John 11:25-26).
The Christian message is not that good people earn heaven. It is that Jesus has made the way to heaven through his perfect life, sacrificial death, and victorious resurrection. As Scripture promises, “Everyone who believes in him will not be put to shame” (Romans 10:11).
Whenever fear threatens your heart, return to Christ's promise. The battle ultimately belongs to him, and the victory has already been secured.
Prayer: Lord Jesus, thank you that you have conquered sin, death, and every power of darkness. When fear, temptation, or doubt overwhelms me, help me to rest in your promises and remember that I belong to the victorious King. Keep me faithful and confident until the day I see you face to face. Amen.

Comments
Post a Comment