অটল ভেটিৰ ওপৰত জীৱন-নিৰ্মাণ | Building On the Only Sure Foundation

 অটল ভেটিৰ ওপৰত জীৱন-নিৰ্মাণ

পাছে তেওঁবিলাকে শিল-কটীয়াবিলাকক আৰু বাড়ৈবিলাকক ৰূপ দিলে; আৰু পাৰস্যৰ ৰজা কোৰচৰ পৰা লোৱা অনুমতি অনুসাৰে লিবানোনৰ পৰা যাফোলৈ সাগৰৰ তীৰলৈ এৰচ কাঠ আনিবৰ নিমিত্তে চীদোনীয়া আৰু তৃৰীয়াবিলাকক আহাৰ, পেয় দ্রব্য, আৰু তেল দিলে। তাৰ পাছত, যিৰূচালেমত থকা ঈশ্বৰৰ গৃহৰ ঠাইলৈ তেওঁবিলাক অহা দ্বিতীয় বছৰৰ দ্বিতীয় মাহত চল্লীয়েলৰ পুত্ৰ জৰুব্বাবিল, যোচাদকৰ পুত্ৰ যেচুৱা, আৰু এই দুজনৰ অৱশিষ্ট ভাই পুৰোহিত আৰু লেবীয়াবিলাক, আৰু বন্দী-অৱস্থাৰ পৰা মুকলি হৈ যিৰূচালেমলৈ অহা সকলো লোকে কাম কৰিবলৈ আৰম্ভ কৰিলে, তাৰু যিহোৱাৰ গৃহৰ কাৰ্য্য চলাবলৈ বিশ বছৰ আৰু তাতকৈ অধিক বয়সীয়া লেবীয়াবিলাকক নিযুক্ত কৰিলে। তেতিয়া যেচুৱা আৰু তেওঁৰ পুতেক ও ভায়েক-ককায়েকবিলাকে, আৰু যিহূদা বংশৰ কৰ্মীয়েল আৰু তেওঁৰ পুতেকবিলাকে ঈশ্বৰৰ গৃহত কাম কৰা মানুহবিলাকক চলাবলৈ একে লগ হৈ উঠিল; হেনাদদৰ সন্তানবিলাক আৰু তেওঁবিলাকৰ পুতেক ও ভায়েক-ককায়েকবিলাকেও সেই দৰে কৰিলে, তেওঁবিলাক লেবীয়া মানুহ। তাতে গাঁথকবিলাকে যিহোৱাৰ মন্দিৰৰ ভিত্তিমূল স্থাপন কৰাৰ পাছত ইস্রায়েলৰ ৰজা দায়দে নিৰূপণ কৰাৰ দৰে যিহোৱাৰ প্ৰশংসা কৰিবৰ নিমিত্তে, পুৰোহিতবিলাকে নিজ নিজ বস্ত্রস্ত্ৰ পিন্ধি হাতত তুৰী লৈ, আৰু আচফৰ সন্তান লেবীয়াবিলাকে হাতত তাল লৈ থিয় হল। আৰু তেওঁবিলাকে যিহোৱাৰ প্ৰশংসা ও স্তুতি কৰি পালে পালে এই কথা কৈ গান কৰিলে, "কিয়নো যিহোৱা মঙ্গলময়; কাৰণ ইস্রায়েললৈ তেওঁৰ দয়া চিৰকাললৈকে থাকে;” আৰু যিহোৱাৰ গৃহৰ ভিত্তিমূল স্থাপন কৰা হল দেখি, যিহোৱাৰ প্ৰশংসা কৰি কৰি সকলো লোকবিলাকে বৰকৈ জয়-ধ্বনি কৰিলে। কিন্তু, যেতিয়া তেওঁবিলাকৰ চকুৰ আগত গৃহৰ ভিত্তিমূল স্থাপন কৰা হল, তেতিয়া পুৰোহিতবিলাকৰ, লেবীয়াবিলাকৰ, আৰু পিতৃ-বংশৰ মূল মানুহবিলাকৰ মাজৰ অনেক মানুহে, অর্থাৎ আগৰ গৃহ দেখা বৃদ্ধবিলাকে বৰকৈ চিঞৰি কান্দিলে; আৰু আন আন অনেক মানুহে আনন্দত বৰকৈ জয়-ধ্বনি কৰিলে। তাতে লোকবিলাকে আনন্দত জয়-ধ্বনি কৰা শব্দ, মানুহবিলাকে কন্দা শব্দৰ পৰা ভেদ কৰিব নোৱাৰিলে; কাৰণ মানুহবিলাকে ইমান বৰকৈ ধ্বনি কৰিছিল, যে, তাৰ শব্দ দূৰলৈকে শুনা গৈছিল। (ইজ্ৰা ৩:৭–১৩)

যিকোনো স্থায়ী অট্টালিকাৰ আৰম্ভণি হয় এটা মজবুত ভেটিৰে। ঘৰখন যিমানেই সুন্দৰ নহওক কিয়, তাৰ শক্তি নিৰ্ভৰ কৰে ভেটিটোৰ ওপৰত। আমাৰ আত্মিক জীৱনো ঠিক তেনেকুৱাই। ঈশ্বৰে আমাৰ জীৱনত কোনো সুন্দৰ কাম আৰম্ভ কৰাৰ আগতে তেওঁ প্ৰথমে আমাৰ জীৱনৰ ভেটিটো দৃঢ়ভাৱে স্থাপন কৰে।

বাবিলৰ বন্দীদশাৰ পৰা উভতি অহাৰ পিছত ইস্ৰায়েলৰ লোকসকলে এক গুৰুত্বপূৰ্ণ লক্ষ্য অতিক্ৰম কৰিলে: মন্দিৰৰ ভেটি অৱশেষত স্থাপন কৰিলে (ইজ্ৰা ৩:১০)। যদিও আগলৈ বহুত কাম বাকী আছিল, তথাপিও এই প্ৰথম পদক্ষেপটো উদ্‌যাপনৰ যোগ্য আছিল, কাৰণ এইয়া আছিলে ঈশ্বৰে তেওঁৰ লোকসকলৰ মাজত পুনৰুদ্ধাৰৰ কাৰ্য্যৰ আৰম্ভণিৰ প্ৰতীক। যিদৰে চলোমনে দ্বিতীয় মাহত প্ৰথম মন্দিৰ নিৰ্মাণ আৰম্ভ কৰিছিল (১ ৰাজাৱলি ৬:১), ঠিক তেনেদৰে বন্দীদশাৰ পৰা উভতি অহা এই নতুন প্ৰজন্মই দ্বিতীয় বছৰৰ দ্বিতীয় মাহত মন্দিৰৰ ভেটি স্থাপন কৰিলে (ইজ্ৰা ৩:৮)। ইয়াৰ দ্বাৰা তেওঁলোকে বুজিবলৈ পালে যে ঈশ্বৰে হাজাৰ হাজাৰ প্ৰজন্ম ধৰি নিজৰ পৰিত্ৰাণৰ পৰিকল্পনা অব্যাহত ৰাখিছে।

ইজ্ৰাই এই কথাও উল্লেখ কৰিছে যে মন্দিৰৰ ভিত্তিমুল নিৰ্মাণৰ শ্ৰমিকসকলক তেওঁলোকৰ পৰিশ্ৰমৰ উপযুক্ত মজুৰি দিয়া হৈছিল (ইজ্ৰা ৩:৭)। প্ৰথম দৃষ্টিত এইয়া সাধাৰণ কথা যেন লাগিলেও, ইয়াত আমি ঈশ্বৰৰ ন্যায়বিচাৰ আৰু সৎ পৰিশ্ৰমৰ প্ৰতি তেওঁৰ মূল্যবোধ প্ৰকাশিত হোৱা দেখিবলৈ পাওঁ। যীচুৱেও কৈছিল, “বনুৱা নিজ বেচৰ যোগ্য” (লূক ১০:৭; ১ তীমথিয় ৫:১৮)। ঈশ্বৰৰ গৃহ নিৰ্মাণৰ ক্ষেত্ৰতো তেওঁ শৃংখলা, সততা আৰু বিশ্বস্ততাক গুৰুত্ব দিয়ে।

যেতিয়া মন্দিৰৰ ভেটি স্থাপন সম্পূৰ্ণ হ’ল, তেতিয়া পুৰোহিতসকলে তূৰী আৰু লেবীয়াসকলে তালৰ সৈতে থিয় হৈ প্ৰভুক প্ৰশংসা কৰিলে। তেওঁলোকে গান কৰিলে যে, “কিয়নো যিহোৱা মঙ্গলময়; কাৰণ ইস্ৰায়েললৈ তেওঁৰ দয়া চিৰকাললৈকে থাকে" (ইজ্ৰা ৩:১১; গীতমালা ১০৭:১)। তেওঁলোকৰ উপাসনা কেৱল শিলৰ ভেটি স্থাপন কৰাকলৈয়ে নহয়; বৰঞ্চ ঈশ্বৰৰ অপৰিবৰ্তনীয় প্ৰতিজ্ঞাকৃত প্ৰেমকলৈ হে আছিল। যিজন ঈশ্বৰে তেওঁৰ লোকসকলক বন্দীশালৰ দ্বাৰাই অনুশাসন কৰিলে, সেই একেজন ঈশ্বৰে নিজৰ প্ৰতিজ্ঞা পালন কৰি তেওঁলোকক পুনৰ নিজৰ দেশলৈ উভতাই আনিলে। তেওঁৰ বিশ্বস্ততা কেতিয়াও ব্যৰ্থ নহল।

তথাপিও সেই উদযাপনৰ মাজতো আৱেগৰ, অনুভূতিৰ এক মিশ্ৰণ দেখিবলৈ পোৱা যায়। বহুতে আনন্দৰ জয়ধ্বনি কৰিলে, আনহাতে বৃদ্ধসকলে ক্ৰন্দন কৰিলে, কাৰণ তেওঁলোকে চলোমনৰ মন্দিৰৰ মহিমাৰ কথা মনত পৰিলে (ইজ্ৰা ৩:১২–১৩)। কিছুমানে অতীতলৈ চাই শোক কৰিলে, আনহাতে কিছুমানে ভৱিষ্যতৰ আশাত আনন্দ কৰিলে। তেওঁলোকৰ কান্দোন আৰু আনন্দধ্বনি একেলগে মিলি এনে এক শব্দ সৃষ্টি কৰিলে, যি বহু দূৰলৈকে শুনা গ'ল। এই ঘটনাই আমাক সোঁৱৰাই দিয়ে যে ঈশ্বৰৰ সন্তানসকলে বহু সময়ত আনন্দ আৰু শোক দুয়ো একেসময়তে অনুভৱ কৰে। আমি হয়তো অতীতৰ ক্ষতিৰ বাবে কান্দো, কিন্তু একে সময়তে ঈশ্বৰে কৰি থকা নতুন কাৰ্যৰ বাবে আনন্দো কৰোঁ। অতীতে হয়তো চকুলো ভৰাই তোলে, কিন্তু ঈশ্বৰৰ বিশ্বস্ততাই সদায় আমাৰ হৃদয়ত নতুন আশাৰ জন্ম দিয়ে।

অৱশেষত, এই পুনৰ নিৰ্মিত মন্দিৰ যীচু খ্ৰীষ্টৰ দিশে আঙুলিয়াই, যিজন হৈছে ঈশ্বৰৰ লোকসকলৰ চুকৰ প্ৰধান শিল আৰু একমাত্ৰ নিশ্চিত ভেটি (ইফিচীয়া ২:১৯–২২; ১ কৰিন্থীয়া ৩:১১; যিচয়া ২৮:১৬)। আজিও প্ৰতিজন বিশ্বাসীক ঈশ্বৰে এটা আত্মিক গৃহ হিচাপে গঢ়ি তুলিছে, য’ত তেওঁ বাস কৰে তেওঁৰ আত্মাৰ দ্বাৰাই। আজি ঈশ্বৰে আপোনাৰ জীৱনত যি কাম আৰম্ভ কৰিছে, সেয়া হয়তো সৰু, অসম্পূৰ্ণ বা আকৰ্ষণীয় যেন নালাগিব পাৰে। কিন্তু মহান নিৰ্মাতাজনৰ ওপৰত ভৰসা ৰাখক। যি জীৱন খ্ৰীষ্টৰ ওপৰত প্ৰতিষ্ঠিত, সেই জীৱন কেতিয়াও লৰচৰ নহয়, কিয়নো তেওঁহে আমাৰ অচল আৰু চিৰস্থায়ী ভেটি।

প্ৰাৰ্থনা: হে অনন্তকলীয়া পিতৃ, আমাৰ জীৱনৰ অটল ভেটি হোৱাৰ বাবে আপোনাক ধন্যবাদ জনাওঁ। যেতিয়া জীৱন অনিশ্চিত যেন লাগে আৰু ভৱিষ্যৎ অন্ধকাৰ যেন দেখা যায়, আমাক সোঁৱৰাই দিয়ক যে আমাৰ আশা আপোনাৰ ওপৰত দৃঢ়ভাৱে প্ৰতিষ্ঠিত। আমাৰ জীৱন যীচু খ্ৰীষ্টৰ ওপৰত, আমাৰ প্ৰধান চুকৰ শিলৰ ওপৰত, গঢ়ি তোলক। আমি সম্পূৰ্ণ ছবি দেখি নাপালেও, আপোনাৰ বিশ্বস্ত কাৰ্যৰ ওপৰত বিশ্বাস ৰাখিবলৈ আমাক সহায় কৰক। আমাৰ হৃদয় কৃতজ্ঞবান উপাসনাৰে ভৰাই তোলক, এই কথাত নিশ্চিত হৈ যে আপোনাৰ প্ৰেম চিৰকাললৈকে থাকে। প্ৰভু যীচু খ্ৰীষ্টৰ নামত, আমেন।

Building on the Only Sure Foundation

Then they gave money to the masons and carpenters, and gave food and drink and olive oil to the people of Sidon and Tyre, so that they would bring cedar logs by sea from Lebanon to Joppa, as authorized by Cyrus king of Persia. In the second month of the second year after their arrival at the house of God in Jerusalem, Zerubbabel son of Shealtiel, Joshua son of Jozadak and the rest of the people (the priests and the Levites and all who had returned from the captivity to Jerusalem) began the work. They appointed Levites twenty years old and older to supervise the building of the house of the Lord. Joshua and his sons and brothers and Kadmiel and his sons (descendants of Hodaviah) and the sons of Henadad and their sons and brothers—all Levites—joined together in supervising those working on the house of God. When the builders laid the foundation of the temple of the Lord, the priests in their vestments and with trumpets, and the Levites (the sons of Asaph) with cymbals, took their places to praise the Lord, as prescribed by David king of Israel. With praise and thanksgiving they sang to the Lord: “He is good; his love toward Israel endures forever.” And all the people gave a great shout of praise to the Lord, because the foundation of the house of the Lord was laid. But many of the older priests and Levites and family heads, who had seen the former temple, wept aloud when they saw the foundation of this temple being laid, while many others shouted for joy. No one could distinguish the sound of the shouts of joy from the sound of weeping, because the people made so much noise. And the sound was heard far away. (Ezra 3:7–13)

Every lasting building begins with a solid foundation. No matter how beautiful the structure may become, its strength depends on what lies beneath it. The same is true of our spiritual lives. Before God builds anything beautiful through us, He first establishes a firm foundation in us.

After returning from exile, the people of Israel reached a significant milestone, the foundation of the temple was finally laid (Ezra 3:10). Though much work still remained, this first step was worth celebrating because it marked the beginning of God's restoring work among His people. Just as Solomon had begun building the first temple in the second month (1 Kings 6:1), this new generation also laid the foundation during the second month of the second year after their return (Ezra 3:8), reminding them that God was continuing His redemptive purposes across generations.

Ezra also notes that the workers were paid for their labor (Ezra 3:7). Though this may seem like a minor detail, it reflects God's concern for justice and the dignity of honest work. Scripture consistently teaches that those who labor faithfully deserve their wages (Luke 10:7; 1 Timothy 5:18). Even in rebuilding His house, God values integrity, order, and faithfulness.

When the foundation was completed, the priests stood with trumpets, the Levites with cymbals, and together they praised the Lord, singing, "For He is good; His steadfast love endures forever toward Israel" (Ezra 3:11; Psalm 107:1). Their worship was rooted not merely in the laying of stones but in the unchanging hesed of God, His steadfast covenant love. The same God who had disciplined His people through exile had also fulfilled His promise by bringing them home. His faithfulness had never failed.

Yet the celebration was filled with mixed emotions. Many shouted for joy, while the older generation wept because they remembered the glory of Solomon's temple (Ezra 3:12–13). Some looked backward with sorrow; others looked forward with hope. Together, their voices blended into one sound that could be heard from far away. This reminds us that God's people often experience joy and grief at the same time. We may mourn what has been lost while still rejoicing in what God is doing. Our past may bring tears, but God's faithfulness always gives us reason to hope.

Ultimately, the rebuilt temple pointed forward to Jesus Christ, the true cornerstone and the sure foundation of God's people (Ephesians 2:19–22; 1 Corinthians 3:11; Isaiah 28:16). Every believer is now being built into a spiritual house where God dwells by His Spirit. Whatever God is building in your life today may seem small, unfinished, or unimpressive, but never despise the day of small beginnings (Zechariah 4:10). Trust the Master Builder. A life founded on Christ will stand firm, for He alone is the unshakable foundation.

Prayer: Everlasting Father, thank You for being our sure foundation. When life feels uncertain and the future seems unclear, remind us that our hope rests securely in You. Build our lives upon Jesus Christ, our Cornerstone, and help us trust Your faithful work even when we cannot yet see the finished picture. Fill our hearts with grateful worship, confident that Your steadfast love endures forever. In Jesus' name, Amen.

Comments

Post a Comment