যেতিয়া ঈশ্বৰে 'কামবেক' কাহিনী লিখে (ইজ্ৰা ৪:১৭–২৪) | When God Writes the Comeback Story (Ezra 4:17–24)


 যেতিয়া ঈশ্বৰে 'কামবেক' কাহিনী লিখে (ইজ্ৰা ৪:১৭–২৪)

সকলো মানুহে এক প্ৰেৰণাদায়ক কামবেক কাহিনী ভাল পায়। সেইবাবেই ক্ৰীড়া জগতত আটাইতকৈ স্মৰণীয় কাহিনীবোৰ সেই দলবোৰৰ বিষয়ে নহয়, যিবোৰে প্ৰতিটো খেল সহজে জিকি যায়। বৰঞ্চ সেই দলবোৰৰ কাহিনীহে মানুহৰ হৃদয় স্পৰ্শ কৰে, যিবোৰে পৰাজয়, বাধা আৰু কঠিন পৰিস্থিতিৰ মাজেদি গৈ পুনৰ জয় লাভ কৰে। সংগ্ৰামেই বিজয়ক অধিক অৰ্থপূৰ্ণ কৰি তোলে।

ঈশ্বৰৰ কাৰ্য্যৰ ক্ষেত্ৰতো একেই! পবিত্ৰ শাস্ত্ৰত আমি বাৰে বাৰে দেখিবলৈ পাওঁ যে ঈশ্বৰৰ উদ্দেশ্য বহু সময়ত কঠিনতা, অপেক্ষা আৰু বিৰোধিতাৰ মাজেদি আগবাঢ়ে। যেতিয়া ঈশ্বৰ কাহিনীৰ লেখক হয়, তেতিয়া এটা বাধাই কাহিনীৰ শেষ নহয়। যিটো আমাৰ চকুত পৰাজয় যেন লাগে, সেয়া হয়তো ঈশ্বৰৰ বৃহৎ পুনৰুদ্ধাৰৰ আগৰ এটা অধ্যায়হে।

ইজ্ৰা ৪ অধ্যায়ত আমি ঈশ্বৰৰ লোকসকলৰ জীৱনৰ এনে এটা কঠিন অধ্যায় দেখিবলৈ পাওঁ। বাবিলৰ বন্দীত্বৰ পৰা উভতি অহাৰ পিছত ইস্ৰায়েলসকলে যিৰূচালেমত মন্দিৰ পুনৰ নিৰ্মাণ কৰিবলৈ আৰম্ভ কৰিলে। কিন্তু তেওঁলোকৰ শত্ৰুসকলে সেই কামৰ বিৰোধিতা কৰিলে, লোকসকলক নিৰাশ কৰিলে আৰু ঈশ্বৰে দিয়া কামটো বন্ধ কৰিবলৈ চেষ্টা কৰিলে। অৱশেষত, সেই অবিৰত বিৰোধিতা আৰু ভয়ৰ কাৰণে নিৰ্মাণৰ কাম বন্ধ হৈ গ’ল।

২৪ পদত কোৱা হৈছে, “তাতে যিৰূচালেমৰ ঈশ্বৰৰ গৃহৰ কাৰ্য্য বন্ধ হল; আৰু পাৰস্যৰ দাৰিয়াবচ ৰজাৰ ৰাজত্বৰ দ্বিতীয় বছৰলৈকে সেয়ে বন্ধ হৈ থাকিল।” প্ৰথম দৃষ্টিত এইটো এক দুখজনক সমাপ্তিৰ দৰে লাগে। লোকসকলে আশাৰে উভতি আহিছিল, ভেটি স্থাপন কৰিছিল, কিন্তু কাম সম্পূৰ্ণ নহ’ল। প্ৰায় ওঠৰ বছৰ ধৰি মন্দিৰ আধৰুৱা হৈ থাকিল।

কিন্তু যিটো পৰাজয় যেন লাগিছিল, সেয়াই শেষ নাছিল। ঈশ্বৰে তেওঁৰ লোকসকলক ত্যাগ কৰা নাছিল, আৰু তেওঁৰ প্ৰতিজ্ঞাও সলনি হোৱা নাছিল। মানুহৰ বিৰোধিতাই ঈশ্বৰৰ কামত বিলম্ব আনিব পাৰে, কিন্তু ঈশ্বৰৰ পৰিকল্পনাক ধ্বংস কৰিব নোৱাৰে। যিচয়া ৪৬:১০ পদত ঈশ্বৰে কৈছে যে, "মোৰ কল্পনা থিৰে থাকিব, আৰু মোৰ সকলো বাঞ্ছা সিদ্ধ কৰিম, এই বুলি, শেষত ঘটিব লগীয়া কথা আদিৰে পৰা, আৰু এতিয়াও যি সিদ্ধ হোৱা নাই, সেইবোৰ পুৰণি কালৰ পৰা প্ৰকাশ কৰি আহিছোঁ।"

ইজ্ৰা ৪ অধ্যায়ৰ এই অংশটো অলপ বিভ্ৰান্তিকৰ যেন লাগিব পাৰে, কাৰণ লেখকে বিৰোধিতাৰ দুটা পৃথক ঘটনাক একেলগে উল্লেখ কৰিছে। ১৭–২৩ পদত যিৰূচালেম নগৰ পুনৰ নিৰ্মাণ বন্ধ কৰাৰ পিছৰ এটা ঘটনাৰ বিষয়ে কোৱা হৈছে, যিটো পাছলৈ নহিমিয়া পুস্তকৰ ঘটনাৰ সৈতে জড়িত। আনহাতে, ২৪ পদে মন্দিৰ পুনৰ নিৰ্মাণৰ আগৰ বাধাৰ কথা সোঁৱৰাই দিয়ে, যাৰ পাছত ইজ্ৰা ৫ অধ্যায়ত পুনৰ নিৰ্মাণৰ কাম আৰম্ভ হয়। দুয়োটা ঘটনাৰ মাজত একে সত্য প্ৰকাশ পায়, বিৰোধিতাই ঈশ্বৰৰ কাম কিছু সময়ৰ বাবে থমকাই ৰাখিব পাৰে, কিন্তু ঈশ্বৰৰ পৰিকল্পনাক পৰাজিত কৰিব নোৱাৰে।

ঈশ্বৰৰ লোকসকলে বিলম্বৰ সন্মুখীন হৈছিল, কিন্তু তেওঁলোক পৰাজিত হোৱা নাছিল। ঈশ্বৰৰ নিৰ্ধাৰিত সময় আহিলত, তেওঁ জৰুব্বাবিল আৰু যিহোচূৱাৰ দৰে নেতাসকলক ব্যৱহাৰ কৰিলে আৰু হগয় আৰু জখৰিয়াৰ দৰে ভাববাদীৰ যোগেদি তেওঁৰ লোকসকলক উৎসাহিত কৰিলে। ইজ্ৰা ৫:১–২ পদত আমি পঢ়োঁ, “সেই সময়ত হগগয় আৰু জখৰিয়া... ইস্ৰায়েলৰ ঈশ্বৰৰ নামেৰে ইহুদীসকলক ভাববাণী ক’লে... তেতিয়া জৰুব্বাবিল আৰু যেচূৱাই ঈশ্বৰৰ গৃহ পুনৰ নিৰ্মাণ কৰিবলৈ আৰম্ভ কৰিলে।”

এইয়া কিমান শক্তিশালী সোঁৱৰণী নহয় জানো? যে যিটো অসম্ভৱ যেন লাগে ঈশ্বৰে তাকেই পুনৰ আৰম্ভ কৰিব পাৰে। তেওঁ পাহৰি যোৱা সপোন পুনৰ জগাই তুলিব পাৰে, ভঙা প্ৰচেষ্টা পুনৰ স্থাপন কৰিব পাৰে আৰু ক্লান্ত হৃদয়ক শক্তি দিব পাৰে। এটা বন্ধ দুৱাৰ বুলিলেই এইটো নহয় যে ঈশ্বৰে তেওঁৰ পৰিকল্পনা বাতিল কৰিছে। অপেক্ষাৰ এটা সময়ে এইটো নুবুজায় যে ঈশ্বৰ অনুপস্থিত। কেতিয়াবা ঈশ্বৰে তেওঁৰ লোকসকলক পৰৱৰ্তী কামৰ বাবে প্ৰস্তুত কৰিবলৈ এটা বিৰতি অনুমতি দিয়ে।

জীৱনত বহু সময়ত আমিও নিজৰ “ইজ্ৰা ৪” মুহূৰ্তৰ সন্মুখীন হওঁ। আমি ঈশ্বৰে দিয়া কোনো কাম আৰম্ভ কৰোঁ, কিন্তু তাৰ পিছত বাধা আহে। আমি সমালোচনা, হতাশা, দুৰ্বলতা, আৰ্থিক সমস্যা বা অপ্ৰত্যাশিত সমস্যাৰ সন্মুখীন হওঁ। তেতিয়া হয়তো আমাৰ মনত প্ৰশ্ন আহে যে, “মই ঈশ্বৰৰ ইচ্ছা বুজাত ভুল কৰিলোঁ নেকি? ঈশ্বৰৰ পৰিকল্পনা মোৰ জীৱনত কি ব্যৰ্থ হ’ল নেকি?”

কিন্তু ইজ্ৰাৰ পুস্তকে আমাক শিকায় যে বাধা সকলো সময়ত ঈশ্বৰে অগ্ৰাহ্য কৰা নুবুজাই। যীচু খ্ৰীষ্টেও বিৰোধিতা, দুখ-কষ্ট আৰু ক্ৰুচৰ মাজেদি যাবলগীয়া হৈছিল, কিন্তু সেই ক্ৰুচেই পাছত পুনৰুত্থানৰ বিজয়লৈ লৈ গ’ল। যিটো ইতিহাসৰ আটাইতকৈ ডাঙৰ পৰাজয় যেন লাগিছিল, সেয়াই হৈ পৰিল আটাইতকৈ ডাঙৰ বিজয়। ৰোমীয়া ৮:২৮ পদত কোৱা হৈছে, “আৰু আমি জানো যে, যিবিলাকে ঈশ্বৰক প্ৰেম কৰে, যিবিলাক তেওঁৰ অভিপ্ৰায় অনুসাৰে আমন্ত্ৰিত, তেওঁবিলাকৰ পক্ষে সকলোৱেই মঙ্গলৰ অৰ্থে একে-লগে কাৰ্য্য কৰিছে।"

ঈশ্বৰৰ লোকসকলে বিলম্বৰ সন্মুখীন হ’ব পাৰে, কিন্তু ঈশ্বৰৰ প্ৰতিজ্ঞা অটল থাকে। ইজ্ৰা ৪ অধ্যায়ত বন্ধ হোৱা মন্দিৰৰ কাম অৱশেষত সম্পূৰ্ণ হ’ল। যিটো কাম পৰিত্যক্ত যেন লাগিছিল, সেয়া পুনৰ স্থাপন কৰা হ’ল। ঈশ্বৰৰ লোকসকলৰ কাহিনী আগবাঢ়ি গ’ল, কাৰণ ঈশ্বৰ বিশ্বাসযোগ্য।

সেয়েহে, যেতিয়া আপুনি বিৰোধিতাৰ সন্মুখীন হয়, তেতিয়া আপোনাৰ বৰ্তমান পৰিস্থিতিৰ দ্বাৰা ঈশ্বৰৰ বিশ্বাসযোগ্যতাক মূল্যায়ন নকৰিব। তেওঁৰ সময়ৰ ওপৰত বিশ্বাস ৰাখক। বাধ্যতাত আগবাঢ়ি যাওক। মনত ৰাখিব, যিজন ঈশ্বৰে আপোনাত সৎকর্ম কাম আৰম্ভ কৰিলে, তেৱেঁই তাক যীচু খ্ৰীষ্টৰ আগমনৰ দিনলৈকে সিদ্ধ কৰি থাকিব বুলি দৃঢ় প্ৰত্যয় কৰিছে (ফিলিপীয়া ১:৩)।

প্ৰাৰ্থনা: বিশ্বাসযোগ্য ঈশ্বৰ, ধন্যবাদ যে কোনো বিৰোধিতাই তোমাৰ পৰিকল্পনাক পৰাজিত কৰিব নোৱাৰে। যেতিয়া আমি বিলম্ব, হতাশা আৰু কঠিনতাৰ মাজেদি যাওঁ, তেতিয়া আমাক সোঁৱৰাই দিয়া যে আমি দেখা নাপালেও তুমি কাম কৰি আছা। তোমাৰ সময়ৰ বাবে অপেক্ষা কৰিবলৈ ধৈৰ্য, আজ্ঞাকাৰিতাত চলিবলৈ সাহস আৰু হেৰাই যোৱা যেন লগা বিষয়বোৰ পুনৰ স্থাপন কৰিবলৈ তোমাৰ শক্তিৰ ওপৰত বিশ্বাস ৰাখিবলৈ আমাক সহায় কৰা। আমাৰ জীৱনৰ যোগেদি যেন এই সাক্ষ্য প্ৰকাশ পায় যে তুমি সেই ঈশ্বৰ যিজনে আৰম্ভ কৰা কাম সম্পূৰ্ণ কৰে। যীচুৰ নামত, আমেন।

When God Writes the Comeback Story (Ezra 4:17–24)

Everyone loves a good comeback story. That is why the greatest sports stories are not about teams that win every game without difficulty. A story becomes inspiring when a team faces setbacks, experiences defeat, encounters strong opposition, and yet rises again to victory. The struggle makes the triumph more meaningful.

The same is true in the work of God. Throughout Scripture, we see that God’s purposes often move forward through seasons of difficulty, delay, and opposition. A setback does not mean the end of the story when God is the Author. What appears to be a defeat may simply be a chapter before a greater restoration.

Ezra 4 records one of those difficult chapters in the history of God’s people. After returning from exile, the Israelites began rebuilding the temple in Jerusalem. But their enemies opposed the work, discouraged the people, and attempted to stop what God had commanded them to do. Eventually, because of persistent opposition and fear, the rebuilding work came to a standstill.

Verse 24 says, “Thus the work on the house of God in Jerusalem came to a standstill until the second year of the reign of Darius king of Persia.” At first glance, this seems like a tragic ending. The people had returned with hope, the foundation had been laid, and yet the work stopped. For nearly eighteen years, the temple remained unfinished.

But what looked like failure was not the end. God had not abandoned His people, and His promise had not changed. The opposition of people could delay God’s work, but it could never destroy God’s purpose. As Isaiah 46:10 reminds us, God declares “the end from the beginning” and His purposes will stand.

The confusion in Ezra 4 is that the writer brings together two different moments of opposition. Verses 17–23 describe a later attempt to stop the rebuilding of Jerusalem’s walls during the reign of King Artaxerxes, which prepares us for the events recorded in the book of Nehemiah. Verse 24 looks back to the earlier opposition against rebuilding the temple, preparing us for the restoration that begins in Ezra 5. In both situations, the message is the same: opposition may interrupt God’s work, but it cannot overcome God’s plan.

The people of God experienced a delay, but they were not defeated. When God’s appointed time came, He raised up leaders like Zerubbabel and Joshua, encouraged His people through His prophets Haggai and Zechariah, and the work began again. Ezra 5:1–2 tells us, “The prophets Haggai and Zechariah... prophesied to the Jews in Judah and Jerusalem in the name of the God of Israel... Then Zerubbabel son of Shealtiel and Joshua son of Jozadak set to work to rebuild the house of God.”

What a powerful reminder: God knows how to restart what seems impossible. He can revive forgotten dreams, restore broken efforts, and strengthen weary hearts. A closed door does not mean God has cancelled His plan. A season of waiting does not mean God is absent. Sometimes God allows a pause because He is preparing His people for the next season of His work.

Many times in life, we experience our own “Ezra 4 moments.” We begin something God has called us to do, but then opposition comes. We face criticism, disappointment, weakness, financial struggles, or unexpected obstacles. We may wonder, “Did I misunderstand God? Has His plan failed?”

But Ezra teaches us that resistance is not always a sign of God’s rejection. Even Jesus experienced opposition, suffering, and the cross before the victory of resurrection. What appeared to be the greatest defeat in history became the greatest victory. As Romans 8:28 declares, “In all things God works for the good of those who love Him, who have been called according to His purpose.”

God’s people may experience delays, but God’s promises remain. The temple that stopped in Ezra 4 would eventually be completed. The work that seemed abandoned would be restored. The story of God’s people would continue because God is faithful.

Therefore, when you face opposition, do not measure God’s faithfulness by your present circumstances. Trust His timing. Continue to walk in obedience. Remember that the God who begins a good work is also the God who brings it to completion (Philippians 1:6).

Prayer: Faithful God, thank You that opposition cannot defeat Your purposes. When we face delays, disappointments, and difficulties, help us remember that You are still working even when we cannot see it. Give us patience to wait for Your timing, courage to continue in obedience, and faith to believe that You can restore what seems lost. May our lives testify that You are the God who completes what You begin. In Jesus’ name, Amen.

Comments