যেতিয়া ঈশ্বৰে নিৰুৎসাহিত অন্তৰক পুনৰ জীৱন্ত কৰি তোলে (ইজ্ৰা ৫:১–৫) | When God Revives a Discouraged Heart (Ezra 5:1-5)
যেতিয়া ঈশ্বৰে নিৰুৎসাহিত অন্তৰক পুনৰ জীৱন্ত কৰি তোলে (ইজ্ৰা ৫:১–৫)
নিৰুৎসাহ হৈছে চয়তানৰ আটাইতকৈ প্ৰভাৱশালী অস্ত্ৰসমূহৰ ভিতৰত এটা। যেতিয়া বিৰোধিতা দীঘলীয়া হয়, প্ৰাৰ্থনাৰ উত্তৰ নোপোৱা যেন লাগে, আৰু ঈশ্বৰৰ কাম আগবাঢ়া বন্ধ হৈ যোৱা যেন অনুভৱ হয়, তেতিয়া সহজেই মন ভাঙি যায়। কিন্তু কষ্টৰ সময় আহিছে বুলি ঈশ্বৰে নিজৰ লোকসকলক ত্যাগ কৰিছে, তেনে নহয়। যীচুৱে নিজেই তেওঁৰ শিষ্যসকলক কৈছিল, “জগতত তোমালোকৰ ক্লেশ আছে; কিন্তু নিৰ্ভয় হোৱা; ময়েই জগতক জয় কৰিলোঁ” (যোহন ১৬:৩৩)। খ্ৰীষ্টীয় জীৱন কেতিয়াও সহজ হ’ব বুলি প্ৰতিজ্ঞা কৰা হোৱা নাই, কিন্তু এই জীৱন ঈশ্বৰৰ সৰ্বশক্তিমান যত্নৰ অধীনত থাকিব বুলি নিশ্চয়কৈ প্ৰতিজ্ঞা কৰা হৈছে (ৰোমীয়া ৮:২৮)।
ইজ্ৰা ৫ অধ্যায়ত আমি ঠিক এই দৃশ্যই দেখা পাওঁ। তীব্ৰ বিৰোধিতাৰ ফলত ঈশ্বৰৰ মন্দিৰ পুনৰ নিৰ্মাণৰ কাম বহু বছৰ ধৰি সম্পূৰ্ণৰূপে বন্ধ হৈ আছিল (ইজ্ৰা ৪:২৪)। ভয় আৰু নিৰুৎসাহে লোকসকলক থমকাই দিছিল। কিন্তু ঈশ্বৰৰ উদ্দেশ্য বিফল হোৱা নাছিল। ঠিক তেওঁৰ নিৰ্ধাৰিত সময়ত তেওঁ দুজন বিশ্বস্ত ভাববাদী, হগ্গয় আৰু জখৰিয়াক, তেওঁৰ বাক্য ঘোষণা কৰিবলৈ তুলিলে (ইজ্ৰা ৫:১)। তেওঁলোকৰ বাৰ্তাই লোকসকলক নিজৰ ভয়ৰ ওপৰত দৃষ্টি নিবদ্ধ নকৰি পুনৰ প্ৰভুৰ ওপৰত ভৰসা কৰিবলৈ আহ্বান জনালে। কাৰণ “শ্ৰৱণৰ দ্বাৰাই বিশ্বাস, আৰু খ্ৰীষ্টৰ বাক্যৰ দ্বাৰাইহে শ্ৰৱণ হয় (ৰোমীয়া ১০:১৭)। ঈশ্বৰৰ বাক্যই তেওঁলোকৰ হৃদয়ত পুনৰ সাহস জগাই তুলিলে।
ঈশ্বৰৰ প্ৰতিজ্ঞাৰ দ্বাৰা শক্তি লাভ কৰি জৰুব্বাবিল আৰু যেচূৱাই একেলগে মন্দিৰ পুনৰ নিৰ্মাণৰ কাম আৰম্ভ কৰিলে, আৰু ঈশ্বৰৰ ভাববাদীসকলেও তেওঁলোকক সহায় কৰিলে (ইজ্ৰা ৫:২)। প্ৰকৃত আত্মিক পুনৰুজ্জীৱন সদায় ঈশ্বৰৰ বাক্যলৈ ঘূৰি আহি আজ্ঞাপালনৰ পৰাই আৰম্ভ হয়। প্ৰভুৱে কেৱল সান্ত্বনাৰ বাক্যেই নিদিয়ে; তেওঁ তেওঁৰ লোকসকলক বিশ্বাসী আজ্ঞাপালনৰ জীৱনলৈ আহ্বান জনায় (যাকোব ১:২২)।
স্বাভাৱিকভাৱেই, পুনৰ আজ্ঞাপালন আৰম্ভ হোৱাৰ লগে লগে পুনৰ বিৰোধিতাও আহিল। ইউফ্ৰেটিছ নদীৰ পশ্চিম অংশৰ দেখাধ্যক্ষ তত্তনয় তেওঁলোকৰ অধিকাৰৰ বিষয়ে প্ৰশ্ন তুলিলে আৰু কামটোক প্ৰত্যাহ্বান জনালে (ইজ্ৰা ৫:৩)। কিন্তু আগৰ দৰে এইবাৰ ঈশ্বৰৰ লোকসকলে কাম বন্ধ নকৰিলে। কিয়? কাৰণ শত্ৰুতকৈও মহান কোনোৱে তেওঁলোকক ধৰি ৰাখিছিল। ইজ্ৰা ৫:৫ পদত কৈছে, "যিহুদীবিলাকৰ বৃদ্ধবিলাকলৈ তেওঁবিলাকৰ ঈশ্বৰৰ দৃষ্টি থকাত"। প্ৰভুৰ সৰ্বশক্তিমান হাত তেওঁলোকৰ ওপৰত আছিল। পাৰস্যৰ কৰ্তৃপক্ষই তদন্ত আৰম্ভ কৰিছিল যদিও,
দাৰিয়াবচ ৰজাই বিষয়টো পৰ্যালোচনা কৰি উত্তৰ নিদিয়ালৈকে, ঈশ্বৰে তেওঁলোকক সেই কাম বন্ধ কৰিবলৈ নিদিলে। যিজন ঈশ্বৰে এই কাম আৰম্ভ কৰিছিল, তেৱেঁই ইয়াক সম্পূৰ্ণও কৰিব (ফিলিপীয়া ১:৬)।
আজিও এই একেই সত্যই বিশ্বাসীসকলক উৎসাহিত কৰে। খ্ৰীষ্টৰ বাবে জীৱন-যাপন কৰোঁতে আমি বিৰোধিতা, বাধা, বা কঠিন সময়ৰ সন্মুখীন হ’ব পাৰোঁ। কিন্তু আমাৰ আত্মবিশ্বাস কেতিয়াও অনুকূল পৰিস্থিতিৰ ওপৰত নিৰ্ভৰ নকৰে; ই ঈশ্বৰৰ অটল উপস্থিতিৰ ওপৰত নিৰ্ভৰ কৰে। তেওঁৰ দৃষ্টি সদায় তেওঁৰ সন্তানসকলৰ ওপৰত থাকে (গীতমালা ৩৩:১৮; ২ বংশাৱলী ১৬:৯)। কোনো বাধাই তেওঁৰ উদ্দেশ্যক শেষ পৰ্যন্ত বিফল কৰিব নোৱাৰে। সেয়ে কষ্ট আহিলে নিৰুৎসাহিত নহ’ব। ঈশ্বৰৰ বাক্যলৈ উভতি আহক, তেওঁৰ প্ৰতিজ্ঞাত বিশ্বাস ৰাখক, আৰু তেওঁ আপোনাক যি উদ্দেশ্যৰ বাবে মাতিছে, সেই কাৰ্য্য বিশ্বাসেৰে কৰি যাওক। যিজন ঈশ্বৰে নিৰুৎসাহিত হৃদয়ক পুনৰ জীৱন্ত কৰি তোলে, তেওঁ আজিও নিজৰ লোকসকলৰ ওপৰত দৃষ্টি ৰাখিছে।
প্ৰাৰ্থনা: স্বৰ্গীয় পিতৃ, কষ্ট আৰু নিৰুৎসাহৰ সময়তো আপোনাৰ লোকসকলক কেতিয়াও ত্যাগ নকৰাৰ বাবে আপোনাক ধন্যবাদ। আপোনাৰ বাক্যৰ দ্বাৰা আমাৰ হৃদয় শক্তিশালী কৰক আৰু বিৰোধিতাৰ মাজতো আপোনাৰ আজ্ঞা পালন কৰাৰ সাহস দিয়ক। আমাক সদায় মনত পেলাবলৈ সহায় কৰক যে আপোনাৰ দৃষ্টি সদায় আমাৰ ওপৰত আছে আৰু আপোনাৰ উদ্দেশ্য কেতিয়াও বিফল নহয়। আমাৰ বিশ্বাস পুনৰ সজীৱ কৰক, আমাৰ হাতৰ কাম আপোনাৰ মহিমাৰ বাবে স্থাপন কৰক, আৰু আপুনি আমাক যি দায়িত্ব দিছে, সেয়া সম্পূৰ্ণ নোহোৱালৈকে আমাক বিশ্বাসী কৰি ৰাখক। যীচুৰ নামত, আমেন।
When God Revives a Discouraged Heart (Ezra 5:1–5)
Discouragement is one of Satan's most effective weapons. When opposition lingers, prayers seem unanswered, and God's work appears to stall, it is easy to lose heart. Yet seasons of hardship are not signs that God has abandoned His people. Jesus Himself warned His followers, "In this world you will have trouble. But take heart! I have overcome the world" (John 16:33). The Christian life has never been promised to be easy, but it has always been promised to be under the care of our sovereign God (Romans 8:28).
That was the situation in Ezra 5. Because of fierce opposition, the rebuilding of God's temple had come to a complete standstill for many years (Ezra 4:24). Fear and discouragement had silenced the work. Yet God's purposes had not failed. At exactly the right time, He raised up two faithful prophets, Haggai and Zechariah, to proclaim His Word to His people (Ezra 5:1). Their message called the people to stop focusing on their fears and start trusting the Lord again. As "faith comes from hearing the message" (Romans 10:17), God's Word rekindled courage in their hearts.
Strengthened by God's promises, Zerubbabel the governor and Joshua the high priest rose together to resume rebuilding the temple, supported by the ministry of God's prophets (Ezra 5:2). True spiritual renewal always begins when God's people return to His Word in obedience. The Lord does not merely encourage His people with comforting words; He calls them to faithful action (James 1:22).
Predictably, renewed obedience attracted renewed opposition. Tattenai, the governor of Trans-Euphrates, questioned their authority and challenged the work (Ezra 5:3). But unlike before, God's people did not stop. Why? Because something greater than their enemies sustained them. "The eye of their God was watching over the elders of the Jews" (Ezra 5:5). The Lord's sovereign hand was upon them. Though earthly authorities investigated the project, God restrained them until King Darius could review the matter. The God who had begun the work would also preserve it (Philippians 1:6).
The same truth encourages believers today. We may face opposition, setbacks, or seasons when serving Christ feels difficult. Yet our confidence is never found in favorable circumstances but in God's faithful presence. His watchful eye is upon His children (Psalm 33:18; 2 Chronicles 16:9). No obstacle can ultimately prevent Him from accomplishing His purposes. When hardship comes, do not surrender to discouragement. Return to God's Word, trust His promises, and continue the work He has called you to do. The God who revives weary hearts is still watching over His people.
Prayer: Heavenly Father, thank You for never abandoning Your people, even in seasons of hardship and discouragement. Strengthen our hearts through Your Word and give us courage to obey You when opposition comes. Help us to remember that Your eyes are always upon us and that Your purposes cannot fail. Renew our faith, establish the work of our hands for Your glory, and keep us faithful until the work You have entrusted to us is complete. In Jesus' name, Amen.

Comments
Post a Comment