ঈশ্বৰৰ বাক্যৰ বাবে প্ৰস্তুত হৃদয় (ইজ্ৰা ৭:১–১০) | A Heart Prepared for God's Word (Ezra 7:1-10)
ঈশ্বৰৰ বাক্যৰ বাবে প্ৰস্তুত হৃদয় (ইজ্ৰা ৭:১–১০)
আমাৰ জীৱনত বহু সময় অপেক্ষাৰ ঋতু আহে। কেতিয়াবা ঈশ্বৰে জীৱনৰ নতুন অধ্যায় আৰম্ভ নকৰালৈকে বহু বছৰ পাৰ হৈ যায়। ইজ্ৰা ৬ অধ্যায়ৰ শেষত আমি দেখোঁ যে ৫১৫ খ্ৰীষ্টপূৰ্বত মন্দিৰৰ নিৰ্মাণ সম্পূৰ্ণ হৈছিল। তাৰ পিছত প্ৰায় ষাঠি বছৰ পাৰ হোৱাৰ পিছতহে ইজ্ৰা ৭ অধ্যায় আৰম্ভ হয়। কিন্তু এই নীৰৱ বছৰবোৰতো ঈশ্বৰে তেওঁৰ লোকসকলক পাহৰি যোৱা নাছিল। ঠিক নিজৰ নিৰ্ধাৰিত সময়ত তেওঁ ইজ্ৰাক উঠাই আনিলে, যিজনে শিল বা দেৱাল নিৰ্মাণ কৰিবলৈ নহয়, বৰং ঈশ্বৰৰ বাক্যৰ দ্বাৰা তেওঁৰ লোকসকলৰ হৃদয় পুনৰ গঢ়িবলৈ আহিছিল। ঈশ্বৰে সদায় সঠিক সময়ত সঠিক ব্যক্তিক নিজৰ কামৰ বাবে প্ৰস্তুত কৰে (গালাতীয়া ৪:৪)।
ইজ্ৰা কোনো সাধাৰণ ব্যক্তি নাছিল। তেওঁ ইস্ৰায়েলৰ প্ৰথম মহাপুৰোহিত হাৰোণৰ বংশৰ এজন পুৰোহিত আছিল (ইজ্ৰা ৭:১–৫; যাত্ৰাপুস্তক ২৮:১)। তেওঁৰ বংশত পীনহচৰ দৰে ঈশ্বৰৰ পবিত্ৰতাৰ বাবে উৎসাহী ব্যক্তি আছিল (গণনা ২৫:১০–১৩), আৰু হিল্কিয়াৰ দৰে মহাপুৰোহিত আছিল, যাৰ সময়ত ঈশ্বৰৰ বিধানৰ পুথি পুনৰ উদ্ধাৰ হৈছিল আৰু ৰজা যোচিয়াৰ সময়ত এক মহান আত্মিক জাগৰণ ঘটিছিল (২ ৰাজাৱলি ২২:৮–১৩)। এই বংশগৌৰৱ নিঃসন্দেহে বিশেষ আছিল, কিন্তু ইজ্ৰাৰ প্ৰকৃত যোগ্যতা তেওঁৰ বংশ নহয়, ঈশ্বৰৰ প্ৰতি তেওঁৰ ব্যক্তিগত সমৰ্পণ আছিল।
এই অধ্যায়ত দুবাৰকৈ কোৱা হৈছে যে “তেওঁৰ ঈশ্বৰৰ মঙ্গলময় হাত তেওঁৰ ওপৰত আছিল” (ইজ্ৰা ৭:৬, ৯)। ঈশ্বৰৰ অনুগ্ৰহ ইজ্ৰাৰ ওপৰত আছিল, কিয়নো তেওঁৰ হৃদয় সম্পূৰ্ণৰূপে ঈশ্বৰৰ আছিল। ১০ নম্বৰ পদত তেওঁৰ জীৱনৰ গোপন কথা প্ৰকাশ পাইছে: “কিয়নো যিহোৱাৰ ব্যৱস্থাৰ বুজ লৈ সেই মতে কাৰ্য্য কৰিবলৈ, আৰু ইস্ৰায়েলৰ মাজত বিধি আৰু শাসন-প্ৰণালীৰ শিক্ষা দিবলৈ ইজ্ৰাই নিজ মন থিৰ কৰিছিল।"
ইজ্ৰাৰ জীৱনত এটা সুন্দৰ ধাৰা দেখা যায়। তেওঁ প্ৰথমে ঈশ্বৰৰ বাক্য অধ্যয়ন কৰিছিল, তাৰ পিছত সেই বাক্য পালন কৰিছিল, আৰু শেষত আনক শিক্ষা দিছিল। তেওঁৰ সেৱা নিজৰ জীৱনত ঈশ্বৰৰ বাক্যৰ শক্তি অনুভৱ কৰাৰ পিছতহে আৰম্ভ হৈছিল। এয়াই যাকোব ১:২২ পদৰ শিক্ষা: কেৱল বাক্য শুনোতা নহয়, কিন্তু বাক্য পালন কৰোঁতা হওক।
ইস্ৰায়েলৰ কেৱল পুনৰ নিৰ্মিত মন্দিৰৰে প্ৰয়োজন নহয়; তেওঁলোকৰ পুনৰ নবীকৃত হৃদয়ৰ প্ৰয়োজন আছিল। কেৱল এটা সুন্দৰ উপাসনালয় কেতিয়াও আত্মিক জাগৰণ আনিব নোৱাৰে। যেতিয়া ঈশ্বৰৰ লোকসকলে নম্ৰতাৰে তেওঁৰ বাক্য গ্ৰহণ কৰে, তাক পালন কৰে আৰু সেই অনুসাৰে জীৱন যাপন কৰে, তেতিয়াহে প্ৰকৃত পৰিবৰ্তন আহে। আজিও একেই সত্য। গীৰ্জা, সেৱাকাৰ্য আৰু খ্ৰীষ্টীয় কাৰ্যকলাপ গুৰুত্বপূৰ্ণ, কিন্তু স্থায়ী আত্মিক পৰিবৰ্তন আৰম্ভ হয় যেতিয়া ঈশ্বৰৰ বাক্যই আমাৰ চিন্তা, হৃদয় আৰু জীৱনক গঢ় দিয়ে (২ তীমথিয় ৩:১৬–১৭)।
ইজ্ৰাই শেষত আমাক যীচু খ্ৰীষ্টৰ ফালে আঙুলিয়াই দিয়ে। যীচু হৈছে সিদ্ধ শিক্ষক আৰু জীৱন্ত বাক্য (যোহন ১:১, ১৪)। তেওঁ কেৱল ঈশ্বৰৰ সত্য শিক্ষা দিয়াই নহয়, সেই সত্য সম্পূৰ্ণৰূপে পালন কৰিলে আৰু পূৰ্ণ কৰিলে। তেওঁৰ দ্বাৰাই ঈশ্বৰে পবিত্ৰ আত্মাৰ যোগেদি নিজৰ বিধান আমাৰ হৃদয়ত লিখি দিয়ে (যিৰিমিয়া ৩১:৩৩)। সেয়ে, আমি খ্ৰীষ্টক অনুসৰণ কৰোঁতে তেওঁৰ বাক্যক হৃদয়ত ধৰি ৰাখিবলৈ, বিশ্বাসেৰে পালন কৰিবলৈ আৰু আনকো সেই সত্য শিক্ষা দিবলৈ আহ্বান পোৱা লোক।
প্ৰাৰ্থনা: হে স্বৰ্গীয় পিতৃ, ইজ্ৰাৰ দৰে হৃদয় আমাকো দিয়া, যি হৃদয়ে আপোনাৰ বাক্য অধ্যয়ন কৰিবলৈ আগ্ৰহী, তাক পালন কৰিবলৈ ইচ্ছুক, আৰু নিজৰ কথা আৰু জীৱনৰ দ্বাৰা আনক শিক্ষা দিবলৈ প্ৰস্তুত। আপোনাক অনুসৰণ কৰাৰ পথত আপোনাৰ কৃপাময় হাত আমাৰ ওপৰত থাকক। আপোনাৰ বাক্য আমাৰ হৃদয়ত সাঁচি ৰাখিবলৈ আমাক সহায় কৰক, যাতে আমি আপোনাৰ বিৰুদ্ধে পাপ নকৰোঁ (গীতমালা ১১৯:১১)। আমাৰ জীৱনক এনে বিশ্বস্ত শিষ্যৰ জীৱন কৰক, যিয়ে আনক যীচু খ্ৰীষ্ট, সেই জীৱন্ত বাক্যৰ ওচৰলৈ লৈ যায়। যীচুৰ নামত, আমেন।
A Heart Prepared for God’s Word (Ezra 7:1–10)
Life often has seasons of waiting. Sometimes years pass before we see God’s next chapter unfold. At the end of Ezra 6, the temple had finally been completed in 515 BC. Then, almost sixty years pass before Ezra 7 begins. Yet even in those silent years, God had not forgotten His people. At just the right time, He raised up a man who would lead them, not by rebuilding walls or laying stones, but by restoring their hearts through the Word of God. God always prepares the right servant for the right season (Galatians 4:4).
Ezra was not an ordinary man. He was a priest descended from Aaron, Israel’s first high priest (Ezra 7:1–5; Exodus 28:1). His family line included faithful men such as Phinehas, who zealously defended God's holiness (Numbers 25:10–13), and Hilkiah, the priest through whom the lost Book of the Law was rediscovered during King Josiah's reign, leading to national revival (2 Kings 22:8–13). While this was a remarkable heritage, Ezra's greatest qualification was not his ancestry but his personal devotion to the Lord.
Twice in this chapter we are told that "the gracious hand of his God was on him" (Ezra 7:6, 9). God's favor rested upon Ezra because his heart belonged to God. Verse 10 beautifully reveals the secret of his life: "For Ezra had devoted himself to the study and observance of the Law of the LORD, and to teaching its decrees and laws in Israel." Ezra followed a God-honoring pattern. He first studied God's Word, then obeyed it, and finally taught it to others. His ministry flowed out of a life that had first been transformed by the truth. This reminds us of James 1:22, which calls us not merely to hear the Word but to do what it says.
Israel needed more than a rebuilt temple; they needed renewed hearts. Buildings alone cannot produce revival. God's people are transformed when they humbly receive, obey, and live out His Word. The same remains true today. Churches, ministries, and Christian activities are important, but lasting spiritual renewal begins when God's Word shapes our minds, hearts, and lives (2 Timothy 3:16–17).
Ezra ultimately points us to Jesus Christ, the perfect Teacher and the living Word of God (John 1:1, 14). Jesus not only taught God's truth but perfectly obeyed it and fulfilled it. Through Him, God writes His law upon our hearts by the Holy Spirit (Jeremiah 31:33). As we follow Christ, we too are called to treasure His Word, obey it faithfully, and pass it on to others.
Prayer: Heavenly Father, give us hearts like Ezra's, hearts that are eager to study Your Word, willing to obey it, and ready to teach it through our words and our lives. May Your gracious hand rest upon us as we seek to follow You. Help us hide Your Word in our hearts, that we might not sin against You (Psalm 119:11), and make us faithful disciples who point others to Jesus Christ, the living Word. In His name we pray, Amen.

Comments
Post a Comment