পুনঃস্থাপন কৰা স্বীকাৰোক্তি (ইজ্ৰা ১০:১–৮) / Confession that Leads to Restoration (Ezra 10:1-8)
পুনঃস্থাপন কৰা স্বীকাৰোক্তি (ইজ্ৰা ১০:১–৮)
খ্ৰীষ্টীয় বিশ্বাসৰ এক গুৰুত্বপূৰ্ণ সত্য হৈছে: আনৰ বিশ্বাসে কেতিয়াও আমাক পৰিত্ৰাণ দিব নোৱাৰে। আমি প্ৰায় কোৱা শুনো, “ঈশ্বৰৰ নাতি-নাতিনী নাই।” অৰ্থাৎ, কেৱল এজন বিশ্বাসী পৰিয়ালত জন্ম লোৱাৰ বাবে বা বহু প্ৰজন্ম ধৰি খ্ৰীষ্টীয় পৰিয়ালত ডাঙৰ হোৱাৰ বাবে কোনো ব্যক্তি পৰিত্ৰাণ লাভ নকৰে। প্ৰতিজন ব্যক্তিয়ে নিজে যীচু খ্ৰীষ্টৰ ওচৰলৈ আহি, নিজৰ পাপৰ পৰা অনুতাপ কৰি, বিশ্বাসেৰে তেওঁক গ্ৰহণ কৰাৰ প্ৰয়োজন (যোহন ১:১২–১৩; ৰোমীয়া ১০:৯–১০)।ইজ্ৰাই ইতিমধ্যে ইশ্ৰায়েল জাতিৰ পাপৰ বাবে ঈশ্বৰৰ আগত অতি নম্ৰতাৰে স্বীকাৰোক্তি কৰিছিল। তেওঁ চকুপানীৰে, গভীৰ বেদনাৰে ঈশ্বৰৰ আগত নিজকে নত কৰিছিল। কিন্তু তেওঁ ভালদৰে বুজিছিল যে কেৱল তেওঁৰ স্বীকাৰোক্তিয়েই যথেষ্ট নহয়। যিসকলে পাপ কৰিছিল, তেওঁলোকেও নিজ নিজ পাপ স্বীকাৰ কৰি ঈশ্বৰৰ ওচৰলৈ ঘূৰি অহাৰ প্ৰয়োজন। প্ৰকৃত অনুতাপ কেতিয়াও আনৰ পৰা ধাৰ লৈ কৰিব নোৱাৰি; ই ঈশ্বৰে স্পৰ্শ কৰা ব্যক্তিগত হৃদয়ৰ পৰা হে ওলাই আহিব লাগিব।
ইজ্ৰা ১০ অধ্যায়ৰ এই দৃশ্য দুখজনক আৰু একে সময়তে অত্যন্ত সুন্দৰো। ইজ্ৰাক আমি দেখিবলৈ পাওঁ, “তেওঁ ঈশ্বৰৰ গৃহৰ আগত প্ৰাৰ্থনা কৰি, পাপ সৈ কাঢ়ি, ক্ৰন্দন কৰিলে আৰু দীঘল হৈ পৰিলে” (ইজ্ৰা ১০:১)। তেওঁৰ ভগ্নতা কোনো ৰাজহুৱা অভিনয় নাছিল, বৰঞ্চ এজন মেৰপালকৰ আন্তৰিক দুখ আছিল যাৰ হৃদয়ত পাপৰ ওপৰত ঈশ্বৰৰ নিজৰ দুখ প্ৰতিফলিত হৈছিল। তেওঁ প্ৰাৰ্থনা কৰি থাকোঁতেই “ইস্ৰায়েলৰ মতা, তিৰোতা, আৰু লৰা ছোৱালী বৰ এজুম লোক তেওঁৰ ওচৰত গোট খালে; কিয়নো লোকবিলাকে অতিশয়ৰূপে ক্ৰন্দন কৰিছিল" (পদ ১)।
তেওঁলোকৰ চকুলোৱে প্ৰকাশ কৰিলে যে ঈশ্বৰৰ আত্মাই সমগ্ৰ সমাজখনতে পাপ-বোধ জাগ্ৰত কৰি তুলিছে।
এই অংশত পুৰুষ, মহিলা আৰু শিশুৰ একেলগে উল্লেখ বিশেষ তাৎপৰ্যপূৰ্ণ। সেই সময়ৰ সমাজত বহু ক্ষেত্ৰত মহিলা আৰু শিশুক গুৰুত্ব দিয়া নগৈছিল। কিন্তু পবিত্ৰ শাস্ত্ৰই স্পষ্টকৈ দেখুৱাইছে যে ঈশ্বৰৰ লোকসকলৰ মাজত তেওঁলোকো সমানভাৱে অন্তৰ্ভুক্ত। ঠিক সেইদৰে নতুন নিয়মতো শুভবাৰ্তাৰ আহ্বান সকলো মানুহৰ বাবেই, যি কোনো ব্যক্তিয়ে প্ৰভুৰ নাম মাতি তেওঁক বিশ্বাস কৰিব পাৰে, আৰু পৰিত্ৰাণ লাভ কৰিব পাৰে (পাঁচনিৰ কৰ্ম ২:২১; গালাতীয়া ৩:২৮)।
লোকসকলৰ মাজৰ পৰা চখনিয়া সাহসেৰে আগবাঢ়ি আহি জাতিৰ হৈ ক'লে, “আমাৰ ঈশ্বৰৰ বিৰুদ্ধে আমি সত্য-লঙ্ঘন কৰি দেশীয় জাতিবিলাকৰ মাজৰ পৰা বিজাতিয় ছোৱালীবিলাক বিয়া কৰিছোঁ (ইজ্ৰা ১০:২)। তেওঁলোকে নিজৰ পাপ ঢাকিবলৈ চেষ্টা কৰা নাছিল, আনৰ ওপৰত দোষ জাপি দিয়া নাছিল, অথবা নিজৰ ভুল সৰু কৰি দেখুৱাব বিচৰা নাছিল। তেওঁলোকে পাপক ঈশ্বৰে যিদৰে কৈছে, সেইদৰেই স্বীকাৰ কৰিছিল। এইটোৱেই প্ৰকৃত অনুতাপৰ চিন। দায়ূদেও কৈছিল, “মই তোমাৰ আগত মোৰ পাপ স্বীকাৰ কৰিলোঁ... আৰু তুমি মোৰ পাপৰ অপৰাধ ক্ষমা কৰিলা” (গীতমালা ৩২:৫)। প্ৰকৃত স্বীকাৰোক্তি তেতিয়াই আৰম্ভ হয়, যেতিয়া আমি নিজৰ সপক্ষে যুক্তি দিয়া বন্ধ কৰি ঈশ্বৰৰ কথাৰ সৈতে একমত হওঁ।
এই অধ্যায়ৰ মাজত এটা বাক্য সূৰ্যৰ পোহৰৰ দৰে উজ্জ্বল হৈ জিলিকি উঠে, “তথাপি এই বিষয়ে ইস্ৰায়েললৈ এতিয়াও আশা আছে” (ইজ্ৰা ১০:২)। তেওঁলোকৰ পাপ নিশ্চয় ডাঙৰ আছিল, কিন্তু ঈশ্বৰৰ দয়া তাতকৈও মহান আছিল। সমগ্ৰ বাইবেলতে আমি এই একে সত্য দেখিবলৈ পাওঁ: যেতিয়াই মানুহে আন্তৰিকভাৱে অনুতাপ কৰি ঈশ্বৰৰ ওচৰলৈ ঘূৰি আহে, ঈশ্বৰে কেতিয়াও তেওঁলোকৰ বাবে দুৱাৰ বন্ধ নকৰে। তেওঁ অনুতপ্ত হৃদয়ক আদৰি লয় (যোৱেল ২:১২–১৩; লূক ১৫:২০–২৪)।
তাৰ পিছত ইজ্ৰাই ঈশ্বৰৰ ইচ্ছা বিচাৰিলে আৰু সকলো লোকক যিৰূচালেমত সমবেত হ'বলৈ আহ্বান জনালে। যিসকলে আহিবলৈ অস্বীকাৰ কৰিব, তেওঁলোকৰ সম্পত্তি জব্দ কৰা হ'ব আৰু তেওঁলোকক ঈশ্বৰৰ লোকসকলৰ সমাজৰ পৰা পৃথক কৰা হ'ব (ইজ্ৰা ১০:৭–৮)। ইয়াৰ দ্বাৰা ঈশ্বৰে আমাক সোঁৱৰাই দিয়ে যে পাপ কেতিয়াও সৰু বিষয় নহয়। ঈশ্বৰ পবিত্ৰ, আৰু তেওঁ তেওঁৰ লোকসকলকো পবিত্ৰ জীৱন যাপন কৰিবলৈ আহ্বান জনায় (১ পিতৰ ১:১৫–১৬)। পৰিত্ৰাণ অনুগ্ৰহৰ দ্বাৰাই বিনামূল্যে পোৱা যায়, কিন্তু প্ৰকৃত অনুতাপে সদায় পাপৰ পৰা ঘূৰি আহি ঈশ্বৰৰ আজ্ঞা পালন কৰাৰ ইচ্ছা জন্মায়।
আজিও এই একেই আহ্বান আমাৰ বাবে আছে। ঈশ্বৰে নিখুঁত মানুহ বিচৰা নাই; তেওঁ নম্ৰ আৰু অনুতপ্ত হৃদয় বিচাৰে। যেতিয়া আমি আন্তৰিকতাৰে নিজৰ পাপ স্বীকাৰ কৰি খ্ৰীষ্টৰ ওচৰলৈ আহোঁ, তেতিয়া আমি বুজি পাওঁ যে তেওঁৰ অনুগ্ৰহ আমাৰ সকলো অপৰাধতকৈও মহান। “কিন্তু আমি নিজ নিজ পাপবোৰ স্বীকাৰ কৰিলে, বিশ্বাসী আৰু ধাৰ্মিক যি তেওঁ, তেওঁ আমাৰ পাপবোৰ ক্ষমা কৰে, আৰু সকলো অধৰ্মৰ পৰা আমাক শুচি কৰে" (১ যোহন ১:৯)। ক্ৰুচত যীচুৱে আমাৰ প্ৰাপ্য বিচাৰ নিজে বহন কৰিলে, যাতে তেওঁৰ ওপৰত বিশ্বাস কৰা সকলো মানুহে ক্ষমা, পুনঃস্থাপন আৰু নতুন জীৱন লাভ কৰে।
য'ত আন্তৰিক অনুতাপ থাকে, তাত সদায় আশা থাকে; কিয়নো যীচু খ্ৰীষ্টত সদায় দয়া উপলব্ধ।
প্ৰাৰ্থনা: হে স্বৰ্গীয় পিতৃ, আপোনাক ধন্যবাদ দিওঁ যে আপোনাৰ পৰিত্ৰাণৰ আহ্বান সকলো অনুতপ্ত আৰু বিশ্বাসী লোকৰ বাবে মুকলি। আমাক এনে হৃদয় দিয়ক যাতে আমি কেতিয়াও আমাৰ পৰিয়াল, ধৰ্মীয় পৰম্পৰা বা নিজৰ ভাল কৰ্মৰ ওপৰত ভৰসা নকৰোঁ; বৰঞ্চ কেৱল যীচু খ্ৰীষ্টৰ ওপৰতেই সম্পূৰ্ণ বিশ্বাস ৰাখোঁ। আমাৰ হৃদয় নম্ৰ কৰি দিয়ক, যাতে আমি নিজৰ পাপ সোনকালে স্বীকাৰ কৰোঁ আৰু আনন্দেৰে আপোনাৰ আজ্ঞা পালন কৰোঁ। যীচু খ্ৰীষ্টৰ দ্বাৰা দিয়া ক্ষমা, পুনঃস্থাপন আৰু জীৱন্ত আশাৰ বাবে আপোনাক ধন্যবাদ। আপোনাৰ অনুগ্ৰহৰ আনন্দত প্ৰতিদিন জীৱন যাপন কৰিবলৈ আমাক সহায় কৰক। প্ৰভু যীচুৰ নামত, আমেন।
Confession That Leads to Restoration (Ezra 10:1–8)
One of the most important truths in the Christian faith is that no one is saved by another person's faith. It has often been said, "God has no grandchildren." Every generation, and every individual, must personally respond to God's call with repentance and faith. A godly family, a faithful church, or a rich Christian heritage cannot save us. Each person must come to the Lord personally through Jesus Christ (John 1:12–13; Romans 10:9–10).
Ezra had already humbled himself before God, confessing the sins of the nation with tears and deep sorrow. Yet he understood that corporate confession alone was not enough. Those who had committed the sin also needed to acknowledge their guilt before the Lord. Genuine repentance can never be borrowed; it must arise from a heart that has been convicted by God.
The scene in Ezra 10 is both heartbreaking and beautiful. Ezra is found "praying and confessing, weeping and throwing himself down before the house of God" (Ezra 10:1). His brokenness was not a public performance but the sincere grief of a shepherd whose heart reflected God's own sorrow over sin. As he prayed, "a large crowd of Israelites, men, women and children, gathered around him. They too wept bitterly" (v. 1). Their tears revealed that the Spirit of God was awakening conviction throughout the community.
The inclusion of men, women, and children is significant. In a culture where women and children were often overlooked, Scripture deliberately records their presence, reminding us that God's covenant community embraces people of every age and background. Likewise, under the New Covenant, the invitation of the gospel extends to all who call upon the name of the Lord (Acts 2:21; Galatians 3:28).
Among the people, Shekaniah courageously spoke on behalf of the nation: "We have been unfaithful to our God by marrying foreign women from the peoples around us" (Ezra 10:2). There were no excuses, no attempts to shift blame, and no effort to minimize their guilt. They simply called sin what God called it. This is the mark of genuine repentance. As David prayed, "I acknowledged my sin to You...and You forgave the guilt of my sin" (Psalm 32:5). True confession begins when we stop defending ourselves and begin agreeing with God.
Yet one sentence shines like a ray of hope through the darkness: "But in spite of this, there is still hope for Israel" (Ezra 10:2). The people's failure was great, but God's mercy was greater. Throughout the Scriptures, repentance is never met with a closed door. The Lord delights in receiving those who return to Him with humble hearts (Joel 2:12–13; Luke 15:20–24).
Ezra then sought the Lord and called the people to assemble in Jerusalem. Anyone who refused would face serious consequences, including the loss of property and exclusion from the community (Ezra 10:7–8). This reminds us that sin is never a light matter. God is holy, and He calls His people to pursue holiness (1 Peter 1:15–16). While salvation is freely given by grace, repentance always produces a willingness to turn away from sin and walk in obedience.
The same invitation stands before us today. God is not looking for perfect people but for humble hearts. When we confess our sins honestly and turn to Christ, we discover that His grace is greater than our guilt. "If we confess our sins, He is faithful and just and will forgive us our sins and purify us from all unrighteousness" (1 John 1:9). At the cross, Jesus bore the judgment we deserved so that all who trust in Him might receive forgiveness, restoration, and new life.
There is always hope where there is genuine repentance, because there is always mercy in Jesus Christ.
Prayer: Heavenly Father, thank You that Your invitation to salvation is open to all who repent and believe in Your Son. Guard us from trusting in our family background, our religious traditions, or our own goodness. Give us humble hearts that are quick to confess our sins and eager to walk in obedience. Thank You that through Jesus Christ there is forgiveness, restoration, and living hope. Help us to live each day in the joy of Your saving grace. In Jesus' name, Amen.

Comments
Post a Comment