প্ৰথমে ঈশ্বৰ: জীৱনৰ সঠিক অগ্ৰাধিকাৰ | First Things First: Honoring God Above Everything Else

 

প্ৰথমে ঈশ্বৰ: জীৱনৰ সঠিক অগ্ৰাধিকাৰ

"পাছে পিতৃ-বংশৰ মূল মানুহবিলাকৰ মাজৰ কেতবিলাক লোকে যিৰূচালেমত থকা যিহোৱাৰ গৃহৰ ঠাইলৈ আহি, যিহোৱাৰ গৃহ নিজ ঠাইত স্থাপন কৰিবৰ অৰ্থে ইচ্ছামতে দান দিলে।" — ইজ্ৰা ২:৬৮

আগৰ দিনত যাতায়াতৰ ব্যৱস্থা ইমান সুবিধাজনক নাছিল। কোনো দূৰ-দূৰণিৰ যাত্ৰা মানেই বহু সময়ত ঠাঁই নোপোৱা ৰেলযাত্ৰা, দীঘলীয়া বাছ ভ্ৰমণ, গধুৰ বোজা, শিশুৰ যত্ন আৰু অসংখ্য অসুবিধা সহ্য কৰা। এনে যাত্ৰাৰ শেষত ঘৰ পালেই মানুহে প্ৰথমে বিচাৰে অলপ জিৰণি, স্নান, ভালকৈ আহাৰ গ্ৰহণ আৰু কিছু সময় শান্তিত বিশ্ৰাম!

এতিয়া কল্পনা কৰক, বাবিলৰ বন্দীত্বৰ পৰা উভতি অহা ইস্ৰায়েলীয়াসকলৰ কথা। প্ৰায় ৫০,০০০ জন লোক প্ৰায় ৯০০ মাইল (প্ৰায় ১,৪৫০ কিলোমিটাৰ) পথ খোজকাঢ়ি আৰু কাফেলাৰে অতিক্ৰম কৰিছিল। এই যাত্ৰা সম্পূৰ্ণ কৰিবলৈ তেওঁলোকৰ চাৰি মাহৰো অধিক সময় লাগিছিল (ইজ্ৰা ২:৬৪–৬৭)। ক্লান্তি, অনিশ্চয়তা আৰু বহু কষ্টৰ মাজেৰে তেওঁলোকে অৱশেষত যিৰূচালেমত উপস্থিত হ’ল। কিন্তু পবিত্ৰ শাস্ত্ৰই তেওঁলোকৰ আগমনৰ পাছত এটা বিশেষ ঘটনা উল্লেখ কৰে। নিজৰ ঘৰ-দুৱাৰ গঢ়াৰ আগতে বা নিজৰ আৰামৰ কথা চিন্তা কৰাৰ আগতেই তেওঁলোকে ঈশ্বৰৰ মন্দিৰ পুনৰ নিৰ্মাণৰ বাবে স্বেচ্ছাই দান আগবঢ়ালে (ইজ্ৰা ২:৬৮–৬৯)।

এতিয়া প্ৰশ্ন হয়, ইমান ক্লান্ত আৰু অৱসন্ন মানুহে প্ৰথমে বিশ্ৰাম নলৈ দান কিয় আগবঢ়ালে?

কাৰণ তেওঁলোকে এটা গুৰুত্বপূৰ্ণ সত্য বুজি পাইছিল, ঈশ্বৰেই জীৱনত প্ৰথম স্থানৰ যোগ্য। তেওঁলোকৰ বাবে নিজৰ আৰামতকৈ ঈশ্বৰৰ উপাসনা পুনৰুদ্ধাৰ কৰাটো অধিক গুৰুত্বপূৰ্ণ আছিল। তেওঁলোকৰ অগ্ৰাধিকাৰে প্ৰকাশ কৰিছিল যে তেওঁলোকৰ হৃদয় সঁচাকৈয়ে ঈশ্বৰৰ ওপৰত নিবদ্ধ আছিল (মথি ৬:৩৩)।

আজিও আমাৰ জীৱন অসংখ্য দায়িত্ব আৰু ব্যস্ততাৰে ভৰি আছে: চাকৰি, পঢ়াশুনা, পৰিয়ালৰ দায়িত্ব, আৰ্থিক চিন্তা আৰু নানান বিভ্ৰান্তি। বহু সময়ত আমি ভাবোঁ, “সকলো কাম শেষ হৈ লওক তাৰ পাছত ঈশ্বৰৰ বাবে সময় উলিয়াম।” কিন্তু বাস্তৱতে, যদি ঈশ্বৰ আমাৰ প্ৰথম অগ্ৰাধিকাৰ নহয়, তেন্তে তেওঁ সহজেই আমাৰ শেষ অগ্ৰাধিকাৰ হৈ পৰে। বাবিলৰ পৰা উভতি অহা লোকসকলৰ জীৱনে আমাক সোঁৱৰাই দিয়ে যে আমি যিমানেই ব্যস্ত, ক্লান্ত বা চিন্তিত নহওঁ কিয়, ঈশ্বৰৰ সৈতে আমাৰ সম্পৰ্কই সকলোতকৈ আগস্থান লাভ কৰা উচিত।

যেতিয়া আমি আমাৰ সময়, উপাসনা, আজ্ঞাপালন আৰু সম্পদেৰে ঈশ্বৰক প্ৰথম স্থান দিওঁ, তেতিয়া তেওঁ আমাৰ জীৱনৰ বাকী সকলো ক্ষেত্ৰ নিজৰ সিদ্ধ ইচ্ছা অনুসাৰে পৰিচালিত কৰে (হিতোপদেশ ৩:৫–১০)। প্ৰকৃত শান্তি আৰু স্থায়ী আশীৰ্বাদ আমি তেতিয়াই লাভ কৰোঁ, যেতিয়া আমি নিজক নহয়, বৰঞ্চ ঈশ্বৰক প্ৰথম স্থান দিওঁ।

প্ৰাৰ্থনা: হে স্বৰ্গীয় পিতৃ, জীৱনৰ ব্যস্ততাৰ মাজত বহু সময়ত মই আপোনাক প্ৰথম স্থান দিবলৈ পাহৰি যাওঁ। মোক ক্ষমা কৰক। মোক এনে হৃদয় দিয়ক, যাতে মই সকলোতকৈ আগতে আপোনাক বিচাৰোঁ। মোৰ সময়, মোৰ হৃদয়, মোৰ সম্পদ আৰু মোৰ প্ৰতিটো সিদ্ধান্তৰ মাজেৰে আপোনাক সন্মান জনাবলৈ মোক সহায় কৰক। মোৰ জীৱনে সদায় সাক্ষ্য দিয়ক যে আপুনিয়েই মোৰ সৰ্বোচ্চ অগ্ৰাধিকাৰ। প্ৰভু যীচুৰ নামত, আমেন।

First Things First: Honouring God Above Everything Else

"When they arrived at the house of the LORD in Jerusalem, some of the heads of the families gave freewill offerings toward the rebuilding of the house of God on its site." — Ezra 2:68

Before the pressures of modern life, long-distance travel in India was often a tiring experience. Families would spend two or three days on crowded trains or long bus journeys, carrying heavy luggage, caring for children, and enduring delays before finally reaching home. After such a journey, most people would want nothing more than a bath, a good meal, and some restful sleep.

Now imagine the experience of the Jewish exiles. Around 50,000 people travelled nearly 900 miles (1,450 km) on foot and by caravan, a journey that took about four months (Ezra 2:64–67). They had endured fatigue, uncertainty, and countless hardships. Yet when they finally arrived in Jerusalem, Scripture highlights something remarkable. Before settling into their homes or thinking about their own comfort, they gave generous freewill offerings for the rebuilding of God's temple (Ezra 2:68–69).

Why would exhausted people give first instead of resting first? Because they understood something that we often forget: God deserves first place in our lives. They knew that restoring the worship of God was more important than restoring their own comfort. Their priorities revealed where their hearts truly belonged (Matthew 6:33).

Our lives today are also filled with demands: work, studies, family responsibilities, financial pressures, and endless distractions. It is easy to tell ourselves that we will spend time with God after everything else is finished. But the truth is, if God is not our first priority, He often becomes our last. The returning exiles remind us that no matter how busy, tired, or overwhelmed we are, our relationship with God should come before everything else.

When we honour God first: with our time, our worship, our obedience, and even our resources, He shapes every other area of our lives according to His perfect will (Proverbs 3:5–10). True peace and lasting blessing are found not in putting ourselves first, but in putting God first.

Prayer: Heavenly Father, forgive me for the times I have allowed the busyness of life to push You aside. Teach me to seek You before everything else. Help me to honour You with my time, my heart, my resources, and my daily choices. May my life always reflect that You are my greatest priority. In Jesus' name, Amen.

Comments