ঈশ্বৰৰ কাম কেতিয়াও অকলে কৰাৰ বিষয় নহয় (ইজ্ৰা ৮:১–২০) / God's Work Is Never Meant to Be Done Alone (Ezra 8:1-20)

 ঈশ্বৰৰ কাম কেতিয়াও অকলে কৰাৰ বিষয় নহয় (ইজ্ৰা ৮:১–২০)

স্বনিৰ্ভৰশীল হোৱা আৰু বিশ্বাসী হোৱা, এই দুয়োটাৰ মাজত এক গুৰুত্বপূৰ্ণ পাৰ্থক্য আছে। জীৱনৰ দায়িত্বসমূহ আমি নিজেই সামলাব পাৰোঁ বুলি আমি প্ৰায় কওঁ। সেৱা-কাৰ্য, চাকৰি, পৰিয়াল বা ব্যক্তিগত সংগ্ৰাম, যিয়েই নহওক, আমি প্ৰায়ে সহায় বিচাৰিবলৈ সংকোচ বোধ কৰোঁ, কাৰণ আমি নিজকে দুৰ্বল, অসহায় যেন দেখুৱাবলৈ নিবিচাৰোঁ। কিন্তু বাইবেলে আমাক শিকায় যে ঈশ্বৰে কেতিয়াও তেওঁৰ সেৱা কাৰ্য্য অকলেই কৰিবলৈ তেওঁৰ লোকসকলক নিৰ্ধাৰণ কৰা নাই। তেওঁ নিজৰ উপস্থিতি প্ৰদান কৰাৰ যোগেৰে আৰু নিজৰ লোকসকলৰ জৰিয়তে তেওঁৰ উদ্দেশ্য পূৰণ কৰিবলৈ ভাল পায়।

ইজ্ৰাই যেতিয়া বন্দী অৱস্থাৰ পৰা দ্বিতীয়টো দলক যিৰূচালেমলৈ উভতাই নিয়াৰ প্ৰস্তুতি চলাই আছিল, তেতিয়া তেওঁ সকলোকে অহবা নদীৰ ওচৰত একত্ৰিত কৰিলে আৰু তাত উপস্থিত হোৱা লোকসকলক ভালদৰে পৰীক্ষা কৰিলে (ইজ্ৰা ৮:১৫)। সেই সময়ত তেওঁ এটা ডাঙৰ সমস্যা লক্ষ্য কৰিলে যে, সেই দলটোত এজনো লেবী নায়। এইটো সাধাৰণ কথা নহয়। কাৰণ ঈশ্বৰে লেবীয়াসকলক পুৰোহিতসকলৰ সহায়ক হিচাপে আৰু মন্দিৰৰ উপাসনাৰ ব্যৱস্থা চলাই নিয়াৰ বাবে নিযুক্ত কৰিছিল (গণনা ৩:৫–১০)। তেওঁলোকৰ অবিহনে যিৰূচালেমত শুদ্ধ উপাসনা পুনৰ প্ৰতিষ্ঠা কৰা মানে অসম্পূৰ্ণ।

ইজ্ৰাই এই সমস্যাক উপেক্ষা নকৰিলে আৰু অপূৰ্ণ প্ৰস্তুতিৰে আগবাঢ়িও নগ’ল। তেওঁ নম্ৰতাৰে আৰু বিবেচনাৰে ব্যৱস্থা ল’লে। কিটো অভাৱ তাকেই লক্ষ্য কৰি, তেওঁ কিছুমান বিশ্বাসযোগ্য নেতাক কাচিফিয়া নামৰ ঠাইত থকা ইদ্দোৰ ওচৰলৈ পঠিয়াই দিলে, এই মিচন কাৰ্য্যত ভাগ লবলৈ লেবীয়াসকলৰ মাজৰ পৰা কোনো ইচ্ছুক ব্যক্তিক অনুৰোধ কৰিবলৈ (ইজ্ৰা ৮:১৬–১৭)। ঈশ্বৰে সেই অনুৰোধৰ উত্তৰ দিলে। ৩৮ জন লেবী আৰু ২২০ জন সেৱক আনন্দেৰে আহি এই কাৰ্যত যোগ দিলে। ইজ্ৰাই এই সফলতাৰ বাবে একমাত্ৰ ঈশ্বৰকেই কৃতিত্ব দি ক’লে, “আমাৰ ওপৰত আমাৰ ঈশ্বৰৰ মঙ্গলময় হাত আছে” (ইজ্ৰা ৮:১৮, ২০)।

ইজ্ৰাৰ পুথিখনত বাৰে বাৰে এটা সত্য পুনৰাবৃত্তি হৈছে যে, প্ৰতিটো সফলতাৰ আঁৰত ঈশ্বৰৰ অনুগ্ৰহময় হাত আছে (ইজ্ৰা ৭:৬, ৯, ২৮; ৮:১৮, ২২, ৩১)। ইজ্ৰাই কেতিয়াও নিজৰ নেতৃত্ব, পৰিকল্পনা বা জ্ঞানৰ গৌৰৱ নকৰিলে। তেওঁ জানিছিল যে যদিও সাৱধানতাৰে পৰিকল্পনা কৰা প্ৰয়োজন, তথাপিও সঠিক লোকক যোগান ধৰা, তেওঁলোকৰ হৃদয়ক ইচ্ছুক কৰা আৰু সমগ্ৰ কাৰ্য সফল কৰা ঈশ্বৰৰেই কাম। মানুহৰ দায়িত্ব আৰু ঈশ্বৰৰ অনুগ্ৰহ, এই দুয়োটা ঈশ্বৰৰ সাৰ্বভৌম নিয়ন্ত্ৰণৰ অধীনত একেলগে কাম কৰে।

ইজ্ৰাৰ জীৱনে আমাক কেইবাটাও গুৰুত্বপূৰ্ণ শিক্ষা দিয়ে। প্ৰথমতে, নম্ৰতা দুৰ্বলতা নহয়; ই হৈছে জ্ঞান। যিজন ঈশ্বৰৰ দাস নম্ৰ, তেওঁ নিজৰ সীমাবদ্ধতা স্বীকাৰ কৰে আৰু প্ৰয়োজন হ’লে সহায় বিচাৰিবলৈ সংকোচ নকৰে। “ঈশ্বৰে অহংকাৰীবিলাকৰ বিপক্ষ হয়, কিন্তু নম্ৰবিলাকক তেওঁ অনুগ্ৰহ দান কৰে” (যাকোব ৪:৬)।

দ্বিতীয়তে, ঈশ্বৰৰ সেৱা বিশ্বস্তভাৱে কৰিবলৈ হ’লে সাৱধানতাৰে প্ৰস্তুতি ল’ব লাগিব। ঈশ্বৰৰ ওপৰত বিশ্বাস কৰাৰ অৰ্থ এইটো নহয় যে আমি জ্ঞানপূৰ্ণ পৰিকল্পনাক অৱহেলা কৰিম। হিতোপদেশত কৈছে, “পৰিশ্ৰমী লোকৰ চিন্তাই কেৱল লাভ্হে জন্মাই” (হিতোপদেশ ২১:৫)।

তৃতীয়তে, প্ৰতিটো বিজয়ৰ গৌৰৱ কেৱল ঈশ্বৰৰে। আমি যিমানেই পৰিশ্ৰম নকৰোঁ কিয়, যিমানেই সঠিক সিদ্ধান্ত নলওঁ কিয়, শেষত কৃতিত্ব ঈশ্বৰকেই দিযায় উচিত। কিয়নো যীচুৱে কৈছে, “মোৰ অবিহনে তোমালোকে একো কৰিব নোৱাৰা” (যোহন ১৫:৫)।

সম্ভৱতঃ আজি আপুনি এনে এটা বোজা কঢ়িয়াই আছে যিটো অকলে বহন কৰাটো কঠিন। হয়তো আপুনি এতিয়ালৈকে নিজৰ শক্তিৰ ওপৰত নিৰ্ভৰ কৰি ঈশ্বৰৰ সেৱা কৰিবলৈ চেষ্টা কৰি আছে। হয়তো সহায় বিচাৰিলে নিজকে দুৰ্বল যেন লাগিব বুলি ভাবিছে। কিন্তু ইজ্ৰাৰ জীৱনে আমাক সোঁৱৰাই দিয়ে যে বহু সময়ত ঈশ্বৰে আমালৈ বিশ্বস্ত ভাই-ভনীসকল আমাৰ সৈতে থিয় দিয়াৰ ৰূপত প্ৰাৰ্থনাৰ উত্তৰ প্ৰদান কৰে। আৰু তাতোকৈ ডাঙৰ কথা, তেওঁ আমাক সোঁৱৰাই দিয়ে যে তেওঁৰ অনুগ্ৰহময় হাতেই আমাৰ সকলো দায়িত্বৰ বাবে যথেষ্ট।

ঈশ্বৰে যেতিয়াই আমাক কোনো কামৰ বাবে আহ্বান জনায়, তেতিয়াই সেই কাম সম্পূৰ্ণ কৰিবলৈ প্ৰয়োজনীয় সকলো যোগান তেখেতে নিজেই দিয়ে। তেওঁ আমাক শক্তি, জ্ঞান, অনুগ্ৰহ আৰু যাত্ৰাপথত প্ৰয়োজন হোৱা লোকসকলকো প্ৰদান কৰে। আমাৰ দায়িত্ব হৈছে নিজৰ ওপৰত নহয়, সম্পূৰ্ণ হৃদয়েৰে তেওঁৰ ওপৰত নিৰ্ভৰ কৰাটো।

প্ৰাৰ্থনা: হে স্বৰ্গীয় পিতৃ, আমাক সোঁৱৰাই দিয়াৰ বাবে ধন্যবাদ যে, আপোনাৰ সেৱা অকলে কৰিবলৈ আপুনি আমাক দিয়া নাই।
আনৰ সহায় বিচাৰিবলৈ, নিস্থাৰে কাৰ্য কৰিবলৈ আৰু সকলো সফলতাৰ গৌৰৱ আপোনাকে দিবলৈ মোক নম্ৰ হৃদয় প্ৰদান কৰিব। আপুনি যি কামৰ বাবে আমাক আহ্বান জনায়, সেই কাম সম্পূৰ্ণ কৰিবলৈ আপোনাৰ অনুগ্ৰহময় হাতৰ ওপৰত সদায় ভৰসা কৰিবলৈ আমাক শিক্ষা দিব। যীচু খ্ৰীষ্টৰ নামত, আমেন।

God's Work Is Never Meant to Be Done Alone (Ezra 8:1–20)

There is a difference between being independent and being faithful. Many of us like to believe we can handle life's responsibilities on our own. Whether it is ministry, work, family, or personal struggles, we often hesitate to ask for help because we fear appearing weak. Yet Scripture reminds us that God never intended His people to serve Him in isolation. He delights in providing both His presence and His people to accomplish His purposes.

As Ezra prepared to lead the second group of exiles back to Jerusalem, he gathered the people beside the Ahava Canal and carefully examined those who had assembled (Ezra 8:15). During this inspection, he discovered a serious problem: not a single Levite was present. This was no small oversight. The Levites had been appointed by God to assist the priests and care for the worship of the temple (Numbers 3:5–10). Without them, restoring proper worship in Jerusalem would be incomplete.

Rather than ignoring the problem or pressing ahead with insufficient preparation, Ezra responded with humility and wisdom. He recognized what was lacking and immediately sent respected leaders to Iddo in Kasiphia to request Levites who were willing to join the mission (Ezra 8:16–17). God answered that request. Thirty-eight Levites and 220 temple servants willingly came to serve because, as Ezra joyfully acknowledged, "the gracious hand of our God was on us" (Ezra 8:18, 20).

Throughout the book of Ezra, one truth is repeated again and again: every success is ultimately the work of God's gracious hand (Ezra 7:6, 9, 28; 8:18, 22, 31). Ezra never boasted in his leadership, his planning, or his wisdom. He recognized that although careful preparation was necessary, it was God who provided the right people, opened willing hearts, and ensured the success of the mission. Human responsibility and divine grace worked together under God's sovereign care.

Ezra's example teaches us several important lessons. First, humility is not weakness but wisdom. A humble servant of God knows his limitations and is not afraid to seek help. "God opposes the proud but gives grace to the humble" (James 4:6). Second, faithful ministry requires careful preparation. Trusting God does not mean neglecting wise planning. Proverbs reminds us, "The plans of the diligent lead surely to abundance" (Proverbs 21:5). Finally, every victory belongs to the Lord. Even after making wise decisions and working diligently, we must never take credit for what only God could accomplish. As Jesus said, "Apart from Me you can do nothing" (John 15:5).

Perhaps today you are carrying a burden that feels too heavy to bear alone. Maybe you have been trying to serve God in your own strength, refusing to ask for help or believing that dependence is a sign of failure. Ezra reminds us that God often answers our prayers by providing faithful brothers and sisters to stand beside us. More importantly, He reminds us that His gracious hand is sufficient for every task He calls us to do.

Whenever God calls us to His work, He also provides everything necessary to accomplish it. He supplies strength, wisdom, grace, and the people we need along the journey. Our responsibility is not to rely on ourselves but to depend wholeheartedly on Him.

Prayer: Heavenly Father, thank You for reminding us that we were never meant to serve You alone. Give us humble hearts that are willing to seek help, wise minds that prepare faithfully, and grateful spirits that give You all the glory for every success. May we always trust Your gracious hand to provide exactly what we need for the work You have called us to do. In Jesus' name, Amen.

Comments