ঈশ্বৰৰ কাৰ্য সুৰক্ষিত কৰি ৰখা (ইজ্ৰা ৪:১–৫) | Guarding God's Work (Ezra 4:1-5)
ঈশ্বৰৰ কাৰ্য সুৰক্ষিত কৰি ৰখা (ইজ্ৰা ৪:১–৫)
সহায় কৰিবলৈ আগবাঢ়ি অহা প্ৰতিজন ব্যক্তিয়েই সঠিক সহযোগী নহয়। যদিও ঐক্যতা ঈশ্বৰৰ এক সুন্দৰ দান, শাস্ত্ৰই আমাক সোঁৱৰাই দিয়ে যে সত্য ঐক্যতা সদায় ঈশ্বৰলৈ থকা আমাৰ বিশ্বস্ততাৰ ওপৰত প্ৰতিস্থিত হোৱা উচিত। খ্ৰীষ্টীয় পৰিচৰ্যাত পাৰ্টনাৰশ্বিপ কেৱল কোনো লক্ষ্য থকাৰে বিষয় নহয়; খ্ৰীষ্টীয় পৰিচৰ্যা ঈশ্বৰৰ বাক্যৰ সত্যতাৰ প্ৰতি যুটীয়া প্ৰতিশ্ৰুতিত হে ভিত্তি লোৱা উচিত (আমোচ ৩:৩; ২ কৰিন্থীয়া ৬:১৪–১৮)।
বন্দীত্বৰ পৰা উভতি অহা লোকসকলে যেতিয়া মন্দিৰ পুনৰ নিৰ্মাণ আৰম্ভ কৰিলে, তেতিয়া দেশত বাস কৰা কিছুমান লোকে আহি ক’লে, “আমাকো আপোনালোকৰ লগত নিৰ্মাণ কৰিবলৈ দিয়ক” (ইজ্ৰা ৪:২)। প্ৰথম দেখাত তেওঁলোকৰ প্ৰস্তাৱটো যথেষ্ট ভাল যেন লাগিছিল। কিন্তু জৰুব্বাবিল আৰু ইস্ৰায়েলৰ নেতাসকলে দৃঢ়তাৰে সেই প্ৰস্তাৱ নাকচ কৰিলে। কিয়? কাৰণ তেওঁলোক প্ৰকৃত অৰ্থত যিহোৱাৰ প্ৰতি সমৰ্পিত নাছিল। যদিও তেওঁলোকে যিহোৱাৰ উপাসনা কৰাৰ দাবী কৰিছিল, তথাপিও তেওঁলোকৰ উপাসনা আন দেৱ-দেৱীৰ পূজাৰ সৈতে মিহলি আছিল। বহু বছৰ আগতে অচূৰীয়াসকলে তেওঁলোকক ইস্ৰায়েলত বসতি স্থাপন কৰাইছিল। তেওঁলোকে যিহোৱাৰ নাম গ্ৰহণ কৰিছিল, কিন্তু মূৰ্তিপূজা এৰি দিয়া নাছিল (২ ৰাজাৱলি ১৭:২৪–৪১)। সেয়েহে তেওঁলোকৰ যিহোৱাৰ প্ৰতি সম্পূৰ্ণ ৰূপে বাধ্যতা নাছিল।
নেতাসকলে বুজিছিল যে ঈশ্বৰৰ মন্দিৰ আপোচমূলক উপাসনাৰ ওপৰত গঢ়ি উঠিব নোৱাৰে। ঈশ্বৰৰ কাম ঈশ্বৰৰ পদ্ধতিতেই কৰিব লাগিব। সেয়েহে তেওঁলোকে সুবিধাতকৈ বিশ্বস্ততাক বাছি ল’লে, যদিও সেই সিদ্ধান্তৰ ফলত বহু দশক ধৰি তেওঁলোকে বিৰোধিতাৰ সন্মুখীন হ’বলগীয়া হ’ল। ইজ্ৰাই কৈছে যে চাইৰচৰ ৰাজত্বকালৰ পৰা দাৰিয়চৰ ৰাজত্বকাললৈকে, আনকি জাৰ্ক্সিছ আৰু অৰ্তক্ষষ্টৰ দিনলৈকে, তেওঁলোকৰ শত্ৰুসকলে ঈশ্বৰৰ লোকসকলৰ কামত বাধা দিবলৈ অহৰহ চেষ্টা কৰিছিল, যি প্ৰায় সত্তৰ বছৰতকৈও অধিক সময় ধৰি চলিছিল (ইজ্ৰা ৪:৫–৭)। তথাপিও কোনো বিৰোধিতাই ঈশ্বৰৰ উদ্দেশ্য ব্যৰ্থ কৰিব নোৱাৰিলে।
এই শিক্ষা আজিও মণ্ডলীৰ বাবে সমানে গুৰুত্বপূৰ্ণ। আমি সকলো মানুহক প্ৰেম কৰিব লাগে আৰু সম্ভৱ হ’লে সকলোৰে সৈতে শান্তিত থাকিবলৈ চেষ্টা কৰিব লাগে (ৰোমীয়া ১২:১৮)। কিন্তু বাহ্যিক ঐক্যৰ নামত কেতিয়াও বাইবেলৰ সত্যৰ সৈতে আপোচ কৰিব নালাগে। প্ৰকৃত খ্ৰীষ্টীয় সহভাগিতা যীচু খ্ৰীষ্টৰ শুভবাৰ্তা আৰু তেওঁৰ প্ৰতি সম্পূৰ্ণ ভক্তিৰ ওপৰত প্ৰতিষ্ঠিত। ঈশ্বৰৰ কাৰ্য ডাঙৰ মিত্ৰতাৰ জৰিয়তে নহয়, বৰং নিজৰ মণ্ডলী গঢ়া প্ৰভু যীচুলৈ বিশ্বস্ত আনুগত্যৰ জৰিয়তেহে ফলপ্ৰসূ হয় (মথি ১৬:১৮)।
সেয়েহে আহক, আমি যেন কাক সহযোগী হিচাপে গ্ৰহণ কৰিব লাগে সেই বিষয়ে বিচক্ষণ হওঁ, সত্যৰ পক্ষত দৃঢ়ভাৱে থিয় দিবলৈ সাহসী হওঁ, আৰু কেৱল খ্ৰীষ্টৰ প্ৰতিয়েই অটলভাৱে বিশ্বস্ত থাকোঁহক।
প্ৰাৰ্থনা: স্বৰ্গীয় পিতৃ, সত্য আৰু আপোচৰ মাজত পাৰ্থক্য চিনাক্ত কৰিব পৰা জ্ঞান আমাক দিয়ক, আৰু আনুগত্যৰ মূল্য দিবলগীয়া হ’লেও আপোনাৰ প্ৰতি বিশ্বস্ত হৈ থাকিবলৈ সাহস দিয়ক। আমাৰ হৃদয়ক দ্বিধাবিভক্ত ভক্তিৰ পৰা ৰক্ষা কৰক। আমি কৰা প্ৰতিটো সেৱা-কাৰ্য যেন কেৱল আপোনাৰ মহিমাৰ বাবে, যীচু খ্ৰীষ্ট নামৰ অটল ভেটিৰ ওপৰত প্ৰতিষ্ঠিত হয়। আমেন।
Guarding God's Work (Ezra 4:1-5)
Not every helping hand is the right hand to hold. While unity is a beautiful gift, Scripture reminds us that true unity must always be built on faithfulness to God. Partnership in ministry is never merely about shared goals, it must be grounded in a shared commitment to the truth of God's Word (Amos 3:3; 2 Corinthians 6:14–18).
After the exiles began rebuilding the temple, the people living in the land approached them with an attractive offer: "Let us help you build" (Ezra 4:2). At first glance, their proposal seemed generous. Yet Zerubbabel and the other leaders firmly declined. Why? Because these people were not truly devoted to the LORD. Though they claimed to worship Him, their worship was mixed with the worship of other gods. The Assyrians had settled them in Israel generations earlier, and while they had adopted the name of the LORD, they had never abandoned idolatry (2 Kings 17:24–41). Their religion was one of compromise rather than wholehearted obedience.
The leaders understood that God's temple could never be built upon compromised worship. The work of God must be carried out God's way. They chose faithfulness over convenience, even though their decision invited decades of opposition. Ezra tells us that these enemies continually sought to frustrate God's people from the reign of Cyrus until the reign of Darius, with opposition continuing through the days of Xerxes and Artaxerxes, a period spanning more than seventy years (Ezra 4:5–7). Yet despite relentless resistance, God's purposes could not be stopped.
The lesson remains vital for the Church today. We should love all people and seek peace with everyone where possible (Romans 12:18), but we must never sacrifice biblical truth for the sake of outward unity. Genuine Christian fellowship is founded on the gospel of Jesus Christ and wholehearted devotion to Him. Ministry flourishes not through the largest alliances but through faithful obedience to the Lord who builds His Church (Matthew 16:18).
May we be discerning in whom we partner with, courageous enough to stand for truth, and unwavering in our devotion to Christ alone.
Prayer: Heavenly Father, give us wisdom to discern truth from compromise and courage to remain faithful when obedience is costly. Guard our hearts from divided devotion, and help us to serve You with sincerity and purity. May every work we undertake be built upon the unchanging foundation of Jesus Christ, for Your glory alone. Amen.

Comments
Post a Comment