অৰ্ধসত্য আৰু অনুগ্ৰহৰ ঈশ্বৰ (ইজ্ৰা ৪:৬–১৬) | Half-Truths and the God of Grace (Ezra 4:6-16)

 

অৰ্ধসত্য আৰু অনুগ্ৰহৰ ঈশ্বৰ (ইজ্ৰা ৪:৬–১৬)

চয়তানৰ আটাইতকৈ শক্তিশালী অস্ত্ৰ সদায় স্পষ্ট মিছা কথা নহয়; বহু সময়ত সেয়া হয় বিকৃত সত্য। প্ৰভু যীচুৱে চয়তানৰ বিষয়ে কৈছিল, “সি মিছলীয়া আৰু তাৰ বাপেক” (যোহন ৮:৪৪)। আৰম্ভণিৰ পৰাই আমি এই কৌশল দেখিবলৈ পাওঁ। এদেন বাৰীত সৰ্পই ঈশ্বৰৰ বাক্য সম্পূৰ্ণ অস্বীকাৰ কৰাৰ সলনি; সেই বাক্যক বিকৃত কৰি হাৱাক প্ৰতাৰণা কৰিছিল (আদিপুস্তক ৩:১–৫)। ইজ্ৰা ৪:৬–১৬ পদতো আমি একে কৌশলেই ঈশ্বৰৰ লোকসকলৰ বিৰুদ্ধে ব্যৱহাৰ হোৱা দেখিবলৈ পাওঁ।

ইজ্ৰাৰ লেখকে এই ঘটনাৰ মাজতে কিছু ঐতিহাসিক পটভূমি দাঙি ধৰে। ৬ নং পদত ক্ষয়ৰ্ষৰ (Xerxes) ৰাজত্বকাল (খ্ৰীষ্টপূৰ্ব ৪৮৫–৪৬৫) আৰু ৭ নং পদত অৰ্তক্ষস্তৰ (Artaxerxes) ৰাজত্বকাল (খ্ৰীষ্টপূৰ্ব ৪৬৪–৪২৪) উল্লেখ আছে। ইয়াৰ দ্বাৰা বুজা যায় যে ঈশ্বৰৰ লোকসকলৰ ওপৰত হোৱা বিৰোধিতা বহু দশক ধৰি চলি আহিছে। ঈশ্বৰৰ কামত বিশ্বাসযোগ্যভাৱে আগবাঢ়ি যোৱাৰ বাবে ধৈৰ্যৰ প্ৰয়োজন, কিয়নো শত্ৰুৱে সহজে হাৰ নামানে (গালাতীয়া ৬:৯)।

যিহূদাৰ শত্ৰুসকলে অৰ্তক্ষস্ত ৰজালৈ এখন সুপৰিকল্পিত পত্ৰ লিখি যিৰূচালেমক “বিদ্ৰোহী মন্দ নগৰ” বুলি বৰ্ণনা কৰিলে (ইজ্ৰা ৪:১২, ১৫)। তেওঁলোকৰ কথাত কিছু সত্য আছিল। যিৰূচালেমে সঁচাকৈয়ে ঈশ্বৰৰ বিৰুদ্ধে বিদ্ৰোহ কৰিছিল। জাতিটোৱে মূৰ্তিপূজাত লিপ্ত হৈছিল, ঈশ্বৰৰ আজ্ঞা অমান্য কৰিছিল আৰু দুৰ্বলসকলৰ ওপৰত অত্যাচাৰ কৰিছিল। এই পাপৰ বাবেই ঈশ্বৰে তেওঁলোকক বন্দীত্বৰ জৰিয়তে ন্যায়সঙ্গতভাৱে শাস্তি দিছিল (২ বংশাৱলী ৩৬:১৫–২১)।

কিন্তু সেই পত্ৰখনে কাহিনীৰ আটাইতকৈ গুৰুত্বপূৰ্ণ অংশটো ইচ্ছাকৃতভাৱে গোপন কৰিছিল।

এই পত্ৰত ঈশ্বৰৰ দয়াৰ কথা উল্লেখ নাই। লোকসকলৰ অনুতাপৰ কথা উল্লেখ কৰা নাই। ঈশ্বৰে নিজৰ নিয়ম-চুক্তিৰ প্ৰতি বিশ্বস্ত হৈ তেওঁলোকক পুনৰ নিজ দেশলৈ ঘূৰাই অনাৰ প্ৰতিজ্ঞা পূৰণ কৰিছে, এই কথাও উল্লেখ কৰা হোৱা নাই (যিৰিমিয়া ২৯:১০–১৪; ইজ্ৰা ১:১–৪)। সত্যৰ কেৱল এটা অংশ কোৱাৰ দ্বাৰাই ঈশ্বৰৰ শত্ৰুসকলে এনে এখন ছবি আঁকিছিল, যাৰ উদ্দেশ্য আছিল ঈশ্বৰৰ কাম বন্ধ কৰা।

এই ঘটনাই আমাক সোঁৱৰাই দিয়ে যে অৰ্ধসত্যও সম্পূৰ্ণ মিছাৰ দৰেই ক্ষতিকাৰক হ’ব পাৰে। কেতিয়াবা আমাৰ কথাবোৰ তথ্যগতভাৱে শুদ্ধ হ’ব পাৰে, কিন্তু যদি সেই কথাই ঈশ্বৰৰ অনুগ্ৰহ গোপন কৰে, উদ্দেশ্য বিকৃত কৰে বা আনক প্ৰভাৱিত কৰিবলৈ সত্যৰ কেৱল এটা অংশহে ব্যৱহাৰ কৰে, তেন্তে সেয়া আধ্যাত্মিকভাৱে প্ৰতাৰণাহে হয়। খ্ৰীষ্টৰ অনুসাৰী হিচাপে আমি কেৱল মিছা কব নালাগে বুলিতে সীমাবদ্ধ নহয়; আমি “প্ৰেমেৰে সত্য ক’বলৈ” (ইফিচীয়া ৪:১৫) আৰু আমাৰ বাক্য সদায় “অনুগ্ৰহেৰে পূৰ্ণ” হ’বলৈ আহ্বান পোৱা লোক (কলচীয়া ৪:৬)।

সম্ভৱতঃ আজিও চয়তানে আপোনাৰ জীৱনৰ কাহিনীটোৰ কেৱল এটা অংশহে আপোনাক সোঁৱৰাই দিয়ে। সি আপোনাৰ ব্যৰ্থতাৰ কথা মনত পেলায়, কিন্তু ক্ৰুচৰ কথা নকয়। সি আপোনাৰ অতীতৰ পাপ দেখুৱায়, কিন্তু ক্ষমাৰ কথা লুকুৱাই ৰাখে। সি আপোনাক অভিযুক্ত কৰে, কিন্তু আপোনাৰ অনুতাপ, খ্ৰীষ্টৰ বলিদান আৰু ঈশ্বৰৰ সম্পূৰ্ণ ক্ষমাৰ কথা কেতিয়াও উল্লেখ নকৰে (ৰোমীয়া ৮:১, ৩৩–৩৪)। কিন্তু শুভবাৰ্তাই সম্পূৰ্ণ সত্য ঘোষণা কৰে: আমি পাপী, কিন্তু যীচু খ্ৰীষ্টৰ দ্বাৰাই আমি ক্ষমাপ্ৰাপ্ত, পুনঃস্থাপিত আৰু নতুন সৃষ্টি হৈছোঁ (২ কৰিন্থীয়া ৫:১৭)।

সেয়েহে, শত্ৰুৱে সম্পাদনা কৰি দিয়া আপোনাৰ জীৱনৰ কাহিনীত বিশ্বাস নকৰিব। তাৰ পৰিৱৰ্তে, ঈশ্বৰৰ পৰিত্ৰাণকাৰী অনুগ্ৰহে লিখা সম্পূৰ্ণ কাহিনীত বিশ্বাস ৰাখক।

প্ৰাৰ্থনা: হে অনুগ্ৰহময় পিতৃ, আপোনাৰ সত্য সদায় সম্পূৰ্ণ আৰু আপোনাৰ অনুগ্ৰহ আমাৰ সকলো পাপতকৈও মহান, এই সত্যৰ বাবে আপোনাক ধন্যবাদ জনাওঁ। আমি যেতিয়া আধা-সত্য কৈছোঁ, সত্যক অতিৰঞ্জিত বা বিকৃত কৰি আনক আঘাত দিছোঁ, সেই সকলো পাপৰ বাবে আমাক ক্ষমা কৰক। শত্ৰুৰ প্ৰতাৰণাৰ পৰা আমাৰ হৃদয়ক ৰক্ষা কৰক আৰু আমাক সদায় সততা, প্ৰেম আৰু জ্ঞানৰে সত্য ক’বলৈ সহায় কৰক। চয়তানে যেতিয়া আমাক অভিযুক্ত কৰে, তেতিয়া আমাক সোঁৱৰাই দিয়ক যে আমাৰ আশা আমাৰ নিজৰ ধাৰ্মিকতাৰ ওপৰত নহয়, বৰং যীচু খ্ৰীষ্টৰ সম্পূৰ্ণ কৰা পৰিত্ৰাণৰ কাৰ্যৰ ওপৰত স্থাপিত। আমাৰ মুখৰ প্ৰতিটো বাক্য আপোনাৰ সত্য প্ৰকাশ কৰক আৰু আপোনাৰ নামৰ মহিমা বঢ়াওক। আমেন।

Half-Truths and the God of Grace (Ezra 4:6–16)

One of Satan's most effective weapons is not always an outright lie, it is a distorted truth. Jesus described the devil as "a liar and the father of lies" (John 8:44). From the very beginning, Satan has deceived by twisting God's words rather than openly denying them (Genesis 3:1–5). In Ezra 4:6–16, we witness the same strategy at work against God's people.

The writer of Ezra pauses the narrative to remind us that the opposition against God's people was not brief. Verse 6 refers to the reign of Xerxes (485–465 BC), while verse 7 moves to the reign of Artaxerxes (464–424 BC). This historical detail reveals that resistance to God's work continued for decades. Faithful obedience often requires perseverance because the enemy rarely gives up after a single attempt (Galatians 6:9).

The enemies of Judah sent a carefully crafted letter to King Artaxerxes, describing Jerusalem as "a rebellious and wicked city" (Ezra 4:12, 15). On the surface, their words contained truth. Jerusalem had indeed rebelled against God. The nation had fallen into idolatry, ignored God's commandments, and oppressed the weak. Because of these sins, God had justly disciplined His people through exile (2 Chronicles 36:15–21).

But the letter deliberately concealed the most important part of the story.

It never mentioned God's mercy. It ignored the people's repentance. It omitted God's covenant faithfulness and His promise to restore His people to the land (Jeremiah 29:10–14; Ezra 1:1–4). By telling only part of the truth, God's enemies created a false picture designed to stop God's work.

This reminds us that half-truths can be just as destructive as outright lies. Words may be factually accurate yet spiritually deceptive when they hide God's grace, distort motives, or manipulate others for selfish purposes. As followers of Christ, we are called not merely to avoid lying but to "speak the truth in love" (Ephesians 4:15) and to let our speech always be gracious and truthful (Colossians 4:6).

Perhaps even today, Satan whispers only part of your story. He reminds you of your failures but hides the cross. He points to your past but ignores your forgiveness. He accuses you of your sin but refuses to mention Christ's sacrifice, your repentance, and God's complete pardon (Romans 8:1, 33–34). The gospel declares the whole truth: we are indeed sinners, but through Jesus Christ we are forgiven, restored, and made new (2 Corinthians 5:17).

Do not believe the enemy's edited version of your story. Rest instead in the full story of God's redeeming grace.

Prayer: Gracious Father, thank You that Your truth is always complete and Your grace is greater than our sin. Forgive us for the times we have spoken half-truths, exaggerated facts, or used words to harm others. Guard our hearts from the enemy's deception, and help us to speak with honesty, love, and wisdom. When Satan accuses us, remind us that our hope rests not in our righteousness but in the finished work of Jesus Christ. May our words always reflect Your truth and bring glory to Your name. Amen.

Comments