পুনৰুদ্ধাৰ কৰা প্ৰেম | Love that Restores
পুনৰুদ্ধাৰ কৰা প্ৰেম - ৭ ছেপ্টেম্বৰ, ২০২৬
"কিন্তু তোমাৰ ভায়েৰাই যদি তোমাৰ অহিতে অপৰাধ কৰে, তেন্তে তুমি গৈ, তেওঁ অকলে থাকোঁতে তেওঁক অনুযোগ কৰিবা। তেওঁ যদি তোমাৰ কথা শুনে, তেন্তে তোমাৰ ভায়েৰাক পালা।" — মথি ১৮:১৫
খ্ৰীষ্টৰ প্ৰেমৰ অন্যতম মহান প্ৰকাশ আছিল যে তেওঁ কেৱল মানুহৰ শাৰীৰিক প্ৰয়োজন পূৰণ কৰাই নহয়, তেওঁ তেওঁলোকৰ হৃদয়ো বিচাৰিছিল। যীচুৱে কৈছিল যে “যি হেৰাল, তাক বিচাৰি ৰক্ষা কৰিবলৈ" তেওঁ আহিল (লূক ১৯:১০)। তেওঁৰ সমগ্ৰ পাৰ্থিৱ পৰিচৰ্যাৰ সময়ছোৱাত তেওঁ পতিত লোকসকলক প্ৰেমেৰে পুনৰুদ্ধাৰ কৰিছিল। ইয়াৰ এক সুন্দৰ উদাহৰণ হৈছে পিতৰ। পিতৰে তিনিবাৰ নিজৰ প্ৰভুক অস্বীকাৰ কৰাৰ পিছতো যীচুৱে তেওঁক ত্যাগ কৰা নাছিল। বৰঞ্চ, তেওঁ প্ৰেম আৰু অনুগ্ৰহেৰে পিতৰক পুনৰুদ্ধাৰ কৰিলে আৰু পুনৰ তেওঁৰ মেষপালকৰ দায়িত্ব অৰ্পণ কৰিলে (যোহন ২১:১৫–১৭)।
যীচুৱে তেওঁৰ অনুসৰণকাৰীসকলকো একেই পুনৰুদ্ধাৰকাৰী প্ৰেম প্ৰকাশ কৰিবলৈ আহ্বান জনাইছে। যদি কোনো বিশ্বাসী ভাই বা ভনী পাপত পৰি অনুতাপ নকৰাকৈ সেই পাপত জীৱন কটায়, তেন্তে আমাৰ প্ৰতিক্ৰিয়া কেতিয়াও উদাসীনতা, পৰনিন্দা বা কঠোৰ বিচাৰ হোৱা উচিত নহয়। তাৰ পৰিৱৰ্তে, খ্ৰীষ্টই আমাক প্ৰেমেৰে আৰু গোপনে সেই ব্যক্তিজনৰ ওচৰলৈ যাবলৈ আদেশ দিয়ে। উদ্দেশ্য তেওঁক লজ্জিত কৰা, অপমান কৰা বা তৰ্কত জয়লাভ কৰা নহয়; বৰঞ্চ পথভ্ৰষ্ট ভাই বা ভনীক পুনৰ প্ৰভুৰ ওচৰলৈ ঘূৰাই অনা (গালাতীয়া ৬:১; যাকোব ৫:১৯–২০)।
যীচুৰ জ্ঞানপূৰ্ণ নিৰ্দেশ লক্ষ্য কৰক: “তেওঁ অকলে থাকোঁতে তেওঁক অনুযোগ কৰিবা।” প্ৰেমে মানুহৰ মৰ্যাদা ৰক্ষা কৰে। ই আনৰ ব্যৰ্থতা সৰ্বসাধাৰণৰ আগত প্ৰকাশ নকৰে বা আলোচনা-বিষয় কৰি নতুলে। ইয়াৰ পৰিৱৰ্তে, ই নম্ৰতাৰে আগবাঢ়ি যায় আৰু “প্ৰেমত সত্য কথা কয়” (ইফিচীয়া ৪:১৫), যাতে সেই ব্যক্তি অনুতাপ কৰি পুনৰুদ্ধাৰ লাভ কৰে।
যদি তেওঁ আপোনাৰ কথা শুনি প্ৰভুৰ ওচৰলৈ উভতি আহে, তেন্তে আমাৰ দায়িত্ব তাতেই শেষ নহয়। আমি তেওঁক আন্তৰিকতাৰে ক্ষমা কৰিব লাগিব। ঈশ্বৰে ইতিমধ্যে ক্ষমা কৰা পাপবোৰ আমি পুনৰ মনত ৰাখি তেওঁৰ বিৰুদ্ধে ব্যৱহাৰ কৰা উচিত নহয়। ঈশ্বৰে নিজেই প্ৰতিজ্ঞা কৰিছে, “মই তেওঁবিলাকৰ অপৰাধ ক্ষমা কৰিম, আৰু তেওঁবিলাকৰ পাপ মই আৰু নুসুৱৰিম" (যিৰিমিয়া ৩১:৩৪)। যিহেতু খ্ৰীষ্টৰ যোগেদি আমিও সম্পূৰ্ণৰূপে ক্ষমা পাইছোঁ, সেয়েহে আমিও আনক তেনেদৰে ক্ষমা কৰিবলৈ আহ্বানিত (কলচীয়া ৩:১৩)।
ক্ষমা কৰা মানে কেৱল অপৰাধ পাহৰি যোৱা নহয়; বৰঞ্চ যিজনক ঈশ্বৰে ক্ষমা কৰিছে, তেওঁৰ বিৰুদ্ধে সেই অপৰাধ আৰু নধৰাৰ এক সচেতন সিদ্ধান্ত। ক্ৰুচে আমাক সোঁৱৰাই দিয়ে যে ঈশ্বৰৰ অনুগ্ৰহ অপৰাধতকৈ অধিক শক্তিশালী, আৰু তেওঁৰ সন্তানসকলৰ বাবে পুনৰুদ্ধাৰ সদায় তেওঁৰ ইচ্ছা।
প্ৰাৰ্থনা: স্বৰ্গীয় পিতৃ, আপুনি মোৰ পথভ্ৰষ্ট অৱস্থাতো অনুগ্ৰহেৰে মোক বিচাৰি উভতাই আনিছিল, তাৰ বাবে আপোনাক ধন্যবাদ। মোৰ হৃদয় খ্ৰীষ্টৰ প্ৰেমেৰে পূৰ্ণ কৰক, যাতে পতিত লোকক নম্ৰতাৰে পুনৰুদ্ধাৰ কৰিব পাৰোঁ। মোক সত্যক প্ৰেমেৰে ক'বলৈ সাহস, আনৰ মৰ্যাদা ৰক্ষা কৰিবলৈ জ্ঞান, আৰু আপুনি যেনেকৈ খ্ৰীষ্টৰ যোগেদি মোক ক্ষমা কৰিলে, তেনেকৈ আনকো আন্তৰিকতাৰে ক্ষমা কৰিবলৈ অনুগ্ৰহ দান কৰক। মোৰ জীৱনে প্ৰতিদিনে আপোনাৰ পুনৰুদ্ধাৰকাৰী প্ৰেম প্ৰকাশ কৰক। প্ৰভু যীচুৰ নামত, আমেন।
Love That Restores - 7 September, 2026
“If your brother or sister sins, go and point out their fault, just between the two of you. If they listen to you, you have won them over.” — Matthew 18:15
One of the greatest expressions of Christ's love was not merely meeting people's physical needs but pursuing their hearts. Jesus came "to seek and to save the lost" (Luke 19:10), and throughout His earthly ministry He lovingly restored those who had fallen. One beautiful example is Peter. After Peter denied his Lord three times, Jesus did not abandon him. Instead, He gently confronted him, restored him with grace, and entrusted him once again with the care of His flock (John 21:15–17).
Jesus calls His followers to reflect that same restoring love. When a fellow believer falls into sin and continues in it without repentance, our response should never be indifference, gossip, or harsh condemnation. Instead, Christ commands us to lovingly and privately seek that person. The goal is never to shame, embarrass, or win an argument, but to win back a brother or sister whose fellowship with God is in danger (Galatians 6:1; James 5:19–20).
Notice Jesus' wisdom: "Go...just between the two of you." Love protects a person's dignity. It does not broadcast another's failures or make them the subject of conversation. Instead, it takes the initiative in humility, speaking the truth in love (Ephesians 4:15) with the hope of repentance and restoration.
If that person listens and turns back to the Lord, our work is not finished until we also extend forgiveness. We must not keep a record of forgiven sins or repeatedly remind others of their past. God Himself promises, "I will forgive their wickedness and will remember their sins no more" (Jeremiah 31:34). Because we have been completely forgiven through Christ, we are called to forgive others just as freely (Colossians 3:13).
Forgiveness is not merely forgetting an offense; it is choosing not to hold it against someone whom God has already forgiven. The cross reminds us that grace is stronger than guilt, and restoration is always God's desire for His children.
Prayer: Heavenly Father, thank You for pursuing me with Your grace when I wandered from You. Fill my heart with the love of Christ so that I may gently restore those who fall into sin. Give me the humility to speak the truth in love, the wisdom to protect others with discretion, and the grace to forgive as You have forgiven me through Jesus Christ. May my life reflect Your restoring love each day. In Jesus' name, Amen.

Comments
Post a Comment