দহ মিনিট চিৰন্তনতাৰ কথা মনত পেলাওক (Ten Minutes to Remember Eternity) - ১ ছেপ্টেম্বৰ, ২০২৬

দহ মিনিট চিৰন্তনতাৰ কথা মনত পেলাওক - ১ ছেপ্টেম্বৰ, ২০২৬

“কাৰণ ঈশ্বৰৰ সন্তানবিলাক প্ৰকাশিত হোৱালৈ, সৃষ্টিৰ অত্যন্ত আশাই বাট চাই আছে।” — ৰোমীয়া ৮:১৯

ব্যস্ত নগৰ জীৱনত নিজৰ বাবে নিৰৱিচ্ছিন্ন দহ মিনিট সময় উলিয়াব পাৰাটো যেন বহু সময়ত অসম্ভৱ যেন লাগে। কৰ্মব্যস্ততা, যান-জঁট, মোবাইলৰ অবিৰাম জাননী আৰু দৈনন্দিন দায়িত্বৰ মাজত আমি ইমানেই ব্যস্ত হৈ পৰোঁ যে থমকি ৰৈ গভীৰভাৱে চিন্তা কৰাৰ সুযোগ খুব কমেই পাওঁ। অথচ বহু সময়ত জীৱনৰ আটাইতকৈ গভীৰ শিক্ষা আমি পাওঁ, যেতিয়া অলপ সময়ৰ বাবে থমকি ৰওঁ।

এদিন নিজৰ বাবে দহ মিনিট সময় উলিয়াওক।

যদি পাৰে, বাহিৰলৈ ওলাই যাওক। ওচৰৰ উদ্যানত অলপ বহক, এজোপা গছৰ তলত থিয় হওক, আকাশত ভাহি যোৱা ডাৱৰবোৰ চাওক, অথবা কোনো নদীৰ পাৰত বা নিৰিবিলি ঠাইত অলপ সময় কটাওক। যদি আপুনি নগৰৰ মাজতে থাকে আৰু এনে সুযোগ নাপায়, তেন্তে কেৱল জানলাৰ কাষত থিয় হৈ সূৰ্যোদয়, সূৰ্যাস্ত বা ৰাতিৰ আকাশলৈ চাওক। তাৰ পিছত দহ মিনিটৰ বাবে সকলো ব্যাঘাত আঁতৰাই ৰাখক। ঈশ্বৰৰ সৃষ্টিলৈ মনোযোগেৰে চাওক, তাক পৰ্যবেক্ষণ কৰক, আৰু গভীৰভাৱে ভাবক।

চাই থাকোঁতে ঈশ্বৰৰ বাক্যই সৃষ্টিৰ বিষয়ে কি কৈছে, সেয়া মনত পেলাওক। সৃষ্টি কেৱল ঈশ্বৰৰ মহিমাহে প্ৰকাশ নকৰে (গীতমালা ১৯:১); ই বাট চাই আছে।

সাগৰ বাট চাই আছে। অৰণ্য বাট চাই আছে। পৰ্বত বাট চাই আছে। আকাশৰ চৰাই, ওপৰৰ তৰা, আৰু সমগ্ৰ সৃষ্টি অধীৰ আগ্ৰহেৰে বাট চাই আছে (ৰোমীয়া ৮:১৯–২২)। তেওঁলোকে সেই দিনটোৰ বাট চাই আছে, যিদিনা খ্ৰীষ্ট পুনৰ আহিব আৰু ঈশ্বৰৰ উদ্ধাৰপ্ৰাপ্ত সন্তানসকল মহিমাৰে প্ৰকাশ পাব।

সৃষ্টি অপেক্ষা কৰি আছে, কিয়নো আজিও ই পাপৰ ফলত অহা অভিশাপৰ চিহ্ন বহন কৰি আছে। কিন্তু এই অৱস্থা চিৰদিন নাথাকিব। যিজনৰ দ্বাৰাই সকলো সৃষ্টি হ'ল (যোহন ১:৩; কলচীয়া ১:১৬), সেই যীচু খ্ৰীষ্টই পুনৰ অহাৰ প্ৰতিজ্ঞা কৰিছে। সেই দিনা তেওঁ সকলো বস্তু নতুন কৰি তুলিব (প্ৰকাশিত বাক্য ২১:৫)। পাপ, দুখ-কষ্ট, মৃত্যু আৰু অভিশাপৰ সকলো প্ৰভাৱ চিৰদিনৰ বাবে আঁতৰাই দিয়া হ'ব।

যেতিয়া আপোনাৰ সেই দহ মিনিট শেষ হ'ব, তেতিয়া এই সত্যটো মনত ৰাখিব, সৃষ্টিয়ে এতিয়া আৰু দহ মিনিট কম অপেক্ষা কৰিব লাগিব।

প্ৰতিটো পাৰ হোৱা মুহূৰ্তই আমাক আমাৰ ত্ৰাণকৰ্তাৰ গৌৰৱময় পুনৰাগমনৰ আৰু ওচৰলৈ লৈ গৈ আছে। যিজনে এই জগতলৈ আহি পাপহীন জীৱন যাপন কৰিলে, আমাৰ পাপৰ বাবে ক্ৰুচত মৃত্যুবৰণ কৰিলে, পুনৰুত্থান কৰিলে আৰু স্বৰ্গলৈ গ'ল, সেই প্ৰভু যীচুৱে এই প্ৰতিজ্ঞা কৰিছে, “নিশ্চয়ে মই সোনকালে আহিছোঁ।” (প্ৰকাশিত বাক্য ২২:২০)। তেওঁৰ সকলো প্ৰতিজ্ঞা বিশ্বস্ত আৰু নিশ্চিত (২ কৰিন্থীয়া ১:২০)।

সেয়ে, যেতিয়াই জীৱন অতি ব্যস্ত বা ক্লান্তিকৰ যেন লাগে, তেতিয়া এই কেইটামান নিৰৱ মুহূৰ্তে আপোনাক সোঁৱৰাই দিয়ক যে ইতিহাস ঈশ্বৰে নিৰ্ধাৰণ কৰা গন্তব্যৰ দিশে আগবাঢ়ি আছে। খ্ৰীষ্টে ৰাজত্ব কৰি আছে, খ্ৰীষ্ট পুনৰ আহিব, আৰু আমাৰ আশা তেওঁৰ ওপৰত দৃঢ়ভাৱে স্থাপিত।

প্ৰাৰ্থনা: হে প্ৰভু যীচু, আপোনাৰ সৃষ্টিৰ সৌন্দৰ্যৰ বাবে আপোনাক ধন্যবাদ জনাওঁ, যিয়ে সদায় আপোনাৰ শক্তি আৰু বিশ্বস্ততাৰ কথা মোক সোঁৱৰাই দিয়ে। জীৱনৰ ব্যস্ততাৰ মাজতো মোক থমকি ৰৈ আপোনাৰ সাৰ্বভৌম শাসন স্মৰণ কৰিবলৈ সহায় কৰক। আপোনাৰ গৌৰৱময় পুনৰাগমনৰ আশাত মোৰ হৃদয় দৃঢ় কৰক। মোক সদায় সজাগ, বিশ্বাসী আৰু আনন্দময় আশাৰে অপেক্ষা কৰি থাকিবলৈ অনুগ্ৰহ কৰক। আমেন।

Ten Minutes To Remember Eternity - 1 September, 2026


"For the creation waits in eager expectation for the children of God to be revealed." — Romans 8:19

In the rush of city life, ten uninterrupted minutes can seem almost impossible to find. Between work, traffic, endless notifications, and daily responsibilities, we rarely pause long enough to reflect. Yet sometimes, the most profound lessons come when we simply slow down.

Give yourself ten minutes.

Step outside if you can. Walk through a nearby park, sit beneath a tree, watch the clouds drift across the sky, or pause by a river or a quiet roadside. If you cannot leave the city, simply look out your window at the sunrise, the evening sky, or the stars above. Then, for ten uninterrupted minutes, put away every distraction. Observe God's creation carefully.

As you watch, remember what God's Word says about it. Creation is not merely displaying God's glory (Psalm 19:1); it is also waiting.

The oceans are waiting. The forests are waiting. The mountains are waiting. The birds of the air, the stars above, and every corner of creation are waiting with eager expectation (Romans 8:19–22). They long for the day when Christ returns and God's redeemed people are revealed in glory.

Creation waits because it still bears the scars of humanity's fall into sin. But it will not remain this way forever. The One through whom all things were created (John 1:3; Colossians 1:16) has promised to return. On that day, Jesus Christ will make all things new (Revelation 21:5). Sin, suffering, death, and every effect of the curse will finally be removed forever.

When your ten minutes are over, remember this encouraging truth: creation now has ten fewer minutes to wait.

Every passing moment brings us one step closer to the glorious return of our Savior. The Lord who came into this world, lived a sinless life, died for our sins, rose again, and ascended into heaven has promised, "Surely I am coming soon" (Revelation 22:20). He is faithful to every promise He has made (2 Corinthians 1:20).

So whenever life becomes hurried and overwhelming, let even a few quiet moments remind you that history is moving toward God's appointed end. Christ is reigning, Christ is returning, and our hope is secure in Him.

Prayer: Lord Jesus, thank You for the beauty of Your creation, which constantly reminds me of Your power and faithfulness. Help me to pause amid life's busyness and remember that You are sovereign over all things. Strengthen my hope as I look forward to Your glorious return. Keep my heart watchful, faithful, and full of joyful expectation. Amen.

Comments