যেতিয়া আপোচে ঈশ্বৰৰ হৃদয় ভাঙে (ইজ্ৰা ৯:১–৫) / When Compromise Breaks the Heart of God (Ezra 9:1-5)

 যেতিয়া আপোচে ঈশ্বৰৰ হৃদয় ভাঙে (ইজ্ৰা ৯:১–৫)

আমি যাক গভীৰভাৱে ভাল পাওঁ, তেওঁ সঠিক পথৰ পৰা আঁতৰি গ'ল বুলি জনাটো জীৱনৰ আটাইতকৈ বেদনাদায়ক অভিজ্ঞতা। সকলো মৰম, যতন পোৱাৰ পাছতো বিশ্বাসঘাতক যেতিয়া কৰে, সেই বেদনা আৰু গভীৰ হয়। ইজ্ৰাই যিৰূচালেমত উপস্থিত হোৱাৰ পিছত ঠিক এনে এক দুখজনক পৰিস্থিতিৰ সন্মুখীন হৈছিল।

ৰজাৰ উপহাৰসমূহ মন্দিৰত সুৰক্ষিতভাৱে জমা দিয়াৰ আৰু ঈশ্বৰৰ উদ্দেশ্যে কৃতজ্ঞতাৰ বলিদান আগবঢ়োৱাৰ পিছত (ইজ্ৰা ৮:৩৩–৩৫), ইজ্ৰাই আশা কৰিছিল যে হয়টো ঈশ্বৰৰ লোকসকলে নতুনকৈ বাধ্যতাৰ জীৱন যাপন কৰিছে। কিন্তু নেতাসকলে তেওঁক এক অত্যন্ত দুখজনক সংবাদ দিলে। ইস্ৰায়েলৰ লোকসকল, এনেকি পুৰোহিত আৰু লেবীসকলেও, চাৰিওফালৰ জাতিবোৰৰ ঘৃণনীয় আচাৰ-ব্যৱহাৰৰ লগত নিজকে জড়িত কৰি লৈছে। তেওঁলোকে অন্য জাতিৰ সৈতে বিবাহ বন্ধনটো প্ৰবেশ কৰিছিল (ইজ্ৰা ৯:১–২)।

ঈশ্বৰে কোনো জাতিগত পাৰ্থক্যৰ বাবে এই বিবাহ নিষিদ্ধ কৰা নাছিল। বাইবেলত আমি দেখোঁ যে ৰাহাব কনানীয়া, ৰূথ মোৱাবীয়া আদি বহু বিদেশীক ঈশ্বৰে বিশ্বাসৰ জৰিয়তে নিজৰ লোকৰ মাজত গ্ৰহণ কৰিছিল। সমস্যাটো আছিল আধ্যাত্মিক। ঈশ্বৰে আগতেই সতৰ্ক কৰি কৈছিল যে মূৰ্তিপূজকসকলৰ লগত বিবাহ কৰিলে তেওঁলোকৰ হৃদয় সত্য ঈশ্বৰৰ পৰা আঁতৰি অন্য দেৱতাৰ পিছে যাব (দ্বিতীয় বিবৰণ ৭:৩–৪)। দুখৰ বিষয়, এই একেই আপোচে ইস্ৰায়েলক পতনৰ দিশে লৈ গৈছিল আৰু শেষত তেওঁলোকক বন্দী জীৱনলৈ ঠেলি দিছিল (২ ৰাজাৱলি ১৭:৭–২৩)। এতিয়া ঈশ্বৰৰ দয়া আৰু পুনঃস্থাপনৰ অভিজ্ঞতা লাভ কৰাৰ পিছতো তেওঁলোকে পুনৰ সেই একেই পাপকে আঁকোৱালি ল'লে।

আটাইতকৈ বেদনাদায়ক কথাটো আছিল যে এই অবাধ্যতাৰ পথত প্ৰথমে আগবাঢ়িছিল নেতাসকলেই (ইজ্ৰা ৯:২)। যিসকলে ঈশ্বৰৰ লোকসকলক সত্যৰ পথত চলিবলৈ নেতৃত্ব দিব লাগিছিল, সেইসকলেই তেওঁলোকক আপোচৰ পথলৈ লৈ গৈছিল। যেতিয়া নেতৃত্বই ঈশ্বৰৰ বাক্যক অৱহেলা কৰে, তেতিয়া পাপ আৰু অধিক ভয়ংকৰ ৰূপ ধাৰণ কৰে।

এই ঘটনাটোলৈ ইজ্ৰাৰ যি প্ৰতিক্ৰিয়া সেইয়া তেওঁৰ ঈশ্বৰপ্ৰেমী হৃদয়ৰ পৰিচয় দিয়ে। তেওঁ পাপক লৈ কোনো অজুহাত নিদিলে, এই পাপ সামান্য বুলি নাকচ নকৰিলে, বা আনক বা সমাজক দোষাৰোপ নকৰিলে। বৰঞ্চ তেওঁ গভীৰ শোকত ভাগি পৰিল। তেওঁ নিজৰ কাপোৰ ফালিলে, মূৰৰ আৰু দাড়িৰ চুলি ছিঙি, তধা লাগি বহি থাকিল (ইজ্ৰা ৯:৩)। তেওঁৰ এই শোক ঈশ্বৰৰ নিজৰ লোকৰ অবিশ্বস্ততাৰ প্ৰতি থকা বেদনাক প্ৰতিফলিত কৰিছিল। পাছত সন্ধিয়াৰ বলিদানৰ সময়ত ইজ্ৰা আঁঠুকাঢ়ি ঈশ্বৰৰ ফালে হাত মেলি আন্তৰিকভাৱে প্ৰাৰ্থনা কৰিলে (ইজ্ৰা ৯:৫)।

ইজ্ৰাৰ এই প্ৰতিক্ৰিয়া আমাৰ বাবে এক গভীৰ শিক্ষা। বহু সময়ত আমি সেই পাপবোৰৰ লগত আপোচ কৰি লওঁ, যিবোৰে ঈশ্বৰৰ হৃদয়ক দুখ দিয়ে। আমি নিজৰ পাপক স্বাভাৱিক বুলি ধৰি লওঁ, নানা অজুহাত দিওঁ, বা আনৰ লগত তুলনা কৰি নিজকে সান্ত্বনা দিওঁ। কিন্তু ইজ্ৰাই আমাক শিকাই যে যিজনে ঈশ্বৰক সঁচাকৈ ভাল পায়, তেওঁ পাপৰ বাবে শোক কৰে। প্ৰকৃত জাগৰণ সদায় আন্তৰিক অনুতাপৰ পৰাই আৰম্ভ হয় (গীতমালা ৫১:১৭)।

সৌভাগ্যক্ৰমে, আমাৰ অবিশ্বস্ততাৰ মাজতো ঈশ্বৰ তেওঁৰ নিয়মৰ প্ৰতি সদায় বিশ্বাসী (২ তীমথিয় ২:১৩)। আমাৰ আশা যীচু খ্ৰীষ্টত, যিজনে আমি ব্যৰ্থ হোৱা ঠাইত সম্পূৰ্ণ বিশ্বাসী হৈ থাকিল। তেওঁৰ মৃত্যু আৰু পুনৰুত্থানৰ যোগেদি তেওঁ আমাক ক্ষমা, পবিত্ৰতা আৰু তেওঁৰ বাবে পৃথক জীৱন যাপনৰ কৰিবলৈ শক্তি দিয়ে (১ যোহন ১:৯; তীত ২:১১–১৪)।

যেতিয়াই আমি নিজৰ জীৱনত কোনো আপোচ বা পাপ চিনাক্ত কৰোঁ, তেতিয়া ঈশ্বৰৰ পৰা আঁতৰি নাযাওঁ। বৰঞ্চ নম্ৰ হৃদয়েৰে তেওঁৰ ওচৰলৈ ঘূৰি আহোঁ। কিয়নো যিসকলে আন্তৰিকতাৰে তেওঁৰ ওচৰলৈ উভতি আহে, তেওঁলোকক পুনৰুদ্ধাৰ কৰিবলৈ প্ৰভু সদায় আনন্দিত।

প্ৰাৰ্থনা: হে অনুগ্ৰহশীল পিতৃ, আমি স্বীকাৰ কৰোঁ যে বহু সময়ত আমাৰ হৃদয় আপোচৰ ফালে ঢাল খায়। আমি পৃথিৱীক আপোনাতকৈ অধিক ভাল পোৱা আৰু আপোনাৰ হৃদয়ক দুখ দিয়া পাপবোৰক সহ্য কৰাৰ বাবে আমাক ক্ষমা কৰক। ইজ্ৰাৰ দৰে পাপৰ বাবে শোক কৰা হৃদয়, আন্তৰিক অনুতাপ, আৰু আপোনাৰ আজ্ঞা পালন কৰাৰ সাহস আমাক দান কৰক। যীচু খ্ৰীষ্টৰ যোগেদি প্ৰকাশ কৰা আপোনাৰ অসীম দয়া আৰু ক্ষমাৰ বাবে আপোনাক ধন্যবাদ। আমাৰ হৃদয় সদায় আপোনাৰ প্ৰতিয়েই একনিষ্ঠ ৰাখক, যাতে আমাৰ জীৱনৰ যোগেদি আপোনাৰ পবিত্ৰতা প্ৰকাশ পায়। যীচুৰ নামত প্ৰাৰ্থনা কৰিলোঁ। আমেন।

When Compromise Breaks the Heart of God (Ezra 9:1–5)


There are few things more heartbreaking than discovering that someone you deeply love has wandered away from what is right. The pain is even greater when trust has been broken after grace has been shown. This is the sorrow that greeted Ezra upon his arrival in Jerusalem.

After faithfully delivering the king's gifts to the temple and offering sacrifices of thanksgiving (Ezra 8:33–35), Ezra expected to see a people walking in renewed obedience to God. Instead, the leaders brought him devastating news. The people of Israel, including the priests and the Levites, had once again compromised themselves by adopting the sinful practices of the surrounding nations. They had even entered into marriages with people who worshiped false gods (Ezra 9:1–2).

This command was never about race or ethnicity. Throughout Scripture, God welcomed people from every nation who turned to Him in faith, Rahab the Canaanite, Ruth the Moabite, and many others stand as beautiful examples. The issue was spiritual faithfulness. God had warned Israel not to marry those devoted to idols because their hearts would be drawn away from the Lord (Deuteronomy 7:3–4). Sadly, that very compromise had led to Israel's downfall and exile (2 Kings 17:7–23). Now, after experiencing God's mercy and restoration, they were repeating the very sins that had brought judgment upon them.

Perhaps the saddest part of the report was that the leaders themselves had set the example in this unfaithfulness (Ezra 9:2). Those entrusted to lead God's people had instead led them into compromise. Sin always becomes more dangerous when those who should uphold God's truth begin to ignore it.

Ezra's response reveals the heart of a man who loved God. He did not excuse the sin, minimize it, or blame the culture around him. Instead, he was overwhelmed with grief. He tore his clothes, pulled out his hair, and sat in silent astonishment (Ezra 9:3). His brokenness reflected God's own heart toward the unfaithfulness of His people. Then, at the time of the evening sacrifice, Ezra fell on his knees, stretched out his hands toward heaven, and poured out his heart in prayer (Ezra 9:5).

How different Ezra's response is from our own. We often become comfortable with the sins that grieve God. We excuse compromise as normal, justify disobedience, or compare ourselves with others. Yet Ezra teaches us that genuine love for God produces genuine sorrow over sin. Before there can be true revival, there must first be honest repentance (Psalm 51:17).

The good news is that while our unfaithfulness deserves judgment, God remains faithful to His covenant (2 Timothy 2:13). Our ultimate hope is found in Jesus Christ, who remained perfectly faithful where we have failed. Through His death and resurrection, He offers forgiveness, cleansing, and the power to live lives set apart for Him (1 John 1:9; Titus 2:11–14).

Whenever we recognize compromise in our hearts, our first response should not be to hide, but to come before God with humble repentance. The Lord delights to restore those who return to Him with sincere hearts.

Prayer: Gracious Father, we confess that our hearts are often drawn toward compromise. Forgive us for the ways we have loved the world more than You and tolerated the sins that grieve Your heart. Give us the brokenness of Ezra, the humility to repent, and the courage to walk in faithful obedience. Thank You for Your unfailing mercy shown to us through Jesus Christ. Keep our hearts devoted to You alone, and help us live as a people who reflect Your holiness. In Jesus' name, Amen.

Comments