যেতিয়া গোটেই সৃষ্টি পুনৰুদ্ধাৰৰ বাবে আকুল হয় | When Creation Longs for Restoration - ৩ ছেপ্টেম্বৰ, ২০২৬

যেতিয়া গোটেই সৃষ্টি পুনৰুদ্ধাৰৰ বাবে আকুল হয় - ৩ ছেপ্টেম্বৰ, ২০২৬

“কিয়নো এতিয়ালৈকে গোটেই সৃষ্টিয়ে প্রসৱ-বেদনাৰ দৰে দুখ পাই, একে-লগে কেঁকাই আছে, ইয়াক আমি জানো।” — ৰোমীয়া ৮:২২

প্ৰতিদিনে আমি এই জগতখনত কিবা এটা গভীৰভাৱে ভুল হৈ আছে বুলি অনুভৱ কৰোঁ। বনজুইয়ে বিশাল অৰণ্য ধ্বংস কৰে। ভূমিকম্পই নগৰসমূহ কঁপাই তোলে। ধুমুহা আৰু বানে অসংখ্য লোকৰ জীৱন-জীৱিকা বিপৰ্যস্ত কৰে। খৰাঙে মাটি শুকুৱাই পেলায়, ৰোগ আৰু মৃত্যুৱে লোকসকলক আক্ৰান্ত কৰে। ঋতুৰ পৰিৱৰ্তনেও আমাক সোঁৱৰাই দিয়ে যে এই পৃথিৱী স্থায়ী নহয়। আমি প্ৰায়ে কওঁ, “প্ৰকৃতিয়ে নিজৰ নিয়মতেই চলি আছে।” কিন্তু বাইবেলে ইয়াতকৈও গভীৰ এক সত্য প্ৰকাশ কৰিছে যে: সমগ্ৰ সৃষ্টি কেঁকাই আছে।

আৰম্ভণিতে কিন্তু এনে নাছিল। ঈশ্বৰে আকাশ, পৃথিৱী আৰু ইয়াৰ সকলো সৃষ্টি সম্পূৰ্ণ কৰাৰ পিছত ঘোষণা কৰিছিল যে সকলো “অতি উত্তম” আছিল (আদিপুস্তক ১:৩১)। তেতিয়া মৃত্যু নাছিল, দুখ-কষ্ট নাছিল, ক্ষয় নাছিল, অভিশাপো নাছিল। সমগ্ৰ সৃষ্টিয়ে নিজৰ সৃষ্টিকৰ্তাৰ মহিমা আৰু পৰিপূৰ্ণতাক প্ৰতিফলিত কৰিছিল।

কিন্তু আদম আৰু হাৱাই ঈশ্বৰৰ আজ্ঞা অমান্য কৰাৰ লগে লগে সকলো সলনি হৈ গ'ল। পাপে কেৱল মানুহকেই নহয়, সমগ্ৰ সৃষ্টিকেই প্ৰভাৱিত কৰিলে। ঈশ্বৰে আদমক ক'লে, “তোমাৰ কাৰণে ভূমি অভিশপ্ত হৈছে” (আদিপুস্তক ৩:১৭)। তেতিয়াৰ পৰাই কাঁইট আৰু কণ্টক উৎপন্ন হ'ল, আৰু মৃত্যু জগতত প্ৰৱেশ কৰিলে (ৰোমীয়া ৫:১২), আৰু সমগ্ৰ সৃষ্টি ক্ষয় আৰু দাসত্বৰ অধীন হ'ল (ৰোমীয়া ৮:২০–২১)। প্ৰতিটো প্ৰাকৃতিক দুৰ্যোগ, প্ৰতিটো ৰোগাক্ৰান্ত শৰীৰ, প্ৰতিটো শুকাই যোৱা গছ, আৰু প্ৰতিটো শ্মশানে একেটা সত্য ঘোষণা কৰে: পাপে ঈশ্বৰৰ সৃষ্টিৰ প্ৰতিটো অংশক আঘাত কৰিছে।

কিন্তু কাহিনী ইয়াতেই শেষ নহয়। সৃষ্টি কেঁকাই আছে, কাৰণ সি জানে, এক গৌৰৱময় দিন আহি আছে। যেতিয়া যীচু খ্ৰীষ্ট পুনৰ আহিব, তেতিয়া তেওঁ নিজৰ মুক্তিপ্ৰাপ্ত সন্তানসকলক প্ৰকাশ কৰিব, মৃতসকলক পুনৰুত্থান কৰিব আৰু সকলো বস্তু নতুন কৰি তুলিব (প্ৰকাশিত বাক্য ২১:৫)। সেই দিন সৃষ্টি নিজেও ক্ষয়ৰ দাসত্বৰ পৰা মুক্ত হ'ব আৰু ঈশ্বৰৰ সন্তানসকলৰ গৌৰৱময় স্বাধীনতাত অংশীদাৰ হ'ব (ৰোমীয়া ৮:২১)। সেয়েহে সৃষ্টিৰ এই কেঁকনি নিৰাশাৰ কেঁকনি নহয়; ই আশাৰে ভৰা অপেক্ষাৰ কেঁকনি। যেনেকৈ এগৰাকী মাতৃয়ে সন্তান জন্মৰ আগমুহূৰ্তৰ বেদনাৰ মাজতো আনন্দৰ আশাৰে অপেক্ষা কৰে, তেনেকৈ সমগ্ৰ সৃষ্টিয়েও নিজৰ পুনৰুদ্ধাৰৰ দিনলৈ আগ্ৰহেৰে অপেক্ষা কৰি আছে।

সেয়েহে, এই জগতৰ ভগ্নতা আৰু দুখ-কষ্ট দেখি আমি নিৰাশ হ'ব নালাগে। সৃষ্টিৰ প্ৰতিটো কেঁকনিয়ে আমাক সেই ৰাজাধিৰাজৰ ফালে আঙুলিয়াই দিয়ে, যিজনে ক্ৰুচ আৰু পুনৰুত্থানৰ যোগেদি ইতিমধ্যে পাপ, মৃত্যু আৰু অভিশাপৰ ওপৰত বিজয় লাভ কৰিছে। এদিন তেওঁ সকলো অভিশাপ দূৰ কৰিব, আৰু “নতুন আকাশ আৰু নতুন পৃথিৱী” স্থাপন কৰিব, য'ত ধাৰ্মিকতাই বাস কৰিব (২ পিতৰ ৩:১৩)। সেই দিনলৈকে আমিও আশাৰে অপেক্ষা কৰোঁ, আৰু সমগ্ৰ সৃষ্টিৰ সৈতে একেলগে সেই গৌৰৱময় দিনৰ বাবে আকুল হৈ থাকোঁ: যেতিয়া খ্ৰীষ্টই সকলো বস্তু নতুন কৰি তুলিব।

প্ৰাৰ্থনা: হে প্ৰভু যীচু, এই ভগ্ন আৰু পাপগ্ৰস্ত জগতখন দেখোঁতে মোক সোঁৱৰাই দিয়ক যে আপুনি ইতিমধ্যে পাপ, মৃত্যু আৰু অভিশাপৰ ওপৰত বিজয় লাভ কৰিছে। আপোনাৰ পুনৰাগমনৰ আশা লৈ বিশ্বাসত দৃঢ় হৈ থাকিবলৈ মোক শক্তি দিয়ক। এনে জীৱন যাপন কৰিবলৈ মোক সহায় কৰক, যাতে মই আনন্দময় আশাৰে সেই দিনলৈ অপেক্ষা কৰিব পাৰোঁ, যেতিয়া আপুনি সমগ্ৰ সৃষ্টিক নতুন কৰি তুলিব। আমেন।

When Creation Longs for Restoration - 3 September, 2026

"We know that the whole creation has been groaning as in the pains of childbirth right up to the present time." — Romans 8:22

Every day, the world reminds us that something is terribly wrong. Wildfires consume forests. Earthquakes shake cities. Storms devastate communities. Droughts dry up the land, while disease and death touch every family. Even the changing seasons remind us that this world is fading. We often describe these events as "nature taking its course," but Scripture tells us something deeper:creation is groaning.

This was never God's original design. When He finished creating the heavens and the earth, He declared that everything was "very good" (Genesis 1:31). There was no suffering, no death, no decay, and no curse. Creation perfectly reflected the goodness and glory of its Creator.

Everything changed when Adam and Eve rebelled against God. Sin did not affect humanity alone, it brought a curse upon the entire created order. God declared, "Cursed is the ground because of you" (Genesis 3:17). From that moment, thorns and thistles appeared, death entered the world (Romans 5:12), and all creation became subject to frustration and decay (Romans 8:20-21). Every natural disaster, every broken body, every dying tree, and every cemetery reminds us that sin has left its mark on everything God made.

But the story does not end with the curse. Creation groans because it knows that a glorious day is coming. When Jesus Christ returns, He will reveal His redeemed people, raise the dead, and make all things new (Revelation 21:5). At that moment, creation itself will be delivered from its bondage to decay and share in the freedom and glory of God's children (Romans 8:21). Its groaning is not the cry of hopelessness but the anticipation of restoration, like a mother enduring labor pains while eagerly awaiting the birth of her child.

So when we witness the brokenness of this world, we need not lose heart. Every groan of creation points us to the coming King, who has already conquered sin and death through His cross and resurrection. One day the curse will be removed forever, and God will establish a new heaven and a new earth where righteousness dwells (2 Peter 3:13). Until then, we wait with hope, joining creation in longing for the day when Christ makes everything new.

Prayer: Lord Jesus, when I see the brokenness of this world, remind me that You have already conquered sin, death, and the curse. Strengthen my faith as I wait for Your return, and help me to live with joyful hope, knowing that You will one day restore all creation. Amen.

Comments