যেতিয়া ঈশ্বৰৰ হাতে হৃদয় স্পৰ্শ কৰে (ইজ্ৰা ৭:২৭–২৮) | When God's Hand Moves Hearts (Ezra 7:27-28)

যেতিয়া ঈশ্বৰৰ হাতে হৃদয় স্পৰ্শ কৰে (ইজ্ৰা ৭:২৭–২৮)

আপোনাৰ জীৱনত কেতিয়াবা এনে কোনো মুহূৰ্ত আহিছেনে, যেতিয়া ঈশ্বৰে আপোনাৰ প্ৰাৰ্থনাৰ উত্তৰ এনে ধৰণে দিলে যিৰূপে আপুনি কল্পনা কৰা নাছিল? কেতিয়াবা তেওঁ এনে এটা দুৱাৰ মুকলি কৰে, যিটো কোনো মানুহে মুকলি কৰিব নোৱাৰে। কেতিয়াবা তেওঁ এনে এজন ব্যক্তিৰ হৃদয় সলনি কৰে, যিজনৰ পৰিবৰ্তন অসম্ভৱ যেন লাগিছিল। আন কেতিয়াবা তেওঁ অপ্রত্যাশিত ব্যক্তি আৰু পৰিস্থিতিৰ যোগেদি আমাৰ প্ৰয়োজন পূৰণ কৰে। কিন্তু প্ৰশ্নটো কেৱল এইটো নহয় যে ঈশ্বৰে কেনেকৈ কাম কৰে; প্ৰশ্নটো হ'ল, যেতিয়া তেওঁ কাম কৰে, তেতিয়া আমি কেনেকৈ সঁহাৰি জনাওঁ?

বহু বছৰৰ বিৰোধিতা আৰু বাধাৰ পিছত পাৰস্যৰ ৰজা অৰ্তক্ষত্ৰই এক আশ্চৰ্যজনক আদেশ জাৰি কৰিলে। তেওঁ মন্দিৰৰ বাবে উদাৰভাৱে সকলো প্ৰয়োজনীয় সামগ্ৰী যোগান ধৰিলে আৰু ইজ্ৰাক আৰু অধিক গুৰুত্বপূৰ্ণ দায়িত্ব দিলে। ইজ্ৰাক বিচাৰক আৰু শাসক নিযুক্তি দিবলৈ, ন্যায় বিচাৰ স্থাপন কৰিবলৈ আৰু যিসকলে ঈশ্বৰৰ বিধান নাজানে, তেওঁলোকক সেই বিধান শিকাবলৈ আদেশ দিয়া হ'ল (ইজ্ৰা ৭:২৫)। যদিও এই ৰজা ইস্ৰায়েলৰ লোক নাছিল, তথাপিও তেওঁ ঈশ্বৰৰ হাতত এক সঁজুলি হৈ পৰিল।

ইজ্ৰাই লগে লগে বুজি পালে যে এইটো কেৱল এজন ৰজাৰ ৰাজনৈতিক সিদ্ধান্ত নাছিল; এইটো আছিল ঈশ্বৰৰ অনুগ্ৰহৰ কাৰ্য। তেওঁ ৰজাৰ বুদ্ধি বা নিজৰ প্ৰভাৱৰ প্ৰশংসা নকৰি ঘোষণা কৰিলে, "আমাৰ ওপৰ-পিতৃবিলাকৰ ঈশ্বৰ যিহোৱা ধন্য; তেওঁ যিৰূচালেমত যিহোৱাৰ গৃহ শোভিত কৰিবলৈ এনেকুৱা মতি ৰজাৰ মনত দিলে" (ইজ্ৰা ৭:২৭)। ইজ্ৰাই বুজিছিল যে মানুহৰ সকলো সিদ্ধান্তৰ আঁৰত ঈশ্বৰৰ অদৃশ্য হাতেই নিজৰ মহিমা আৰু নিজৰ লোকসকলৰ মঙ্গলৰ বাবে ইতিহাস পৰিচালনা কৰি আছে (ৰোমীয়া ৮:২৮)।

ইজ্ৰা ৭ অধ্যায়ত এইটো তৃতীয়বাৰৰ বাবে তেওঁ স্বীকাৰ কৰিছে যে, "মোৰ ওপৰত মোৰ ঈশ্বৰ যিহোৱাৰ হাত আছে" (ইজ্ৰা ৭:৬, ৯, ২৮)। ঈশ্বৰৰ অনুগ্ৰহৰ হাতেই তেওঁক পথ দেখুৱাইছিল, সুৰক্ষা দিছিল আৰু প্ৰয়োজনীয় প্ৰতিটো দুৱাৰ মুকলি কৰিছিল। কিন্তু ঈশ্বৰৰ আশীৰ্বাদে ইজ্ৰাক অলস কৰি তোলা নাছিল। বৰঞ্চ সেই অনুগ্ৰহে তেওঁৰ অন্তৰত সাহস আৰু আজ্ঞাপালনৰ মনোভাব সৃষ্টি কৰিলে। তেওঁ লিখিছে, "আৰু মোৰ ওপৰত মোৰ ঈশ্বৰ যি হাত থকাত, মই সাহিয়াল হৈ, মোৰ লগত যাবৰ নিমিত্তে ইশ্ৰায়েলৰ মাজৰ পৰা মূল মানুহবিলাকক গোটালে" (ইজ্ৰা ৭:২৮)। তেওঁৰ কৃতজ্ঞতা উপাসনালৈ পৰিণত হ'ল, আৰু উপাসনা আজ্ঞাপালনত প্ৰকাশ পালে।

আমাৰ জীৱনতো একেই ধৰণৰ সঁহাৰি দেখা উচিত। যেতিয়া ঈশ্বৰে আমাৰ প্ৰাৰ্থনাৰ উত্তৰ দিয়ে, আমাৰ প্ৰয়োজন পূৰণ কৰে বা অপ্রত্যাশিত সুযোগ মুকলি কৰি দিয়ে, তেতিয়া আমাৰ প্ৰথম সঁহাৰি হ'ব লাগে উপাসনা। আমি সকলো মহিমা তেওঁক দিব লাগে। তাৰ পিছত তেওঁৰ অনুগ্ৰহত শক্তি পাই সাহসেৰে আগবাঢ়ি তেওঁৰ আজ্ঞা পালন কৰিব লাগে, এই বিশ্বাসেৰে যে যিজনে দুৱাৰ মুকলি কৰিছে, তেওঁ সেই পথত আমাক ধৰি ৰাখিব (ফিলিপীয়া ২:১৩)।

তদুপৰি, ইজ্ৰাৰ এই সঁহাৰিয়ে আমাক যীচু খ্ৰীষ্টলৈ আঙুলিয়াই দিয়ে। খ্ৰীষ্টৰ যোগেদি ঈশ্বৰে আমাৰ প্ৰতি তেওঁৰ আটাইতকৈ মহান অনুগ্ৰহ প্ৰকাশ কৰিছে। তেওঁ কেৱল আমাৰ পৰিস্থিতি সলনি কৰা নাই; তেওঁ আমাৰ হৃদয় সলনি কৰিছে। যীচুৰ মৃত্যু আৰু পুনৰুত্থানৰ যোগেদি আমি ক্ষমা লাভ কৰিছোঁ, ঈশ্বৰৰ সন্তান হিচাপে গ্ৰহণ কৰা হৈছোঁ আৰু পবিত্ৰ আত্মাৰ দ্বাৰা সাহসেৰে তেওঁৰ বাবে জীৱন যাপন কৰিবলৈ শক্তি পাইছোঁ (ইফিচীয়া ২:৮–১০)। আমি পোৱা প্ৰতিটো আশীৰ্বাদ শেষত খ্ৰীষ্টৰ যোগেদি ঈশ্বৰৰ অনুগ্ৰহকাৰি হাতৰ পৰাই আহে।

আজি অলপ সময় উলিয়াই আপোনাৰ জীৱনত ঈশ্বৰৰ বিশ্বস্ততাৰ কথা মনত পেলাওক। তেওঁৰ অদৃশ্য হাতৰ কাৰ্যৰ বাবে তেওঁক ধন্যবাদ দিয়ক। উত্তৰ পোৱা প্ৰাৰ্থনা, মুকলি হোৱা দুৱাৰ আৰু তেওঁৰ অনুগ্ৰহৰ প্ৰতিটো চিনৰ বাবে তেওঁক প্ৰশংসা কৰক। তাৰ পিছত ইজ্ৰাৰ দৰে সাহস লওক আৰু ঈশ্বৰে আপোনাক যি কৰিবলৈ আহ্বান জনাইছে, সেই কাম বিশ্বস্ততাৰে সম্পন্ন কৰক।

প্ৰাৰ্থনা: হে স্বৰ্গীয় পিতৃ, আমাৰ জীৱনত আপোনাৰ অনুগ্ৰহকাৰি হাতৰ বাবে আপোনাক ধন্যবাদ জনাইছোঁ। আপুনিয়েই দুৱাৰ মুকলি কৰে, হৃদয় পৰিবৰ্তন কৰে আৰু আপোনাৰ উদ্দেশ্যসমূহ বিশ্বস্ততাৰে সম্পূৰ্ণ কৰে। আমাক এনে হৃদয় দিয়ক, যি আপোনাক সদায় উপাসনা কৰে, আৰু এনে জীৱন দিয়ক, যি আপোনাৰ আজ্ঞা পালন কৰিবলৈ সদায় প্ৰস্তুত থাকে। জীৱনৰ প্ৰতিটো ঋতুত আপোনাৰ সাৰ্বভৌম পথ-প্ৰদৰ্শনত বিশ্বাস কৰিবলৈ আমাক সহায় কৰক, আৰু আমাৰ সকলো কামৰ যোগেদি যীচু খ্ৰীষ্ট মহিমান্বিত হওক। যীচুৰ নামত, আমেন।

When God's Hand Moves Hearts (Ezra 7:27–28)

Have you ever experienced a moment when God answered a prayer in a way you never expected? Sometimes He opens a door no one could have opened. Sometimes He changes a heart that seemed impossible to change. At other times, He provides exactly what we need through unexpected people and circumstances. The question is not only how God works, but how we respond when He does.

After decades of opposition, King Artaxerxes issued a remarkable decree. He generously supplied resources for the temple and entrusted Ezra with an even greater responsibility. Ezra was commanded to appoint judges, establish justice, and teach God's Law to all who did not know it (Ezra 7:25). The king of Persia, though he did not belong to Israel, became an instrument in God's sovereign hands. As Proverbs 21:1 reminds us, "The king's heart is a stream of water in the hand of the LORD; He turns it wherever He will."

Ezra immediately recognized that this was not merely a political decision, it was the gracious work of God. Instead of praising the wisdom of the king or his own influence, he declared, "Blessed be the LORD, the God of our fathers, who put such a thing as this into the heart of the king" (Ezra 7:27, ESV). Ezra understood that behind every human action stood the invisible hand of God directing history for His glory and for the good of His people (Romans 8:28).

This is also the third time in Ezra chapter 7 that he acknowledges "the hand of the LORD my God was on me" (Ezra 7:6, 9, 28). God's gracious hand had guided him, protected him, and opened every necessary door. But God's blessing did not lead Ezra to passivity. It produced courage and obedience. Ezra writes, "I took courage and gathered leading men from Israel to go up with me" (Ezra 7:28). Gratitude became worship, and worship became faithful action.

The same pattern should mark our lives. When God answers our prayers, provides for our needs, or opens unexpected opportunities, our first response should be worship. We should give Him the glory He deserves. Then, strengthened by His grace, we should move forward in obedience, trusting that the God who opened the door will also sustain us as we walk through it (Philippians 2:13).

Above all, Ezra's response points us to Jesus Christ. Through Christ, God has shown us His greatest act of grace, not merely by changing circumstances, but by changing our hearts. Because of His death and resurrection, we have been forgiven, adopted into God's family, and empowered by the Holy Spirit to live courageously for Him (Ephesians 2:8–10). Every blessing we receive ultimately flows from God's gracious hand through Christ.

Today, take a moment to reflect on the ways God has been faithful to you. Praise Him for His unseen hand at work. Thank Him for every answered prayer, every open door, and every evidence of His grace. Then, like Ezra, rise with courage and obey whatever He is calling you to do.

Prayer: Heavenly Father, thank You for Your gracious hand upon our lives. You are the One who opens doors, changes hearts, and faithfully accomplishes Your purposes. Give us hearts that are quick to worship and lives that are ready to obey. Help us to trust Your sovereign guidance in every season, and may everything we do bring glory to Jesus Christ. In His name we pray. Amen.

Comments