আশাই যেতিয়া কেঁকাই | When Hope Groans - ৪ ছেপ্টেম্বৰ, ২০২৬
আশাই যেতিয়া কেঁকাই - ৪ ছেপ্টেম্বৰ, ২০২৬
"অকল সেয়ে নহয়, আত্মাৰ প্ৰথম ফল পোৱা যি আমি, আমিও তোলনীয়া পুত্ৰৰ বাব, অৰ্থাৎ আমাৰ শৰীৰৰ মুক্তিলৈ বাট চাই, আমাৰ অন্তৰত কেঁকাই আছোঁ।" — ৰোমীয়া ৮:২৩
বিশ্বাসী হিচাপে আমি ইতিমধ্যে পবিত্ৰ আত্মাৰ যোগেদি ঈশ্বৰৰ আশীৰ্বাদৰ “প্ৰথম ফল” লাভ কৰিছোঁ (ইফিচীয়া ১:১৩–১৪)। আমি পাপৰ ক্ষমা, ঈশ্বৰৰ সৈতে শান্তি, আৰু অনন্ত জীৱনৰ নিশ্চয়তা পাইছোঁ। কিন্তু এইবোৰ কেৱল আৰম্ভণিহে। সম্পূৰ্ণ শস্য চপোৱা সময় এতিয়াও আহিবলৈ আছে।
তেতিয়ালৈকে আমি এই ভগ্ন পৃথিৱীত জীৱন-যাপন কৰোঁ। আমি প্ৰলোভনৰ সৈতে যুঁজ দিওঁ (গালাতীয়া ৫:১৭), দুখ-কষ্ট বহন কৰোঁ, আৰু বৃদ্ধ দেহৰ দুৰ্বলতা অনুভৱ কৰোঁ। পাপে সৃষ্টি আৰু আমাৰ ওপৰত নিজৰ গভীৰ চিহ্ন এৰি গৈছে। সেইবাবেই আমি কেঁকাও।
কিন্তু খ্ৰীষ্টীয় বিশ্বাসীৰ কেঁকনি জগতৰ কেঁকনিৰ দৰে নহয়। বহুতে আশা কৰে যে হয়তো এদিনাখন জীৱন উন্নত অৱস্থালৈ আহিব। কিন্তু আমাৰ আশা ঈশ্বৰৰ অটল প্ৰতিজ্ঞাৰ ওপৰত স্থাপিত, যে ই নিশ্চিয় উন্নত হ'ব। আমি ঈশ্বৰে পৰিত্যাগ কৰা লোকৰ দৰে ক্ৰন্দন নকৰোঁ; বৰং নিজৰ ঘৰলৈ উভতি যাবলৈ আকুলতাৰে অপেক্ষা কৰি থকা প্ৰিয় সন্তানৰ দৰে ক্ৰন্দন কৰোঁ।
পাঁচনি পৌলে কৈছে যে আমি “আমাৰ শৰীৰৰ মুক্তিৰ" বাবে আগ্ৰহেৰে অপেক্ষা কৰি আছোঁ। ঈশ্বৰ কেৱল আমাৰ আত্মাকেই ৰক্ষা কৰিবলৈ আগ্ৰহী নহয়; তেওঁ গোটেই ব্যক্তিজনক মুক্তি দিব বিচাৰে। আজিৰ এই দেহ, যি ক্লান্ত হয়, বেমাৰত ভোগে আৰু অৱশেষত মৃত্যুৰ সন্মুখীন হয়, সেই দেহেই এদিন মহিমাৰে পুনৰুত্থান লাভ কৰিব (১ কৰিন্থীয়া ১৫:৪২–৪৪; ফিলিপীয়া ৩:২০–২১)। তাত আৰু কোনো ৰোগ, অক্ষমতা, দুখ, কান্দোন বা মৃত্যু নাথাকিব। আমি আমাৰ ত্ৰাণকৰ্তাৰ উপস্থিতিত চিৰকাল নিখুঁত জীৱন উপভোগ কৰিম (প্ৰকাশিত বাক্য ২১:৪)।
এই আশ্বাস আমাৰ প্ৰভু যীচু খ্ৰীষ্টৰ ওপৰত অৱস্থিত। তেওঁ আমাৰ পাপৰ ভাৰ বহন কৰিলে, ক্ৰুচৰ যন্ত্ৰণা সহ্য কৰিলে, আৰু মৈদামত থোৱা হ'ল। কিন্তু তৃতীয় দিনা তেওঁ পুনৰ জী উঠিলে। তেওঁৰ পুনৰুত্থানেই আমাৰ পুনৰুত্থানৰ নিশ্চিত প্ৰতিশ্ৰুতি, কিয়নো খ্ৰীষ্ট হৈছে “নিদ্ৰিতসকলৰ প্ৰথম ফল” (১ কৰিন্থীয়া ১৫:২০)।
সেই গৌৰৱময় দিন নহালৈকে, হয় আমি জীৱনৰ সকলো ঘাট প্ৰতিঘাত, ঢৌ-ধুমুহাৰ সন্মুখীন হম। কিন্তু আমি আমাৰ সকলো দুখ, হতাশা আৰু ভয় বিশ্বস্ত ত্ৰাণকৰ্তাৰ ওচৰলৈ লৈ যাব পাৰোঁ (১ পিতৰ ৫:৭)। আমি ক্ৰন্দন কৰোঁ, কিন্তু আশাৰে। আৰু খ্ৰীষ্টৰ পুনৰ আগমনৰ বাবে আগ্ৰহেৰে অপেক্ষা কৰি থাকোঁতে আমি জানো যে প্ৰতিটো পাৰ হোৱা ক্ষণ আমাক সেই গৌৰৱময় মুহূৰ্তটোৰ ওচৰলৈ লৈ গৈ আছে, যেতিয়া আমাৰ সকলো ক্ৰন্দন চিৰন্তন জয়ধ্বনি আৰু আনন্দৰ গীতত বিলীন হৈ যাব।
প্ৰাৰ্থনা: স্বৰ্গীয় পিতৃ, যীচু খ্ৰীষ্টত বিশ্বাসৰ যোগেদি মোক আপোনাৰ সন্তান কৰি লোৱাৰ বাবে আপোনাক ধন্যবাদ জনাওঁ। যেতিয়া এই জীৱনৰ বোজাই মোক ক্লান্ত কৰি তোলে, পুনৰুত্থানৰ আশা আৰু অনন্ত জীৱনৰ প্ৰতিজ্ঞাৰে মোৰ হৃদয় শক্তিশালী কৰি তুলিব। খ্ৰীষ্ট যেনেকৈ জীৱিত, তেনেকৈ মইও সেই জীৱনৰ ভাগি হম বুলি, মোক বিশ্বাসেৰে অপেক্ষা কৰিবলৈ সহায় কৰিব। মোৰ পুনৰুত্থিত ত্ৰাণকৰ্তা যীচু খ্ৰীষ্টৰ নামেৰে এই প্ৰাৰ্থনা আগবঢ়ালোঁ, আমেন।
When Hope Groans - 4 September, 2026
Not only so, but we ourselves, who have the firstfruits of the Spirit, groan inwardly as we wait eagerly for our adoption to sonship, the redemption of our bodies. — Romans 8:23
As believers, we have already received the "firstfruits" of God's blessings through the Holy Spirit (Ephesians 1:13–14). We know the joy of forgiveness, peace with God, and the assurance of eternal life. Yet these are only the beginning. The full harvest is still to come.
Until then, we live in a broken world. We wrestle with temptation (Galatians 5:17), carry the weight of suffering, and feel the weakness of aging bodies. Sin has left its mark on creation and on us. So we groan.
But the Christian's groan is different from the world's. Many hope that life might improve someday. Our hope rests on God's unchanging promise that it will. We do not groan as those who have been forgotten, but as beloved children longing for the day they finally arrive home.
Paul reminds us that we eagerly await "the redemption of our bodies." God is not concerned only with saving our souls, He intends to redeem the whole person. The body that now grows weak, suffers pain, and eventually dies will one day be raised in glory (1 Corinthians 15:42–44; Philippians 3:20–21). There will be no more sickness, sorrow, disability, or death. We will live forever in the perfect presence of our Savior (Revelation 21:4).
Our confidence rests in Jesus Christ. He carried the weight of our sin, endured the agony of the cross, and was laid in a tomb. But on the third day He rose again. His resurrection is the guarantee of ours, for Christ is "the firstfruits of those who have fallen asleep" (1 Corinthians 15:20).
Until that glorious day, we need not pretend that life is easy. We bring our griefs, disappointments, and fears to our faithful Savior (1 Peter 5:7). We groan, but we groan with hope. And as we wait eagerly for Christ's return, we know that every passing day brings us closer to the moment when every sigh will give way to everlasting songs of victory and joy.
Prayer: Heavenly Father, thank You for making me Your child through faith in Jesus Christ. When the burdens of this life weigh heavily upon me, strengthen my heart with the hope of the resurrection and the promise of eternal life. Help me to wait with confidence, knowing that because Christ lives, I too shall live. In His precious name I pray. Amen.

Comments
Post a Comment