ঈশ্বৰৰ দয়া আমাৰ পাপতকৈও অধিক মহান (ইজ্ৰা ৯:৬–১৫) / When Mercy Is Greater Than Our Sin (Ezra 9:6–15)
ঈশ্বৰৰ দয়া আমাৰ পাপতকৈও অধিক মহান (ইজ্ৰা ৯:৬–১৫)
পাপৰ পৰিণামসমূহক লৈ দুখ কৰাটো, আৰু পাপ কৰাৰ বাবে অন্তৰৰ পৰা অনুতাপ কৰাৰ মাজত আকাশ-পাতালৰ পাৰ্থক্য আছে। প্ৰথম দুখ শাস্তি পোৱাৰ ভয়ৰ ফল, কিন্তু দ্বিতীয়টো হৈছে এনে এটা অন্তৰৰ প্ৰতিক্ৰিয়া যিয়ে উপলব্ধি কৰিছে যে সি পবিত্ৰ প্ৰেমময় পিতৃৰ বিৰুদ্ধে পাপ কৰিলে (গীতমালা ৫১:৩–৪; ২ কৰিন্থীয়া ৭:১০)। প্ৰকৃত অনুতাপ মানে কেৱল ধৰা পৰাৰ বাবে লাজ পোৱা নহয়; বৰঞ্চ যিজন ঈশ্বৰে আমাক ইমান প্ৰেম কৰিলে, তেওঁৰ অহিতেই মই পাপ কৰিলোঁ বুলি হৃদয় ভাঙি যোৱাই হৈছে প্ৰকৃত অনুতাপ।
ইজ্ৰাৰ এই প্ৰাৰ্থনাত আমি তেনে ধৰণৰ অনুতাপেই দেখিবলৈ পাওঁ। যদিও ইজ্ৰাই নিজে সেই পাপত অংশ লোৱা নাছিল, তথাপিও তেওঁ নিজকে জাতিৰ পাপৰ সৈতে এক কৰি লৈছিল। তেওঁ নিজকে ধাৰ্মিক বুলি প্ৰমাণ কৰিবলৈ চেষ্টা নকৰিলে; বৰঞ্চ তেওঁ লোকসকলৰ সৈতে নিজকে একাকাৰ কৰি ক'লে, “হে মোৰ ঈশ্বৰ, মোৰ ঈশ্বৰ যি তুমি, তোমালৈ মুখ তুলিবলৈ মই লজ্জিত আৰু বিবৰ্ণ হৈছোঁ; কিয়নো আমাৰ অপৰাধ বাঢ়ি আমাৰ মূৰৰ ওপৰলৈকে উঠিছে, আৰু আমাৰ দোষ বাঢ়ি আকাশ-মণ্ডলত লাগিছে” (ইজ্ৰা ৯:৬)। এইয়া আত্ম-ধাৰ্মিকতাৰ ভাষা নহয়; ই হৈছে নম্ৰতাৰ ভাষা।
ইজ্ৰাই এক সত্যতা বুজি পাইছিল যে, ঈশ্বৰৰ লোকসকল আধ্যাত্মিকভাৱে ইজনে-সিজনৰ সৈতে জড়িত। এজনৰ পাপে গোটেই সমাজক প্ৰভাৱিত কৰে। আনকি পাঁচনি পৌলেও পাছত এই একে সত্যৰ কথা কৈছিল: “তাতে এক অঙ্গে দুখ পালে, তাৰে সৈতে সকলো অঙ্গ-প্ৰত্যঙ্গে দুখ পায়” (১ কৰিন্থীয়া ১২:২৬)। ইজ্ৰাই নিজৰ জাতিৰ পাপৰ বোজা নিজৰ বোজাৰ দৰে বহন কৰিছিল। এইটোৱেই প্ৰকৃত আধ্যাত্মিক নেতা এজনৰ চিন, তেওঁলোকে কেৱল পাপ আঙুলিয়াই দিয়াই নহয়; তেওঁলোকে পাপৰ বাবে শোকো কৰে, ক্ৰন্দন কৰে।
ইজ্ৰাই তেওঁৰ প্ৰাৰ্থনাত ইস্ৰায়েলৰ দুখজনক ইতিহাস সোঁৱৰাই দিয়ে। বাবিলৰ বন্দীত্ব কোনো দৈৱঘটনা নাছিল; সেয়া আছিল ঈশ্বৰৰ চুক্তি ভংগ কৰি অহা বহু প্ৰজন্মৰ ওপৰত তেওঁৰ ন্যায়বিচাৰ (ইজ্ৰা ৯:৭)। কিন্তু বিচাৰেই চূডান্ত নহয়, ঈশ্বৰৰ দয়াই হে বিৰাজমান হল। ইজ্ৰাই আশ্চৰ্য হৈ কলে যে “আমাৰ যিহোৱা ঈশ্বৰে আমাক কৃপা দান কৰিলে", তেওঁ এটা অৱশিষ্ট লোকক ৰক্ষা কৰিলে, তেওঁলোকক পুনৰ জীৱন দিলে আৰু যিহূদা আৰু যিৰূচালেমত সুৰক্ষা প্ৰদান কৰিলে (ইজ্ৰা ৯:৮–৯)। তেওঁলোকে যি আশীৰ্বাদ লাভ কৰিছিল, সেই সকলোবোৰ ঈশ্বৰৰ অনুগ্ৰহৰ নিঃস্বাৰ্থ উপহাৰ আছিল।
কিন্তু ইমান দয়া লাভ কৰাৰ পিছতো উভতি অহা লোকসকলে পুনৰ ঈশ্বৰৰ আজ্ঞা অমান্য কৰিলে। তেওঁলোকে চাৰিওফালৰ মূৰ্তিপূজক জাতিসকলৰ সৈতে বিবাহ সম্পৰ্ক স্থাপন কৰি ঈশ্বৰৰ স্পষ্ট আজ্ঞা ভংগ কৰিলে (ইজ্ৰা ৯:১০–১২)। তেওঁলোকৰ সমস্যাটো নিয়ম এটা ভংগ কৰাই নহয়, তেওঁলোকৰ আটাইতকৈ ডাঙৰ সমস্যাটো আছিলে যে তেওঁলোকে ঈশ্বৰক পাহৰি গল।
ইজ্ৰাৰ স্বীকাৰোক্তিৰ শিখৰবিন্দু হৈছে এই বিনম্ৰ স্বীকাৰোক্তি: “আমাৰ ঈশ্বৰ যি তুমি, তুমি আমাৰ অপৰাধৰ যোগ্যতকৈ কম দণ্ড দিলা" (ইজ্ৰা ৯:১৩)। ন্যায়সংগত দৃষ্টিৰে তেওঁলোকে ইয়াতকৈ বহুত বেছি শাস্তি পাব লাগিছিল, কিন্তু ঈশ্বৰৰ দয়াই তেওঁৰ বিচাৰ সংযত কৰিলে। আজি প্ৰতিজন বিশ্বাসীয়ে নিজৰ জীৱনকলৈও একেই কথা নিশ্চয় কব হে, "তেওঁ আমাৰ পাপ অনুসাৰে আমালৈ কাৰ্য্য কৰা নাই, আমাৰ অধৰ্ম অনুসাৰে আমাক প্ৰতিফল দিয়া নাই” (গীতমালা ১০৩:১০)। আমি পাবলগীয়া দণ্ডাজ্ঞাতকৈ তেওঁ দয়া সদায় অধিক।
ইজ্ৰাৰ হাতত নিজৰ পক্ষ সমৰ্থন কৰাৰ কোনো যুক্তি নাছিল, আৰু তেওঁৰ ওচৰত ঈশ্বৰৰ দয়াৰ বাহিৰে আন কোনো আশ্ৰয়ো নাছিল। তেওঁ কোনো অজুহাত দেখুওৱা নাছিল, পাপক সৰু কৰি দেখুওৱা নাছিল, অথবা নিজৰ ধাৰ্মিকতাৰ দাবীও কৰা নাছিল। তেওঁ খালী হাতেৰে, কেৱল ঈশ্বৰৰ অনুগ্ৰহ আৰু বিশ্বাসযোগ্য চৰিত্ৰৰ ওপৰত ভৰসা কৰি তেওঁৰ কাষ চাপিছিল।
আজি আমাৰ বাবেও একেই আশা ৰৈছে। আমাৰ আটাইতকৈ ডাঙৰ প্ৰয়োজন আজি আমাৰ পাপ লুকুৱাই ৰখাটো নহয়, বৰঞ্চ পাপ স্বীকাৰ কৰা। ১ যোহন ১:৯ পদত কৈছে, "কিন্তু আমি নিজ নিজ পাপবোৰ স্বীকাৰ কৰিলে, বিশ্বাসী আৰু ধাৰ্মিক যি তেওঁ, তেওঁ আমাৰ পাপবোৰ ক্ষমা কৰে আৰু সকলো অধৰ্মৰ পৰা আমাক শুচি কৰে। ক্ৰুচত ঈশ্বৰৰ ন্যায়বিচাৰ আৰু দয়া একেলগে প্ৰকাশ পাইছিল। তাত খ্ৰীষ্টই আমাৰ পাপৰ শাস্তি নিজেই বহন কৰিলে, যাতে যিসকলে অনুতাপ কৰি তেওঁৰ ওপৰত বিশ্বাস কৰে, তেওঁলোকে অনাৰ্জিত অনুগ্ৰহ লাভ কৰিব পাৰে (ৰোমীয়া ৫:৮–৯)।
অনুতাপ কেতিয়াও আশাৰ অন্ত নহয়; বৰঞ্চ সেয়াই ঈশ্বৰৰ অসীম দয়া অনুভৱ কৰাৰ দুৱাৰ।
প্ৰাৰ্থনা: হে দয়ালু পিতৃ, আমি স্বীকাৰ কৰোঁ যে আমি চিন্তা, কথা আৰু কৰ্মেৰে তোমাৰ বিৰুদ্ধে পাপ কৰিছোঁ। তোমাৰ অশেষ দয়া আৰু অনুগ্ৰহৰ বাবে ধন্যবাদ, কিয়নো তুমি আমাৰ পাপ অনুসাৰে আমাৰ সৈতে ব্যৱহাৰ কৰা নাই (গীতমালা ১০৩:৮–১০)। আমাৰ অন্তৰত নম্ৰ আৰু অনুতপ্ত হৃদয় সৃষ্টি কৰা, যাতে আমি পাপক ঘৃণা কৰোঁ আৰু আজ্ঞাপালনত আনন্দ পাওঁ। তোমাৰ অনুগ্ৰহক কেতিয়াও সাধাৰণ বুলি নাভাবিবলৈ আমাক সহায় কৰা। যীচু খ্ৰীষ্টৰ ক্ৰুচৰ বলিদানৰ বাবে কৃতজ্ঞতাৰে জীৱন যাপন কৰিবলৈ আমাক শক্তি দিয়া। যীচুৰ পবিত্ৰ নামত এই প্ৰাৰ্থনা আগবঢ়ালোঁ, আমেন
When Mercy Is Greater Than Our Sin (Ezra 9:6–15)
There is a world of difference between regretting the consequences of sin and grieving over the sin itself. One is driven by fear of punishment; the other is born out of a heart that recognizes it has offended a holy God (Psalm 51:3–4; 2 Corinthians 7:10). Genuine repentance is not merely feeling bad because we were caught, it is being broken because we have sinned against the God who has loved us so faithfully.
That is the kind of repentance we see in Ezra's prayer. Although Ezra himself had not participated in the people's sinful compromise, he identified himself completely with them. Rather than standing above the guilty, he stood among them, confessing, "My God, I am too ashamed and disgraced to lift up my face to You, because our sins are higher than our heads and our guilt has reached to the heavens" (Ezra 9:6). This is the language of humility, not self-righteousness.
Ezra understood a truth that believers often forget: God's people are spiritually connected. The sin of one affects the whole community. The Apostle Paul later expressed this same reality when he wrote, "If one part suffers, every part suffers with it" (1 Corinthians 12:26). Ezra carried the burden of his nation's rebellion as though it were his own, reminding us that true spiritual leaders do not merely expose sin, they weep over it.
His prayer recounts Israel's tragic history. Their exile in Babylon was not an accident of history but the righteous judgment of God upon generations of covenant unfaithfulness (Ezra 9:7). Yet judgment was not the final word. God's mercy prevailed. Ezra marvels that "the LORD our God has been gracious" by preserving a faithful remnant, giving them "a firm place" in His sanctuary, renewing their lives, and providing protection in Judah and Jerusalem (Ezra 9:8–9). Every blessing they now enjoyed was an undeserved gift of divine grace.
Yet even after experiencing such extraordinary mercy, the returned exiles once again abandoned God's commands by intermarrying with the surrounding pagan nations, directly disobeying His clear instructions (Ezra 9:10–12). Their greatest problem was not merely breaking a rule, it was forgetting the God who had rescued them.
Ezra's confession reaches its climax with one of the most humbling acknowledgments in Scripture: "You, our God, have punished us less than our sins deserved" (Ezra 9:13). Justice demanded far more than they had received, but mercy restrained God's hand. Every believer can echo those words, for the Lord "does not treat us as our sins deserve or repay us according to our iniquities" (Psalm 103:10). His mercy always exceeds the judgment we deserve.
Having nothing to defend and nowhere else to turn, Ezra simply casts himself and the people upon the mercy of God. He offers no excuses, no attempts to minimize their guilt, and no claims of personal righteousness. He comes with empty hands, trusting only in the character of a gracious and faithful God.
The same hope remains for us today. Our greatest need is not to hide our sin but to confess it. "If we confess our sins, He is faithful and just and will forgive us our sins and purify us from all unrighteousness" (1 John 1:9). At the cross, God's perfect justice and abundant mercy met together. There Christ bore the punishment our sins deserved so that all who repent and believe might receive the grace they could never earn (Romans 5:8–9).
Repentance is never the end of hope. It is the doorway through which we experience the immeasurable mercy of God.
Prayer: Merciful Father, we confess that we have sinned against You in thought, word, and deed. Thank You that You do not treat us as our sins deserve but are rich in mercy and steadfast in love (Psalm 103:8–10). Create in us humble and repentant hearts that grieve over sin and delight in obedience. Help us never to take Your grace for granted but to live in grateful devotion to Christ, who bore our guilt upon the cross. In His holy name we pray. Amen.

Comments
Post a Comment