যেতিয়া আজ্ঞাপালন ভয়তকৈ ডাঙৰ হয় | When Obedience Is Greater Than Fear
যেতিয়া আজ্ঞাপালন ভয়তকৈ ডাঙৰ হয়
"পাছে সপ্তম মাহ হলত, ইস্রায়েলৰ সন্তানবিলাকে নগৰবোৰত ঠাই লোৱাৰ পাছত, লোকবিলাকে এজন লোক যেন হৈ যিৰূচালেমলৈ আহি গোট খালে। তাতে যোচাদকৰ পুত্র যেচুৱা আৰু তেওঁৰ পুৰোহিত ভাইবিলাকে, আৰু চণ্ডীয়েলৰ পুত্ৰ জৰুব্বাবিল আৰু তেওঁৰ ভাইবিলাকে উঠি, ঈশ্বৰৰ লোক মোচিৰ ব্যৱস্থাত লিখামতে হোম-বলি উৎসর্গ কৰিবৰ নিমিত্তে ইস্রায়েলৰ ঈশ্বৰৰ যজ্ঞ-বেদি নিৰ্ম্মাণ কৰিলে। আৰু দেশৰ লোকৰ পৰা ভয় পোৱাতে তেওঁবিলাকে যজ্ঞ-বেদি নিজ ঠাইত স্থাপন কৰিলে; আৰু তেওঁবিলাকে যিহোৱাৰ উদ্দেশে তাৰ ওপৰত হোম-বলি, ৰাতিপুৱা আৰু সন্ধ্যা বেলাৰ হোম-বলি উৎসর্গ কৰিবলৈ ধৰিলে।" - ইজ্ৰা ৩:১–৩
ভয় এক শক্তিশালী অনুভূতি, কিন্তু ভয়েই আমাৰ জীৱনৰ প্ৰভু হৈ যাব নালাগে। বাইবেল-কেন্দ্ৰিত সাহসৰ অৰ্থ ভয় নথকা নহয়; বৰঞ্চ মন কঁপি উঠিলেও ঈশ্বৰৰ আজ্ঞা পালন কৰিবলৈ আগবাঢ়ি যোৱাই হৈছে প্ৰকৃত সাহস। জীৱন সহজ বুলিলেই নহয়, কিন্তু অনিশ্চয়তা আৰু প্ৰতিকূলতাৰ মাজতো যেতিয়া আমি প্ৰভুৰ ওপৰত ভৰসা কৰি তেওঁৰ আজ্ঞা পালন কৰি যাওঁ, তেতিয়াহে আমাৰ বিশ্বাসৰ সত্যতা প্ৰকাশ পায়।
বাবিলৰ বন্দীদশাৰ পৰা উভতি অহা ইস্ৰায়েলীয়সকলে এই সত্যতাক গভীৰভাৱে উপলব্ধি কৰিছিল। তেওঁলোকৰ দেশ ধ্বংসস্তূপত পৰিণত হৈছিল, চাৰিওফালে শত্ৰুৰ ভয় আছিল, আৰু ভৱিষ্যৎ অনিশ্চিত আছিল। তথাপিও তেওঁলোকে ভয়ক নিজৰ সিদ্ধান্ত নিয়ন্ত্ৰণ কৰিবলৈ নিদিলে। ইজ্ৰাই কৈছে, “লোকবিলাকে এজন লোক যেন হৈ যিৰুচালেম আহি গোট খালে" (ইজ্ৰা ৩:১)। তেওঁলোকৰ প্ৰথম অগ্ৰাধিকাৰ ঘৰ-দুৱাৰ পুনৰ নিৰ্মাণ কৰা, নগৰ সুৰক্ষিত কৰা বা অৰ্থনৈতিক উন্নতি সাধন কৰা নাছিল; তেওঁলোকৰ প্ৰথম কাম আছিল ঈশ্বৰৰ উপাসনাৰ বাবে যজ্ঞবেদী নিৰ্মাণ কৰা। তেওঁলোকে বুজিছিল যে সেইসময়ত তেওঁলোকৰ আটাইতকৈ ডাঙৰ প্ৰয়োজন নিৰাপত্তা নহয়, কিন্তু তেওঁলোকৰ মাজত ঈশ্বৰৰ উপস্থিতি আছিল।
এই ঘটনাটো সংঘটিত হোৱা সময়ো বিশেষ তাৎপৰ্যপূৰ্ণ। ইজ্ৰাই উল্লেখ কৰিছে যে এই সকলো "সপ্তম মাহত" (ইজ্ৰা ৩:১) সংঘটিত হৈছিল। এই মাহটো ইস্ৰায়েলৰ ধৰ্মীয় জীৱনৰ আটাইতকৈ পবিত্ৰ সময়সমূহৰ ভিতৰত অন্যতম আছিল। এই মাহতে তূৰীবাজনিৰ উৎসৱ, প্ৰায়শ্চিত্তৰ দিন আৰু পঁজা-পৰ্ব পালন কৰা হৈছিল (লেবীয়া পুস্তক ২৩:২৩–৪৪; গণনা ২৯)। এই একে মাহতেই চলোমনে প্ৰথম মন্দিৰ উৎসৰ্গা কৰি সেই বিখ্যাত প্ৰাৰ্থনা কৰিছিল যে, যদি ঈশ্বৰৰ লোকসকলে তেওঁলোকৰ পাপৰ ফলত বন্দীদশালৈ লৈ যোৱা হয়, তেন্তে তেওঁলোকে অনুতাপ কৰিলে ঈশ্বৰে যেন তেওঁলোকক ক্ষমা কৰি পুনৰস্থাপন কৰে (২ বংশাৱলী ৬:৩৬–৩৯)। আৰু ঠিক সেইদৰেই বহু বছৰ পিছত, সেই প্ৰাৰ্থনাৰ উত্তৰ বাস্তৱ ৰূপত তেওঁলোকৰ চকুৰ আগত পূৰ্ণ হৈছিল। তেওঁলোকৰ প্ৰত্যাগমন এক জীৱন্ত সাক্ষ্য আছিল যে ঈশ্বৰে নিজৰ প্ৰতিজ্ঞা সদায় ৰাখে।
তদুপৰি মন্দিৰৰ ভেটি স্থাপন কৰাৰ পূৰ্বে লোকসকলে যজ্ঞবেদী পুনৰ নিৰ্মাণ কৰিছিল। ইয়াৰ দ্বাৰা আমি এক আত্মিক শিক্ষা আহৰণ কৰিব পাৰোঁ যে: সেৱাৰ আগত সদায় উপাসনা অহা উচিত। ঈশ্বৰৰ সৈতে পুনৰস্থাপিত সম্বন্ধ কোনো ব্যজিক সফলতাতকৈও অধিক গুৰুত্বপূৰ্ণ। এই কথাই আমাক যীচুৰ শিক্ষা মনলৈ আনে যে: “প্ৰথমে তেওঁৰ ৰাজ্য আৰু ধাৰ্মিকতা বিচাৰা” (মথি ৬:৩৩)।
ইয়াত কেৱল তেওঁলোকে কি কৰিলে সেয়াই নহয়, কিন্তু কেনেকৈ কৰিলে সেয়াও গুৰুত্বপূৰ্ণ। ইজ্ৰাই স্পষ্টকৈ কৈছে যে তেওঁলোকে “ঈশ্বৰৰ মানুহ মোচিৰ ব্যৱস্থাত লিখা অনুসাৰে” যজ্ঞবেদী নিৰ্মাণ কৰিছিল (ইজ্ৰা ৩:২)। তেওঁলোকে নিজৰ মনগঢ়া উপাসনা পদ্ধতি অনুসৰণ কৰা নাছিল, বা নতুন কোনো উপায় উদ্ভাৱন কৰা নাছিল। তেওঁলোকে ঈশ্বৰে প্ৰকাশ কৰা বাক্যলৈ উভতি আহিছিল। যাত্ৰাপুস্তক ২৭:১–৮-ত দিয়া নিৰ্দেশ অনুসাৰে যজ্ঞবেদী নিৰ্মাণ কৰি, গণনা ২৮:১–৪ অনুসৰি নিয়মীয়াকৈ পুৱা আৰু সন্ধিয়াৰ হোমবলি আগবঢ়াইছিল। অতীতৰ অবাধ্যতাৰ ফলত তেওঁলোকে বন্দীদশাৰ তিক্ত অভিজ্ঞতা লাভ কৰিছিল; সেইবাবে এইবাৰ তেওঁলোকে আন্তৰিকতাৰে ঈশ্বৰৰ বাক্য মানিবলৈ দৃঢ়সংকল্পবদ্ধ হৈছিল।
তাৰ পিছত উক্ত বাক্যাংশৰ আটাইতকৈ অনুপ্ৰেৰণাদায়ক বিষয় আমি দেখিবলৈ পাওঁ: "আৰু দেশৰ লোকৰ পৰা ভয় পোৱাতে তেওঁবিলাকে যজ্ঞ-বেদি নিজ ঠাইত স্থাপন কৰিলে"(ইজ্ৰা ৩:৩)। অৰ্থাৎ শত্ৰুসকল তেতিয়াও তাতেই আছিল। বিপদ বাস্তৱ আছিল। কিন্তু তেওঁলোকৰ ভয়ে তেওঁলোকৰ আজ্ঞাপালন বন্ধ কৰিব নোৱাৰিলে। তেওঁলোকে ভয়তকৈ বিশ্বস্ততাক বাছি ল’লে।
আজিও ঈশ্বৰে আমাক একে ধৰণৰ সাহসী জীৱন যাপন কৰিবলৈ আহ্বান জনায়। হয়তো আমি মানুহৰ প্ৰত্যাখ্যান, ভৱিষ্যতৰ অনিশ্চয়তা, বিৰোধিতা বা জীৱনৰ বিভিন্ন পৰিস্থিতিক ভয় কৰোঁ। কিন্তু ঈশ্বৰে আমাক “ভয়ৰ আত্মা” দিয়া নাই; তেওঁ আমাক “শক্তি, প্ৰেম আৰু সুবুদ্ধিৰ আত্মা” দিছে (২ তীমথিয় ১:৭)। সাহসৰ অৰ্থ ভয় নথকা নহয়; সাহসৰ অৰ্থ হৈছে: যিজন ঈশ্বৰক আমি বিশ্বাস কৰোঁ, তেওঁ আমাৰ সকলো ভয়তকৈ অসীম ডাঙৰ। যিহোচূৱাৰ দৰে আমিও আগবাঢ়িব পাৰোঁ, কাৰণ প্ৰভুৱে কৈছে: “বলৱান আৰু সাহিয়াল হোৱা...কিয়নো তুমি যি যি ঠাইলৈ যাবা, সেই সকলো ঠাইতে তোমাৰ ঈশ্বৰ যিহোৱা তোমাৰ লগত থাকিব” (যিহোচূৱা ১:৯)।
যেতিয়াই ভয়ে আপোনাক কয় যে ঈশ্বৰৰ আজ্ঞা পালন কৰাটো অত্যন্ত কঠিন বা ব্যয়বহুল, তেতিয়া ইজ্ৰা ৩ অধ্যায়ৰ যজ্ঞবেদীখন মনত পেলাব। ঈশ্বৰৰ লোকসকলে নিৰাপত্তা অনুভৱ কৰাৰ আগতেই উপাসনা কৰিছিল। পৰিস্থিতি সলনি হোৱাৰ আগতেই তেওঁলোকে আজ্ঞা পালন কৰিছিল। ফলাফল নেদেখাকৈয়ে তেওঁলোকে ঈশ্বৰৰ ওপৰত ভৰসা কৰিছিল। তেওঁলোকৰ জীৱনে আমাক শিকায় যে ঈশ্বৰৰ আশীৰ্বাদ বহু সময়ত সেইসকলৰ জীৱনত প্ৰকাশ পায়, যিসকলে ভয়ৰ মাজতো বিশ্বস্তভাৱে ঈশ্বৰৰ আজ্ঞা পালন কৰে।
প্ৰাৰ্থনা: হে স্বৰ্গীয় পিতৃ, আপোনাৰ প্ৰতিটো প্ৰতিশ্ৰুতিত আপুনি যে সদায় বিশ্বস্ত, তাৰ বাবে আপোনাক ধন্যবাদ। যেতিয়া ভয়ে মোৰ হৃদয়ক নিয়ন্ত্ৰণ কৰিবলৈ চেষ্টা কৰে, তেতিয়া মোৰ পৰিস্থিতিতকৈ আপোনাৰ ওপৰত অধিক ভৰসা কৰিবলৈ মোক সহায় কৰক। অনিশ্চিত পথৰ মাজতো আপোনাৰ বাক্য পালন কৰাৰ সাহস মোক দিয়ক। মোৰ জীৱন যেন বিশ্বস্ত উপাসনা, দৃঢ় আজ্ঞাপালন আৰু আপোনাৰ উপস্থিতিৰ ওপৰত অটল বিশ্বাসেৰে পৰিচিত হয়। প্ৰতিদিনে ভয়তকৈ বিশ্বস্ততাক বাছি ল'বলৈ মোক শিক্ষা দিয়ক। প্ৰভু যীচু খ্ৰীষ্টৰ নামত, আমেন।
When Obedience Is Greater Than Fear
When the seventh month came and the Israelites had settled in their towns, the people assembled together as one in Jerusalem. 2 Then Joshua son of Jozadak and his fellow priests and Zerubbabel son of Shealtiel and his associates began to build the altar of the God of Israel to sacrifice burnt offerings on it, in accordance with what is written in the Law of Moses the man of God. 3 Despite their fear of the peoples around them, they built the altar on its foundation and sacrificed burnt offerings on it to the Lord, both the morning and evening sacrifices. - Ezra 3:1–3
Fear is a powerful emotion, but it does not have to become our master. Biblical courage is not the absence of fear, it is choosing to obey God even when our hearts tremble. True faith is revealed not when life is easy, but when we continue to trust and obey the Lord in the face of uncertainty.
The people of Israel understood this truth after returning from their Babylonian exile. Their homeland lay in ruins, hostile nations surrounded them, and their future was uncertain. Yet instead of allowing fear to dictate their actions, "the people assembled together as one" (Ezra 3:1). Their first priority was not rebuilding homes, strengthening defenses, or restoring the city's economy. They built an altar to worship God. Their greatest need was not security, it was God's presence.
The timing of this event is deeply significant. Ezra tells us that it took place in the seventh month (Tishri) (Ezra 3:1), one of the holiest months in Israel's calendar. During this month Israel celebrated the Feast of Trumpets, the Day of Atonement, and the Feast of Tabernacles (Leviticus 23:23–44; Numbers 29). It was also during this same season that Solomon dedicated the first temple, praying that if God's people were ever carried into exile because of their sin, God would hear their repentance and restore them (2 Chronicles 6:36–39). Now, decades later, that prayer was being fulfilled before their very eyes. Their return was living proof that God always keeps His promises.
Before laying the temple's foundation, the returnees rebuilt the altar. This reveals an important spiritual principle: worship must come before work. A restored relationship with God is more important than outward achievements. Their priority reminds us of Jesus' words: "Seek first His kingdom and His righteousness" (Matthew 6:33).
Equally important was how they rebuilt the altar. Ezra emphasizes that they did so "in accordance with what is written in the Law of Moses" (Ezra 3:2). They did not invent new methods of worship or follow popular ideas. They returned to God's revealed Word. Following the instructions given in Exodus 27:1–8, they built the altar as God had commanded, and according to Numbers 28:1–4 they faithfully offered the daily morning and evening sacrifices. Having learned the painful consequences of disobedience, they were determined to honor the Lord with wholehearted obedience.
Then comes one of the most remarkable statements in the chapter: "Despite their fear of the peoples around them, they built the altar on its foundation" (Ezra 3:3). Their enemies had not disappeared. The dangers were real. Yet their fear did not stop their obedience. They chose faithfulness over fear.
The same God calls us to live with that kind of courage today. We may fear rejection, uncertainty, opposition, or an unknown future. Yet God has not given His children "a spirit of fear, but of power and of love and of a sound mind" (2 Timothy 1:7, NKJV). Courage is not pretending fear does not exist; courage is trusting that God is greater than what we fear. Like Joshua, we can move forward because the Lord promises, "Be strong and courageous...for the Lord your God will be with you wherever you go" (Joshua 1:9).
Whenever fear whispers that obedience is too costly, remember the altar in Ezra 3. God's people worshiped before they felt secure. They obeyed before circumstances changed. They trusted before they saw the outcome. Their example reminds us that God's blessings often follow those who choose faithful obedience in the midst of fear.
Prayer: Heavenly Father, thank You for being faithful to every promise You have made. When fear threatens to control my heart, help me to trust You more than my circumstances. Give me the courage to obey Your Word, even when the path ahead seems uncertain. May my life be marked by faithful worship, steadfast obedience, and unwavering confidence in Your presence. Teach me to choose faithfulness over fear each day. In Jesus' name, Amen.

Comments
Post a Comment