কৰ্মৰ আগতে উপাসনা | Worship Before Work
কৰ্মৰ আগতে উপাসনা
লিখামতে তেওঁবিলাকে পঁজা-পৰ্ব্ব পালন কৰিলে, আৰু এক এক দিনৰ নিয়ম অনুসাৰে; দিনে দিনে উপযুক্ত সংখ্যাৰ হোম-বলি উৎসর্গ কৰিলে। তেতিয়াৰে পৰা তেওঁবিলাকে নিত্য হোম-বলি, ন জোনৰ হোম-বলি, যিহোৱাৰ আটাই পবিত্রীকৃত নিৰূপিত পৰ্ব্বৰ হোম-বলি, আৰু যিহোৱাৰ উদ্দেশে নিজ ইচ্ছাৰে এনেই অনা সকলো লোকৰ হোম-বলি উৎসর্গ কৰিবলৈ ধৰিলে। সপ্তম মাহৰ প্ৰথম দিনৰে পৰা তেওঁবিলাকে যিহোৱাৰ উদ্দেশে হোম-বলি উৎসর্গ কৰিবলৈ ধৰিলে; কিন্তু তেতিয়াও যিহোৱাৰ মন্দিৰৰ ভিত্তিমূল স্থাপিত হোৱা নাছিল। (ইজ্ৰা ৩:৪-৬)
আমি নতুন আচবাব বা কোনো নতুন যন্ত্ৰ, সঁজুলি কিনিলে বহু সময়ত নিৰ্দেশনাবোৰ পঢ়ি নাচাই নিজেই জোৰকৈ লগাবলৈ আৰম্ভ কৰি দিওঁ। কেতিয়াবা হয়তো সফল হওঁ, কিন্তু বেছিভাগ সময়তে বিভ্ৰান্তি, ভুল, আৰু পুনৰ জোৰা লগাবলগীয়া অৱস্থা আহি পৰে। কিন্তু আত্মিক জীৱনত ঈশ্বৰে আমাক কেতিয়াও অনুমান কৰি জীৱন যাপন কৰিবলৈ কোৱা নাই। তেওঁ কৃপাৰে নিজৰ ইচ্ছা তেওঁৰ বাক্যত প্ৰকাশ কৰিছে, আৰু এই বাক্য শুনি সেইমতে চলাৰ পৰাই প্ৰকৃত জ্ঞান আৰম্ভ হয় (গীতমালা ১১৯:১০৫; যাকোব ১:২২)।
ইজ্ৰা ৩:৪–৬ পদত আমি সম্পূৰ্ণ আজ্ঞাপালনৰ এক সুন্দৰ ছবি দেখিবলৈ পাওঁ। সত্তৰ বছৰৰ বন্দীজীৱনৰ অন্তত নিজৰ দেশলৈ উভতি অহাৰ পিছত ইস্ৰায়েলৰ লোকসকলে “লিখামতে” তম্বু-পৰ্ব পালন কৰিলে (ইজ্ৰা ৩:৪)। তেওঁলোকে প্ৰতিদিনৰ বাবে নিৰ্ধাৰিত হোম-বলি, ন জোনৰ হোম-বলি, পবিত্রীকৃত নিৰূপিত পৰ্ব্বৰ হোম-বলি, আৰু স্বেচ্ছাই আগবঢ়োৱা বলিবোৰ বিশ্বস্ততাৰে উৎসৰ্গা কৰিলে (ইজ্ৰা ৩:৪–৫)। এই সকলো বিৱৰণ ইমান স্পষ্টকৈ উল্লেখ কৰাৰ উদ্দেশ্য আছিল এক গুৰুত্বপূৰ্ণ সত্য প্ৰকাশ কৰা: ঈশ্বৰৰ লোকসকলে কেৱল উপাসনাৰ আনুষ্ঠানিকতা পালন কৰাই নহয়, তেওঁলোকে ঈশ্বৰে আদেশ দিয়া প্ৰত্যেকটো বিষয় পালন কৰিবলৈ দৃঢ়প্ৰতিজ্ঞও আছিল। তেওঁলোকৰ পূৰ্বপুৰুষসকলৰ অবাধ্যতাৰ ফলস্বৰূপে দীৰ্ঘ বন্দীজীৱনৰ যন্ত্ৰণা ভোগ কৰাৰ পিছত (২ বংশাৱলী ৩৬:১৫–২১), তেওঁলোকে শিকিছিল যে আংশিক আজ্ঞাপালন কেতিয়াও যথেষ্ট নহয়। সত্য অনুতাপ সদায় আনন্দময় আৰু সম্পূৰ্ণ আজ্ঞাপালনত প্ৰকাশ পায় (যোহন ১৪:১৫)।
এই অংশৰ অন্তত এক অত্যন্ত তাৎপৰ্যপূৰ্ণ কথা কোৱা হৈছে: “সপ্তম মাহৰ প্ৰথম দিনৰে পৰা তেওঁলোকে যিহোৱাৰ উদ্দেশ্যে হোম-বলি উৎসৰ্গ কৰিবলৈ ধৰিলে, কিন্তু তেতিয়াও যিহোৱাৰ মন্দিৰৰ ভিত্তিমূল স্থাপিত হোৱা নাছিল” (ইজ্ৰা ৩:৬)। মন্দিৰ নিৰ্মাণ আৰম্ভ কৰাৰ আগতেই তেওঁলোকে উপাসনা আৰম্ভ কৰিলে। ঈশ্বৰৰ গৃহৰ শিল স্থাপন কৰাৰ আগতেই তেওঁলোকে নিজৰ হৃদয় ঈশ্বৰৰ আগত নত কৰিলে। তেওঁলোকৰ অগ্ৰাধিকাৰ স্পষ্ট আছিল: ঈশ্বৰৰ উপস্থিতি মন্দিৰতকৈ অধিক গুৰুত্বপূৰ্ণ, আৰু কৰ্মৰ আগতে উপাসনাই প্ৰথম স্থান লাভ কৰিছিল।
আজিও এই নীতিটো আমাৰ জীৱনৰ বাবে সমানে প্ৰযোজ্য। আমি বহু সময়ত নিজৰ কৰ্মজীৱন, পৰিয়াল, পৰিচৰ্যা বা ব্যক্তিগত লক্ষ্য গঢ়ি তোলাত ইমান ব্যস্ত হৈ পৰোঁ যে ঈশ্বৰৰ সৈতে থকা সম্পৰ্ক দ্বিতীয় স্থানত গৈ পায়। কিন্তু ঈশ্বৰে প্ৰথমে আমাৰ কৰ্ম নহয়, আমাৰ হৃদয় বিচাৰে। তেওঁ আমাৰ হাতৰ সেৱাতকৈ আগতে আমাৰ উপাসনা, আৰু আমাৰ সফলতাতকৈ আগতে আমাৰ আজ্ঞাপালন বিচাৰে (মথি ৬:৩৩)। আমাৰ সকলো সেৱা আৰু কৰ্ম তেওঁৰ সৈতে গভীৰ সম্পৰ্কৰ পৰা উৎসাৰিত হোৱা উচিত।
সেয়ে, আমি যেন কেতিয়াও নিজৰ ইচ্ছামতে পথ বাছি নলওঁ হওক বা সুবিধা হ'লেহে আজ্ঞা পালন নকৰোঁ হওক। তাৰ পৰিৱৰ্তে, ঈশ্বৰৰ বাক্যক মূল্য দি, তেওঁৰ প্ৰতিটো আদেশ সম্পূৰ্ণ হৃদয়ে পালন কৰি, আৰু উপাসনাক জীৱনৰ সৰ্বোচ্চ অগ্ৰাধিকাৰ কৰি লওঁহওক। যেতিয়া খ্ৰীষ্ট আমাৰ জীৱনত প্ৰথম স্থানত থাকে, তেতিয়া বাকী সকলো বস্তু নিজৰ সঠিক স্থানত আহি পৰে (কলচীয়া ১:১৮)।
Worship Before the Work
Then in accordance with what is written, they celebrated the Festival of Tabernacles with the required number of burnt offerings prescribed for each day. After that, they presented the regular burnt offerings, the New Moon sacrifices and the sacrifices for all the appointed sacred festivals of the Lord, as well as those brought as freewill offerings to the Lord. On the first day of the seventh month they began to offer burnt offerings to the Lord, though the foundation of the Lord’s temple had not yet been laid. - (Ezra 3:4-6)
When we buy furniture or a new appliance, many of us are tempted to skip the instructions and figure things out on our own. Sometimes that works, but often it leads to frustration, mistakes, and having to start over. Spiritually, however, God never calls His people to guess their way through life. He has graciously revealed His will in His Word, and true wisdom begins with listening to Him (Psalm 119:105; James 1:22).
Ezra 3:4–6 reveals a beautiful picture of wholehearted obedience. After returning from seventy years of exile, the people of Israel celebrated the Festival of Tabernacles “as it is written” (Ezra 3:4). They carefully offered “the number of burnt offerings specified for each day” and faithfully observed the regular sacrifices, the New Moon offerings, the appointed festivals, and the freewill offerings to the Lord (Ezra 3:4–5). The repeated emphasis on these details is intentional. The writer wants us to see that God's people were not merely going through religious motions, they were determined to obey everything God had commanded. Having experienced the painful consequences of generations of disobedience (2 Chronicles 36:15–21), they had learned that partial obedience is never enough. Genuine repentance produces careful, joyful obedience (John 14:15).
The passage concludes with a remarkable statement: “On the first day of the seventh month they began to offer burnt offerings to the LORD, though the foundation of the LORD's temple had not yet been laid” (Ezra 3:6). Before rebuilding the temple, they rebuilt their worship. Before laying stones for God's house, they bowed their hearts before God Himself. Their priorities were clear: God's presence mattered more than the building, and worship came before the work.
The same principle remains true today. We often become consumed with building careers, ministries, families, or personal goals, yet God first calls us to walk with Him. He desires our hearts before our hands, our worship before our work, and our obedience before our accomplishments (Matthew 6:33). Every act of faithful service should flow from a life surrendered to Him.
May we resist the temptation to choose our own way or obey only when it is convenient. Instead, let us treasure God's Word, follow His commands wholeheartedly, and make worship our highest priority. When Christ is first in our lives, everything else finds its proper place (Colossians 1:18).
Prayer: Father, thank You for revealing Your will through Your Word. Give us humble hearts that delight in obeying You completely, not selectively. Teach us to seek You before our work, to worship You before pursuing our plans, and to place You above every earthly priority. May our lives reflect wholehearted obedience that brings glory to Your name. In Jesus' name, Amen.

Comments
Post a Comment