খ্ৰীষ্টত আমি একেলগে গঢ়া হৈছোঁ (১ পিতৰ ২:৪–১০) / Built Together in Christ (1 Peter 2:4-10)

খ্ৰীষ্টত আমি একেলগে গঢ়া হৈছোঁ (১ পিতৰ ২:৪–১০)

আপুনি কেতিয়াবা ঘৰ, আচবাব, বা বৈদ্যুতিক তাঁৰ সংযোগ (wiring) কৰি থকা কোনো কাৰিকৰক লক্ষ্য কৰিছে নে? আৰম্ভণিতে সিঁচৰতি হৈ থকা সামগ্ৰীসমূহ যেন এলোমেলো আৰু একেবাৰে অসংলগ্ন হয় থকা যেন লাগে। কিন্তু নিৰ্মান কৰোঁতা সকল আন সকলৰ দৃষ্টিৰ অগোচৰত থকা সম্পূৰ্ণ ছবিখন দেখিবলৈ পায়। প্ৰতিটো কাঠ, প্ৰতিটো স্ক্ৰু, আৰু প্ৰতিটো অংশৰ এক নিৰ্দিষ্ট স্থান আৰু উদ্দেশ্য থাকে। যেতিয়া সকলো অংশ সঠিক ঠাইত সংযোগ কৰা হয়, তেতিয়া এক সুন্দৰ আৰু উপযোগী গঠন তৈয়াৰ হয়।

ঈশ্বৰেও ইয়াতকৈ অসীম মহান এক নিৰ্মাণকাৰ্য কৰি আছে। কিন্তু তেওঁ ইটা, চিমেণ্ট বা কাঠ ব্যৱহাৰ নকৰে; তেওঁ মানুহক লৈ তেওঁৰ গৃহ নিৰ্মাণ কৰে। পিতৰে কয়, যেতিয়া আমি যীচু খ্ৰীষ্টৰ ওচৰলৈ আহোঁ, যিজন “মানুহৰ দ্বাৰা অগ্ৰাহ্য, কিন্তু ঈশ্বৰৰ দৃষ্টিত মনোনীত আৰু বহুমূল্য জীৱনময় শিল” (১ পিতৰ ২:৪), তেতিয়া আমিও “জীয়া শিল” হৈ ঈশ্বৰৰ “আত্মিক গৃহ” হিচাপে গঢ়ি তোলা হওঁ (১ পিতৰ ২:৫)। নতুন জন্মৰ দ্বাৰা খ্ৰীষ্টই আমাক নতুন জীৱন দিয়ে আৰু তেওঁৰ অনুগ্ৰহত আমাক একেলগে তেওঁৰ মণ্ডলীত সংযুক্ত কৰে।

পুৰণি নিয়মত ঈশ্বৰৰ মহিমাময় উপস্থিতি জীৱনহীন শিলেৰে নিৰ্মিত মন্দিৰত বাস কৰিছিল (১ ৰাজাৱলি ৮:১০–১১)। কিন্তু আজি ঈশ্বৰে মানুহৰ হাতেৰে নিৰ্মিত কোনো অট্টালিকাত বাস নকৰে। খ্ৰীষ্টৰ দ্বাৰা তেওঁ তেওঁৰ মুক্তিপ্ৰাপ্ত লোকসকলৰ মাজত বাস কৰে। আমি এতিয়া ঈশ্বৰৰ মন্দিৰ, আৰু তেওঁৰ পবিত্ৰ আত্মাই আমাৰ অন্তৰত বাস কৰে (১ কৰিন্থীয়া ৩:১৬–১৭; ৬:১৯)। খ্ৰীষ্ট নিজেই সেই প্ৰকৃত “চুকৰ বহুমূল্য শিল” (যিচয়া ২৮:১৬), আৰু প্ৰতিজন বিশ্বাসীয়ে কেৱল তেওঁৰ লগত একত্ৰিত হৈহে নিজৰ সঠিক স্থান, উদ্দেশ্য আৰু স্থিৰতা বিচাৰি পায়।

পিতৰে আমাক এই কথাও সোঁৱৰাই দিয়ে যে প্ৰতিজন বিশ্বাসীৰ ঈশ্বৰৰ সেৱা কৰাৰ এক মহৎ অধিকাৰ আছে। আমি “পবিত্ৰ পুৰোহিতসমূহ”, যিসকলে যীচু খ্ৰীষ্টৰ যোগেদি ঈশ্বৰৰ গ্ৰহণযোগ্য “আত্মিক যজ্ঞ” আগবঢ়ায় (১ পিতৰ ২:৫; ৰোমীয়া ১২:১; ইব্ৰী ১৩:১৫–১৬)। নতুন নিয়মৰ যুগত ঈশ্বৰৰ উপস্থিতিলৈ যোৱাৰ অধিকাৰ কেৱল কিছুমান পুৰোহিতৰ মাজত সীমাবদ্ধ নহয়। খ্ৰীষ্টৰ সম্পূৰ্ণ কৰা কাৰ্যৰ বাবে প্ৰতিজন বিশ্বাসীয়ে সাহসেৰে ঈশ্বৰৰ সিংহাসনৰ ওচৰ চাপিব পাৰে (ইব্ৰী ৪:১৪–১৬)। খ্ৰীষ্টৰ দেহত প্ৰতিজন বিশ্বাসীৰ এক বিশেষ স্থান আৰু দায়িত্ব আছে। ঈশ্বৰৰ গৃহত কোনো লোকেই অপ্রয়োজনীয় নহয়।

দুখৰ বিষয় যে সকলোৱে খ্ৰীষ্টক গ্ৰহণ নকৰে। পিতৰে গীতমালা ১১৮:২২ উদ্ধৃত কৰি কয়, “কিন্তু ঘৰ সজীয়াবিলাকে যি শিল অগ্ৰাহ্য কৰিলে, সেয়ে চুকৰ প্ৰধান শিল হ'ল” (১ পিতৰ ২:৭)। বহুতে যীচুক অগ্ৰাহ্য কৰে, কাৰণ তেওঁ তেওঁলোকৰ আশা-আকাংক্ষাৰ দৰে নহয়। কিন্তু মানুহৰ অগ্ৰাহ্য কৰাত ঈশ্বৰৰ পৰিকল্পনা কেতিয়াও বিফল নহয়। খ্ৰীষ্টই আজিও পৰিত্ৰাণৰ একমাত্ৰ ভিত্তি (পাঁচনিৰ কৰ্ম ৪:১১–১২)।

যিসকলে খ্ৰীষ্টত বিশ্বাস কৰিছে, তেওঁলোকক ঈশ্বৰে এক গৌৰৱময় পৰিচয় দিছে। আমি “মনোনীত বংশ, ৰাজকীয় পুৰোহিতসমূহ, পবিত্ৰ জাতি, ঈশ্বৰৰ নিজ অধিকাৰৰ অৰ্থে এক বিশেষ লোক” (১ পিতৰ ২:৯)। ঈশ্বৰে আমাক কেৱল তেওঁৰ আশীৰ্বাদ উপভোগ কৰিবলৈ ৰক্ষা কৰা নাই; তেওঁ আমাক উদ্ধাৰ কৰিছে যাতে “যিজনে আমাক আন্ধাৰৰ পৰা তেওঁৰ আচৰিত পোহৰলৈ আমাক আমন্ত্ৰণ কৰিলে, তেওঁৰ সদগুন প্ৰকাশ কৰিব পাৰোঁ।” এসময়ত আমি আত্মিকভাৱে হেৰাই গৈছিলোঁ, কিন্তু এতিয়া আমি খ্ৰীষ্টৰ। এসময়ত আমি আন্ধাৰত বাস কৰিছিলোঁ, কিন্তু এতিয়া তেওঁৰ পোহৰত খোজ কাঢ়িছোঁ। সেয়েহে আমাৰ জীৱনে সদায় সেই ত্ৰাণকৰ্তাৰ মহিমা প্ৰকাশ কৰা উচিত, যিজনে আমাক সম্পূৰ্ণৰূপে ৰূপান্তৰিত কৰিলে।

আজি এই কথা আমি মনত ৰাখোঁহক: আমি মাটিত পৰি থকা কোনো অকলশৰীয়া শিল নহয়। খ্ৰীষ্টত আমি নতুন জীৱন লাভ কৰিছোঁ, ঈশ্বৰে আমাক তেওঁৰ ইচ্ছামতে সঠিক স্থানত ৰাখিছে, আৰু তেওঁৰ মহিমাৰ বাবে তেওঁৰ লোকসকলৰ সৈতে একেলগে গঢ়ি তুলিছে। গতিকে মহান নিৰ্মাতা ঈশ্বৰৰ ওপৰত আমি বিশ্বাস ৰাখোঁহক। আমি তেওঁৰ কাৰ্য বুজি নাপালেও, তেওঁ আমাৰ জীৱন গঢ়ি তুলিছে আৰু তেওঁৰ চিৰন্তন উদ্দেশ্যৰ লগত সংযুক্ত কৰি আছে। চুকৰ প্ৰধান শিল খ্ৰীষ্টৰ সৈতে দৃঢ়ভাৱে থিয় হৈ থাকোঁহক, আৰু আমাৰ জীৱন সেইজনাৰ মহিমা ঘোষণা কৰা এক জীৱন্ত সাক্ষ্য হওক, যিজনে আমাক আন্ধাৰৰ পৰা তেওঁৰ আশ্চৰ্যজনক পোহৰলৈ মাতি আনিছে।

প্ৰাৰ্থনা: স্বৰ্গীয় পিতৃ, আমাৰ প্ৰভু যীচু খ্ৰীষ্টৰ দ্বাৰা আমাক জীৱন্ত শিল কৰি তোলাৰ বাবে আপোনাক ধন্যবাদ। আপোনাৰ পৰিয়ালৰ সদস্য আৰু আপোনাৰ আত্মিক গৃহৰ অংশ হ'বলৈ দিয়া বাবে আপোনাৰ প্ৰশংসা কৰোঁ। আমাৰ সহায় হওক, যাতে আমি সদায় আমাৰ কোণশিল খ্ৰীষ্টত দৃঢ়ভাৱে প্ৰতিষ্ঠিত হৈ থাকোঁ আৰু আপুনি দিয়া দানসমূহেৰে বিশ্বস্তভাৱে আপোনাৰ সেৱা কৰিব পাৰোঁ। আমাৰ জীৱনে আপোনাৰ মহিমা ঘোষণা কৰক আৰু এই আন্ধাৰ জগতত খ্ৰীষ্টৰ পোহৰ প্ৰতিফলিত কৰক। আপোনাৰ মহিমাৰ বাবে আপুনি আমাক যিদৰে গঢ়ি তুলিব বিচাৰে, সেইদৰেই গঢ়ি তুলি থাকক। যীচু খ্ৰীষ্টৰ নামত, আমেন।

Built Together in Christ (1 Peter 2:4–10)

Have you ever watched someone assemble a house, a piece of furniture, or wiring? At first, the scattered pieces seem random and disconnected. Yet the builder sees what others cannot. Every board, every screw, and every panel has been carefully designed to fit into a larger purpose. When each piece is placed where it belongs, something beautiful and useful emerges.

God is accomplishing an even greater building project. But instead of using bricks or timber, He is building with people. Peter tells us that as we come to Jesus Christ, the "living Stone, rejected by men but chosen by God and precious to Him" (1 Peter 2:4), we ourselves become "living stones" being built into a spiritual house (1 Peter 2:5). Through the new birth, Christ gives us spiritual life, and by His grace He joins us together into His Church.

In the Old Testament, God's presence dwelt in the temple built of lifeless stones (1 Kings 8:10–11). Today, however, God no longer dwells in a building made by human hands. Through Christ, He dwells among His redeemed people. We are now His temple, and His Holy Spirit lives within us (1 Corinthians 3:16–17; 6:19). Christ Himself is the true Cornerstone (Isaiah 28:16), and every believer finds his place, purpose, and stability only by being united to Him.

Peter also reminds us that every believer has the privilege of serving God. We are "a holy priesthood" called to offer "spiritual sacrifices acceptable to God through Jesus Christ" (1 Peter 2:5; Romans 12:1; Hebrews 13:15–16). Under the New Covenant, access to God is no longer limited to a select group of priests. Because of Christ's finished work, every believer can draw near to God with confidence (Hebrews 4:14–16). Each member of Christ's body has a unique role in His kingdom, and no one is unnecessary in God's household.

Sadly, not everyone receives Christ. Peter quotes Psalm 118:22, declaring, "The stone the builders rejected has become the cornerstone" (1 Peter 2:7). Many reject Jesus because He does not fit their expectations. Yet their rejection cannot change God's plan. Christ remains the only foundation of salvation (Acts 4:11–12).

Those who have trusted in Him have been given a glorious identity. We are "a chosen race, a royal priesthood, a holy nation, God's special possession" (1 Peter 2:9). God has not saved us merely to enjoy His blessings but to proclaim His greatness, to "declare the praises of Him who called you out of darkness into His marvelous light." Once we were spiritually lost, but now we belong to Christ. Once we lived in darkness, but now we walk in His light. Our lives should continually point others to the Savior who transformed us.

Today, remember that you are not an isolated stone lying on the ground. In Christ, you have been made alive, placed exactly where God intends, and joined to His people for His glory. Trust the Master Builder. Even when you cannot understand what He is doing, He is shaping your life and fitting you into His eternal purpose. Stay close to the Cornerstone, and let your life become a testimony that declares the excellencies of the One who has called you into His marvelous light.

Prayer: Heavenly Father, thank You for making us living stones through our Lord Jesus Christ. Thank You for bringing us into Your family and allowing us to be part of Your spiritual house. Help us to remain firmly rooted in Christ, our Cornerstone, and to faithfully serve You with the gifts You have given us. May our lives proclaim Your greatness and reflect the light of Christ to a dark world. Continue building us into the people You have called us to be, for the glory of Your name. In Jesus' name, Amen.

Comments