স্বৰ্গৰ বাবে নিৰ্বাচিত (১ পিতৰ ১:১–২) / Chosen for Heaven (1Peter 1:1-2)
স্বৰ্গৰ বাবে নিৰ্বাচিত (১ পিতৰ ১:১–২)
যেতিয়া আমি পাঁচনি পিতৰৰ কথা ভাবোঁ, সাধাৰণতে এজন সাহসী কিন্তু আবেগিক ব্যক্তিৰ ছবি মনলৈ আহে। তেওঁ যীচুৰ ওচৰলৈ পানীৰ ওপৰত খোজ কাঢ়িবলৈ নাৱৰ পৰা নামি গৈছিল (মথি ১৪:২৮–৩১)। গেৎচেমানী বাৰীত তেওঁ তৰোৱাল উলিয়াই মহাপুৰোহিতৰ দাসৰ কাণ কাটি পেলাইছিল (যোহন ১৮:১০–১১)। তেওঁ দৃঢ়তাৰে কৈছিল যে কেতিয়াও যীচুক অস্বীকাৰ নকৰিব, কিন্তু সেই একে ৰাতিয়েই তেওঁ তিনিবাৰকৈ প্ৰভুক অস্বীকাৰ কৰিলে (মথি ২৬:৬৯–৭৫)। কিন্তু পিতৰৰ কাহিনী ব্যৰ্থতাত শেষ নহল। পুনৰুত্থানৰ পিছত যীচুৱে তেওঁক প্ৰেমেৰে পুনৰ স্থাপন কৰিলে আৰু নিজৰ মেৰক চোৱাচিতা কৰাৰ দায়িত্ব দিলে (যোহন ২১:১৫–১৯)। যিজন ব্যক্তিয়ে আগতে চিন্তা নকৰাকৈ কাম কৰিছিল, তেওঁ পিছলৈ দুখ-কষ্ট, অনুগ্ৰহ আৰু খ্ৰীষ্টৰ প্ৰতি অটল বিশ্বাসেৰে গঢ়ি উঠা এজন পৰিপক্ক ঈশ্বৰৰ দাস হৈ পৰিল। প্ৰথম আৰু দ্বিতীয় পিতৰৰ পত্ৰ সেই আবেগিক মাছমৰীয়াজনৰ দ্বাৰা নহয়, বৰঞ্চ পুনৰুত্থিত খ্ৰীষ্টৰ সাক্ষ্য দিবলৈ নিজৰ জীৱন উৎসৰ্গা কৰা এজন পৰিপক্ক আধ্যাত্মিক নেতাৰ দ্বাৰা লিখা হৈছিল।
পিতৰে নিজৰ পত্ৰৰ আৰম্ভণিতে বিশ্বাসীসকলক “ঈশ্বৰৰ মনোনীত” আৰু “প্ৰবাসী লোক” বুলি সম্বোধন কৰিছে (১ পিতৰ ১:১)। এই দুটা উপাধিয়েই খ্ৰীষ্টীয় জীৱনৰ গভীৰ সত্য প্ৰকাশ কৰে। ঈশ্বৰৰ মনোনীত হোৱাৰ অৰ্থ হৈছে আমাৰ পৰিত্ৰাণৰ আৰম্ভণি আমাৰ নিজৰ প্ৰচেষ্টাৰে নহয়, ঈশ্বৰৰ অনুগ্ৰহপূৰ্ণ উদ্যোগৰ দ্বাৰাহে হৈছে। আমি তেওঁক বিচাৰাৰ আগতেই তেওঁ আমাক নিজৰ প্ৰেমত মনোনীত কৰিছে (যোহন ১৫:১৬; ইফিচীয়া ১:৪–৫)। ঈশ্বৰৰ আগত আমাৰ স্থান আমাৰ যোগ্যতাৰ ওপৰত নিৰ্ভৰ নকৰে; ই সম্পূৰ্ণৰূপে তেওঁৰ সাৰ্বভৌম অনুগ্ৰহৰ ওপৰত নিৰ্ভৰ কৰে। এই সত্যই আমাৰ অহংকাৰ নম্ৰ কৰে, ভয় আঁতৰাই দিয়ে আৰু আমাৰ হৃদয় কৃতজ্ঞতাৰে ভৰাই তোলে, কিয়নো পৰিত্ৰাণ আৰম্ভণিৰ পৰা শেষলৈকে হৈছে প্ৰভুৰ কাম।
একে সময়তে পিতৰে বিশ্বাসীসকলক প্ৰবাসী বুলিও কয়। তেওঁৰ প্ৰথম পাঠকসকলৰ মাজৰ বহুতে ইস্ৰায়েলৰ বাহিৰত বাস কৰা যিহূদী খ্ৰীষ্টিয়ান লোক আছিল। কিন্তু এই শব্দটোৰ আধ্যাত্মিক অৰ্থও আছে। এই পৃথিৱী আমাৰ স্থায়ী ঘৰ নহয়। আমি যদিও এই পৃথিৱীত বাস কৰোঁ, আমাৰ প্ৰকৃত নাগৰিকত্ব স্বৰ্গত আছে (ফিলিপীয়া ৩:২০), আৰু আমি আমাৰ ৰজা যীচু খ্ৰীষ্টৰ পুনৰ আগমনৰ অপেক্ষাত আছোঁ। আব্ৰাহামৰ দৰে আমিও এই পৃথিৱীত বিদেশী আৰু যাত্ৰী, ঈশ্বৰে নিৰ্মাণ কৰা উত্তম দেশৰ সন্ধানত আছোঁ (ইব্ৰী ১১:১৩–১৬)। আমাৰ অন্তৰ মন এনে এক ঠাইৰ অপেক্ষাত, যি ঠাইৰ ৰজা আমাৰ প্ৰভু যীচু।
তাৰ পিছত পিতৰে দেখুৱাইছে যে আমাৰ পৰিচয় ত্ৰিত্ব ঈশ্বৰৰ কাৰ্যৰ ওপৰত দৃঢ়ভাৱে প্ৰতিষ্ঠিত (১ পিতৰ ১:২)। পিতৃ ঈশ্বৰে নিজৰ পূৰ্বজ্ঞান অনুসাৰে আমাক মনোনীত কৰিলে। পুত্ৰ যীচু খ্ৰীষ্টই নিজৰ বহুমূলীয়া তেজেৰে আমাক শুচি কৰিলে আৰু আজ্ঞাপালনময় জীৱন যাপন কৰিবলৈ আমাক আহ্বান জনায়। পবিত্ৰ আত্মাই প্ৰতিদিনে আমাক পবিত্ৰ কৰি খ্ৰীষ্টৰ প্ৰতিমূৰ্তিত গঢ়ি তুলিছে। সেয়েহে আমাৰ পৰিত্ৰাণ আমাৰ নিজৰ শক্তিৰ ওপৰত নহয়, বৰঞ্চ পিতৃ, পুত্ৰ আৰু পবিত্ৰ আত্মাৰ অনুগ্ৰহপূৰ্ণ কাৰ্যৰ ওপৰত নিৰ্ভৰশীল।
আজিৰ জগতে আমাক কয় যে আমাৰ পৰিচয় আমাৰ চাকৰি, সফলতা, জাতীয়তা, পৰিয়াল বা সামাজিক স্থানৰ মাজত বিচাৰিব লাগে। কিন্তু পিতৰে আমাক সোঁৱৰাই দিয়ে যে ইয়াতকৈ বহু মহান এক পৰিচয় আছে। আমি ঈশ্বৰৰ মনোনীত লোক, খ্ৰীষ্টৰ তেজেৰে মুক্তিপ্ৰাপ্ত, পবিত্ৰ আত্মাৰ দ্বাৰা পবিত্ৰ কৰা, আৰু স্বৰ্গৰ নাগৰিক। জীৱনত বহু বস্তু সলনি হ'ব পাৰে, কিন্তু এই পৰিচয় কেতিয়াও সলনি নহয়। আমি ঈশ্বৰৰ, সেয়েহে এই পৃথিৱীত যাত্ৰী হিচাপে জীৱন যাপন কৰিও তেওঁৰ “তেজেৰে শান্তি” (১ পিতৰ ১:২) উপভোগ কৰিব পাৰোঁ।
প্ৰাৰ্থনা: হে স্বৰ্গীয় পিতৃ, আপোনাৰ অনুগ্ৰহত আমাক মনোনীত কৰি যীচু খ্ৰীষ্টৰ যোগেদি আপোনাৰ সন্তান কৰাৰ বাবে ধন্যবাদ। আমাক সদায় সোঁৱৰাই দিয়ক যে এই পৃথিৱী আমাৰ স্থায়ী ঘৰ নহয়; আমাৰ প্ৰকৃত নাগৰিকত্ব স্বৰ্গত। আপোনাৰ পবিত্ৰ আত্মাই আমাক প্ৰতিদিনে পবিত্ৰ কৰি যাওক, যাতে আমি খ্ৰীষ্টৰ আজ্ঞাপালনত বিশ্বস্তভাৱে জীৱন যাপন কৰিব পাৰোঁ, যেতিয়ালৈকে আমি তেওঁক মুখামুখি দেখা নাপাওঁ। এই যাত্ৰাত আমাৰ হৃদয় আপোনাৰ প্ৰচুৰ অনুগ্ৰহ আৰু শান্তিৰে পূৰ্ণ কৰি ৰাখক। প্ৰভু যীচুৰ নামত, আমেন।
Chosen for Heaven (1 Peter 1:1–2)
When we think of the apostle Peter, we often remember a man of bold impulses and deep failures. He stepped out of a boat to walk on water toward Jesus (Matthew 14:28–31). He drew his sword in the garden and cut off the servant's ear (John 18:10–11). He boldly declared his loyalty, only to deny his Lord three times before dawn (Matthew 26:69–75). Yet Peter's story did not end in failure. After His resurrection, Jesus lovingly restored Peter and entrusted him with the care of His people (John 21:15–19). The man who once acted before thinking became a faithful shepherd who spent the rest of his life proclaiming the risen Christ. The letters of 1 and 2 Peter were written, not by an impulsive fisherman, but by a mature servant whose life had been shaped by suffering, grace, and unwavering devotion to Jesus.
Peter begins his first letter by addressing believers as "God's elect" and "exiles" (1 Peter 1:1). These two titles beautifully summarize the Christian life. To be God's elect means that our salvation began with God's gracious initiative, not our own efforts. Before we ever sought Him, He had set His love upon us (John 15:16; Ephesians 1:4–5). Our standing before God is not rooted in our worthiness but in His sovereign grace. This truth humbles our pride, removes our fear, and fills our hearts with gratitude because salvation belongs to the Lord from beginning to end.
At the same time, Peter calls believers exiles. Many of his first readers were Jewish Christians living outside their homeland, but Peter also uses the word to describe every follower of Christ. This world is not our final home. Though we live on earth, our true citizenship is in heaven (Philippians 3:20), and we eagerly await the return of our King. Like Abraham, we are "strangers and pilgrims" looking for a better country whose builder and maker is God (Hebrews 11:13–16). Christians should never feel completely at home in a world that rejects Christ, because our hearts belong to another kingdom.
Peter then anchors our identity in the work of the Triune God (1 Peter 1:2). The Father lovingly chose us according to His foreknowledge. The Holy Spirit is continually sanctifying us, shaping us into the likeness of Christ. The Son, Jesus Christ, cleansed us through His precious blood and calls us to joyful obedience. Our salvation is not sustained by our own strength but by the gracious work of the Father, Son, and Holy Spirit.
In a world that constantly tells us to define ourselves by our career, achievements, nationality, family, or social status, Peter reminds us of a far greater identity. We are God's chosen people, redeemed by Christ, sanctified by the Spirit, and citizens of heaven. Everything else about us may change, but this identity can never be taken away. Because we belong to God, we can experience His grace and peace "in abundance" (1 Peter 1:2), even while living as pilgrims in a broken world.
Prayer: Heavenly Father, thank You for choosing us by Your grace and making us Your children through Jesus Christ. Help us to remember that this world is not our home and that our true citizenship is in heaven. May Your Spirit continue to sanctify us so that we may live in joyful obedience to Christ until the day we see Him face to face. Fill our hearts with Your abundant grace and peace as we walk faithfully as Your elect exiles. In Jesus' name, Amen.

Comments
Post a Comment