খ্ৰীষ্টীয় জীৱন প্ৰতিফলিত কৰা এটা মণ্ডলী (১ পিতৰ ৩:৮–১২) / A Church that Reflects the Life in Christ (1 Peter 3:8-12)

খ্ৰীষ্টীয় জীৱন প্ৰতিফলিত কৰা এটা মণ্ডলী (১ পিতৰ ৩:৮–১২)

খ্ৰীষ্টীয় জীৱন কেৱল ঈশ্বৰৰ সৈতে আমাৰ সম্পৰ্কৰ বিষয়ে নহয়; ই আন বিশ্বাসীসকলৰ সৈতে আমি কেনেকৈ জীৱন যাপন কৰোঁ তাৰ বিষয়েও। যীচুৱে কৈছিল, “তোমালোকে যদি পৰস্পৰৰ মাজত প্ৰেম ৰাখা, তেন্তে তোমালোক যে মোৰ শিষ্য, ইয়াক তাৰ দ্বাৰাই সকলোৱে জানিব” (যোহন ১৩:৩৫)। বিশ্বাসীসকল মাজত থকা সম্বন্ধৰ দ্বাৰা জগতৰ আগত খ্ৰীষ্টৰ বাস্তৱতা প্ৰকাশ পাব লাগে। 

১ পিতৰ ৩:৮ পদত পিতৰে খ্ৰীষ্ট-কেন্দ্ৰিক মণ্ডলীৰ মূলকেন্দ্ৰৰ এটা সুন্দৰ বৰ্ণনা দিছে: “শেষতে কওঁ, তোমালোক সকলো এক মনৰ লোক , পৰৰ দুখত দুঃখিত, ভাতৃ প্ৰেমকাৰী, কোমল চিত্তৰ লোক, আৰু নম্ৰ মনৰ লোক হোৱা"। 

এই গুণবোৰ আমাৰ জীৱনলৈ স্বাভাৱিকতে নাহে। আমাৰ পাপী স্বভাৱে আমাক প্ৰায়ে অহংকাৰ, স্বাৰ্থপৰতা আৰু নিজকে ৰক্ষা কৰাৰ ইচ্ছাৰ ফালে লৈ যায়। কিন্তু খ্ৰীষ্টই আমাক এক বেলেগ পথলৈ মাতিছে: নম্ৰতা আৰু প্ৰেমৰ পথলৈ।

যীচুৱে নিজে এই পথৰ উত্তম উদাহৰণ দেখুৱাইছিল। যেতিয়া তেওঁ তেওঁৰ শিষ্যসকলৰ ভৰি ধুইছিল, তেতিয়া তেওঁ দেখুৱাইছিল যে যদিও তেওঁ প্ৰভু আৰু গুৰু, তথাপিও তেওঁ এজন সেৱকৰ স্থান গ্ৰহণ কৰিছিল। তাৰ পিছত তেওঁ কৈছিল, “কিয়নো মই তোমালোকলৈ যি দৰে কৰিলোঁ, তোমালোকেও যেন সেই দৰে কৰা, এই কাৰণে তোমালোকক আৰ্হি দেখুৱালো” (যোহন ১৩:১৫)।

খ্ৰীষ্টৰ মণ্ডলী বুলি কলে এনেকুৱা নহয় যে তাত কেতিয়াও সংঘাত নাথাকিব; কিন্তু সংঘাতৰ পৰিস্থিতিক প্ৰেমেৰে আৰু অনুগ্ৰহেৰে চম্ভালাটোহে প্ৰকৃত খ্ৰীষ্টীয় মণ্ডলীৰ পৰিচয়। পিতৰে লিখিছে: “অপকাৰৰ সলনি অপকাৰ, আৰু তিৰস্কাৰৰ সলনি তিৰস্কাৰ নকৰি, বৰং আশীৰ্বাদ কৰা" (১ পিতৰ ৩:৯)।

এইটো তেতিয়া সম্ভৱ হ'ব যেতিয়া আমি মনত ৰাখিম যে খ্ৰীষ্টই আমাৰ সৈতে কেনে ব্যৱহাৰ কৰিলে! যেতিয়া তেওঁক অপমান কৰা হৈছিল আৰু তেওঁ দুখ ভোগ কৰিছিল, তেতিয়া তেওঁ ঘৃণাৰে উত্তৰ দিয়া নাছিল, কিন্তু নিজকে ন্যায়বিচাৰ কৰা পিতৃ ঈশ্বৰৰ হাতত সমৰ্পণ কৰিছিল (১ পিতৰ ২:২৩)। যিহেতু আমি খ্ৰীষ্টৰ পৰা দয়া লাভ কৰিছোঁ, সেয়ে আমাকো আনৰ প্ৰতি দয়া দেখুৱাবলৈ আহ্বান কৰা হৈছে।

পিতৰে আমাক আমাৰ কথাৰ বিষয়েও সাৱধান হ’বলৈ সোঁৱৰাই দিছে: "যি জনে জীৱন প্ৰেম কৰিবলৈ, আৰু মঙ্গলৰ দিন চাবলৈ ইচ্ছা কৰে, তেওঁ কুকথাৰ পৰা নিজৰ জিবা, আৰু ছলনা বাক্যৰ পৰা নিজৰ ওঁঠ ৰাখক” (১ পিতৰ ৩:১০)। আমাৰ কথাত বহুত শক্তি আছে। ই আনক উৎসাহিতো কৰিব পাৰে বা আঘাতো দিব পাৰে। যীচুৰ অনুগামী হিচাপে আমাৰ বাক্যত অনুগ্ৰহ থাকিব লাগে আৰু আমাৰ কথাই তেওঁৰ প্ৰেম প্ৰকাশ কৰিব লাগে (ইফিচীয়া ৪:২৯)।

এক খ্ৰীষ্টীয় মণ্ডলী নিখুঁত মানুহৰ মণ্ডলী নহয়; কিন্তু এনে এখন মণ্ডলী য’ত অপূৰ্ণ মানুহে বাৰে বাৰে নিখুঁত যীচুৰ ওচৰলৈ ঘূৰি আহে। যেতিয়া আমি নম্ৰতাত চলোঁ, মুক্তভাৱে ক্ষমা কৰোঁ আৰু আন্তৰিকতাৰে প্ৰেম কৰোঁ, তেতিয়া আমি জগতক দেখুৱাওঁ যে খ্ৰীষ্টই আমাৰ জীৱনত কেনে মহান কাৰ্য কৰিছে!

প্ৰাৰ্থনা: প্ৰভু যীচু, মোৰ সম্পৰ্কবোৰত তোমাৰ প্ৰেম প্ৰকাশ কৰিবলৈ মোক সহায় কৰা। মোক এক নম্ৰ মন, অনুগ্ৰহপূৰ্ণ কথা আৰু আনৰ সৈতে সেই একে দয়াৰে ব্যৱহাৰ কৰাৰ শক্তি দিয়া, যি দয়া মই তোমাৰ পৰা লাভ কৰিছোঁ। আমেন।

A Church That Reflects Life in Christ (1 Peter 3:8–12)

Christianity is not only about our relationship with God; it is also about how we live with one another. Jesus said, “By this all people will know that you are my disciples, if you have love for one another” (John 13:35). The way believers treat each other is meant to display the reality of Christ to the world.

In 1 Peter 3:8, Peter describes the heart of a Christ-centered community: “Finally, all of you, have unity of mind, sympathy, brotherly love, a tender heart, and a humble mind.”

These qualities do not come naturally to us. Our sinful nature often pushes us toward pride, selfishness, and the desire to defend ourselves. But Christ calls us to a different way: the way of humility and love.

Jesus Himself showed this when He washed His disciples’ feet. Though He was their Lord and Master, He took the position of a servant and said, “I have given you an example, that you also should do just as I have done to you” (John 13:15).

A community shaped by Christ is not one where conflicts never happen, but one where conflicts are handled with grace. Peter writes: “Do not repay evil for evil or reviling for reviling, but on the contrary, bless” (1 Peter 3:9).

This is only possible when we remember how Christ treated us. When He was insulted and suffering, He did not respond with hatred but entrusted Himself to the Father (1 Peter 2:23). Because we have received mercy from Christ, we are called to extend mercy to others.

Peter also reminds us to be careful with our words: “Whoever desires to love life and see good days, let him keep his tongue from evil” (1 Peter 3:10). Our words can either build people up or tear them down. As followers of Jesus, our speech should carry grace and reflect His love (Ephesians 4:29).

A Christlike community is not a perfect community; it is a community where imperfect people continually come back to the perfect example of Jesus. When we walk in humility, forgive freely, and love sincerely, we show the world what Christ has done in us.

Prayer: Lord Jesus, help me reflect Your love in my relationships. Give me a humble heart, gracious words, and the strength to respond to others with the same mercy I have received from You. Amen.

Comments