ঈশ্বৰৰ বাক্য গ্ৰহণ কৰাৰ দ্বাৰা আত্মিকভাৱে বৃদ্ধি (১ পিতৰ ২:১–৩) / Growing By Feeding On God's Word (1 Peter 2:1-3)

ঈশ্বৰৰ বাক্য গ্ৰহণ কৰাৰ দ্বাৰা আত্মিকভাৱে বৃদ্ধি (১ পিতৰ ২:১–৩)

বিশ্বাসী এজনৰ আত্মিক বৃদ্ধি কেতিয়াও হঠাৎ বা আকস্মিক ভাবে নহয়। যেনেকৈ এজন নবজাত শিশুৱে গাখীৰ অবিহনে জীয়াই থাকিব নোৱাৰে, তেনেকৈ এজন বিশ্বাসীয়েও ঈশ্বৰৰ বাক্য অবিহনে আত্মিকভাৱে বৃদ্ধি পাব নোৱাৰে। সেইবাবেই পিতৰে আমাক সোঁৱৰাই দিয়ে যে খ্ৰীষ্টীয় জীৱনৰ সুস্থ বিকাশৰ বাবে দুটা বিষয় অতি প্ৰয়োজনীয়: পাপ তিৰস্কাৰ আৰু ঈশ্বৰৰ বাক্যৰ দ্বাৰা খ্ৰীষ্টক অনুসৰণ।

কি অনুসৰণ কৰিব লাগে বুলি পিতৰে কোৱাৰ আগতে, তেওঁ প্ৰথমতে জনাই আমি কি ত্যাগ কৰা উচিত: "তেন্তে হিংসা, সকলো ছল, কপট, অসূয়া, আৰু সকলো পৰচৰ্চা দূৰ কৰা" (১ পিতৰ ২:২)। এই পাপবোৰে নিঃশব্দে সেই মণ্ডলীক ধ্বংস কৰে, যাক খ্ৰীষ্টই নিজৰ তেজেৰে কিনি লৈছে। দুষ্টতাই হৃদয়ত তিতা মনোভাৱ জন্মায়। ছলনাই সত্যৰ ঠাইত প্ৰৱঞ্চনাক বহুৱায়। কপটতাই আন্তৰিকতাৰ সলনি মুখা পিন্ধিবলৈ শিকায়। ঈৰ্ষাই আনৰ ওপৰত ঈশ্বৰে কৰা আশীৰ্বাদক সহ্য নকৰে। নিন্দাই ঈশ্বৰে ভাল পাবলৈ কোৱা লোকসকলকেই আঘাত দিয়ে। য'ত এই মনোভাৱবোৰ সহ্য কৰা হয় তাত এখন মণ্ডলী ফুলি উঠিব নোৱাৰে, কাৰণ পাপৰ বিষাক্ত মাটিত প্ৰকৃত প্ৰেম গজিব নোৱাৰে (১ পিতৰ ১:২২)।

কিন্তু পিতৰে আমাক কেৱল পাপ কৰা বন্ধ কৰিবলৈ কোৱা নাই। শাস্ত্ৰই কেতিয়াও শূন্যতা এৰি নাযায়। বৰঞ্চ তেওঁ আমাক ইতিবাচক প্ৰতিকাৰৰ দিশটোলৈ আঙুলিয়াই দিয়ে: "নতুনকৈ জন্মা শিশুবিলাকৰ দৰে, মিহলি নোহোৱা আত্মিক গাখীৰলৈ হাবিয়াহ কৰা, যাতে তাৰ দ্বাৰাই পৰিত্ৰাণৰ অৰ্থে বৃদ্ধি পোৱা" (১ পিতৰ ২:২-৩)। এই প্ৰতিচ্ছবিখন শক্তিশালী। এটা সুস্থ কেঁচুৱাই প্ৰবৃত্তিগতভাৱে গাখীৰৰ বাবে হাবিয়াহ কাৰণ ই জানে যে ইয়াৰ জীৱনটো ইয়াৰ ওপৰত নিৰ্ভৰশীল। একেদৰেই বিশ্বাসীসকলে আধ্যাত্মিক জীৱন, শক্তি, প্ৰজ্ঞা আৰু পৰিপক্কতা সকলো তেওঁৰ পৰাই আহিছে বুলি স্বীকাৰ কৰি আগ্ৰহেৰে নিৰ্ভৰশীলতাৰে ঈশ্বৰৰ বাক্যৰ বাবে ভোকত থাকিব লাগে (মথি ৪:৪; গীতমালা ১১৯:১০৩–১০৫)।

পিতৰে উল্লেখ কৰা “মিহলি নোহোৱা আত্মিক গাখীৰলৈ” কেৱল খ্ৰীষ্টীয় বিশ্বাসৰ প্ৰাথমিক শিক্ষা নহয়। ইয়াৰ অৰ্থ হৈছে ঈশ্বৰৰ জীৱন্ত আৰু চিৰস্থায়ী বাক্য, যাৰ বিষয়ে তেওঁ অলপ আগতেই কৈছিল বোলে: “প্ৰভুৰ বাক্য অনন্ত কাল থাকে” (১ পিতৰ ১:২৩–২৫)। এই বাক্যৰ দ্বাৰাই ঈশ্বৰে আমাক নতুন জীৱন দিলে, আৰু এই একেই বাক্যৰ দ্বাৰাই তেওঁ আমাক প্ৰতিদিনে পুষ্টি দিয়ে, সংশোধন কৰে, শক্তি দিয়ে আৰু খ্ৰীষ্টৰ দৰে গঢ়ি তোলে (২ তীমথিয় ৩:১৬–১৭)। আমি যিমানেই ঈশ্বৰৰ বাক্যত আনন্দ লাভ কৰিম, সিমানেই পাপৰ শক্তি আমাৰ জীৱনত দুৰ্বল হ'ব, আৰু খ্ৰীষ্টৰ স্বভাৱ আমাৰ মাজত স্পষ্ট হৈ উঠিব।

পিতৰে কৈছে, এই আকাংক্ষাৰ উদ্দেশ্য হৈছে: “যাতে তাৰ দ্বাৰাই পৰিত্ৰাণৰ অৰ্থে বৃদ্ধি পোৱা” (১ পিতৰ ২:২)। ইয়াৰ অৰ্থ এই নহয় যে আমি নিজৰ পৰিত্ৰাণ অৰ্জন কৰোঁ। বৰং যিসকলে সঁচাকৈ খ্ৰীষ্টত পৰিত্ৰাণ পাইছে, তেওঁলোক ধীৰে ধীৰে খ্ৰীষ্টৰ প্ৰতিমূৰ্তিত গঢ় লৈ উঠে (ইফিচীয়া ৪:১৩–১৫)। আত্মিক পৰিপক্বতা এই কথাৰে জুখা নহয় যে আমি কিমান বছৰ ধৰি বিশ্বাসী, কিমান বাইবেল জানো, বা কিমান সেৱা কৰোঁ। ইয়াৰ প্ৰকৃত মাপকাঠি হৈছে: আমাৰ জীৱন কিমানখিনি যীচুৰ দৰে হৈছে! তেওঁৰ নম্ৰতা, পবিত্ৰতা, দয়া, সত্যবাদিতা আৰু প্ৰেম আমাৰ জীৱনত কিমান প্ৰকাশ পাইছে?

শেষত পিতৰে আমাক সোঁৱৰাই দিয়ে যে, “এতেকে প্ৰভু যে অনুগ্ৰহশীল, তাৰ যদি তোমালোকে আস্বাদ পালা" (১ পিতৰ ২:৩; গীতমালা ৩৪:৮)। যিজনে খ্ৰীষ্টৰ অনুগ্ৰহৰ স্বাদ পাইছে, তেওঁ পাপৰ ক্ষণস্থায়ী আনন্দত সন্তুষ্ট থাকিব নোৱাৰে। প্ৰভুৰ মঙ্গলৰ স্বাদ পোৱাৰ পিছত তেওঁৰ হৃদয়ত আৰু অধিক খ্ৰীষ্টক জানিবলৈ তৃষ্ণা জন্মে। আমি যিমানেই খ্ৰীষ্টক ভাল পাম, সিমানেই তেওঁৰ বাক্যৰ বাবে আমাৰ ক্ষুধা বৃদ্ধি পাব, আৰু সিমানেই আমি তেওঁৰ প্ৰতিমূৰ্তিত ৰূপান্তৰিত হ'ম।

সেয়ে আহক, আমাৰ জীৱনৰ আটাইতকৈ ডাঙৰ আকাংক্ষা, গভীৰ তৃষ্ণা ঈশ্বৰৰ জীৱন্ত বাক্যৰ বাবে হওক। কাৰণ সেই বাক্যতেই আমি খ্ৰীষ্টক লগ পাওঁ, পবিত্ৰতাত বৃদ্ধি পাওঁ, আৰু তেওঁ যেনেকৈ আমাক ভাল পাইছে, তেনেকৈ আনকো ভাল পাবলৈ শিকোঁ।

প্ৰাৰ্থনা: হে স্বৰ্গীয় পিতৃ, আপোনাৰ জীৱন্ত আৰু চিৰস্থায়ী বাক্যৰ দ্বাৰা আমাক নতুন জীৱন দিয়াৰ বাবে ধন্যবাদ। আমাৰ হৃদয়ত থকা দুষ্টতা, ছলনা, কপটতা, ঈৰ্ষা আৰু নিন্দাৰ বাবে আমাক ক্ষমা কৰক। আপোনাৰ বাক্যৰ বাবে আমাৰ অন্তৰত গভীৰ ক্ষুধা সৃষ্টি কৰক। যেনেকৈ এজন নবজাতক শিশুৱে গাখীৰৰ বাবে আকুল হয়, তেনেকৈ আমিও প্ৰতিদিনে আপোনাৰ বাক্যৰ বাবে আকুল হওঁ। আপোনাৰ পবিত্ৰ আত্মাৰ দ্বাৰা আমাক যীচু খ্ৰীষ্টৰ প্ৰতিমূৰ্তিত গঢ়ি তোলক, যাতে আমাৰ জীৱনত তেওঁৰ নম্ৰতা, পবিত্ৰতা, দয়া আৰু প্ৰেম প্ৰকাশ পায়। আমাৰ মুখৰ বাক্য আৰু হৃদয়ৰ মনোভাৱৰ দ্বাৰা আপোনাৰ মণ্ডলীক গঢ়ি তুলিবলৈ আমাক সহায় কৰক। প্ৰভু যীচু খ্ৰীষ্টৰ নামত, আমেন।

Growing by Feeding on God's Word (1 Peter 2:1–3)

Christian growth does not happen by accident. Just as a newborn baby cannot survive without milk, a believer cannot grow without continually feeding on God's Word. Peter reminds us that a healthy Christian life begins with both putting away sin and pursuing Christ through His Word.

Before telling believers what they should pursue, Peter first tells them what they must abandon: "rid yourselves of all malice and all deceit, hypocrisy, envy, and all slander" (1 Peter 2:1). These sins quietly destroy the fellowship Christ died to create. Malice poisons the heart with bitterness. Deceit replaces truth with manipulation. Hypocrisy wears a mask instead of walking in integrity. Envy resents God's blessings upon others, while slander tears down those whom God calls us to love. A church cannot flourish where these attitudes are tolerated, because genuine love cannot grow in soil poisoned by sin (1 Peter 1:22).

But Peter does not simply tell us to stop sinning. Scripture never leaves a vacuum. Instead, he points us to the positive remedy: "Like newborn infants, long for the pure spiritual milk, that by it you may grow up into salvation" (1 Peter 2:2). The image is powerful. A healthy infant instinctively cries for milk because it knows that its very life depends upon it. In the same way, believers are to hunger for God's Word with eager dependence, recognizing that spiritual life, strength, wisdom, and maturity all come from Him (Matthew 4:4; Psalm 119:103–105).

The "pure spiritual milk" Peter describes is not merely elementary Christian teaching, but the life-giving Word of God that he has just celebrated: "the word of the Lord endures forever" (1 Peter 1:23–25). Through this living and abiding Word, God gave us new birth, and through this same Word He continues to nourish, correct, strengthen, and transform us (2 Timothy 3:16–17). The more we delight in Scripture, the more our sinful desires lose their grip and Christ's character is formed within us.

Peter tells us the purpose of this longing: "that by it you may grow up into salvation" (1 Peter 2:2). He is not suggesting that we earn our salvation, but that those who have truly been saved continue to mature into the likeness of Christ (Ephesians 4:13–15). Spiritual maturity is not measured by how long we have been Christians, how much theology we know, or how active we are in ministry. It is measured by how closely our lives resemble Jesus: His humility, purity, compassion, truthfulness, and love.

Peter concludes by reminding believers that they have "tasted that the Lord is good" (1 Peter 2:3; Psalm 34:8). Those who have experienced the grace of Christ will never be satisfied with the empty pleasures of sin. Having tasted His goodness, they long for more of Him. The deeper our love for Christ grows, the greater our appetite becomes for His Word, and the more we are transformed into His image.

May our greatest hunger each day not be for success, recognition, or comfort, but for the living Word of God. For it is there that we meet Christ, grow in holiness, and learn to love one another as He has loved us.

Prayer: Gracious Father, thank You for giving us new life through Your living and enduring Word. Forgive us for the malice, deceit, hypocrisy, envy, and careless words that grieve Your heart and wound Your people. Create in us a deep hunger for Your truth. As newborn children long for milk, teach us to long for Your Word each day. Through Your Spirit, transform us into the likeness of Jesus so that our lives reflect His humility, purity, compassion, and love. Help us to build up Your church with words that give grace and hearts that sincerely love one another. We pray this in the name of our Lord Jesus Christ. Amen.

Comments