কষ্টৰ মাজতো আনন্দ (১ পিতৰ ৪:১২–১৯) / Joy in the Fire (1 Peter 4:12-19)

কষ্টৰ মাজতো আনন্দ (১ পিতৰ ৪:১২–১৯)

যেতিয়া জীৱনত পৰীক্ষা বা দুখ-কষ্ট আহে, আমাৰ স্বাভাৱিক প্ৰতিক্ৰিয়া হয় তাৰ সৈতে মোকাবিলা কৰা বা তাৰ পৰা পলাই যোৱা। আমি যিমান সোনকালে হৈ কষ্টৰ পৰা মুক্তি পাব বিচাৰোঁ। কিন্তু ঈশ্বৰৰ বাক্যই আমাক এক আচৰিত পথ দেখুৱায়: আনন্দিত হ'বলৈ।

পিতৰে বিশ্বাসীসকলক কৈছে, “তোমালোকৰ পৰীক্ষাৰ অৰ্থে তোমালোকৰ মাজত যি জুই জ্বলিছে, সেয়ে তোমালোকলৈ অসম্ভৱ ঘটনা ঘটিছে বুলি, তাৰ বিষয়ে তোমালোক আচৰিত নামানিবা" (১ পিতৰ ৪:১২)। খ্ৰীষ্টৰ কাৰণে দুখভোগ কৰাটো অস্বাভাৱিক কথা নহয়। যীচুৱে নিজেই কৈছিল যে যিসকলে তেওঁক অনুসৰণ কৰিব, জগতে তেওঁলোকক বিৰোধিতা কৰিব (যোহন ১৫:১৮–২০)। কিন্তু তেওঁ এই প্ৰতিজ্ঞাও দিছিল, “নিৰ্ভয় হোৱা, ময়েই জগতক জয় কৰিলোঁ" (যোহন ১৬:৩৩)।

পিতৰে আৰু কৈছে, “যি পৰিমাণে খ্ৰীষ্টৰ দুখভোগৰ সহভাগী হৈছা, সেই পৰিমাণে আনন্দ কৰা" (১ পিতৰ ৪:১৩)। ইয়াৰ অৰ্থ এই নহয় যে দুখ-কষ্ট এক আনন্দৰ বিষয়। আমি এইকাৰণে আনন্দিত হওঁ, কাৰণ আমাৰ দুখভোগে প্ৰমাণ কৰে আমি খ্ৰীষ্টৰ হওঁ। কঠিন সময়তো যেতিয়া আমি তেওঁৰ প্ৰতি বিশ্বাসযোগ্য হৈ থাকোঁ, তেতিয়া আমাৰ ত্ৰাণকৰ্তাই যি পথ অতিক্ৰম কৰিছিল, তাৰেই অলপ অংশ আমিও অনুভৱ কৰোঁ।

আৰু অধিক উৎসাহজনক সত্যটো হ'ল: বিশ্বাসী হিচাপে দুখ-কষ্ট কেতিয়াও আমাৰ জীৱনৰ চূডান্ত গন্তব্যস্থান নহয়। পিতৰে কৈছে, যিসকলে বিশ্বাসযোগ্য হৈ থাকে, তেওঁলোকে “তেওঁৰ গৌৰৱ প্ৰকাশিত হোৱা কালত আনন্দেৰে উল্লাস কৰিব" (১ পিতৰ ৪:১৩)। আজিৰ সকলো কষ্ট ক্ষণস্থায়ী, কিন্তু ঈশ্বৰৰ সন্তানসকলৰ বাবে সংৰক্ষিত মহিমা চিৰস্থায়ী (ৰোমীয়া ৮:১৮)। আজিৰ চকুলো এদিন তেওঁৰ সান্নিধ্যত চিৰন্তন আনন্দলৈ পৰিণত হ'ব।

কিন্তু পিতৰে এক গুৰুত্বপূৰ্ণ সতৰ্কবাণীও দিয়ে। সকলো দুখ-কষ্টেই বিশ্বাসৰ বাবে হোৱা নিৰ্যাতন নহয়। কেতিয়াবা আমি নিজৰ পাপ বা ভুল সিদ্ধান্তৰ ফলত দুখভোগ কৰোঁ। সেইবাবেই তেওঁ কৈছে, “তোমালোকৰ মাজত কোনেও নৰ-বধী, বা চোৰ, বা কুকৰ্মকাৰী, বা পৰ-চৰ্চাকাৰী বুলি দুখভোগ নকৰক” (১ পিতৰ ৪:১৫)। যদি আমাৰ কষ্ট আমাৰ নিজৰ পাপৰ ফল হয়, তেন্তে সঠিক প্ৰতিক্ৰিয়া হৈছে নিজকে নিৰ্দোষ প্ৰমাণ কৰা নহয়, কিন্তু ঈশ্বৰৰ আগত অনুতাপ কৰি তেওঁৰ ক্ষমা বিচৰা (১ যোহন ১:৯)।

আজিৰ আমি নিজকে পৰীক্ষা কৰি চাওঁহক: খ্ৰীষ্টক অনুসৰণ কৰাৰ বাবে কঠিন পৰিস্থিতি আহিলেও মই তেওঁৰ প্ৰতি বিশ্বাসযোগ্য হৈ আছোঁনে? আৰু যেতিয়া মই দুখভোগ কৰোঁ, সেয়া খ্ৰীষ্টৰ বাবে নে মোৰ নিজৰ পাপৰ ফল?

দুখ-কষ্টৰ অগ্নিয়ে আমাৰ বিশ্বাসক পৰীক্ষা কৰে, কিন্তু একে সময়তে তাক বিশুদ্ধও কৰে। যেতিয়া আমি “বিশ্বাসযোগ্য সৃষ্টিকৰ্তাৰ হাতত নিজকে সমৰ্পণ কৰি সৎকৰ্মো কৰি থাকোঁ” (১ পিতৰ ৪:১৯), তেতিয়া আমি নিশ্চিন্তে জীয়াই থাকিব পাৰোঁ। কাৰণ যিজনে ক্ৰুচৰ দুখভোগ সহ্য কৰিলে, তেওঁ এতিয়া মহিমাত ৰাজত্ব কৰি আছে; আৰু এদিন আমিও তেওঁৰ সেই মহিমাত অংশীদাৰ হ'ম।

প্ৰাৰ্থনা: স্বৰ্গীয় পিতৃ, ধন্যবাদ যে আপুনি আমাৰ দুখ-কষ্টৰ সময়ত আমাক কেতিয়াও এৰি নিদিয়ে। খ্ৰীষ্টৰ নামৰ কাৰণে দুখভোগ কৰিবলগীয়া হ'লেও বিশ্বাসযোগ্য হৈ থাকিবলৈ আমাক সাহস দিয়ক। আপুনি দিয়া আশাত আনন্দ কৰিবলৈ আৰু প্ৰতিটো পৰীক্ষাই আমাক আপোনাৰ দৰে গঢ়ি তুলিছে বুলি বিশ্বাস কৰিবলৈ আমাক সহায় কৰক। আমাৰ হৃদয় পৰীক্ষা কৰক, আৰু য'ত আমি পাপ কৰিছোঁ, তাত সত্য অনুতাপলৈ আমাক ঘূৰাই আনক। আমাৰ জীৱন সদায় আপোনাৰ নামৰ মহিমা বঢ়াওক। যীচুৰ নামত, আমেন।

Joy in the Fire (1 Peter 4:12–19)

When trials come, our natural response is often to fight against them or run away from them. We want to escape pain as quickly as possible. But God's Word invites us to respond in a way that seems surprising, it calls us to rejoice.

Peter tells believers, "Do not be surprised at the fiery ordeal that has come on you to test you" (1 Peter 4:12). Suffering for Christ is not something strange or unexpected. Jesus Himself warned His followers that the world would oppose those who belong to Him (John 15:18–20). Yet He also promised, "Take heart! I have overcome the world" (John 16:33).

Peter encourages believers to "rejoice inasmuch as you participate in the sufferings of Christ" (1 Peter 4:13). This does not mean we rejoice because suffering is pleasant. Rather, we rejoice because our suffering reminds us that we belong to Christ. When we remain faithful in difficult times, we share, in a small way, in the path our Savior walked before us.

Even more encouraging is the hope that suffering is never the end of the story. Peter reminds us that those who remain faithful will "be overjoyed when his glory is revealed" (1 Peter 4:13). Every trial is temporary, but the glory that awaits God's children is eternal (Romans 8:18). Our tears today will one day give way to everlasting joy in His presence.

Peter also gives an important warning. Not every hardship is persecution. Sometimes we suffer because of our own sinful choices. He urges believers not to suffer as "a murderer or thief or any other kind of criminal, or even as a meddler" (1 Peter 4:15). When our suffering is the result of sin, the right response is not to claim persecution but to humble ourselves before God, repent, and receive His forgiveness (1 John 1:9).

Today, let us ask ourselves: Am I remaining faithful to Christ when following Him becomes difficult? And when I suffer, is it because I am living for Christ, or because I need to turn away from sin?

The fire of suffering may test our faith, but it also refines it. As we entrust ourselves to our faithful Creator and continue to do good (1 Peter 4:19), we can live with confidence, knowing that the One who walked through the cross now reigns in glory, and one day, we will share in that glory with Him.

Prayer: Heavenly Father, thank You that You never leave us in our trials. Give us courage to remain faithful when we suffer for the name of Christ. Help us to rejoice in the hope You have given us and to trust that every trial is shaping us for Your glory. Search our hearts, and where we have sinned, lead us to true repentance. May our lives always bring honor to Your name. In Jesus' name, Amen.

Comments