কেতিয়াও ম্লান নোহোৱা এক জীৱনময় আশা (১ পিতৰ ১:৩–৯) / A Living Hope that Never Fades (1 Peter 1:3-9)

 কেতিয়াও ম্লান নোহোৱা এক জীৱনময় আশা (১ পিতৰ ১:৩–৯)

আমি সকলোৱে জানো যে প্ৰকৃত কৃতজ্ঞতা কেৱল “ধন্যবাদ” বুলি কোৱাতেই শেষ নহয়। আন্তৰিক কৃতজ্ঞতাই দিওঁতা জনাই কেনেকৈ বিশেষ ৰূপে আশীৰ্বাদ কৰিলে, কি কি দিলে সেইবোৰ মনত পেলাই, সেই দয়াৰ ওপৰত হৰ্ষিত হয়। পিতৰে তেওঁৰ প্ৰথম পত্ৰ ঠিক এনেদৰেই আৰম্ভ কৰিছে। তেওঁৰ হৃদয় ঈশ্বৰৰ অনুগ্ৰহেৰে ইমানেই ভৰি পৰিছে যে তেওঁ ঈশ্বৰৰ প্ৰশংসা নকৰাকৈ থাকিব পৰা নাই। সেয়েহে ১ পিতৰ ১:৩–১২ পদলৈকে তেওঁ ঈশ্বৰৰ প্ৰতি এক দীঘলীয়া ধন্যবাদ আৰু প্ৰশংসাৰ বাক্য আগবঢ়াইছে।

পিতৰে এইদৰে আৰম্ভ কৰিছে যে, “আমাৰ প্ৰভু যীচু খ্ৰীষ্টৰ পিতৃ ঈশ্বৰ ধন্য!” (১ পিতৰ ১:৩)। তেওঁ কেলে ইমান আনন্দেৰে ঈশ্বৰক প্ৰশংসা কৰিছে? কাৰণ ঈশ্বৰৰ দয়া সঁচাকৈ অসীম! আমি এসময়ত নিজৰ পাপৰ কাৰণে আত্মিকভাৱে মৃত আছিলোঁ (ইফিচীয়া ২:১–৫)। কিন্তু যীচু খ্ৰীষ্টৰ পুনৰুত্থানৰ দ্বাৰাই ঈশ্বৰে আমাক পুনৰ্জন্ম দিলে। এতিয়া আমি পাপৰ দাস নহয় আৰু ঈশ্বৰৰ পৰা দূৰ হৈ থকা লোকো নহয়। আমি ঈশ্বৰৰ সন্তান হৈছোঁ (যোহন ১:১২–১৩; ৰোমীয়া ৮:১৫–১৭)। এই নতুন জীৱনৰ লগে লগে আমি লাভ কৰিছোঁ এক জীৱনময় আশা, এনে আশা যি জীৱিত, কাৰণ আমাৰ ত্ৰাণকৰ্তাও জীৱিত।

এই আশাই এনে এক উত্তৰাধিকাৰৰ ওপৰত স্থিৰ হৈ আছে, যি ঈশ্বৰে তেওঁৰ সন্তানসকলৰ বাবে প্ৰস্তুত কৰি ৰাখিছে। পিতৰে কৈছে, এই উত্তৰাধিকাৰ “অক্ষয়, নিৰ্মল আৰু অজৰ” (১ পিতৰ ১:৪)। এই পৃথিৱীত থকা সকলো বস্তু এদিন নহয় এদিন ক্ষয় হয়। ধন-সম্পত্তি শেষ হয়, বস্তুবোৰ পুৰণি হয়, সাফল্যতা পাহৰি যোৱা হয়, আনকি আমাৰ শৰীৰো দুৰ্বল হৈ পৰে (মথি ৬:১৯–২০)। কিন্তু ঈশ্বৰে তেওঁৰ সন্তানসকলৰ বাবে যি উত্তৰাধিকাৰ প্ৰতিজ্ঞা কৰিছে, সেয়া অনন্ত, সম্পূৰ্ণ আৰু স্বৰ্গত নিৰাপদে সংৰক্ষিত। কোনো চোৰে তাক চুৰি কৰিব নোৱাৰে, কোনো দুৰ্যোগে তাক ধ্বংস কৰিব নোৱাৰে, আৰু সময়েও তাক কেতিয়াও ম্লান কৰিব নোৱাৰে।

এই অনন্ত ভৱিষ্যতৰ নিশ্চিয়তাই আমাৰ বৰ্তমানৰ দুখ-কষ্টৰ প্ৰতি দৃষ্টিভংগী সলনি কৰি দিয়ে। সেইবাবেই পিতৰে লগে লগে দুখ-কষ্টৰ বিষয়ে কয় (১ পিতৰ ১:৬), কিয়নো তেওঁ জানে যে খ্ৰীষ্টক অনুসৰণ কৰিলে পৰীক্ষা আৰু কষ্ট অহাটো স্বাভাৱিক (যোহন ১৬:৩৩; ২ তীমথিয় ৩:১২)। কিন্তু বিশ্বাসীসকলৰ কষ্ট কেতিয়াও অৰ্থহীন নহয়। যেনেকৈ সোণ জুইত পৰিশোধিত হয়, তেনেকৈ ঈশ্বৰে আমাৰ বিশ্বাসক শুদ্ধ আৰু দৃঢ় কৰিবলৈ পৰীক্ষাৰ ব্যৱহাৰ কৰে (১ পিতৰ ১:৭; যাকোব ১:২–৪)। পৰীক্ষাই বিশ্বাস সৃষ্টি নকৰে; বৰঞ্চ ঈশ্বৰে ইতিমধ্যে দিয়া সত্য বিশ্বাসক প্ৰকাশ কৰে আৰু অধিক পৰিপক্ক কৰি তোলে।

সেইবাবে খ্ৰীষ্টানসকলে ক্ৰন্দনৰ মাজেদিও আনন্দ কৰিব পাৰে। আমাৰ আনন্দ পৰিস্থিতিৰ ওপৰত নিৰ্ভৰ নকৰে; ই ঈশ্বৰৰ অপৰিৱৰ্তনীয় প্ৰতিজ্ঞাৰ ওপৰত নিৰ্ভৰ কৰে। যদিও আমি যীচুক নিজৰ চকুৰে দেখা নাই, তথাপিও আমি তেওঁক প্ৰেম কৰোঁ, তেওঁৰ ওপৰত বিশ্বাস ৰাখোঁ, আৰু “অনিব্বৰ্চনীয় আৰু প্ৰভাৱযুক্ত আনন্দেৰে” আনন্দ কৰোঁ, কিয়নো আমি জানোঁ যে আমাৰ পৰিত্ৰাণ নিশ্চিত আৰু আমাৰ ভৱিষ্যত ঈশ্বৰৰ হাতত নিৰাপদ (১ পিতৰ ১:৮–৯)।

আজি আহক, আমি কৃতজ্ঞতাৰে ঈশ্বৰৰ ওচৰলৈ যাওঁ। কেৱল পৰিত্ৰাণৰ বাবেই নহয়, কিন্তু সেই জীৱন্ত আশাৰ বাবেও তেওঁক ধন্যবাদ দিওঁ, যিটো কোনো শক্তিয়ে আমাৰ পৰা কাঢ়ি নিব নোৱাৰে। জীৱন যিমানেই কঠিন নহওক কিয়, আমি নিশ্চিত থাকিব পাৰোঁ যে আমাৰ স্বৰ্গীয় পিতৃয়ে আমাক এনে এক অনন্ত উত্তৰাধিকাৰৰ বাবে প্ৰস্তুত কৰি আছে, যি কেতিয়াও নষ্ট নহয়, কলুষিত নহয় আৰু ম্লান নহয়।

প্ৰাৰ্থনা: হে স্বৰ্গীয় পিতৃ, আপোনাৰ অসীম দয়া আৰু যীচু খ্ৰীষ্টৰ পুনৰুত্থানৰ দ্বাৰাই আমাক নতুন জীৱন দিয়াৰ বাবে আপোনাক ধন্যবাদ জনাইছোঁ। সেই জীৱন্ত আশা আৰু আমাৰ বাবে সংৰক্ষিত অনন্ত উত্তৰাধিকাৰৰ বাবে আপোনাক প্ৰশংসা কৰোঁ। জীৱনৰ প্ৰতিটো পৰীক্ষাৰ মাজতো আপোনাৰ ওপৰত ভৰসা কৰিবলৈ আমাক শিকাওক। আমাৰ বিশ্বাসক শুদ্ধ আৰু দৃঢ় কৰক, যাতে আমি সকলো পৰিস্থিতিত কৃতজ্ঞ হৃদয়েৰে আপোনাৰ মহিমা কৰিব পাৰোঁ। যীচু খ্ৰীষ্টৰ নামত, আমেন।

A Living Hope That Never Fades (1 Peter 1:3–9)


Most of us have learned that true gratitude is more than saying, “Thank you.” Genuine thanksgiving remembers specific blessings and delights in the kindness of the giver. Peter begins his first letter in exactly that way. Overflowing with praise, he pours out one long expression of thanksgiving to God (1 Peter 1:3–12). His heart is so full of God's grace that he cannot stop praising Him.

Peter begins by declaring, “Praise be to the God and Father of our Lord Jesus Christ!” (1 Peter 1:3). Why such joyful worship? Because of God's abundant mercy. We were once spiritually dead in our sins (Ephesians 2:1–5), but through the resurrection of Jesus Christ, God has caused us to be born again into a new life. We are no longer slaves to sin or strangers to God. We have become His beloved children (John 1:12–13; Romans 8:15–17), and with that new birth comes a living hope, a hope that is alive because our Savior is alive.

This hope is anchored in an inheritance that God Himself has prepared for His children. Peter describes it as something that "can never perish, spoil or fade" (1 Peter 1:4). Everything in this world eventually wears out. Wealth disappears, possessions decay, achievements are forgotten, and even our bodies grow weak (Matthew 6:19–20). But what God has promised His people is eternal, perfect, and securely kept in heaven. No thief can steal it, no disaster can destroy it, and no passage of time can diminish it.

Knowing this eternal future changes how we face present hardships. Peter immediately speaks about suffering because he knows that following Christ often brings trials (1 Peter 1:6; John 16:33). For believers, suffering is not unusual but part of living faithfully in a world that rejects Christ (2 Timothy 3:12). Yet our trials are never meaningless. Like gold refined by fire, God uses them to purify and strengthen our faith (1 Peter 1:7; James 1:2–4). Trials do not create genuine faith, they reveal and refine the faith that God has already given us.

Therefore, Christians can rejoice even through tears. Our joy is not based on comfortable circumstances but on the unchanging promises of God. Though we have not seen Jesus with our physical eyes, we love Him, trust Him, and rejoice with "an inexpressible and glorious joy" because we know that our salvation is secure and our future is certain (1 Peter 1:8–9).

Today, let us lift our hearts in thanksgiving. Praise God not only for the gift of salvation but also for the living hope that can never be taken away. Even when life is painful, we can trust that our heavenly Father is preparing us for an eternal inheritance that will never fade.

Prayer: Heavenly Father, we praise You for Your great mercy and for giving us new birth through the resurrection of Jesus Christ. Thank You for the living hope that sustains us and for the eternal inheritance You have prepared for Your children. Teach us to trust You in every trial, knowing that You are refining our faith and shaping us for Your glory. Fill our hearts with joyful gratitude, so that our praise may remain steadfast in both seasons of blessing and suffering. In Jesus' name, Amen.

Comments