প্ৰস্তুত হৈ জীয়াই থকা (১ পিতৰ ৪:৭–১১) / Living Ready (1 Peter 4:7-11)

প্ৰস্তুত হৈ জীয়াই থকা (১ পিতৰ ৪:৭–১১)

বাইবেলে আমাক জনায় যে এদিন যীচু খ্ৰীষ্ট পুনৰ আহিব। ইতিহাসজুৰি বহুতে তেওঁৰ আগমনৰ দিন-ক্ষণ নিৰ্ধাৰণ কৰিবলৈ চেষ্টা কৰিছে। কিন্তু যীচুৱে স্পষ্টকৈ কৈছে যে “সেই দিন বা সেই সময়” পিতৃৰ বাহিৰে কোনেও নাজানে (মথি ২৪:৩৬)। সেয়েহে, খ্ৰীষ্ট কেতিয়া আহিব সেই বিষয়ে অনুমান কৰাৰ পৰিৱৰ্তে, তেওঁ অহালৈকে আমি কেনেদৰে জীৱন-যাপন কৰিব লাগে, সেই বিষয়ে মনোযোগ দিয়াটোৱেই অধিক গুৰুত্বপূৰ্ণ (মথি ২৪:৪২)।

পিতৰে বিশ্বাসীসকলক সোঁৱৰাই দিয়ে, “সকলো বস্তুৰ শেষ ওচৰ চাপিছে” (১ পিতৰ ৪:৭)। তেওঁৰ উদ্দেশ্য আমাক ভয় খুৱোৱা নহয়; বৰঞ্চ প্ৰতিটো দিন অনন্তকালৰ দৃষ্টিভংগীৰে জীয়াই থাকিবলৈ উৎসাহিত কৰা। যি হৃদয়ে খ্ৰীষ্টৰ আগমনৰ অপেক্ষা কৰে, সেই হৃদয়ে নিজৰ মনোভাৱ আৰু জীৱনধাৰণৰ যোগেদি তেওঁক সন্মান কৰিবলৈ বিচাৰে।

প্ৰথমে, পিতৰে আমাক আহ্বান জনায়, “প্ৰাৰ্থনাৰ কাৰণে সুবোধ আৰু সচেতন" হৈ থাকিবলৈ (১ পিতৰ ৪:৭)। অমনোযোগী আৰু অসাৱধান হৃদয়ে ঈশ্বৰৰ মাত শুনিবলৈ অসুবিধা পায়। কিন্তু সজাগ হৃদয়ে প্ৰাৰ্থনাৰ যোগেদি সদায় ঈশ্বৰৰ ওপৰত সকলো অৱস্থাত নিৰ্ভৰ কৰে। পৃথিৱী যিমানেই অন্ধকাৰ হৈ আহে, আমাৰ প্ৰাৰ্থনাও সিমানেই গভীৰ হ'ব লাগে।

ইয়াৰ পিছত পিতৰে বিশেষভাৱে কৈছে, “সকলোতকৈ অধিক, ইজনে সিজনক অন্তৰৰ পৰা গভীৰভাৱে প্ৰেম কৰা” (১ পিতৰ ৪:৮)। সত্য প্ৰেম ধৈৰ্যশীল, ক্ষমাশীল আৰু দয়ালু। ই পাপক আওকাণ নকৰে, কিন্তু ই ভুল, ক্ৰুটিৰ হিচাপ নাৰাখিবলৈ বাছি লয় (১ কৰিন্থীয়া ১৩:৪-৭)। যেতিয়া আমি ঈশ্বৰৰ দয়াৰ অভিজ্ঞতা লাভ কৰোঁ, তেতিয়া আমি সেই একে দয়া আনকো প্ৰসাৰিত কৰিবলৈ সক্ষম হওঁ।

পিতৰে আমাক অভিযোগ নকৰাকৈ আতিথ্য দেখুৱাবলৈও উৎসাহিত কৰিছে (১ পিতৰ ৪:৯)। আমাৰ ঘৰ, সময়, সম্পদ বা হৃদয়, যিয়েই হওক, ঈশ্বৰে আমাক যি দিছে, তাৰ যোগেদি আনক আদৰণি জনোৱা আৰু যত্ন লোৱাটো খ্ৰীষ্টৰ প্ৰেম প্ৰকাশ কৰাৰ এক সুন্দৰ উপায়।

শেষত, পিতৰে সোঁৱৰাই দিয়ে যে ঈশ্বৰে প্ৰতিজন বিশ্বাসীক বিশেষ বৰ প্ৰদান কৰিছে, নিজৰ গৌৰৱৰ বাবে নহয়, আনৰ সেৱাৰ বাবে (১ পিতৰ ৪:১০–১১)। কথা কোৱা, সেৱা কৰা, উৎসাহ দিয়া বা সহায় কৰা, যি বৰেই নহওক, সেয়া ঈশ্বৰৰ মহিমা আৰু মণ্ডলীৰ মংগলৰ বাবে ব্যৱহাৰ কৰিব লাগে। এই দানবোৰ আমাৰ নিজৰ সম্পত্তি নহয়; আমি কেৱল ঈশ্বৰে আমাৰ হাতত অৰ্পণ কৰা ভাল পৰিচালক।

আজিৰ আমি নিজকে প্ৰশ্ন কৰি চাওঁহক: যদি আজি খ্ৰীষ্ট পুনৰ আহে, তেন্তে তেওঁ মোক প্ৰাৰ্থনাত বিশ্বাসযোগ্য, আনক আন্তৰিকভাৱে প্ৰেম কৰা আৰু ঈশ্বৰে দিয়া দানবোৰ বিশ্বস্তভাৱে ব্যৱহাৰ কৰা অৱস্থাত পাবনে?

খ্ৰীষ্টৰ পুনৰ আগমনৰ নিশ্চিততাই আমাক ভয়ত নহয়, বিশ্বাসযোগ্যতাত জীয়াই থাকিবলৈ আহ্বান জনায়। প্ৰতিটো নতুন দিন হৈছে আনক অধিক প্ৰেম কৰাৰ, আনন্দেৰে সেৱা কৰাৰ আৰু ঈশ্বৰৰ মহিমাৰ বাবে জীৱন-যাপন কৰাৰ এক নতুন সুযোগ।

প্ৰাৰ্থনা: স্বৰ্গীয় পিতৃ, আমাক অনন্তকালৰ আশাৰে প্ৰতিটো দিন জীয়াই থাকিবলৈ সহায় কৰক। আমাৰ হৃদয় প্ৰাৰ্থনাত সজাগ কৰি ৰাখক, আনৰ প্ৰতি আন্তৰিক প্ৰেমেৰে পূৰ্ণ কৰক, আৰু আপুনি আমাক দিয়া দানবোৰ আপোনাৰ মহিমা আৰু আপোনাৰ লোকসকলৰ মংগলৰ বাবে বিশ্বস্তভাৱে ব্যৱহাৰ কৰিবলৈ শিকাওক। খ্ৰীষ্ট পুনৰ আহোঁতে আমাৰ জীৱন যেন আপোনাৰ দৃষ্টিত বিশ্বাসযোগ্য পোৱা যায়। যীচুৰ নামত, আমেন।

Living Ready (1 Peter 4:7–11)

The Bible tells us that one day Jesus Christ will return. Throughout history, many people have tried to predict exactly when that day will come, but Jesus Himself made it clear that no one knows "the day or the hour" except the Father (Matthew 24:36). Rather than trying to determine when Christ will return, Scripture calls us to consider how we should live while we wait (Matthew 24:42).

Peter reminds believers, "The end of all things is near" (1 Peter 4:7). His purpose is not to frighten us but to encourage us to live each day with eternity in view. A heart that is expecting Christ's return will seek to honor Him in both attitude and action.

Peter first calls us to "be alert and of sober mind so that you may pray" (1 Peter 4:7). A distracted and careless heart struggles to hear God's voice, but a heart that is watchful remains dependent on Him through prayer. As the days grow darker, our prayers should grow deeper.

Above everything else, Peter urges believers to "love each other deeply" (1 Peter 4:8). Genuine love is patient, forgiving, and gracious. It does not ignore sin, but it chooses not to keep a record of wrongs (1 Corinthians 13:4–7). When we have experienced God's mercy, we are able to extend that same mercy to others.

Peter also encourages us to show hospitality "without grumbling" (1 Peter 4:9). Whether by opening our homes, sharing what God has given us, or simply making others feel welcomed and cared for, every act of kindness reflects the heart of Christ.

Finally, Peter reminds us that each believer has received gifts from God, not for personal recognition, but to serve others faithfully (1 Peter 4:10–11). Whether our gift is speaking, serving, encouraging, or helping, every gift becomes an opportunity to glorify God and strengthen His church. We are not owners of these gifts: we are stewards entrusted with them.

Today, let us ask ourselves: If Christ returned today, would He find me faithfully loving others, praying earnestly, and using my gifts for His glory?

The certainty of Christ's return should not fill us with fear but with faithfulness. Every day is another opportunity to love well, serve joyfully, and live in a way that brings glory to the One who is coming again.

Prayer: Heavenly Father, help us to live each day with our eyes fixed on eternity. Keep our hearts watchful in prayer, fill us with sincere love for others, and teach us to use the gifts You have entrusted to us for Your glory and the good of Your people. May our lives be found faithful when Christ returns. In Jesus' name, Amen.

Comments