ভৱিষ্যতৰ পোহৰৰ প্ৰসংগত আজিৰ দিনটোত জীয়াই থাকা (১ পিতৰ ১:১৩–১৬) / Living Today in Light of Tomorrow (1 Peter 1:13-16)

ভৱিষ্যতৰ পোহৰৰ প্ৰসংগত আজিৰ দিনটোত জীয়াই থাকা (১ পিতৰ ১:১৩–১৬)

আমি প্ৰায়েই কোৱা শুনো যে, “বৰ্তমান সময়টোত জীয়াই থাকা।” অতীতৰ অনুশোচনা বা ভৱিষ্যতৰ চিন্তাত ডুবি নাথাকি আজিৰ দিনটো সঠিকভাৱে জীয়াই থকাৰ বিষয়টো নিশ্চয় জ্ঞানপূৰ্বক। কিন্তু ঈশ্বৰৰ বাক্যই আমাক আৰু গভীৰ এক সত্য শিকায়। ঈশ্বৰে আমাক আজিৰ দিনটো বিশ্বাসযোগ্যভাৱে জীয়াই থাকিবলৈ আহ্বান জনোৱাৰ লগতে, তেওঁ এইটোও শিকায় যে ভৱিষ্যতৰ আশাই আমাৰ আজিৰ জীৱনক গঢ় দিব লাগে। খ্ৰীষ্টীয় জীৱন হৈছে, সদায় আগলৈ চাই অৰ্থাৎ খ্ৰীষ্টৰ পুনৰাগমনলৈ দৃষ্টি ৰাখি চলি যোৱা জীৱন।

আমাৰ পৰিত্ৰাণৰ মহিমাৰ বিষয়ে আনন্দ কৰাৰ পিছত (১ পিতৰ ১:৩–১২), পিতৰে এতিয়া ইয়াৰ ব্যৱহাৰিক প্ৰয়োগলৈ মনোযোগ দিছে। যিহেতু ঈশ্বৰে যীচু খ্ৰীষ্টৰ মৃত্যু আৰু পুনৰুত্থানৰ দ্বাৰা আমাক অনুগ্ৰহেৰে পৰিত্ৰাণ দিছে, সেয়ে আমাৰ জীৱনেও সেই নতুন পৰিচয় প্ৰতিফলিত কৰা উচিত। তেওঁ এক  উল্লেখযোগ্য আজ্ঞাৰে আৰম্ভ কৰিছে: “এতেকে মনৰ কঁকাল বান্ধি, চেতনাযুক্ত হৈ...” (১ পিতৰ ১:১৩)।

পিতৰৰ সময়ত মানুহে দীঘল কাপোৰ পিন্ধা কৰিছিল। দৌৰিবলৈ, কাম কৰিবলৈ বা যুদ্ধ কৰিবলৈ হ’লে সেই কাপোৰ কঁকালত গুজি বান্ধি লৈছিল; ঢিলা কাপোৰ নহ’লে একপ্ৰকাৰে বাধা হৈ পৰিছিল। পিতৰে এই পৰিচিত ছবিখনকৈ ব্যৱহাৰ কৰি এক আধ্যাত্মিক শিক্ষা আগবঢ়াই যে, বিশ্বাসীসকলে নিজৰ মনক ঈশ্বৰৰ সেৱা আৰু পবিত্ৰ জীৱনৰ বাবে প্ৰস্তুত কৰা উচিত। জাগতিক বিভ্ৰান্তি আঁতৰাই, পাপময় চিন্তাধাৰা ত্যাগ কৰি, ঈশ্বৰৰ সত্যত মন স্থিৰ কৰাৰ প্ৰয়োজন।

কিন্তু এইদৰে জীয়াই থকাৰ শক্তি আমি ক'ৰ পৰা পাওঁ? পিতৰে উত্তৰ দিয়ে: “যীচু খ্ৰীষ্ট প্ৰকাশিত হোৱা কালত তোমালোকলৈ যি অনুগ্ৰহ অনা হব, সেই অনুগ্ৰহত সম্পূৰ্ণৰূপে ভাৰসা ৰাখা" (পদ ১৩)। খ্ৰীষ্টীয় পবিত্ৰ জীৱনৰ শক্তি হৈছে খ্ৰীষ্টীয় আশা। আমি সেই দিনৰ অপেক্ষা কৰি আছোঁ যেতিয়া খ্ৰীষ্ট পুনৰ আহিব, পাপ চিৰদিনৰ বাবে শেষ হ'ব, আৰু ঈশ্বৰে আমাত আৰম্ভ কৰা পৰিত্ৰাণৰ কাৰ্য্য সম্পূৰ্ণ কৰিব (ৰোমীয়া ৮:২৩–২৫; তীত ২:১১–১৩)। সেই নিশ্চিত ভৱিষ্যতৰ আশাই আজিৰ সিদ্ধান্ত আৰু জীৱনধাৰাক পৰিচালিত কৰে।

যিহেতু আমি খ্ৰীষ্টৰ, সেয়ে আগৰ দৰে আমি আৰু জীৱন যাপন নকৰোঁ।পিতৰে কৈছে, “আজ্ঞাধীন হোৱা সন্তানবিলাকৰ যেনে উপযুক্ত, তেনেকৈ তোমালোক পূৰ্বৰ অজ্ঞান অৱস্থাৰ অভিলাষৰ অনুৰূপ নহবা” (পদ ১৪)। পৰিত্ৰাণে কেৱল আমাৰ গন্তব্যই নহয় কিন্তু আমাৰ জীৱনৰ দিশো সলনি কৰে। এতিয়া আমাৰ জীৱন পাপময় বাসনাৰ দ্বাৰা নহয়, কিন্তু স্বৰ্গীয় পিতৃৰ স্বভাৱৰ দ্বাৰাহে গঢ় লয়।

তাৰ পিছত পিতৰে নতুন নিয়মৰ আটাইতকৈ স্পষ্ট আহ্বানসমূহৰ ভিতৰত এটা আগবঢ়াই: “তোমালোকক আমন্ত্ৰণ কৰা জনা যেনে পবিত্ৰ, তোমালোকো সকলো আচাৰ ব্যৱহাৰত তেনে পবিত্ৰ হোৱা” (পদ ১৫; লেবীয় পুস্তক ১১:৪৪–৪৫ চাওক)। পবিত্ৰ হোৱাৰ অৰ্থ হৈছে ঈশ্বৰৰ বাবে পৃথক কৰি ৰখা আৰু জীৱনৰ প্ৰতিটো ক্ষেত্ৰত তেওঁৰ স্বভাৱ প্ৰকাশ কৰা। এই পবিত্ৰতা কেৱল গীৰ্জাত বা দেওবৰিয়া উপাসনাত সীমাবদ্ধ নহয়; ই আমাৰ চিন্তা, বাক্য, সম্পৰ্ক, কৰ্মক্ষেত্ৰ আৰু গোপন জীৱনতো প্ৰকাশ পাব লাগে। আমাৰ আদৰ্শ এই পৃথিৱী নহয়, কিন্তু সেই পবিত্ৰ ঈশ্বৰ, যিজনে আমাক নিজৰ সন্তান হ'বলৈ আহ্বান জনাইছে। আমি যীচু খ্ৰীষ্টৰ দৰে আৰু অধিক হ'বলৈ ৰূপান্তৰিত হৈ গৈ আছোঁ (ৰোমীয়া ৮:২৯; ২ কৰিন্থীয়া ৩:১৮)।

আজি নিজকে এই প্ৰশ্নটো সোধোঁ হওক: মোৰ আশা সঁচাকৈয়ে খ্ৰীষ্টৰ পুনৰাগমনৰ ওপৰত স্থিৰ নে, নে এই জগতৰ ক্ষণস্থায়ী বিষয়বোৰে মোৰ মন কঢ়িয়াই নিছে? যিজনৰ হৃদয় আগন্তুক ৰজাৰ আশাৰে ভৰপূৰ, তেওঁৰ জীৱনো সেই ৰজাৰ পবিত্ৰ স্বভাৱ প্ৰতিফলিত কৰিব। আহক, আমি আমাৰ মন প্ৰস্তুত কৰোঁ, আমাৰ আশা সম্পূৰ্ণৰূপে খ্ৰীষ্টত স্থাপন কৰোঁ, আৰু তেওঁ পুনৰ নাহে পৰ্যন্ত তেওঁৰ পবিত্ৰ লোক হিচাপে আনন্দেৰে জীৱন যাপন কৰোঁ।

প্ৰাৰ্থনা: হে পবিত্ৰ পিতৃ, যীচু খ্ৰীষ্টৰ যোগেদি আমাক আন্ধাৰৰ পৰা আপোনাৰ আশ্চৰ্য্যজনক পোহৰলৈ মাতি অনাৰ বাবে আপোনাক ধন্যবাদ (১ পিতৰ ২:৯)। আমাৰ মনক আপোনাৰ সত্যত দৃঢ় হৈ থাকিবলৈ প্ৰস্তুত কৰক আৰু খ্ৰীষ্টৰ পুনৰাগমনৰ সময়ত প্ৰকাশ পাবলগীয়া অনুগ্ৰহৰ ওপৰত সম্পূৰ্ণ আশা ৰাখিবলৈ আমাক সহায় কৰক। আপোনাৰ পবিত্ৰ আত্মাৰ শক্তিৰে আমাৰ চিন্তা, বাক্য আৰু সকলো কৰ্মত আমাক পবিত্ৰ কৰক, যাতে আমাৰ জীৱনে আপোনাৰ পবিত্ৰ স্বভাৱ প্ৰতিফলিত কৰে। যীচু খ্ৰীষ্টৰ উদাহৰণ অনুসৰণ কৰি, তেওঁক মুখামুখি দেখা দিনলৈকে আমাক বিশ্বস্ত হৈ থাকিবলৈ অনুগ্ৰহ দিয়ক। যীচুৰ নামত, আমেন।

Living Today in Light of Tomorrow (1 Peter 1:13–16)

We often hear the advice, “Live in the moment.” There is wisdom in being fully present instead of constantly dwelling on the past or worrying about the future. Yet Scripture offers a deeper perspective. While God calls us to faithfully live today, He also teaches us that our hope for the future should shape the way we live in the present. The Christian life is lived with our eyes fixed on what is to come.

After rejoicing in the greatness of our salvation (1 Peter 1:3–12), Peter turns to its practical implications. Because God has graciously saved us through the death and resurrection of Jesus Christ, our lives must now reflect that new identity. He begins with a striking command: "Therefore, with minds that are alert and fully sober..." (1 Peter 1:13).

The Greek expression literally means, "gird up the loins of your mind." In Peter's day, people wore long robes that had to be tucked into a belt before they could run, work, or fight. Loose garments would only hinder them. Peter borrows this familiar image to teach a spiritual lesson: believers must prepare their minds for faithful living. We are to remove every distraction, reject worldly thinking, and discipline our minds to focus on God's truth. As one writer beautifully puts it, we are to "roll up the shirtsleeves of our minds" and be ready for spiritual service.

But what gives us the strength to live this way? Peter answers: "Set your hope fully on the grace to be brought to you when Jesus Christ is revealed at His coming" (v. 13). Christian holiness is fueled by Christian hope. We eagerly look forward to the day when Christ will return, sin will be gone forever, and God's saving work in us will be complete (Romans 8:23–25; Titus 2:11–13). The certainty of that future transforms the choices we make today.

Because we belong to Christ, we can no longer live as we once did. Peter writes, "Do not conform to the evil desires you had when you lived in ignorance" (v. 14). Salvation does not merely change our destination; it changes our direction. We are no longer shaped by the sinful desires of our old life but by the character of our heavenly Father.

Peter then gives one of the clearest commands in the New Testament: "Just as He who called you is holy, so be holy in all you do" (v. 15; cf. Leviticus 11:44–45). Holiness means being set apart for God and reflecting His character in every area of life. It is not reserved for Sundays or church gatherings but is to be seen in our thoughts, words, relationships, work, and private lives. Our standard is not the culture around us but the holy God who has called us into His family. As followers of Christ, we are becoming more like the One who saved us (Romans 8:29; 2 Corinthians 3:18).

Today, ask yourself: Is my hope fixed on Christ's return, or have I become distracted by the temporary things of this world? A heart captivated by the coming King will pursue a life that reflects His holiness. May we prepare our minds, anchor our hope in Christ, and joyfully live as God's holy people while we await the glorious appearing of our Savior.

Prayer: Holy Father, thank You for calling us out of darkness into Your marvelous light through Jesus Christ (1 Peter 2:9). Prepare our minds to stand firm in Your truth, and help us to set our hope completely on the grace that will be revealed when Christ returns. By the power of Your Holy Spirit, make us holy in our thoughts, words, and actions so that our lives reflect Your character each day. May we joyfully follow the example of Jesus until the day we see Him face to face. In His holy name, Amen.

Comments