জীৱন জীয়াৰ এক নতুন পদ্ধতি (১ পিতৰ ৪:১–৬) | A New Way to Live (1 Peter 4:1-6)
জীৱন জীয়াৰ এক নতুন পদ্ধতি (১ পিতৰ ৪:১–৬)
দুখ-কষ্টক কোনেও স্বাভাৱিকতে আদৰি নলয়। জীৱনত পৰীক্ষা আহিলে আমি প্ৰায়ে সোধোঁ, “মোৰ লগতেই কিয় এনেকুৱা হয়?” কিন্তু বহু সময়ত ঈশ্বৰে আমাৰ কষ্ট তৎক্ষণাত আঁতৰাই দিয়াতকৈ, আমি সেই কষ্টৰ প্ৰতি কেনেদৰে সঁহাৰি জনাওঁ, তাকেই অধিক গুৰুত্ব দিয়ে। আমি দুখ-কষ্টক কেনেদৰে গ্ৰহণ কৰোঁ, তাৰ ওপৰতেই নিৰ্ভৰ কৰে সেয়া আমাক খ্ৰীষ্টৰ ওচৰলৈ লৈ যাব নে দূৰত!
পিতৰে বিশ্বাসীসকলক আহ্বান জনায়, “খ্ৰীষ্টৰ দৰে একে মনোভাৱ লৈ নিজকে সাজু কৰা” (১ পিতৰ ৪:১)। যিদৰে এজন সৈন্যই যুদ্ধৰ বাবে নিজকে প্ৰস্তুত কৰে, সেইদৰে এজন খ্ৰীষ্টীয়ানে খ্ৰীষ্টৰ মনোভাৱ গ্ৰহণ কৰি নিজৰ হৃদয় প্ৰস্তুত কৰিব লাগে। আমাৰ প্ৰভুৱে অন্যায়ভাৱে দুখভোগ কৰিছিল যদিও, তেওঁ পিতৃৰ ইচ্ছাৰ প্ৰতি সম্পূৰ্ণ আজ্ঞাকাৰী হৈ থাকিল। তেওঁৰ দুখভোগৰ যোগেদিয়েই পাপৰ শক্তি পৰাজিত হ’ল আৰু আমাৰ পৰিত্ৰাণ সম্পূৰ্ণ হ’ল।
যেতিয়া আমি কষ্ট বা বিৰোধিতাৰ মাজতো খ্ৰীষ্টৰ প্ৰতি বিশ্বাসযোগ্য হৈ থাকিবলৈ বাছি লওঁ, তেতিয়া আমি ঘোষণা কৰোঁ যে পাপে আৰু আমাৰ জীৱনত আধিপত্য নচলাই। পিতৰে এইটো কোৱা নাই যে বিশ্বাসীসকল আৰু কেতিয়াও পাপ নকৰে, কিন্তু এইটো যে খ্ৰীষ্টত আমি আমাৰ পুৰণি জীৱনৰ ক্ষেত্ৰত ইতিমধ্যে মৃত হলোঁ। এতিয়া আমি নিজৰ পাপময় ইচ্ছা পূৰণ কৰিবলৈ নহয়, ঈশ্বৰৰ ইচ্ছা পালন কৰিবলৈ হে জীয়াও (১ পিতৰ ৪:২)।
পিতৰে বিশ্বাসীসকলক সোঁৱৰাই দিয়ে যে খ্ৰীষ্টক জনাৰ আগতে তেওঁলোকৰ জীৱন জগতৰ মূল্যবোধৰ দ্বাৰা পৰিচালিত হৈছিল (১ পিতৰ ৪:৩)। কিন্তু শুভবাৰ্তাই তেওঁলোকক সম্পূৰ্ণৰূপে সলনি কৰিলে। তেওঁলোকৰ চিন্তা, ইচ্ছা আৰু জীৱনধাৰণ সলনি হ’ল, আৰু তেওঁলোকৰ চাৰিওফালৰ লোকেও সেই পাৰ্থক্য লক্ষ্য কৰিলে (১ পিতৰ ৪:৪)। আমাৰ জীৱনতো তেনেকুৱাই হ’ব লাগে। যি ব্যক্তিয়ে সত্যকৈ খ্ৰীষ্টক পাইছে, তেওঁৰ জীৱনত নিশ্চয় পৰিবৰ্তন দেখা যায় (২ কৰিন্থীয়া ৫:১৭)।
এই নতুন জীৱনধাৰণৰ বাবে কেতিয়াবা মানুহে আমাক ভুল বুজিব পাৰে, উপহাস কৰিব পাৰে বা বিৰোধিতা কৰিব পাৰে। কিন্তু পিতৰে আমাক সোঁৱৰাই দিয়ে যে এদিন সকলো মানুহেই “জীৱিত আৰু মৃতসকলৰ বিচাৰ কৰিবলৈ সাজু থকা জনাৰ আগত হিচাপ দিব লাগিব” (১ পিতৰ ৪:৫)। সেয়ে আমি মানুহৰ প্ৰশংসাৰ বাবে নহয়, আমাৰ ত্ৰাণকৰ্তা যীচুৰ সন্তুষ্টিৰ বাবেহে জীৱন যাপন কৰোঁ।
বিশ্বাসীসকলৰ বাবে মৃত্যু শেষ নহয়। যিসকলে জীৱনকালত খ্ৰীষ্টৰ ওপৰত বিশ্বাস কৰিছিল আৰু এতিয়া এই পৃথিৱী এৰি গল, তেওঁলোকে তেওঁৰ লগত জীৱিত আছে আৰু খ্ৰীষ্ট পুনৰ আহিলে গৌৰৱময় পুনৰুত্থান লাভ কৰিব (১ পিতৰ ৪:৬; যোহন ১১:২৫–২৬)। এই জীৱন্ত আশাই আমাক সকলো পৰিস্থিতিত বিশ্বাসযোগ্য হৈ থাকিবলৈ সাহস দিয়ে।
আজি আমি নিজকে প্ৰশ্ন কৰোঁহওক: মোৰ জীৱনত শুভবাৰ্তাৰ ৰূপান্তৰকাৰী শক্তি দেখা যায়নে? খ্ৰীষ্টৰ আজ্ঞা পালন কৰাৰ ফলত দুখ-কষ্ট আহিলেও মই তেওঁৰ প্ৰতি বিশ্বাসযোগ্য হৈ থাকিবলৈ সাজু নে?
যীচুক অনুসৰণ কৰাৰ পথ সদায় সহজ নহ’বও পাৰে, কিন্তু সেয়া সদায় মূল্যৱান। খ্ৰীষ্টত স্থিৰ হৈ থকা হৃদয়ে দুখ-কষ্টকো খ্ৰীষ্টৰ দৰে অধিক হোৱাৰ এক নতুন সুযোগ হিচাপে গ্ৰহণ কৰে।
প্ৰাৰ্থনা: হে ৰাজাধিৰাজ যীচু, আমাৰ পুৰণি পাপময় জীৱনৰ পৰা আমাক উদ্ধাৰ কৰি নতুন জীৱন দিয়াৰ বাবে আপোনাক ধন্যবাদ। দুখ-কষ্টক আপোনাৰ দৃষ্টিৰে চাবলৈ আৰু কঠিন সময়তো আপোনাৰ প্ৰতি বিশ্বাসযোগ্য হৈ থাকিবলৈ আমাক সহায় কৰক। আমাৰ নিজৰ ইচ্ছাতকৈ আপোনাৰ ইচ্ছা পালন কৰিবলৈ শক্তি দিয়ক আৰু আমাৰ জীৱনৰ যোগেদি শুভবাৰ্তাৰ ৰূপান্তৰকাৰী শক্তি প্ৰকাশ হওক। আপুনি প্ৰতিজ্ঞা কৰা অনন্ত জীৱনৰ আশাত আমাৰ হৃদয় স্থিৰ কৰি ৰাখক। প্ৰভু যীচুৰ নামত, আমেন।
A New Way to Live (1 Peter 4:1–6)
No one naturally welcomes suffering. When hardships come, our first instinct is often to ask, "Why is this happening to me?" Yet God is often more concerned with how we respond to suffering than with removing it immediately. The way we view our trials can either draw us closer to Christ or pull us away from Him.
Peter calls believers to "arm yourselves also with the same attitude" as Christ (1 Peter 4:1). Just as a soldier prepares for battle, Christians must prepare their hearts with the mindset of Jesus. Our Lord suffered unjustly, yet He remained perfectly obedient to the Father's will. Through His suffering, He defeated the power of sin and accomplished our salvation.
When we choose to remain faithful to Christ despite opposition or hardship, we declare that sin no longer rules our lives. Peter is not saying believers become sinless, but that our hearts have made a decisive break with our old way of living. We no longer live to satisfy sinful desires but to do the will of God (1 Peter 4:2).
Peter reminds his readers that before they knew Christ, their lives were shaped by the values of the world (1 Peter 4:3). But the gospel transformed them. Their priorities changed, their desires changed, and even the people around them noticed the difference (1 Peter 4:4). The same should be true of us. A genuine relationship with Christ always produces a transformed life (2 Corinthians 5:17).
This new way of living may invite misunderstanding or even ridicule. Yet Peter reminds us that one day every person "will give account to Him who is ready to judge the living and the dead" (1 Peter 4:5). We do not live for the approval of people but for the smile of our Savior.
For believers, death is not the end. Those who trusted Christ and have now died are alive with Him and await the day when they will be raised in glory (1 Peter 4:6; John 11:25–26). This living hope gives us courage to remain faithful, no matter what we face.
Today, let us ask ourselves: Does my life reflect the transforming power of the gospel? Am I willing to follow Christ even when obedience brings suffering?
The path of following Jesus may not always be easy, but it is always worth it. A heart fixed on Christ sees suffering not as the end of the story, but as another opportunity to become more like Him.
Prayer: King Jesus, thank You for rescuing us from our old way of life and giving us a new heart. Help us to see suffering through Your eyes and remain faithful when following You is difficult. Strengthen us to live for Your will instead of our own desires, and let our lives reflect the transforming power of the gospel. Keep our hope fixed on the eternal life You have promised. In Your name we pray, Amen.

Comments
Post a Comment