ক্ৰুচৰ এইপাৰৰ জীৱনৰ মহান সৌভাগ্য (১ পিতৰ ১:১০–১২) / The Privilege of Living on This Side of the Cross (1 Peter 1:10-12)

 ক্ৰুচৰ এইপাৰৰ জীৱনৰ মহান সৌভাগ্য (১ পিতৰ ১:১০–১২)

আমি বহু সময়ত আমাৰ চাৰিওফালে থকা আশীৰ্বাদবোৰক ইমানেই স্বাভাৱিক বুলি ধৰি লওঁ যে সেইবোৰৰ মূল্য উপলব্ধি নকৰোঁ। এতিয়া এটা সাধাৰণ ফোন কল বা ভিডিঅ' কলৰ জৰিয়তে পৃথিৱীৰ আনটো মূৰত থকা আপোনজনৰ সৈতে মুহূৰ্ততে কথা পাতিব পাৰোঁ। আগতে বহু লোকৰ প্ৰাণ কঢ়িয়াই নিয়া বহুতো ৰোগৰ আজিকালি চিকিৎসা উপলব্ধ। দৈনন্দিন জীৱনৰ বহু সুবিধা ইমানেই সাধাৰণ হৈ পৰিছে যে আমি সেয়া ঈশ্বৰৰ দান বুলি ভাবিবলৈও পাহৰি যাওঁ। যি এসময়ত অসাধাৰণ আছিল, আজি সেয়াই আমাৰ বাবে সাধাৰণ।

আধ্যাত্মিক জীৱনতো একেধৰণৰ বিপদ থাকে। আমি শুভবাৰ্তাৰ সৈতে ইমানেই পৰিচিত হৈ পৰিব পাৰোঁ যে তাৰ আশ্চৰ্য সৌন্দৰ্য আৰু মহিমা অনুভৱ নকৰোঁ। কিন্তু পিতৰে বিশ্বাসীসকলক সোঁৱৰাই দিয়ে যে আমাৰ পৰিত্ৰাণ কোনো সাধাৰণ বিষয় নহয়; ই মানৱজাতিক ঈশ্বৰে দিয়া আটাইতকৈ মহান অনুগ্ৰহ।

১ পিতৰ ১:১০–১২ পদত পিতৰে ঈশ্বৰৰ পৰিত্ৰাণৰ মহিমাৰ বিষয়ে তেওঁৰ প্ৰশংসাৰ ধাৰা অব্যাহত ৰাখিছে। আমি খ্ৰীষ্টৰ সম্পূৰ্ণ কৰা কাৰ্যৰ এইপাৰত বাস কৰোঁ। আমি জানো যে ঈশ্বৰৰ পুত্ৰ যীচু খ্ৰীষ্ট মানৱদেহ ধৰি এই পৃথিৱীলৈ আহিল, আমাৰ পাপৰ বাবে ক্ৰুচত মৃত্যুবৰণ কৰিলে, তৃতীয় দিনা পুনৰুত্থিত হওক, স্বৰ্গৰোহণ হল আৰু তেওঁৰ লোকসকলৰ ওপৰত পবিত্ৰ আত্মা বাকি দিলে (পাঁচনিৰ কৰ্ম ২:১–৪, ৩২–৩৩)। পিতৰে এইবোৰ কথা আনৰ মুখে শুনা নাছিল; তেওঁ নিজ চকুৰে এই ঘটনাবোৰ দেখিছিল। তেওঁ যীচুৰ সৈতে চলিছিল, খালী মৈদাম দেখিছিল, পুনৰুত্থিত প্ৰভুৰ সাক্ষাৎ হৈছিল আৰু পঞ্চাশ দিনীয়া পৰ্বত পবিত্ৰ আত্মাৰ আগমনো নিজে অনুভৱ কৰিছিল।

সেইবাবেই তেওঁ আমাক বুজাব বিচাৰে যে আমি কিমান মহান সৌভাগ্যৰ অধিকাৰী।

পুৰণি নিয়মৰ ভাববাদীসকল, যিসকল ঈশ্বৰৰ বিশেষ লোক আছিল, তেওঁলোকেও আমি জনা কথাবোৰ জানিবলৈ হেঁপাহ কৰিছিল। তেওঁলোকে গভীৰ আগ্ৰহেৰে আৰু অধ্যৱসায়েৰে অনুসন্ধান কৰিছিল যে প্ৰতিজ্ঞাত মচীহ কেতিয়া আহিব আৰু কেনেকৈ তেওঁৰ কাৰ্য সম্পূৰ্ণ হ'ব (১ পিতৰ ১:১০–১১)। পবিত্ৰ আত্মাই তেওঁলোকক মচীহৰ দুখভোগ আৰু তাৰ পিছত অহা মহিমাৰ বিষয়ে লিখিবলৈ প্ৰেৰণা দিছিল। যিচয়াই দুখভোগী দাসৰ বিষয়ে লিখিছিল (যিচয়া ৫৩)। দায়ূদে ক্ৰুচবিদ্ধতাৰ এক জীৱন্ত ছবি অংকন কৰিছিল (গীতমালা ২২)। জখৰিয়াই বিনয়ী ৰজা গাধৰ পোৱালিৰ ওপৰত বহি অহাৰ ভবিষ্যদ্বাণী কৰিছিল (জখৰিয়া ৯:৯–১০)। তথাপিও তেওঁলোকে সম্পূৰ্ণ ছবিখন দেখা নাছিল।

ঈশ্বৰে তেওঁলোকক প্ৰকাশ কৰিলে যে তেওঁলোকৰ সেৱা নিজৰ সময়ৰ লোকৰ বাবে নহয়, বৰং ভৱিষ্যতৰ বিশ্বাসীসকলৰ বাবে, আমাৰ দৰে লোকৰ বাবে (১ পিতৰ ১:১২)। তেওঁলোকৰ সকলো ভাববাণী যীচু খ্ৰীষ্টত পূৰ্ণতা লাভ কৰিলে আৰু স্পষ্ট কৰিলে যে তেৱেঁই সেই প্ৰতিজ্ঞাত মচীহ, জগতৰ একমাত্ৰ ত্ৰাণকৰ্তা।

এইয়া কিমান মহান সৌভাগ্য! আমি আগলৈ চাই এজন ত্ৰাণকৰ্তাৰ বাবে অপেক্ষা নকৰোঁ; বৰঞ্চ আমি পিছলৈ চাই নিশ্চয়তাৰে কওঁ যে, তেওঁ ইতিমধ্যে আহিলেই। আমি ক্ৰুচৰ অপেক্ষা নকৰোঁ; কাৰণ ক্ৰুচৰ কাৰ্য ইতিমধ্যে সম্পূৰ্ণ হল। আমি ক্ষমা পাম নে নাই বুলি সন্দেহ নকৰোঁ; কাৰণ খ্ৰীষ্টৰ তেজৰ দ্বাৰাই আমাৰ ক্ষমা নিশ্চিত হল। আমি পবিত্ৰ আত্মাৰ আগমনৰ অপেক্ষা নকৰোঁ; কাৰণ তেওঁ এতিয়া প্ৰতিজন বিশ্বাসীৰ অন্তৰত বাস কৰে (ৰোমীয়া ৮:৯–১১; ইফিচীয়া ১:১৩–১৪)।

এই অংশৰ শেষত পিতৰে এক আশ্চৰ্য কথা কৈছে, এই পৰিত্ৰাণৰ সত্যবোৰ "স্বৰ্গদূতবিলাকে চাপৰি চাবলৈ আকাংক্ষা কৰিছে" (১ পিতৰ ১:১২)। যিসকল স্বৰ্গদূতে কেতিয়াও পাপ নকৰিলে, তেওঁলোকেও ঈশ্বৰৰ পৰিত্ৰাণৰ পৰিকল্পনাৰ মহিমাত বিস্মিত হৈ থাকে। তেন্তে আমি, যিসকলে এই অনুগ্ৰহ ব্যক্তিগতভাৱে লাভ কৰিছোঁ, আমাৰ হৃদয় কিমান অধিক কৃতজ্ঞতা, আনন্দ আৰু উপাসনাৰে ভৰি থকাৰ প্ৰয়োজন!

সেয়েহে আহক, আমি আমাৰ পৰিত্ৰাণক কেতিয়াও এক সাধাৰণ বিষয় বুলি নাভাবোঁহক। আমি আনন্দ কৰোঁহক যে আমি ক্ৰুচৰ এইপাৰত বাস কৰিছোঁ, য'ত ঈশ্বৰৰ সকলো প্ৰতিজ্ঞা যীচু খ্ৰীষ্টত পূৰ্ণতা পাইছে। আমাৰ হৃদয় সদায় তেওঁৰ অনুগ্ৰহৰ আশ্চৰ্যতাৰে পৰিপূৰ্ণ হওক, যাতে আমি কৃতজ্ঞতাৰে, বিশ্বাসেৰে আৰু আনন্দময় আজ্ঞাপালনত প্ৰতিদিনে তেওঁৰ বাবে জীৱন যাপন কৰিব পাৰোঁ।

প্ৰাৰ্থনা: হে অনুগ্ৰহময় পিতৃ, আপোনাৰ পুত্ৰ যীচু খ্ৰীষ্টৰ যোগেদি দিয়া অমূল্য পৰিত্ৰাণৰ দানৰ বাবে আপোনাক ধন্যবাদ। বহু সময়ত আমি শুভবাৰ্তাক সাধাৰণ বুলি গণ্য কৰোঁ তাৰ বাবে আমাক ক্ষমা কৰক। ক্ৰুচত খ্ৰীষ্টই সম্পূৰ্ণ কৰা কাৰ্য আৰু আমাৰ অন্তৰত বাস কৰা পবিত্ৰ আত্মাৰ দানৰ প্ৰতি পুনৰ এবাৰ বিস্ময় আৰু কৃতজ্ঞতাৰে আমাৰ হৃদয় পূৰ্ণ কৰক। এই মহান পৰিত্ৰাণক সদায় মূল্য দিবলৈ, আপোনাৰ আত্মাৰ মাত শুনিবলৈ আৰু প্ৰতিদিনে আনন্দেৰে আপোনাৰ আজ্ঞা পালন কৰি আপোনাৰ মহিমাৰ বাবে জীৱন যাপন কৰিবলৈ আমাক সহায় কৰক। যীচু খ্ৰীষ্টৰ নামত, আমেন।

The Privilege of Living on This Side of the Cross (1 Peter 1:10–12)

We often become so accustomed to the blessings around us that we hardly notice them anymore. A simple phone call can connect us to someone on the other side of the world. Diseases that once claimed countless lives can now be treated. Daily conveniences have become so ordinary that we rarely stop to appreciate them. What was once extraordinary has become commonplace.

The same danger exists in our spiritual lives. We can become so familiar with the gospel that we lose our sense of wonder. Peter writes to remind believers that our salvation is not ordinary, it is the greatest privilege ever given to humanity.

In 1 Peter 1:10–12, Peter continues his magnificent song of praise by directing our attention to the greatness of God's salvation. We live on the other side of Christ's finished work. We know that the Son of God came into the world, died for our sins, rose triumphantly from the grave, ascended into heaven, and poured out the Holy Spirit upon His church (Acts 2:1–4, 32–33). Peter was not speaking about distant history, he witnessed these events with his own eyes. He walked with Jesus, saw the empty tomb, encountered the risen Lord, and experienced the coming of the Holy Spirit at Pentecost.

Peter wants us to realize how incredibly privileged we are.

Even the prophets of the Old Testament, though greatly honored by God, longed to understand what we now know. They searched diligently and prayed earnestly, trying to understand the timing and circumstances of the promised Messiah (1 Peter 1:10–11). Through the inspiration of the Holy Spirit, they foretold Christ's sufferings and the glory that would follow. Isaiah described the Suffering Servant (Isaiah 53). David vividly portrayed the crucifixion centuries before it happened (Psalm 22). Zechariah foretold the coming of the humble King riding on a donkey (Zechariah 9:9–10). Yet they did not see the full picture.

God revealed to them that they were serving not themselves, but future generations, people like us (1 Peter 1:12). Their prophecies were ultimately fulfilled in Jesus Christ, confirming that He is indeed the long-awaited Messiah and Savior of the world.

What an astonishing privilege! We do not look ahead in hope of a coming Savior, we look back with confidence to a Savior who has already come. We do not wait for the cross, it has already been accomplished. We do not wonder whether forgiveness is possible, we know it has been secured through Christ's blood. We do not seek the Holy Spirit from a distance, He now dwells within every believer (Romans 8:9–11; Ephesians 1:13–14).

Peter ends this passage with an amazing statement: these are truths "into which angels long to look" (1 Peter 1:12). Even the angels marvel at God's plan of redemption. If heavenly beings stand in awe of the gospel, how much more should those who have personally received its grace?

Today, let us never treat our salvation as something ordinary. Let us rejoice that we live on this side of the cross, where God's promises have been fulfilled in Jesus Christ. May our hearts continually be filled with gratitude, worship, and joyful obedience as we remember the greatness of the salvation we have received.

Prayer: Gracious Father, thank You for the priceless gift of salvation through Your Son, Jesus Christ. Forgive us for the times we have treated the gospel as something ordinary. Fill our hearts once again with wonder at Christ's finished work on the cross and the gift of Your Holy Spirit who dwells within us. Help us to treasure this great salvation, listen to Your Spirit's leading, and walk each day in joyful obedience for Your glory. In Jesus' name, Amen.

Comments