খ্ৰীষ্টৰ পদচিহ্ন অনুসৰণ কৰি (১ পিতৰ ২:১৮–২৫) | Walking in the Footsteps of Christ (1 Peter 2:18-25)

খ্ৰীষ্টৰ পদচিহ্ন অনুসৰণ কৰি (১ পিতৰ ২:১৮–২৫)

পিতৰে এই পত্ৰ লিখাৰ সময়ত দাসত্ব ৰোম সাম্ৰাজ্যৰ সমাজব্যৱস্থাৰ এটা সাধাৰণ অংশ আছিল। ইতিহাসবিদসকলৰ মতে, সেই সময়ত প্ৰায় প্ৰতি পাঁচজন মানুহৰ মাজৰ এজন দাস আছিল। তেওঁলোকে কৃষিকৰ্ম, গৃহপৰিচালনা, ব্যৱসায়, চিকিৎসা, শিক্ষা আৰু বিভিন্ন দক্ষ কৰ্মত নিয়োজিত আছিল। প্ৰভু যীচুৰ শুভবাৰ্তাত বিশ্বাস কৰা প্ৰথমদিকৰ বহুতো লোকো এই শ্ৰেণীৰেই আছিল।

আজিৰ পাঠকৰ বাবে পিতৰৰ এই নিৰ্দেশ কঠিন যেন লাগিব পাৰে। তেওঁ অন্যায় কৰা গৰাকীসকলৰ প্ৰতিও কিয় বশীভূত হৈ থাকিবলৈ কৈছে? ইয়াৰ অৰ্থ এই নহয় যে অন্যায় সঠিক, বা নিষ্ঠুৰ ব্যৱহাৰ ঈশ্বৰে সমৰ্থন কৰে। বৰঞ্চ পিতৰে বিশ্বাসীসকলক এটা উচ্চ উদ্দেশ্যলৈ দৃষ্টি দিবলৈ আহ্বান জনাইছে: ঈশ্বৰৰ প্ৰতি ভক্তিপূৰ্ণ ভয়ত জীৱন-যাপন কৰা।

নতুন নিয়মৰ এটা উল্লেখযোগ্য দিশ হ'ল, ইয়াত দাসসকলকো প্ৰত্যক্ষভাৱে সম্বোধন কৰা হৈছে। যি সমাজত তেওঁলোকক প্ৰায় সা-সম্পত্তি, গোলামৰ দৰে গণ্য কৰা হৈছিল, সেই সমাজতেই পাঁচনিসকলে তেওঁলোকক খ্ৰীষ্টৰ পৰিয়ালৰ পূৰ্ণ সদস্য হিচাপে সম্বোধন কৰিছে। এখন মণ্ডলীত, সামাজিক মৰ্যাদাই এজন ব্যক্তিৰ মানুহৰ মূল্য নিৰ্ধাৰণ নকৰে। খ্ৰীষ্টত সকলো বিশ্বাসীয়েই এক (গালাতীয়া ৩:২৮; ১ কৰিন্থীয়া ১২:১৩; কলচীয়া ৩:১১)।

পিতৰে শিক্ষা দিয়ে যে খ্ৰীষ্টীয় বশীভূততা মানুহৰ যোগ্যতাৰ বাবে নহয়, ঈশ্বৰৰ প্ৰতি গভীৰ ভক্তি আৰু ভয়ৰ পৰা উদ্ভৱ হয়। তেওঁ লিখিছে, "হে চাকৰবিলাক, তোমালোক সম্পূৰ্ণ ভয়েৰে নিজ নিজ প্ৰভুৰ বশীভূত হোৱা; কেৱল উত্তম আৰু ক্ষান্ত স্বভাবীবিলাকৰ নহয়, কিন্তু কুটিল-মনাবিলাকৰো বশীভূত হোৱা" (১ পিতৰ ২:১৮)। যেতিয়া কোনো বিশ্বাসীয়ে সৎ কাম কৰাৰ বাবে অন্যায়ভাৱে দুখ-কষ্ট সহ্য কৰে, তেতিয়া ঈশ্বৰে সেই সহিষ্ণুতা দেখে আৰু তাত সন্তুষ্ট হয়। "কিয়নো কোনোৱে যদি ঈশ্বৰ উদ্দেশ্যে বিবেকৰ কাৰণে অন্যায় ভোগ কৰি দুখ সহন কৰে, তেন্তে সেয়েই গ্ৰহণীয়" (১ পিতৰ ২:১৯)।

অন্যায় দুখভোগৰ সৰ্বোত্তম উদাহৰণ হৈছে আমাৰ প্ৰভু যীচু খ্ৰীষ্ট। তেওঁ সম্পূৰ্ণৰূপে নিষ্পাপ আছিল, তথাপিও তেওঁ অপমান, প্ৰত্যাখ্যান, মিছা অভিযোগ আৰু ক্ৰুচৰ যাতনা সহ্য কৰিলে। "তেওঁ কোনো পাপ নকৰিলে, তেওঁৰ মুখত কোনো ছলনা পোৱা নগ'ল" (১ পিতৰ ২:২২; যিচয়া ৫৩:৯)। তথাপিও, "দুখ পোৱা কালত, ডাবি-ধমকি নিদিলে; কিন্তু ন্যায়ৰূপে বিচাৰ কৰোঁতা জনাৰ ওপৰত ভাৰ দিলে" (১ পিতৰ ২:২৩)।

পিতৰে আমাক সোঁৱৰাই দিয়ে যে খ্ৰীষ্টক অনুসৰণ কৰাৰ অৰ্থ হৈছে তেওঁ চলা পথত খোজ দিয়া। ইয়াৰ অৰ্থ এই নহয় যে আমি দুখ বিচাৰিম। কিন্তু যেতিয়া খ্ৰীষ্টৰ বাবে বা ধাৰ্মিকতাৰ বাবে দুখভোগ আহে, তেতিয়া আমি অকলে নাথাকোঁ। যীচুৱে ইতিমধ্যে সেই পথত চলি গৈছে। তেওঁ প্ৰতিটো আঘাত, প্ৰতিটো চকুপানী আৰু প্ৰতিটো অন্যায়ৰ অনুভৱ জানে। তেওঁ নিজৰ লোকসকলৰ লগত সদায় আছে।

ক্ৰুচে আমাক এই আশ্বাসো দিয়ে যে দুখ-কষ্টেই শেষ কথা নহয়। "আৰু আমি যেন পাপৰ সম্বন্ধে মৰি, ধাৰ্মিকতাৰ সম্বন্ধে জীওঁ, এই কাৰণে তেওঁ কাঠৰ ওপৰলৈ তেওঁৰ শৰীৰত আমাৰ পৰ ভাৰ বৈ নিলে, তেওঁৰ সাঁচৰ দ্বাৰাই তোমালোক সুস্থ হলা" (১ পিতৰ ২:২৪)। তেওঁৰ বলিদানৰ যোগেদি আমি পাপৰ ক্ষমা, আত্মিক আৰোগ্য আৰু অনন্ত জীৱনৰ নিশ্চিত আশা লাভ কৰিছোঁ। শেষত পিতৰে সান্ত্বনাদায়কভাৱে কৈছে, "কিয়নো তোমালোক মেৰৰ দৰে ভ্ৰান্ত হৈ গৈ আছিল; কিন্তু এতিয়া তোমালোকৰ জীৱাত্মাৰ ৰক্ষক আৰু অধ্যক্ষৰ ওচৰলৈ ঘূৰি আহিলা" (১ পিতৰ ২:২৫)।

যদি আজি আপুনি অন্যায় ব্যৱহাৰৰ সন্মুখীন হৈছে, তেন্তে মনত ৰাখিব, ঈশ্বৰে সকলো দেখে। আপোনাৰ দুখ তেওঁৰ পৰা লুকাই থকা নাই। খ্ৰীষ্টৰ পদচিহ্ন অনুসৰণ কৰি নিজৰ জীৱন আপোনাৰ বিশ্বস্ত মেৰপালকৰ হাতত সমৰ্পণ কৰক। তেওঁ আপোনাক ধৰি ৰাখিব, শক্তি দিব, আৰু এদিন এনে ৰাজ্যলৈ লৈ যাব, য'ত সকলো অন্যায়ৰ অন্ত পৰিব, সকলো চকুপানী মচি পেলোৱা হ'ব (প্ৰকাশিত বাক্য ২১:৪)।

প্ৰাৰ্থনা: হে দয়াময় পিতৃ, আপোনাৰ পুত্ৰ যীচু খ্ৰীষ্টত আমি ধৈৰ্য, নম্ৰতা আৰু বিশ্বাসৰ পৰিপূৰ্ণ আদৰ্শ দেখিবলৈ পাওঁ। যেতিয়া আমি অন্যায় বা দুখ-কষ্টৰ সন্মুখীন হওঁ, তেতিয়া আমাক তিক্ততাৰে নহয়, বিশ্বাসেৰে সঁহাৰি দিবলৈ শিকাওক। প্ৰতিশোধ ল'বলৈ নহয়, আপোনাৰ ওপৰত সম্পূৰ্ণ ভৰসা ৰাখিবলৈ আমাক শক্তি দিয়ক। আমাৰ আত্মাৰ মেৰপালক আৰু অধ্যক্ষ খ্ৰীষ্টৰ ওপৰত আমাৰ দৃষ্টি স্থিৰ ৰাখক, যেতিয়ালৈকে আমি আপোনাক মুখামুখিকৈ নেদেখোঁ। যীচুৰ নামত, আমেন।

Walking in the Footsteps of Christ (1 Peter 2:18–25)

When Peter wrote this letter, slavery was a familiar part of Roman society. Historians estimate that nearly one out of every five people in the Roman Empire was a slave. They worked in homes, farms, businesses, and even as physicians, teachers, and skilled craftsmen. Many of the first believers in the early church came from this humble and often oppressed class.

To modern readers, Peter's instruction may seem difficult to understand. Why would he tell slaves to submit even to unjust masters? The answer is not that injustice is acceptable or that cruel treatment is right. Rather, Peter points believers to a higher purpose: living in reverent obedience to God.

One remarkable feature of the New Testament is that it speaks directly to slaves. In a culture where they were often treated as property, the apostles addressed them as beloved members of Christ's family. In the church, social status no longer defined a person's worth. In Christ, all believers are one (Galatians 3:28; 1 Corinthians 12:13; Colossians 3:11).

Peter teaches that Christian submission flows from a heart that fears God, not from the worthiness of human authorities. He writes, "Servants, be subject to your masters with all respect... not only to the good and gentle but also to the unjust" (1 Peter 2:18). When believers endure suffering for doing what is right, God sees it and delights in their faithful perseverance. "For this is a gracious thing, when, mindful of God, one endures sorrows while suffering unjustly" (1 Peter 2:19, ESV).

The greatest example of unjust suffering is Jesus Christ Himself. Though He was completely without sin, He endured insults, rejection, false accusations, and the agony of the cross. "He committed no sin, neither was deceit found in his mouth" (1 Peter 2:22; Isaiah 53:9). Yet "when he was reviled, he did not revile in return... but continued entrusting himself to him who judges justly" (1 Peter 2:23).

Peter reminds us that following Jesus means walking the same path He walked. This does not mean we seek suffering, but when suffering comes because we belong to Christ or choose to do what is right, we do not walk alone. Jesus has already walked that road before us. He knows every wound, every tear, every injustice, and He walks beside His people.

The cross also assures us that suffering is never the end of the story. Christ "himself bore our sins in his body on the tree, that we might die to sin and live to righteousness. By his wounds you have been healed" (1 Peter 2:24). Because of His sacrifice, we have forgiveness, healing, and the sure hope of eternal life. Peter concludes with a beautiful reminder: "For you were straying like sheep, but have now returned to the Shepherd and Overseer of your souls" (1 Peter 2:25).

If you are facing unfair treatment today, remember that God sees you. Your pain is not hidden from Him. As you walk in the footsteps of Christ, entrust yourself to your faithful Shepherd. He will sustain you now and one day bring you safely into His eternal presence, where every injustice will be made right (Revelation 21:4).

Prayer: Gracious Father, thank You for giving us the perfect example of Your Son. When we face unfair treatment or suffering, help us to respond with faith instead of bitterness and with grace instead of revenge. Teach us to entrust ourselves to You, knowing that You are the righteous Judge. Keep our eyes fixed on Christ, our Shepherd and Overseer, until the day we see You face to face. In Jesus' name, Amen.

Comments