অনুতাপৰ মূল্য (ইজ্ৰা ১০:৯–৪৪) / When Repentance Costs (Ezra 10:9-44)
অনুতাপৰ মূল্য (ইজ্ৰা ১০:৯–৪৪)
খ্ৰীষ্টিয়ান বিশ্বাসত আটাইতকৈ কঠিন শব্দটো হৈছে: অনুতাপ। প্ৰকৃত অনুতাপ কেৱল নিজৰ পাপৰ বাবে দুখ অনুভৱ কৰা নহয়; ই হৈছে সম্পূৰ্ণ হৃদয়েৰে ঈশ্বৰৰ ওচৰলৈ উভতি আহি তেওঁৰ আজ্ঞা মানি চলা। বহুতে পাপৰ পৰিণামক লৈ অনুতপ্ত অনুভৱ কৰে, কিন্তু অতি কম লোকে হে সেই পাপ এৰি দিবলৈ ইচ্ছুক হয়। ইজ্ৰা ১০ অধ্যায়ে আমাক সোঁৱৰাই দিয়ে যে প্ৰকৃত অনুতাপৰ এটা মূল্য আছে, কিন্তু এই হৈছে ঈশ্বৰৰ সৈতে পুনৰ মিলনৰ পথ। বাইবেলে কৈছে, “কাৰণ ঈশ্বৰৰ ইচ্ছাৰ দৰে হোৱা মনোদুখে পালটিব নলগা পৰিত্ৰানলৈ মন পালটন কৰায়; কিন্তু সাংসাৰিক মনোদুখে, মৃত্যু সাধন কৰে” (২ কৰিন্থীয়া ৭:১০)।
যেতিয়া আজ্ঞা ঘোষণা কৰা হ’ল তেতিয়া, “যিহূদা আৰু বিন্যামীনৰ সকলো মানুহে তিন দিনৰ ভিতৰত যিৰূচালেমলৈ আহি গোট খালে” (ইজ্ৰা ১০:৯)। তেওঁলোক ঈশ্বৰৰ গৃহৰ সন্মুখৰ মুকলি ঠাইত বহি আছিল। তেওঁলোক কেৱল বৰষুণৰ বাবে নহয়, কিন্তু নিজৰ পাপৰ ভাৰ অনুভৱ কৰিও কঁপি আছিল। তাৰ মাজতো ইজ্ৰাই ঈশ্বৰৰ বাক্য ক’বলৈ কেতিয়াও সংকোচ নকৰিলে। তেওঁ স্পষ্টকৈ ক’লে, “তোমালোকে সত্য লঙ্ঘন কৰি, ইস্ৰায়েলৰ দোষ বঢ়াবলৈ বিজাতীয় ছোৱালীবিলাক বিয়া কৰিলাহক” (ইজ্ৰা ১০:১০)। তেওঁৰ উদ্দেশ্য তেওঁলোকক কেৱল দোষী সাব্যস্ত কৰিবলৈ নহয়; কিন্তু তেওঁলোকক পুনৰ প্ৰভুৰ ওচৰলৈ উভতাই আনিবলৈ আছিল। সেয়ে তেওঁ ক’লে, “এতিয়া যিহোৱাৰ আগত তোমালোক দোষ সৈ কাঢ়া, আৰু তেওঁৰ ইচ্ছামতে কাৰ্য্য কৰা” (ইজ্ৰা ১০:১১)। সমগ্ৰ শাস্ত্ৰতে আমি দেখা পাওঁ যে পাপ স্বীকাৰ কৰাই পুনৰ মিলনৰ দুৱাৰ মুকলি কৰে।
লোকসকলৰ উত্তৰে প্ৰকৃত অনুতাপৰ হৃদয় প্ৰকাশ কৰিলে। তেওঁলোকে তৰ্ক নকৰিলে, নিজৰ অজুহাত নিদিলে বা আনক দোষ নিদিলে। তেওঁলোকে বিনয়েৰে ক’লে, “আপুনি যেনেকৈ কৈছে, তেনেকৈ আমি কৰিবই লাগে” (ইজ্ৰা ১০:১২)। কিন্তু তেওঁলোকৰ আজ্ঞাপালন আৱেগৰ বশৱৰ্তী হৈ কৰা সিদ্ধান্ত নাছিল। বিষয়টো বহু পৰিয়ালৰ সৈতে জড়িত আছিল, সেয়ে ইজ্ৰাই বুদ্ধিমত্তাৰে প্ৰতিটো বিষয় সাৱধানে তদন্ত কৰিবলৈ পৰিয়ালৰ মূৰব্বীসকলক নিযুক্তি দিলে (ইজ্ৰা ১০:১৪–১৭)। এইটো জনতাৰ খঙত চলা বিচাৰ নাছিল; এইটো আছিল ঈশ্বৰৰ বিধান অনুসৰি জ্ঞান, ন্যায় আৰু ভয়-ভক্তিৰে কৰা বিচাৰ। ঈশ্বৰৰ ন্যায় সদায় পবিত্ৰ হয়; ই কেতিয়াও আৱেগ বা খঙৰ ওপৰত নিৰ্ভৰ নকৰে (দ্বিতীয় বিবৰণ ১৬:১৮–২০)।
ইজ্ৰা পুস্তক শেষ হয় সেইসকল লোকৰ নামৰ তালিকাৰে, যিসকলে পাপ কৰিছিল (ইজ্ৰা ১০:১৮–৪৪)। প্ৰথম দৃষ্টিত এই সমাপ্তি হয়তো হতাশাজনক যেন লাগিব পাৰে। ইজ্ৰা পুস্তকত ঈশ্বৰৰ বহু মহান কাৰ্য দেখাৰ পিছত, শেষত কিয় পাপীসকলৰ তালিকা? কিন্তু এই তালিকা লাজৰ স্মৃতিস্তম্ভ নহয়; ই ঈশ্বৰৰ অনুগ্ৰহৰ সাক্ষ্য। এই নামবোৰ সেইসকল লোকৰ, যিসকলে নিজৰ পাপ স্বীকাৰ কৰি ঈশ্বৰৰ ওচৰলৈ উভতি আহিছিল। তেওঁলোকৰ ব্যৰ্থতা লিখা আছে, কিন্তু তেওঁলোকৰ অনুতাপো লিখা আছে। আগতেই ইজ্ৰাই কৈছিল, “তথাপি এই বিষয়ে ইস্ৰায়েললৈ এতিয়াও আশা আছে” (ইজ্ৰা ১০:২)। এই শেষ অধ্যায়ে আমাক আশ্বাস দিয়ে যে বিনয়েৰে অনুতাপ কৰা লোকক ঈশ্বৰে কেতিয়াও ত্যাগ নকৰে। পাপৰ পৰিণাম কষ্টদায়ক হ’ব পাৰে, কিন্তু যিসকলে আন্তৰিকতাৰে প্ৰভুৰ ওচৰলৈ উভতি আহে, তেওঁলোকৰ বাবে তেওঁৰ দয়া সদায় মুকলি থাকে (যোৱেল ২:১২–১৩)।
হয়তো আজি ঈশ্বৰে আপোনাৰ জীৱনৰ কোনো এটা ক্ষেত্ৰত অনুতাপ কৰিবলৈ মাতি আছে। প্ৰকৃত অনুতাপৰ বাবে আপোনাৰ অহংকাৰ, আৰাম বা বহুদিনৰ এটা অভ্যাস এৰিবলগীয়া হ’ব পাৰে। কিন্তু এই বাটেই জীৱনলৈ নিয়ে। যীচুৱে নিজেই কৈছে, “কোনোৱে যদি মোৰ পাছত আহিবলৈ ইচ্ছা কৰে, তেন্তে তেওঁ নিজকে নিজে দমন কৰক, আৰু দিনে দিনে নিজৰ ক্ৰুচ তুলি লৈ, মোৰ পাছে পাছে আহক” (লূক ৯:২৩)। ঈশ্বৰে যি এৰিবলৈ কয়, সেয়া তেওঁৰ সৈতে পুনৰ মিলনৰ আনন্দৰ তুলনাত একোৱেই নহয়। যিসকলে আন্তৰিকতাৰে প্ৰভুৰ ওচৰলৈ উভতি আহে, তেওঁলোকৰ বাবে সদায় আশা আছে।
প্ৰাৰ্থনা: স্বৰ্গীয় পিতৃ, ধন্যবাদ যে আপুনি আমাক শিকাইছে, প্ৰকৃত অনুতাপ কেৱল মুখৰ কথা নহয়; ই হৈছে আপোনাৰ ওচৰলৈ বিনয়েৰে উভতি আহি আপোনাৰ আজ্ঞা পালন কৰা হৃদয়। আমাৰ অন্তৰ পৰীক্ষা কৰক আৰু আমি যি পাপ লুকুৱাই ৰাখিছোঁ বা অজুহাত দেখুৱাই আছোঁ, সেইবোৰ প্ৰকাশ কৰক। সেইবোৰ আন্তৰিকতাৰে স্বীকাৰ কৰাৰ সাহস আৰু সম্পূৰ্ণৰূপে ত্যাগ কৰাৰ শক্তি আমাক দিয়ক। আপোনাৰ আজ্ঞাবোৰ সদায় আমাৰ মঙ্গলৰ বাবে বুলি বিশ্বাস কৰিবলৈ আমাক সহায় কৰক। ধন্যবাদ, কাৰণ যীচু খ্ৰীষ্টৰ যোগেদি অনুতাপ কৰা প্ৰতিজন পাপীৰ বাবে ক্ষমা, শুচিতা আৰু নতুন আশা আছে। আমাৰ জীৱন যেন সম্পূৰ্ণ আজ্ঞাপালন আৰু অটল ভক্তিৰে আপোনাক মহিমা দিয়ে। যীচুৰ নামত, আমেন।
When Repentance Costs (Ezra 10:9–44)
Repentance is one of the hardest words in the Christian life because it calls us not merely to feel sorry for our sin but to turn away from it. Many people regret the consequences of sin, yet few are willing to abandon the sin itself. Ezra 10 reminds us that genuine repentance is costly, but it also reminds us that it is the pathway to restored fellowship with God. As Scripture teaches, "godly sorrow produces repentance leading to salvation, not to be regretted" (2 Corinthians 7:10).
When the decree was announced, "all the men of Judah and Benjamin gathered at Jerusalem within the three days" (Ezra 10:9). They stood trembling in the open square before the house of God, shaken not only by the heavy rain but also by the weight of their guilt. Ezra did not soften God's message. He confronted their sin directly: "You have been unfaithful; you have married foreign women, increasing the guilt of Israel" (Ezra 10:10). Yet his purpose was not to condemn but to lead the people back to the Lord. He urged them, "Make confession to the LORD...and do His will" (Ezra 10:11). Throughout Scripture, confession has always been the doorway to restoration. "If we confess our sins, He is faithful and just to forgive us our sins and to cleanse us from all unrighteousness" (1 John 1:9).
The people's response reveals the heart of true repentance. They did not argue, defend themselves, or blame others. Instead they answered, "As you have said, so we must do" (Ezra 10:12). Their obedience, however, was not reckless or driven by emotional excitement. Because the matter affected many families, Ezra wisely appointed leaders to investigate every case carefully (Ezra 10:14–17). This was not mob justice fueled by human anger but righteous judgment carried out with wisdom, fairness, and reverence for God's law. God's justice is always holy, never impulsive (Deuteronomy 16:18–20).
The book closes with a long list of those who had sinned (Ezra 10:18–44). At first glance, this ending may seem disappointing. After all the wonderful accounts of God's faithfulness throughout Ezra, why conclude with a catalogue of failures? Yet this list is not a monument to shame but a testimony to grace. These names belong to people who acknowledged their guilt and turned back to God. Their failures were recorded, but so was their repentance. Ezra had already declared, "Yet now there is hope in Israel in spite of this" (Ezra 10:2). The final chapter reminds us that God does not abandon those who humbly repent. Though sin leaves painful consequences, God's mercy is available to all who return to Him with sincere hearts (Joel 2:12–13).
Perhaps there is an area of your life where God is calling you to repent today. True repentance may cost your pride, your comfort, or even a cherished habit, but it always leads to life. Jesus Himself calls His followers to deny themselves, take up their cross daily, and follow Him (Luke 9:23). Whatever God asks us to surrender is insignificant compared to the joy of walking in restored fellowship with Him. There is always hope for those who turn back to the Lord.
Prayer: Heavenly Father, thank You for showing us that true repentance is more than words, it is a heart that turns back to You in humble obedience. Search our hearts and reveal any sin that we have tolerated or excused. Give us the courage to confess it honestly and the strength to forsake it. Help us to trust that Your commands are always for our good and that Your mercy is greater than our failures. Thank You that through Jesus Christ there is forgiveness, cleansing, and hope for every repentant sinner. May our lives reflect wholehearted obedience and unwavering devotion to You. In Jesus' name, Amen.

Comments
Post a Comment