মৃত্যুলৈকে বিশ্বাসী হৈ থাকিল (পাঁচনিৰ কৰ্ম ৬:৮–৭:৬০) / Faithful Unto Death (Acts 6:8-7:60)
মৃত্যুলৈকে বিশ্বাসী হৈ থাকিল (পাঁচনিৰ কৰ্ম ৬:৮–৭:৬০)
খ্ৰীষ্টৰ প্ৰতি বিশ্বাসী হৈ থকাটো সদায় সহজ জীৱন বা পাৰ্থিৱ আৰাম কঢ়িয়াই নানে। বহু সময়ত ইয়াৰ ফল ভুল বুজাবুজি, তিৰস্কাৰ, আনকি কষ্ট-তাৰণাও হয়। তথাপিও ঈশ্বৰৰ বাক্যে আমাক আশ্বাস দিয়ে যে যিসকলে তেওঁৰ প্ৰতি বিশ্বস্ত হৈ থাকে, তেওঁলোকৰ লগত ঈশ্বৰ সদায় থাকে (মথি ৫:১০–১২; ২ তীমথিয় ৩:১২)। স্তিফানৰ জীৱন ইয়াৰ এক উজ্জ্বল উদাহৰণ। খ্ৰীষ্টৰে পূৰ্ণ হোৱা এজন মানুহে মৃত্যুৰ সন্মুখতো কেনেকৈ অবিচল থাকিব পাৰে, তেওঁৰ জীৱনে সেয়াই দেখুৱাইছে।
স্তিফানক প্ৰথমে সেই সাতজন লোকৰ মাজৰ এজন হিচাপে পৰিচয় কৰোৱা হৈছিল, যিসকলক মণ্ডলীৰ ব্যৱহাৰিক প্ৰয়োজনসমূহ, বিশেষকৈ বিধৱাসকলৰ যত্ন ল'বলৈ মনোনীত কৰা হৈছিল (পাঁচনিৰ কৰ্ম ৬:১–৬)। কিন্তু তেওঁৰ পৰিচৰ্যা কেৱল এই সেৱাতে সীমাবদ্ধ নাছিল। লূকে তেওঁক “ঈশ্বৰৰ অনুগ্ৰহ আৰু শক্তিৰে পৰিপূৰ্ণ” মানুহ বুলি বৰ্ণনা কৰিছে, আৰু ঈশ্বৰে তেওঁৰ যোগেদি বহু আশ্চৰ্য্য আৰু অলৌকিক কাৰ্য সাধন কৰিছিল (পাঁচনিৰ কৰ্ম ৬:৮)। তেওঁৰ জীৱনে আমাক শিকায় যে ঈশ্বৰৰ ৰাজ্যত কোনো সেৱাই সৰু নহয়। আমাৰ আহ্বান মঞ্চত হওক বা নীৰৱে পিছফালে, ঈশ্বৰে সেইসকলক ব্যৱহাৰ কৰে যিসকল বিশ্বাস, পবিত্ৰ আত্মা আৰু জ্ঞানেৰে পূৰ্ণ (পাঁচনিৰ কৰ্ম ৬:৩, ৫)।
স্তিফানৰ বিশ্বস্ত সাক্ষ্যই অতি সোনকালে তীব্ৰ বিৰোধিতাৰ সৃষ্টি কৰিলে। তেওঁৰ জ্ঞান আৰু পবিত্ৰ আত্মাৰ শক্তিৰে কোৱা কথাৰ বিৰুদ্ধে কোনো যুক্তি দিব নোৱাৰি তেওঁৰ শত্ৰুসকলে মিছা অভিযোগ উত্থাপন কৰিলে। তেওঁলোকে তেওঁক মোচি, বিধান আৰু মন্দিৰৰ বিৰুদ্ধে নিন্দা কৰাৰ অভিযোগ তুলিলে (পাঁচনিৰ কৰ্ম ৬:১১–১৪)। মহাসভাৰ সন্মুখত থিয় হৈ স্তিফানে কেৱল নিজৰ পক্ষ সমৰ্থন কৰাই নহয়; তেওঁ ইস্ৰায়েলৰ ইতিহাসৰ মাজেৰে ঈশ্বৰৰ পৰিত্ৰাণৰ পৰিকল্পনাক ঘোষণা কৰিছিল। অব্ৰাহামৰ পৰা আৰম্ভ কৰি তেওঁ দেখুৱাইছিল যে ঈশ্বৰে প্ৰত্যেক যুগতে নিজৰ উদ্দেশ্য বিশ্বস্ততাৰে পূৰণ কৰি আহিছে, আৰু সেই ইতিহাসৰ চূড়ান্ত পৰিণতি হৈছে যীচু খ্ৰীষ্ট, সেই ধাৰ্মিকজন, যিজনক তেওঁলোকে অস্বীকাৰ কৰি হত্যা কৰিছিল (পাঁচনিৰ কৰ্ম ৭:৫১–৫৩)।
স্তিফানে তেওঁৰ ভাষণৰ অন্তত মহাসভাক সোঁৱৰাই দিলে যে “সৰ্বোচ্চজনে মানুহৰ হাতেৰে নিৰ্মিত ঘৰত বাস নকৰে” (পাঁচনিৰ কৰ্ম ৭:৪৮; যিচয়া ৬৬:১–২)। ঈশ্বৰৰ উপস্থিতি কোনো অট্টালিকাত আবদ্ধ নহয়; তেওঁ নিজৰ পুত্ৰ যীচু খ্ৰীষ্টৰ যোগেৰে নিজকে সম্পূৰ্ণৰূপে প্ৰকাশ কৰিছে। কিন্তু সত্যৰ আগত নম্ৰ হোৱাৰ পৰিৱৰ্তে ধৰ্মীয় নেতাসকলে নিজৰ হৃদয় কঠিন কৰি তুলিলে। প্ৰচণ্ড ক্ৰোধত তেওঁলোকে স্তিফানক নগৰৰ বাহিৰলৈ উলিয়াই শিলগুটি মাৰি হত্যা কৰিলে (পাঁচনিৰ কৰ্ম ৭:৫৪–৫৮)।
সেই অন্তিম মুহূৰ্ততো স্তিফানৰ দৃষ্টি শিলগুটিবোৰৰ ওপৰত নাছিল; তেওঁৰ দৃষ্টি আছিল তেওঁৰ ত্ৰাণকৰ্তাৰ ওপৰত। পবিত্ৰ আত্মাৰে পূৰ্ণ হৈ তেওঁ ঈশ্বৰৰ সোঁফালে থিয় হৈ থকা যীচুক দেখিবলৈ পালে (পাঁচনিৰ কৰ্ম ৭:৫৫–৫৬)। এই দৃশ্যই যেন দেখুৱাই দিয়ে যে প্ৰভুৱে নিজৰ বিশ্বস্ত দাসক নিজ উপস্থিতিলৈ আদৰি ল'বলৈ থিয় হৈছিল। মৃত্যুৰ বেদনাৰ মাজতো স্তিফানে খ্ৰীষ্টৰ হৃদয় প্ৰকাশ কৰিলে। ক্ৰুচত যীচুৱে যিদৰে প্ৰাৰ্থনা কৰিছিল, তেনেদৰেই স্তিফানেও প্ৰাৰ্থনা কৰিলে, “হে প্ৰভু যীচু, মোৰ আত্মা গ্ৰহণ কৰক,” আৰু “হে প্ৰভু, এই পাপ তেওঁবিলাকৰ নামত নিলিখিব” (পাঁচনিৰ কৰ্ম ৭:৫৯–৬০; লূক ২৩:৩৪, ৪৬)। তেওঁৰ শেষ বাক্যবোৰ তিক্ততাৰে নহয়, বৰঞ্চ ক্ষমা, অনুগ্ৰহ আৰু অটল বিশ্বাসেৰে পূৰ্ণ আছিল।
স্তিফানৰ জীৱনে আমাক শিকায় যে খ্ৰীষ্টীয় বিশ্বাসৰ আটাইতকৈ শক্তিশালী সমৰ্থন কেৱল যুক্তিপূৰ্ণ কথাত নহয়, বৰঞ্চ খ্ৰীষ্টৰ ওচৰত সম্পূৰ্ণৰূপে সমৰ্পিত জীৱনত। জগতখনে হয়তো শুভবাৰ্তা অস্বীকাৰ কৰিব পাৰে, কিন্তু পুনৰুত্থিত প্ৰভুত আশা স্থাপন কৰা বিশ্বাসীক কেতিয়াও নীৰৱ কৰিব নোৱাৰে। গীতমালাৰ লেখকে কৈছে, “যিহোৱাৰ দৃষ্টিত তেওঁৰ সাধুবিলাকৰ মৃত্যু বহুমূল্য” (গীতমালা ১১৬:১৫)।
যেতিয়া আমাৰ বিশ্বাসৰ বাবে আমি বিৰোধিতা বা অত্যাচাৰৰ সন্মুখীন হওঁ, তেতিয়া স্তিফানক সোঁৱৰাওঁ। যিজন প্ৰভুৱে তেওঁক শক্তি দিছিল, সেই একেজন প্ৰভুৱে আজিও নিজৰ লোকসকলক শক্তি দিয়ে। আমাৰ আহ্বান সকলোতকৈ আগতে আৰাম বিচৰা নহয়; বৰঞ্চ খ্ৰীষ্টৰ প্ৰতি বিশ্বস্ত হৈ থকাটো, এই বিশ্বাসেৰে যে তেওঁ কেতিয়াও আমাক নেৰিব, আৰু যিসকল তেওঁৰ, তেওঁলোকৰ বাবে অনন্ত মহিমা অপেক্ষা কৰি আছে (ইব্ৰী ১৩:৫; ৰোমীয়া ৮:১৮)।
প্ৰাৰ্থনা: হে স্বৰ্গীয় পিতৃ, স্তিফানৰ বিশ্বস্ত সাক্ষ্যৰ বাবে আপোনাক ধন্যবাদ জনাওঁ। আমাকো আপোনাৰ পবিত্ৰ আত্মা, জ্ঞান আৰু সাহসেৰে পৰিপূৰ্ণ কৰক, যাতে আমি সকলো পৰিস্থিতিত খ্ৰীষ্টৰ পক্ষত দৃঢ়ভাৱে থিয় হ'ব পাৰোঁ। আমাৰ বিশ্বাসৰ বাবে যেতিয়া আমাক ভুল বুজা হয় বা বিৰোধিতা কৰা হয়, তেতিয়া সত্য, অনুগ্ৰহ আৰু ক্ষমাৰে সঁহাৰি দিবলৈ আমাক সহায় কৰক। আমাৰ দৃষ্টি সদায় যীচুৰ ওপৰত স্থিৰ ৰাখক, আৰু যিদিনালৈকে আমি তেওঁৰ মুখামুখি নহওঁ, তেতিয়ালৈকে বিশ্বস্ত হৈ থাকিবলৈ শক্তি দিয়ক। প্ৰভু যীচু খ্ৰীষ্টৰ, আমেন।
Faithful Unto Death (Acts 6:8–7:60)
Faithfulness to Christ does not always lead to earthly comfort. At times, it invites misunderstanding, rejection, and even suffering. Yet throughout Scripture, God reminds us that He is always present with those who remain faithful to Him (Matthew 5:10–12; 2 Timothy 3:12). Stephen's life stands as a powerful testimony that a heart filled with Christ can remain steadfast even in the face of death.
Stephen was first introduced as one of the seven chosen to care for the practical needs of the church (Acts 6:1–6). Yet his ministry extended far beyond serving tables. Luke describes him as "a man full of God's grace and power", through whom God performed great wonders and signs among the people (Acts 6:8). His life reminds us that no act of service in God's kingdom is insignificant. Whether our calling is public or unseen, God delights to use those who are full of faith, the Holy Spirit, and wisdom (Acts 6:3, 5).
Stephen's faithful witness soon brought fierce opposition. Unable to refute the wisdom and Spirit by which he spoke (Acts 6:10), his enemies resorted to false accusations, charging him with blasphemy against Moses, the Law, and the temple (Acts 6:11–14). Standing before the Sanhedrin, Stephen did not merely defend himself; he proclaimed God's redemptive work throughout Israel's history. Beginning with Abraham, he showed how God had faithfully fulfilled His purposes through every generation, culminating in Jesus Christ, the Righteous One whom they had rejected and crucified (Acts 7:51–53).
As Stephen concluded, he reminded the council that "the Most High does not live in houses made by human hands" (Acts 7:48; Isaiah 66:1–2). God's presence could never be confined to a building, for He had now revealed Himself perfectly through His Son. Rather than humbling themselves before God's truth, the religious leaders hardened their hearts. Enraged, they dragged Stephen outside the city and stoned him (Acts 7:54–58).
In those final moments, Stephen's eyes were fixed not on the stones, but on his Savior. Filled with the Holy Spirit, he saw Jesus standing at the right hand of God (Acts 7:55–56), a beautiful picture of the Lord welcoming His faithful servant into His presence. Even while suffering, Stephen reflected the heart of Christ. Like Jesus on the cross, he prayed, "Lord Jesus, receive my spirit," and, "Lord, do not hold this sin against them" (Acts 7:59–60; Luke 23:34, 46). His final words were not filled with bitterness but with forgiveness, grace, and unwavering faith.
Stephen's life reminds us that the greatest defense of the Christian faith is not merely persuasive words but a life wholly surrendered to Christ. The world may reject the gospel, but it cannot silence a believer whose hope is anchored in the risen Lord. As the psalmist declares, "Precious in the sight of the Lord is the death of His faithful servants" (Psalm 116:15).
When we face opposition because of our faith, may we remember Stephen. The same Lord who strengthened him remains with His people today. Our calling is not to seek comfort above all else, but to remain faithful to Christ, trusting that He will never leave us and that eternal glory awaits all who belong to Him (Hebrews 13:5; Romans 8:18).
Prayer: Heavenly Father, thank You for the example of Stephen's faithful witness. Fill us with Your Holy Spirit, wisdom, and courage to stand firmly for Christ in every circumstance. When we are misunderstood or opposed because of our faith, help us respond with grace, truth, and forgiveness. Keep our eyes fixed on Jesus, and give us strength to remain faithful until the day we see Him face to face. In His precious name we pray. Amen.

Comments
Post a Comment