প্ৰতাৰণাহীন হৃদয় (পাঁচনিৰ কৰ্ম্ম ৪:৩২—৫:১১) / A Heart Without Deception (Acts 4:32-5:11)

প্ৰতাৰণাহীন হৃদয় (পাঁচনিৰ কৰ্ম্ম ৪:৩২—৫:১১)

বাহ্যিকভাৱে অত্যন্ত আধ্যাত্মিক হিচাপে দেখালেও, অন্তৰখন ঈশ্বৰৰ পৰা বহু দূৰত থকাটো সম্ভোপৰ। মানুহে হয়তো আমাৰ দানশীলতা বা সেৱাৰ প্ৰশংসা কৰিব পাৰে, কিন্তু প্ৰভুৱে সদায় হৃদয়ৰ গভীৰতালৈ চায়। তেওঁ কেৱল আমাৰ কৰ্মই নহয়, কিন্তু সেই কৰ্ম্ম কেনেকৈ কৰিছোঁ বা কিয় কৰিছোঁ, তাকো লক্ষ্য কৰে, পৰীক্ষা কৰে!

পাঁচনিৰ কৰ্ম্মৰ চতুৰ্থ অধ্যায়ৰ শেষত লূকে আমাক প্ৰাৰম্ভিক মণ্ডলীৰ এক সুন্দৰ ছবি দেখুৱাইছে। শুভবাৰ্তাই তেওঁলোকৰ জীৱন সলনি কৰিছিল, আৰু সেইবাবেই তেওঁলোকে এক আচৰিত ঐক্য আৰু প্ৰেমৰ মাজত জীৱন-যাপন কৰিছিল। “বিশ্বাসী সকলোৱে একে মন আৰু একে হৃদয়ৰ আছিল” (পাঁচনিৰ কৰ্ম্ম ৪:৩২)। যিসকলৰ সম্পত্তি আছিল, তেওঁলোকে আনন্দেৰে অভাৱী ভাই-ভনীসকলৰ লগত ভগাই লৈছিল। ফলস্বৰূপে, “তেওঁলোকৰ মাজত এজনো অভাৱগ্ৰস্ত নাছিল” (পাঁচনিৰ কৰ্ম্ম ৪:৩৪)। তেওঁলোকৰ দানশীলতা বাধ্যবাধকতা বা মানুহৰ প্ৰশংসা লাভ কৰাৰ ইচ্ছাৰ পৰা নহয়, বৰং ঈশ্বৰৰ অনুগ্ৰহৰ বাবে কৃতজ্ঞ হৃদয়ৰ পৰা আহিছিল।

এই উদাৰতাৰ এক উজ্জ্বল উদাহৰণ আছিল বাৰ্ণবা। লূকে লিখিছে যে তেওঁ নিজৰ এখন পথাৰ বিক্ৰী কৰি সম্পূৰ্ণ ধনখিনি পাঁচনিসকলৰ চৰণত ৰাখিছিল, যাতে প্ৰয়োজন অনুসৰি সেই ধন বিতৰণ কৰিব পৰা যায় (পাঁচনিৰ কৰ্ম্ম ৪:৩৬–৩৭)। তেওঁৰ দানশীলতাই ঈশ্বৰৰ ওচৰত সম্পূৰ্ণৰূপে সমৰ্পিত আৰু খ্ৰীষ্টৰ মণ্ডলীৰ মঙ্গলৰ বাবে নিবেদিত এক হৃদয় প্ৰকাশ কৰিছিল।

কিন্তু পাঁচনিৰ কৰ্ম্ম ৫ অধ্যায়ত দৃশ্য সম্পূৰ্ণ সলনি হয়। অননিয় আৰু চফীৰাও এখন মাটি বিক্ৰী কৰিলে। কিন্তু বাৰ্ণবাৰ দৰে নহয়, তেওঁলোকে গোপনে ধনৰ এটা অংশ নিজৰ বাবে ৰাখি, বাকীখিনি আনি সকলো ধন দিয়া বুলি ভাও ধৰিলে (পাঁচনিৰ কৰ্ম্ম ৫:১–২)। তেওঁলোকৰ পাপ কেৱল এটা অংশ দিয়াটোৱে নাছিল। সেই সম্পত্তি আৰু ধন তেওঁলোকৰ নিজৰেই। সেই ধন তেওঁলোকে ৰাখে নে দিয়ে, সিদ্ধান্ত তেওঁলোকৰ! (পাঁচনিৰ কৰ্ম্ম ৫:৪)। কিন্তু তেওঁলোকৰ প্ৰকৃত পাপ আছিল কপটতা। তেওঁলোকে সম্পূৰ্ণ বাধ্যতাৰ অবিহনে, সম্পূৰ্ণ ভক্তিৰ সুনাম বিচাৰিছিল।

পিতৰে অননিয়ক কৈছিল, “তুমি মানুহক নহয়, ঈশ্বৰকেই মিছা কৈছা” (পাঁচনিৰ কৰ্ম্ম ৫:৪)। পিছত তেওঁ চফীৰাক সুধিলে, “তোমালোকে প্ৰভুৰ আত্মাক পৰীক্ষা কৰিবলৈ কেনেকৈ একেলগে পৰামৰ্শ কৰিলা?” (পাঁচনিৰ কৰ্ম্ম ৫:৯)। তেওঁলোকৰ প্ৰতাৰণা কেৱল পাঁচনিসকল বা মণ্ডলীৰ বিৰুদ্ধে নাছিল; ই পবিত্ৰ আত্মাক প্ৰতাৰণা কৰাৰ সচেতন চেষ্টা আছিল। ঈশ্বৰে কৰা তৎক্ষণাৎ বিচাৰে প্ৰাৰম্ভিক মণ্ডলীক সোঁৱৰাই দিলে যে তেওঁ অনুগ্ৰহময় হোৱাৰ লগতে পবিত্ৰও। ঈশ্বৰে তেওঁৰ লোকসকলক বাহ্যিক ভাও-ভঙ্গীৰে নহয়, আন্তৰিক আৰু সৎ হৃদয়েৰে তেওঁৰ উপাসনা কৰিবলৈ আহ্বান জনোৱা হৈছে।

এই অংশই আমাকো নিজৰ হৃদয় পৰীক্ষা কৰিবলৈ আহ্বান জনায়। বহু সময়ত আমি নিজকে গম্ভীৰ বিশ্বাসী যেন দেখাবলৈ ব্যস্ত হৈ পৰো, কিন্তু জীৱনৰ কিছু বিষয় ঈশ্বৰৰ হাতত সম্পূৰ্ণৰূপে সমৰ্পণ নকৰোঁ। হয়তো আমি স্বাৰ্থপৰ উদ্দেশ্য, গোপন পাপ বা বিভক্ত আনুগত্য বাহ্যিক সেৱাৰ আঁৰত লুকুৱাই ৰাখোঁ। কিন্তু প্ৰভুৰ পৰা একোৱেই লুকুৱাব নোৱাৰি। তেওঁ “অন্তৰৰ সত্যতা” বিচাৰে (গীতমালা ৫১:৬) আৰু আমাক “আত্মা আৰু সত্যতাৰে” তেওঁৰ উপাসনা কৰিবলৈ আহ্বান কৰে (যোহন ৪:২৪)।

সুখবৰ এই যে ঈশ্বৰে আমাৰ হৃদয় প্ৰকাশ কৰে আমাক দোষী সাব্যস্ত কৰিবলৈ নহয়, আমাক পৰিবৰ্তন কৰিবলৈ। আমি যেতিয়া নিজৰ পাপ স্বীকাৰ কৰোঁ, তেতিয়া তেওঁ বিশ্বস্ত আৰু ন্যায়বান; তেওঁ আমাক ক্ষমা কৰে আৰু সকলো অধাৰ্মিকতাৰ পৰা শুচি কৰে (১ যোহন ১:৯)। তেওঁ নম্ৰ, সৎ আৰু সম্পূৰ্ণৰূপে তেওঁৰ ওচৰত সমৰ্পিত হৃদয়ত আনন্দ পায়।

আহক, আমি কেৱল ধৰ্মপৰায়ণতাৰ বাহ্যিক ৰূপকলৈয়ে সন্তুষ্ট নহওঁহক। তাৰ পৰিৱৰ্তে, সততা আৰু আন্তৰিকতাৰে তেওঁৰ সন্মুখত চলোঁহক, এই বিশ্বাসেৰে যে যিজন ঈশ্বৰে সকলো দেখে, সেই ঈশ্বৰে অনুতাপ কৰি তেওঁৰ ওচৰলৈ অহাসকলক প্ৰচুৰ অনুগ্ৰহো দিয়ে।

প্ৰাৰ্থনা: স্বৰ্গীয় পিতৃ, মোৰ হৃদয়ৰ প্ৰতিটো কোণ তুমি জানাঁ; তোমাৰ দৃষ্টিৰ পৰা একোৱেই লুকুৱাব নোৱাৰি। মোৰ অন্তৰ পৰীক্ষা কৰি দেখুওৱা, মই ক'ত অসৎ, কপট বা তোমাৰ ওচৰত সম্পূৰ্ণৰূপে সমৰ্পিত নহওঁ। মানুহৰ প্ৰশংসা বিচাৰি তোমাক অসন্তুষ্ট কৰা সময়বোৰৰ বাবে মোক ক্ষমা কৰা। মোক এক শুচি হৃদয়, বিশুদ্ধ উদ্দেশ্য আৰু তোমাৰ প্ৰতি আন্তৰিক প্ৰেম দিয়া। মোৰ জীৱন যেন বাহ্যিক দেখুৱনিৰ নহয়, বৰং সত্যিকাৰ ভক্তিৰ সাক্ষ্য হয়, যাতে সকলো ক্ষেত্ৰতে খ্ৰীষ্ট মহিমান্বিত হয়। প্ৰভু যীচুৰ নামত, আমেন।

A Heart Without Deception (Acts 4:32—5:11)

It is possible to appear spiritually devoted while hiding a heart that is far from God. People may be impressed by outward acts of generosity, but the Lord always sees what lies beneath the surface. He is not merely concerned with what we do, He is concerned with why we do it.

Luke closes Acts 4 with a beautiful picture of the early church. Having been transformed by the gospel, the believers lived in remarkable unity and love. "All the believers were one in heart and mind" (Acts 4:32). Those who had possessions willingly shared with those in need, and as a result, "there were no needy persons among them" (Acts 4:34). Their generosity was not driven by obligation or a desire for recognition, but by hearts overflowing with gratitude for God's grace.

One outstanding example was Barnabas. Luke tells us that he sold a field he owned and laid the entire amount at the apostles' feet to be distributed where it was needed (Acts 4:36–37). His generosity reflected a heart surrendered to God and deeply committed to the well-being of Christ's church.

But the scene changes dramatically in Acts 5. Ananias and Sapphira also sold a piece of property. Unlike Barnabas, however, they secretly kept back part of the money while pretending to give the full amount (Acts 5:1–2). Their sin was not that they gave only a portion of the proceeds, the property and the money were theirs to keep or give as they wished (Acts 5:4). Their sin was hypocrisy. They wanted the reputation of complete devotion without the reality of wholehearted obedience.

Peter confronted Ananias by saying, "You have not lied just to human beings but to God" (Acts 5:4). Later, he asked Sapphira, "How could you conspire to test the Spirit of the Lord?" (Acts 5:9). Their deception was not merely against the apostles or the church; it was a deliberate attempt to deceive the Holy Spirit. God's swift judgment reminded the early church that He is both gracious and holy. His people are called to worship Him with sincere hearts, not carefully crafted appearances.

This passage invites each of us to examine our own hearts. It is easy to focus on looking faithful while quietly holding back areas of our lives from God's rule. We may hide selfish motives, secret sins, or divided loyalties behind outward acts of service. Yet nothing is hidden from the Lord. He desires truth in the inward being (Psalm 51:6) and calls us to worship Him "in spirit and truth" (John 4:24).

The good news is that God does not expose our hearts to condemn His children but to transform them. As we confess our sins, He is faithful to forgive us and to cleanse us from all unrighteousness (1 John 1:9). He delights in hearts that are humble, honest, and fully surrendered to Him.

May we never settle for the appearance of godliness while withholding our hearts from God. Instead, let us walk before Him with integrity, knowing that the God who sees everything also gives abundant grace to those who come to Him in repentance.

Prayer: Heavenly Father, You know every corner of my heart, and nothing is hidden from Your sight. Search me and reveal any area where I have been dishonest, hypocritical, or unwilling to surrender fully to You. Forgive me for seeking the approval of people more than Your pleasure. Give me a clean heart, pure motives, and a sincere love for You. May my life reflect genuine devotion rather than outward appearance, so that Christ is honored in everything I do. In Jesus' name, Amen.

Comments